কথা কোৱাৰ কলা আৰু কথা চহকী অসমীয়া: অঞ্জল বৰা

কথা কোৱাৰ কলা আৰু কথা চহকী অসমীয়া

অঞ্জল বৰা

বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহি বা ব্যক্তিগতভাৱে লগ পোৱা ব্যক্তিসকলৰ ভিতৰত ভৰালী ছাৰৰ এটা কথাই মোক বৰ আকৰ্ষণ কৰে৷ ছাৰৰ কথা কোৱাৰ দক্ষতা৷ ভৰালী ছাৰ মানে ডঃ শৈলেন ভৰালী ছাৰ৷ ভৰালী ছাৰে যেতিয়া নিজস্ব বাক ভংগীমাৰে গহীন গহীন ভাবেৰে, হিচাপ কৰি কৰি, এটা এটাকৈ পাঠ্যক্ৰমৰ বিষয়বোৰ পঢ়ুৱায় বা জীৱনৰ বিভিন্ন কথা কয় তেতিয়া মন্ত্ৰমুগ্ধৰ দৰে ছাৰৰ মুখলৈ চাই থাকো৷ তেতিয়া অনুমান হয় যে এক ঘণ্টা সময় যেন মোৰ কাণদুখনে এক গভীৰ প্ৰশান্তি লাভ কৰিছিল৷ অনুমান হয়- ছাৰৰ শত্ৰুৱেও (শত্ৰু যে নাই সেই কথা মোৰ গভীৰ বিশ্বাস) যেন ছাৰৰ সেই বাগ্মিতাৰ ওচৰত এবাৰলৈ হ’লেও নিজক নিয়ন্ত্ৰণ কৰিব পাৰিব৷

ওপৰৰ প্ৰসংগটো এই কাৰণেই উল্লেখ কৰা হ’ল যে খাৰ খোৱা, কথা চহকী অসমীয়া বুলি সততে সদনাম বা বদনাম থকা বহু অসমীয়া মানুহে কথা কোৱাটো যে এটা কলা বা আৰ্ট সেই কথা নাজানে বা জানিও প্ৰয়োগ কৰিব নিবিচাৰে (এই কথা নহয় যে মই খুব ভালদৰে কথা ক’ব পাৰো, বৰঞ্চ বহু সময়ত মই কথা ক’লে মুখলৈ নাচাওঁ, খুব হাত দাঙি কথা কওঁ বুলি সমনীয়াই বদনামহে ৰতে)৷ কথা পতাটো অন্যান্য কলাৰ দৰেই এটা উচ্চমানৰ শিল্পগুণসম্পন্ন আচৰণ৷ অন্য যিকোনো কলাৰ দৰেই ইয়াক যত্ন কৰি শিকিব লগা হয়৷ আৰু অনুশীলন কৰিব লগা হয়৷ কথোপকথনৰ জৰিয়তে এজন মানুহৰ ব্যক্তিত্বৰ পৰিচয় পাব পাৰি৷ সেয়ে কোনোবাই যদি কাৰোবাৰ লগত কথা পাতিবলৈ ইচ্ছা নকৰে বা কথা নপতাটোৱেই কাৰোবাৰ স্বভাৱ, তেন্তে বল প্ৰয়োগ কৰি বা কাকূতি-মিনতি কৰি নিশ্চয় তেনে মানুহক কথা পাতিবলৈ বাধ্য কৰিব নোৱাৰি (এদিনৰ ডায়েৰী, পৃষ্ঠা ২১)৷ যথাৰ্থতে কৰ্তব্যৰ তাড়নাত পতা এনে আন্তৰিকতাহীন কথা-বাৰ্তাই মানুহক বিৰক্তহে কৰি তোলে৷ ফলত কথা পতা কলাটোৰ আনন্দৰ পৰা মানুহ আঁতৰি আহিব লগা হয়৷ মানুহৰ সৈতে ব্যৱহাৰত আৰু সম্বন্ধত মানসিক গুণবোৰ প্ৰকাশ কৰিব নোৱাৰিলে প্ৰকৃত শিল্পী হ’ব নোৱাৰাৰ দৰে মানুহৰ লগত কথা পাতোতে কথাত লয় বা শ্ৰোতাৰ মানসিক অৱস্থাৰ উমান ল’ব নোৱাৰিলেও কথা পতা কাৰ্যটোৱে মানুহক বিৰক্ত কৰি তোলে৷ সেয়ে যিদৰে কথা কোৱা কলাই অমনোযোগী শ্ৰোতাকো আকৰ্ষণ কৰি তোলে, একেদৰে সংযতভাৱে কথা ক’ব নজনাৰ বাবেই বহু শ্ৰোতাক বিৰক্ত কৰে৷ সভা-সমিতিত দিয়া বক্তৃতাও কথা পতাৰ দৰেই এক ভাবৰ আদান-প্ৰদান হ’ব পাৰে৷ কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ‘প্ৰকৃত ভাল শ্ৰোতা মানে ভালকৈ কথা পাতিব জনা মানুহ৷’ Good conversationalist অতি বিৰল৷ এই পৃথিৱীত ভালকৈ কথা পাতিব জনা মানুহৰ সংখ্যা খুব কম৷ বেছিভাগ মানুহেই ভাবৰ দুখীয়া৷’ (এদিনৰ ডায়েৰী, পৃষ্ঠা ৩৭)৷ কাৰণ এই ভাবৰ আদান-প্ৰদানৰ অভাৱতে আৰু শ্ৰোতাৰ মানসিক অৱস্থাৰ উমান ল’ব নজনাৰ বাবেই বহু সময়ত বক্তা আৰু শ্ৰোতা দুয়োজনেই কথা পাতি সুখ অনুভৱ কৰিব নোৱাৰে, যাৰ বাবে বৰ্তমান সভা-সমিতিত বিশিষ্ট অতিথি বা সভাপতিৰ ভাষণ দি থকাৰ সময়ত সভাৰ পিছফালৰ পৰা মানুহ এজন এজনকৈ কমি যোৱা পৰিলক্ষিত হয়৷

কথা পতাটো এটা কলা৷ কথা পাতোতে মুখত এটা হাঁহি, আনন্দৰ ভাৱ, উত্সাহ উদ্দীপনা থকা অতি প্ৰয়োজন৷ অনাহকত খং, ক্ষোভ বা আনক খোঁচ মাৰি কথা পাতি এটা পৰিৱেশ নষ্ট কৰিব নালাগে৷ এই ক্ষেত্ৰত কথা পাতিব বিচৰা শ্ৰোতাজনৰ মানসিক অৱস্থা, তেওঁৰ যোগ্যতা আৰু বিষয়বস্তুৰ পছন্দৰ ওপৰত কিছু জ্ঞান থকাটো অতি প্ৰয়োজন৷ কাৰণ সাহিত্য ভাল নোপোৱা বা জীৱনত কেতিয়াও কিতাপ পঢ়ি নোপোৱা এজন মানুহৰ আগত তেনে সম্পৰ্কীয় কথা পতাটো যিদৰে নিৰৰ্থক একেদৰে ৰাজনীতি, খেল ভাল নোপোৱা এজন মানুহৰ আগত তেনে সম্পৰ্কে কথা পতাও নিৰৰ্থক৷ কথোপকথনৰ বাবে অতি প্ৰয়োজন আলোচনা কৰিব লগা বিষয়বস্তু সম্পৰ্কে থাকিব লগা জ্ঞান৷ যাৰ অভাৱত বহুতো মানুহে এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ইমান তাত্ক্ষণিকভাৱে গতি সলায় যে কোনো এটা বিষয়ৰ পৰাই বক্তা-শ্ৰোতা এজনৰো উপকাৰ নহয়৷ এই ক্ষেত্ৰত উল্লিখিত উপন্যাসখনৰ নায়কে কৈছে- ‘মই উদ্দেশ্যহীনভাৱে ইটো কথাৰ পৰা সিটো কথালৈ জঁপিয়াই নুফুৰো৷ যিটো বিষয়ে মই কাৰোবাৰ লগত কথা পাতিব খুজিছো সেই বিষয়টো সম্পৰ্কে যাৱতীয় কথা মই আগতীয়াকৈ পৰিষ্কাৰভাৱে চিন্তা কৰি লওঁ৷ …দুজন মানুহে কথা পতাৰ এটা প্ৰধান উদ্দেশ্য হ’ল আনজনৰ দৃষ্টিৰে জীৱনটো চাবলৈ চেষ্টা কৰা৷’ এইখিনিতে এষাৰ সাৰুৱা কথা কৈছে যে ‘ভালকৈ কথা পাতিব জনা মানুহে কেৱল মুখেৰে কথা নাপাতে৷ তেওঁ কথা পাতে নিজৰ সমগ্ৰ সত্তাৰে, সমগ্ৰ ব্যক্তিত্বৰে৷ (পৃষ্ঠা ২২)৷

নিঃসংগতাৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ মানুহৰ বাবে আটাইতকৈ ডাঙৰ মহৌষধ হ’ল কথা পতা৷ হয়তো এনে এজন মানুহৰ সংগই এজন মানুহক নিঃসংগতাৰ পৰা মুক্ত কৰিব পাৰে, যাৰ আগত মনৰ সকলো কথা খুলি দিব পাৰি৷ কাৰণ মনৰ মাজত সোমাই থকা বহু গোপন কথা বহু সময়ত মানুহে ক’ব নোৱাৰাৰ বাবেই মানুহ নিঃসংগতাত ভোগে৷ আনহাতে মনৰ সকলো কথা সকলোৰে আগত ক’বও নোৱাৰি৷ ইয়াৰ বাবে প্ৰয়োজন একপ্ৰকাৰ বিশ্বাসৰ৷ বক্তা আৰু শ্ৰোতা দুয়োজনেই দুয়োজনকে বিশ্বাস দিব পাৰিব লাগিব যে তেওঁ তেওঁৰ কথাখিনি সহৃদয়তাৰে গ্ৰহণ কৰিছে আৰু শুনিছে৷

বহু সময়ত মানুহে নিজৰ লগত কথা পতাৰ মাজেদিও যিদৰে আত্মসমালোচনা কৰিব পাৰে একেদৰে আনৰ আগত ক’ব লগা কথাৰো অনুশীলন কৰিব পাৰে৷ অনুশীলনৰ অভাৱত বহু সময়ত মানুহে ক’ব নলগা কথাটো কোৱাৰ বাবে মানুহৰ মাজত দ্বন্দ্ব-খৰিয়ালৰ সৃষ্টি হয়৷ সেয়ে কয়- ‘কথাতে বঁটা পায়, কথাতে কটা যায়’, ‘কথাত কথা বাঢ়ে খৰিকাত বাঢ়ে কাণ’৷ আকৌ বহু সময়ত মানুহে কথা পাতোতে ভাষাৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব দিয়া দেখা নাযায়৷ মনৰ মাজত থকা খং আৰু কথা পাতিবলৈ ইচ্ছা নথকাৰ বাবেও শ্ৰোতাজনক টান কথা শুনাই অনাহকত ক’ব নলগা কথা কৈ মনোকষ্ট দিয়া দেখা যায়৷ সেয়ে ‘ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰাৰ’ দৰে এনে কথোপকথনে বক্তা-শ্ৰোতা দুয়োজনকে মানসিক অশান্তি দিয়ে৷ এনে সময়ত বক্তাজনে নিজকে নিয়ন্ত্ৰণ কৰি মনে মনে থকাটোৱেই শ্ৰেয়৷

সম্প্ৰতি কথোপকথনৰ এই কলা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ গাঁৱলীয়া সমাজত বিয়নি-মেল, তিনিআলি চুকৰ আড্ডা, জুইশালৰ আড্ডাসমূহত ইজনে সিজনৰ লগত কথা পতাৰ ৰীতি চলি আছে যদিও বহু সময়ত সেইসমূহ হৈ পৰে পৰচৰ্চাৰ কেন্দ্ৰস্থল৷ আনহাতে তিনিআলি চুকৰ প্ৰায়বোৰ আড্ডা হৈ পৰে অসামাজিক কাৰ্য আৰু উচ্ছৃংখলতাৰ লগতে অশ্লীল শব্দৰ সমাহাৰ৷ আনপিনে নগৰীয়া আধুনিক সমাজখনত আহি পৰা (গাঁও অঞ্চলতো যি শিপাই গৈছে) কেবল টিভি, ইণ্টাৰনেট আদিয়ে কথা পতা এই কলাটো দূৰতে বিদূৰ কৰিছে৷ ঘণ্টা ঘণ্টা ধৰি ৰিম’ট টিপি টিপি ইটো চেনেলৰ পৰা সিটো চেনেল চাই চাই মানুহে আজৰি সময় পাৰ কৰে৷ মনৰ উন্মাদনা, নিঃসংগতা দূৰ কৰে কোনোবা বাৰ-ৰেস্তোৰাঁত আড্ডা মাৰি৷ একোখন ঘৰৰ এটা পৰিয়ালৰে মাক-দেউতাক, পুতেক-জীয়েকৰ মাজত কমি আহিছে কথোপকথন- যাৰ বাবে বৃদ্ধ অৱস্থাত মানুহৰ জীৱনবোৰ ভৰি পৰিছে বিষাদ, শূন্যতা আৰু নিঃসংগতাৰে৷ কিন্তু মন কৰিলে দেখা যায় যে এনে কথা পতাক লৈয়ে অসমীয়া সাহিত্যত কিমান যে ফকৰা যোজনা, পটন্তৰে ঠাহ খাই আছে ভাবিলে আচৰিত লাগে৷ কথা চহকী, কথাৰ মালিহা, কথা নৰখা, কথা পাগুলা, কথা গৰকা, কথা ফুটি-ফাটি যোৱা, কথা বুলিলে বতাহ বলা, কথাত আখৈ ফুটা, কথাই কোৱাই উৰুৱাই নিয়া ইত্যাদি যোজনা-পটন্তৰে অসমত যে এসময়ত কথা পতা কলাটোৱে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল তাকে প্ৰকাশ কৰে৷ কিন্তু দুখৰ কথা যে আধুনিক যান্ত্ৰিকতাই গাঁৱে-ভূঞে এই কথা পতাৰ কলাটোক নিঃশেষ কৰি মানুহক পৰিণত কৰিছে একোটা ৰবটলৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments