কথা-কবিতা (শ্ৰীমন্ত বৰদলৈ)

মই এখন পৃথিৱী কঢ়িয়াই লৈ ফুৰোঁ
অতি স্পৰ্শকাতৰ ,অপ্ৰকাশিত আৰু আবেগস্পৰ্শিত।
তাত ৰাতিপুৱা হয় তীব্ৰ অনুভৱৰ বিচ্ছুৰিত পোহৰেৰে
কুকুৰাৰ ডাক, মছজিদৰ নামাজ আৰু চৰাইৰ প্ৰভাত সংগীতৰ আগতেই মোৰ পৃথিৱীত ৰাতিপুৱা হয়।
মই মোৰ আত্মাৰ অনুভৱবোৰক নিৰৱতাৰ বুকুত লৈ ৰৌদ্ৰস্নান কৰাওঁ
শুই থকা দিনটো ৰাতিৰ শেতেলিৰ পৰা উঠি আহে।
খেতিয়কে খেতি কৰিবলৈ যোৱাৰ আগতেই
মোৰ পৃথিৱীৰ সেউজীয়া পথাৰখনত গৰ্ভৱতী হয় শইচ
সৃষ্টিৰ উকমুকনি হয় – পৃথিৱীখনো ৰাংঢালী হয়।
মোৰ পৃথিৱীখনত কেতিয়াবা আবেগৰ ধাৰাষাৰ বৰষুণ হয়
তিতি-বুৰি যায় মোৰ সত্ত্বা
মই মোৰ পৰিচয় হেৰুৱাই পেলাও
অগ্ৰজ/অনুজ/সহৰ্কমী/বন্ধু সকলোৱে মোকলৈ চিন্তিত হয় –
আত্মপৰিচয় হেৰুৱাব ধৰা বাস্তৱৰ খেয়ালী মানুহজনকলৈ।
মই মানুহে নিবিচৰা,ভাল নোপোৱা, বেয়া বুলি কোৱা
কামবোৰকচোন কৰিব ধৰোঁ বৰষুণত তিতি বুৰি।
মই ভাবি নাচাওঁ, উভতি নাচাওঁ, বিবেকক আবদ্ধ কৰি থওঁ কোনো বন্ধ কোঠালীত
চাবি-কাঠি লুকুৱাই থওঁ কোনো প্ৰত্ন-প্ৰস্তৰ যুগৰ অন্ধকাৰ গহ্বৰত।
কেতিয়াবা চিৰালফটা দিয়ে মোৰ পৃথিৱীত,মৰুভূমিৰ সৃ্ষ্টি হয়
ৰুক্ষ হৈ পৰে মোৰ ভবা-চিন্তা কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা
আত্মভিমানী মোৰ কলমৰ চিঞাহীও শুকাই যায় হৃদয়ৰ উত্তাপত
মৰীচিকা খেদি ফুৰা অনুভৱবোৰো অকামিলা হৈ পৰে মই কঢ়িয়াই লৈ ফুৰা পৃথিৱীত।

 
 
 
 
 
 
 
সেই পৃথিৱীতো বসন্ত আহে
পু্ৰ্ণ যৌৱনা হয় হৃদয়ৰ টান
চঞ্চল হৈ স্বপ্নৰ খেলা খেলি জীৱনে আদিম নৃত্য কৰে।
মই মোৰ হৃদয়ৰ দুৱাৰখন খুলি দিওঁ
কবিতাৰ ৰূপত আহে লয়লাস ভঙ্গীমাৰে মোৰ প্ৰেয়সী।
তাই জিৰাই, স্নান কৰে, কথা পাতে হৃদয়ৰ উন্মুক্ত কোঠালীত
তাইৰ হাঁহিৰ বিস্তাৰিত কম্পিত তৰংগৰ স্পৰ্শত
মোৰ শুষ্ক কলমৰ চিঞাহীত বাৰিষাৰ ঢল আহে
তাই তধা লাগি চায় , আঁকৰি হৈ যায় আৰু স্তম্ভিত হওঁ মই।
তাই ৰংবোৰ ছটিয়াই দিয়ে চৌদিশে
প্ৰকৃতিত এখন বাংময় চিত্ৰৰ সৃষ্টি হয়
আচৰিত হয় প্ৰতিষ্ঠিত চিত্ৰকৰৰ বিখ্যাত চিত্ৰ।
মোৰ অনুভৱবোৰ ভৌগলিক, মানসিক, শাৰীৰিক সীমা ভেদি চৌদিশে ধাবমান হয় তাইৰ সান্নিধ্যত
মোৰ হৃদয়ৰ অস্থিৰতাত পৃথিৱীৰ প্ৰাচীনতম সুখবোৰো আত্মহাৰা হৈ উঠে
ঠেলা হেঁচা লাগে কলমৰ নীলা শৰীৰত
সৃষ্টি হয় কবিতাৰ নীৰৱধি গতি
অতি স্পৰ্শকাতৰ তেনে এখন পৃথিৱীয়েই মই কঢ়িয়াই
লৈ ফুৰোঁ আত্মপৰিচয়ৰ আঁৰে আঁৰে…

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Gautam Bardoloi
8 years ago

Nice poem !