কথা-শিল্পীৰ কাব্য সাধনা -(বিদুল বৰুৱা)

(কাব্য সাহিত্য বিশেষ)

কথাশিল্পীৰ কাব্য সাধনা
-বিদুল বৰুৱা
 

(১)
নব্বৈৰ দশকৰ আৰম্ভণি সময়ৰ কথা। আমি তেতিয়া প্রাক্ বিশ্ববিদ্যালয়ৰ প্রথম বৰ্ষৰ ছাত্র। সেই সময়ৰ ডিফু চৰকাৰী কলেজৰ অসমীয়া বিভাগত তিনিগৰাকী কৃতী শিক্ষকে অধ্যাপনা কৰিছিল। বিভাগীয় মুৰব্বী অধ্যাপক দ্বীজেন্দ্র নাৰায়ণ গোস্বামী ছাৰে গদ্য সাহিত্য, কেশৱ শৰ্মা ছাৰে ঐচ্ছিক পাঠ্য আৰু ৰংবং তেৰাং ছাৰে আমাক কবিতা পঢ়ুৱাইছিল। তিনিওগৰাকীৰে ছাত্র-ছাত্রীক পাঠ্যক্রমৰ প্রতি আকৰ্ষিত কৰাৰ স্বকীয় পদ্ধতি আছিল। ৰংবং তেৰাং ছাৰে তেতিয়া তেওঁৰ সদ্যপ্রকাশিত গ্রন্থ ‘ৰংমিলিৰ হাঁহি’ৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণুপ্রসাদ ৰাভা বঁটাৰে সন্মানিত হৈ পঢ়ুৱৈ সমাজত বিখ্যাত হৈ পৰিছে। সেয়েহে ছাৰৰ শ্রেণীত উপস্থিতিয়ে এক সুকীয়া আকৰ্ষণ আৰু মৰ্যাদা লাভ কৰিছিল। অসমীয়া বিভাগৰ দ্বাৰা ‘সাহিত্য চ’ৰা’ নামেৰে এটি অনুষ্ঠানৰ জন্ম দিয়াৰ লগতে ‘সমস্বৰ’ নামেৰে এখনি মেজ পত্রিকাও প্রকাশ কৰিছিল। প্রতি মাহে প্রকাশ কৰা এই মেজ পত্রিকাখন ডিফু চৰকাৰী কলেজৰ ছাত্র-ছাত্রীসকলৰ আগ্রহৰ বিষয় আছিল। ১৯৮৩চনৰ প্রথম ভাগত এই মেজ পত্রিকাখনতে হঠাতে ৰংবং তেৰাং ছাৰৰ ‘লুনাটিক’ নামেৰে কবিতাটো দেখি সকলোৱে গুৰুত্ব সহকাৰে পঢ়িবলৈ ল’লোঁ-
“আমষ্ট্রঙে নমাদি
জোনৰ পৰা নামি আহিলোঁ
এগোছা ধানো গজাব নোৱাৰিলোঁ
মাটিৰ দেহাৰে জোনৰ মাটিত
ৰাহি নাহে।
আমি যে অমৃত মাটিৰ সন্তান
হে বিজ্ঞান!
ত্রিশঙ্কুৰ যন্ত্রণা মোক নিদিবা।”
কবিতাটোত অত্যন্ত সংবেদনশীল ভাষাৰে নিজৰ মনৰ ভাব এক সুন্দৰ চিত্রকল্পৰ দ্বাৰা ব্যক্ত কৰিছে। বিজ্ঞানৰ বলত পৃথিৱীৰ মানুহে চন্দ্র অথবা ‘জোন’ৰ দেশত পদাৰ্পণ কৰিলে।অথচ, পৃথিৱীৰ অমৃতময় কেঁচা মাটিৰ পৰশত মানুহৰ মন আচ্ছন্ন। পৰম্পৰা আৰু বিজ্ঞানৰ দ্বন্দ্বই যেন মানুহক সহজে লগ এৰা নিদিব। সেইবাবেই সৰল মাটিৰ মানুহো হৈ পৰে দুদোল্যমান। আমৰ্ষ্ট্রঙে বিজ্ঞানৰ বিজয়ৰ প্রতীকী ৰূপ ল’লেও, পুৰাণৰ দিনৰে পৰা ‘ত্রিশঙ্কুৰ যন্ত্রণা’ও যেন মানুহৰ জীৱনলৈ আহিব খোজে। তীব্র মহাকাশ চেতনাৰ চাপ থকা, অসমীয়া কাব্য সাহিত্যত সততে বিৰল, ব্যঞ্জনাময় এই কবিতাটোৱে যেন কাৰ্বি আংলঙলৈ আধুনিকতাৰ বাৰ্তাহে বহন কৰি আনিলে।
(২)
জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ দ্বাৰা সম্পাদিত আৰু ডিফুৰ পৰা প্রকাশিত ‘ফেৰাংকে’ নামৰ কাকতখনত ‘পূজাৰ কবিতা’ নামেৰে তেৰাং ছাৰৰ আন এটি চিন্তা উদ্রেককাৰী কবিতা প্রকাশ পাইছে-
“আষাৰৰ আকাশত সৌবোৰ কি
কাদম?
ধনেশ নহয়নে?
নহয়, শগুণহে!
ধনেশবোৰ?
গছৰ খোৰোঙত নে বাৰুদৰ ধোঁৱাত
জটায়ুৰ দৰে ভূলুন্ঠিত হৈ ৰ’ল
ৰামৰ অপেক্ষাত।”
ধনেশ চৰায়ে কাৰ্বি সংস্কৃতিৰ এক বিশেষ স্থান অধিকাৰ কৰি আছে। ধনেশ চৰাইক কাৰ্বি ভাষাত ‘ৱ’ তেৰাং’ বুলি কোৱা হয়। এই চৰাইবিধ তেৰাং ফৈদৰ ‘হানজাং’ অৰ্থাৎ কুলৰ দেৱতা। তেৰাংসকলে বন্ধু বুলি মানে। তেৰাংসকলে ধনেশ নামাৰে, নাখায়। কাৰ্বি আংলঙৰ সেউজীয়া ভূমি সেই সময়ত ভাতৃঘাতী সংঘৰ্ষৰে ৰক্তাক্ত। এসময়ত কাৰ্বি ৰজাই ৰাজধানী স্থাপন কৰা সিংহাসন পাহাৰৰ আকাশত ‘ধনেশ’ চৰাইৰ সলনি অশুভ সময়ৰ আগজাননী দি যেন ‘শগুণ’ চৰাইৰ আৱিৰ্ভাৱ ঘটিছে। জটায়ুৰ দৰে মানৱতাও ভূলুণ্ঠিত, অপসাৰিত। গভীৰ দুখবোধেৰে কবিয়ে পুনৰ কৈছে-
“নাজানো, সেয়া দুঃস্বপ্ন
নে মনৰ গোপন কোণত পিঞ্জৰাবদ্ধ
দুখৰ কবিতা।
দেখিছিলোঁ নৰকংকালবোৰ
শুকান খৰিৰ দৰে পৰি আছিল
পাহাৰ তলিত।”
সেয়েহে জুমখেতিৰ বতৰত পাহাৰৰ মাটিত ডেকা-গাভৰুৱে নাগায়, ‘চেংব্ৰুপ’ (ঢোলজাতীয় বাদ্য) নবজায়, কোৰ নামাৰে, ৰিৎনংচিন্দিৰ দৰে কৃষি নৃত্যৰ ছন্দত পাহাৰৰ চৌদিশে আনন্দময় শব্দত ঢৌ নোতোলে বাবেই কবিৰ বেদনাও লুকাই নাথাকিল-
“চুবক ধান হেনো নগজে,
গজাব কোনে বঁজা মাটিত।
সেউজীয়া পাতবোৰ দেখোন ৰঙা হ’ল
শৰতৰ বতৰত।
 
(৩)
‘দৈনিক জনসাধাৰণ’ কাকতৰ বিশেষ সংখ্যাত তেৰাং ছাৰৰ মাতৃদেৱীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে উৎসৰ্গিত ‘অৰণ্যকাণ্ড’ নামৰ অন্য এটি অৰ্থবহ কবিতা প্রকাশ পাইছে-
“ৰূপালী মোৰ দেহ পূৰঠ সূৰুযটোৰ দৰে।
ঠোঁটটিও ধুনীয়া চম্পাফুল হেন।
আৰু কণ্ঠস্বৰ?
মইনাতকৈও অপূৰ্ব।
আকাশখনলৈ চালোঁ, ইমান নীলা।
ৰূপালী পাখিত সানিব পৰা হ’লে!!”
বিশালতা আৰু উদাৰতাৰ প্রতীক আকাশৰ মইনা চৰাইৰ দৰে কবিৰ কোমল হৃদয়ত বোল দিবলৈ নৌপাওঁতেই যেন অঘটনটো ঘটিল-
“ডেউকা মেলোঁতেই শুনিলোঁ বিস্ফোৰণ
আৰু লগতে
অট্টহাস্যৰ শ্ল’গান।
বাৰুদৰ অসহ্য গোন্ধ মোৰ কেউফালে।
নীড়টোত পৰি ৰ’লোঁ
জটায়ুৰ দৰে অসহায়ভাৱে
ইমান যন্ত্রণা!”
অন্যায় আৰু অপশক্তিৰ বিৰুদ্ধে যুঁজ কৰোঁতে কৰোঁতে কবিৰ হৃদয়ো আহত জটায়ু পক্ষীৰ দৰে যন্ত্রণাকাতৰ আৰু অসহায় হৈ পৰিছে। এক দুখবোধত কবিৰ প্রাণে সেয়েহে হাঁহাকাৰ কৰি উঠিল-
ধোঁৱা আৰু ছাইৰ মাজত আই মোৰ হেৰাই গ’ল।
আৰু নীড়টো
ভীমৰাজ চৰাইতকৈও ক’লা হৈ গ’ল।
কিমান ভয়াবহ কৰুণ এই ক’লা আন্ধাৰবোৰ
নাজানো কোন মুহূৰ্তত মাতৃগৰ্ভত
মোৰ ক্রম’জমটোৰ সৃষ্টি হৈছিল।
ৰাৱণে আই সীতাক হৰণ কৰি লৈ যোৱাৰ দৰেই অপশক্তিয়েও ন্যায়, মানৱতাক হৰণ কৰি লৈ গ’ল।
কাৰোৰে জীৱনৰ নিৰাপত্তা নাই। ৰামায়ণৰ অৰণ্যকাণ্ডৰ যেন পুনৰাবৃত্তি হ’ব লাগিছে। সেয়েহে সত্য আৰু ন্যায় প্রতিষ্ঠাৰ বাবে শুভশক্তিৰ ৰূপত ত্রেতা যুগৰ ৰামৰ দৰে এজন যুগপুৰুষৰ পুনৰ সমাজত অতীব প্রয়োজন হৈ পৰিছে। সেয়েহে কবিয়ে কৈছে-
হে ত্রেতা যুগৰ ৰাম,তুমি আহা
ৰামায়ণৰ নতুন অধ্যায় আকৌ সৃষ্টি হওক।
কাৰ্বি লোকজীৱনত কাৰ্বি ৰামায়ণ ‘ছাবিন আলুন’ৰ বিশেষ প্রভাব থকা তেওঁৰ কবিতাতো ‘ৰামায়ণ’ৰ উল্লেখ সেইবাবেই তাৎপৰ্যপূৰ্ণ।
 
(৪)
ডিফু চৰকাৰী কলেজৰ গণিত বিভাগৰ অধ্যাপক তথা ভাৰপ্রাপ্ত অধ্যক্ষ ছেলিমউদ্দিন মণ্ডল (ছাৰ)ৰ আকস্মিক বিয়োগত শ্রদ্ধাঞ্জলি ৰূপত প্রকাশ কৰা ‘তেৰাং দা, কেনে আছে?’ নামৰ কবিতাটো অসমীয়া কাব্য-সাহিত্যত এটি সাৰ্থক শোক কবিতা বুলিব পাৰি-
“সন্ধিয়াৰ আজানৰ শেষত
আকৌ শুনিলোঁ
আন এটি আজান
সেই আজান কিয়?
তিনি জুলাইতচোন কলেজৰ নতুন চেছন!
নতুন মুখৰ ল’ৰা-ছোৱালীবোৰ
লগ পাম বুলি
ৰৈ আছে যে এবুকু আশাৰে।
কিন্তু??
দ্বিতীয় দিনাৰ সন্ধিয়াই শুনিলোঁ
সেই আজান! আমি নিবিচৰা সূৰ্যাস্তৰ আজান!!”
মৃত্যুৰ শীতল কোলাত মানুহ ঢলি পৰাৰ লগে লগে ব্যক্তিবিশেষৰ ভৱিষ্যতৰ পৰিকল্পনা, সপোনবোৰ কবিতাত উল্লিখিত ‘তিনি জুলাই’ৰ দৰেই মানুহৰ জীৱনৰ পৰাও কোনোদিনে ধৰা নিদিয়াকৈ নীৰৱে আঁতৰি যায়। তেৰাং ছাৰে কবিতাটোত কেৱল মণ্ডল ছাৰকেই স্মৰণ কৰা নাই, সহকৰ্মী ইংৰাজী বিভাগৰ অধ্যাপক আবু হাসান মোল্লা(ছাৰ), উদ্ভিদ বিজ্ঞানৰ অধ্যাপক চৈয়দ নাজিম হুছেইন, গণিত বিভাগৰ অধ্যাপক আৰু লোকগীতৰ অনাতাঁৰ শিল্পী সত্যনাথ পাঠকক স্বকীয় শৈলীৰে স্মৰণ কৰি কবিতাটোক বিশেষ মাত্রা প্রদান কৰিছে-
“সৌ সিদিনাখন মোল্লাও গ’লগৈ
আবু হাসান মোল্লা। নীৰৱে।
অংকত ভুল লাগিল।
সৰল অংক কৰি
মই ভুল কৰাৰ দৰেই
ভুল হ’ল।
তিমিৰাচ্ছন্ন পাহাৰত অংকৰ সাঁথৰ ভাঙি
আঁতৰি গ’লা নীৰৱে।”
 
(৫)
তেৰাং ছাৰ মানুহজন যেনেদৰে সৰল, তেখেতৰ কবিতাবোৰো সৰল। কাৰ্বি লোকজীৱনৰ সৈতে নিবিড় সম্পৰ্ক থকা ভীমৰাজ চৰাই, ধনেশ পক্ষী, চুবক ধান(আহুধান), মৰমী কাদমজনীয়েও কবিতাত স্থান লাভ কৰাৰ দৰে ক্রম’জম, আমৰ্ষ্ট্রং, নীলা অৰ্কিড, চেছন, ম’বাইল ফোনৰ দৰে অনেক আধুনিক শব্দৰ প্রয়োগেৰে কবিতাক ভিন্ন ৰূপ প্রদান কৰাত কবি সফল হৈছে।
মূলতঃ কথাশিল্পী, ‘ৰংমিলিৰ হাঁহি’ৰ দৰে মননশীল উপন্যাসৰ স্রষ্টা ৰংবং তেৰাঙৰ ভিতৰত সন্তৰ্পণে এজন কবি বাস কৰি থকাৰ বাবেই কবিতাৰ ভাষাৰেও তেওঁ মনৰ কথা কোৱাৰ বাট বিচাৰি পায়। তেৰাং ছাৰৰ উপন্যাসবোৰো সেয়েহে কাব্যগুণেৰে ৰসাল আৰু আমোলমোলোৱা। পাহাৰৰ কুলুকুলু নিজৰাৰ দৰে শীতল তেওঁৰ মন, অথচ গভীৰ তেওঁৰ অন্তৰ্দৃষ্টি।

টোকা- এই লেখাটো ‘সমন্বয় ৰূপকাৰ’- ৰংবং তেৰাং অভিনন্দন গ্রন্থত ২০০৯চনত সংকলিত। সামান্য সম্পাদিত ৰূপত পুনৰ অকবৰ সন্মানীয় সদস্য-সদস্যাসকলৰ বাবে প্রকাশ কৰিলোঁ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments