কথা ৰত্নাকৰ (ঔপন্যাসিকঃ- ডঃ ধ্ৰুৱজ্যোতি বৰা) (গ্ৰন্থ আলোচনা – ধ্ৰুৱজ্যোতি শৰ্মা)

কথা ৰত্নাকৰ

প্ৰকাশনঃ- অন্বেষা, বাৰোৱাৰী, গুৱাহাটী

প্ৰথম প্ৰকাশঃ- ২০০৭ ইং চন, মুদ্ৰণঃ ষষ্ঠ

মূল্যঃ- ১৬৫.০০ টকা

বঁটাঃ- সাহিত্য অকাডেমী,২০০৯ চন

–      ধ্ৰুৱজ্যোতি শৰ্মা

“ম‍ইনা কৈৱৰ্ত সমাজত জন্মগ্ৰহণ কৰা এজন শিশু । শিশুকালতে দুশ্ৰেণীমানলৈ পঢ়া-শুনা কৰা ম‍ইনাৰ আছিল ‘মানুহ’ হোৱাৰ আকাংক্ষা । কিন্তু সমাজৰ ইটো-সিটো সৰু-বৰ ঘটনাৰ পৰা যেতিয়া সমাজ বুলিবলৈ কিবা এটা বুজিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই আহি পৰিছিল বাধা । জাতি-ভেদৰ এক অভেদ্য প্ৰাচীৰ । ‘ডোম’ সম্প্ৰদায়ৰ বুলি মানুহে তাক আৰু সিহঁতৰ সমাজখনক অৱহেলা কৰিছিল । কৈৱৰ্তসকলৰ প্ৰতি আন মানুহবোৰৰ ঘৃণাবোৰ তাৰ সন্মুখত যিমানেই প্ৰকট হৈ পৰিছিল, সিমানেই তাৰ শিশু মনটোও বিদ্ৰোহী হৈ উঠিছিল । তথাপিও সি একো কৰিব পৰা অৱস্থাত নাছিল । সহপাঠীৰ ঘৰত, স্কুলত আৰু আন আন সামাজিক অনুষ্ঠানবোৰত একমাত্ৰ ‘ডোম’ সম্প্ৰদায়ৰ হোৱাৰ বাবেই সি অপমানিত হ’ব লগা হৈছিল যদিও তাৰ স্কুলীয়া শিক্ষাৰ ইতি পৰিছিল ডাবল নিমুনিয়া হোৱাৰ পিছৰপৰাই । লাহে লাহে সিও সিহঁতৰ কৈৱৰ্ত সম্প্ৰদায়ৰ পিছপৰা সমাজ জীৱনৰ এটা অংশ হোৱাৰ পথত আগবাঢ়িছিল । আৰ্থিক দুৰৱস্থা আছিল সিহঁতৰ সম্প্ৰদায়ৰ লগ এৰা নিদিয়া সমস্যা । একমাত্ৰ টকাৰ বাবেই সিহঁতে নানান ধৰণৰ অসামাজিক কামত লিপ্ত হৈ পৰিব লগা হৈছিল । সেয়েহে চুৰি-ডকাইতি বুলি ক’লে সকলোৰে দৃষ্টি সদায় সিহঁতৰ গাঁওখনৰ ওপৰতে পৰিছিল । আৰু সৰু-সুৰা সুবিধা পালেই আনে সিহঁতক নানা ককৰ্থনা কৰিছিল, জাতত ধৰি গালি পাৰিছিল । এইবোৰ অপমানৰ পৰাই তাৰ মন বিদ্ৰোহী হৈ উঠিছিল । কালৰ পাকচক্ৰত পৰি এদিন ম‍ইনাও চুৰিবিদ্যা শিকিছিল । অৱশ্যে তেতিয়াও সি পূৰ্ণাংগ চোৰ হোৱাগৈ নাছিল । তথাপিও তাৰ খৰচখিনি সি উলিয়াই ল’ব পাৰিছিল । ইতিমধ্যে সৰু-সুৰা চুৰি কাৰ্যত জড়িত বুলি তাৰ বিৰুদ্ধে পুলিচৰ ওচৰলৈও অভিযোগ গৈছিল । সুযোগ এদিন তাৰ ওচৰলৈ আহিছিল-ভাল মানুহ হোৱাৰ । বন্ধুৰ পৰামৰ্শমতে সি মিলিটেৰীত যোগদান কৰাৰ বাবে ইণ্টাৰভিউ দিবলৈ গৈছিল । কিন্তু ভাগ্যৰ লিখন-সি মিলিটেৰীত সোমাবলৈ সুবিধা নাপালে । প্ৰথমবাৰ হাৰ্ণিয়াৰ বাবে আৰু তাৰ পাছত চুৰি কাৰ্যত অপৰাধী হিচাপে পুলিচে দিয়া ৰিপ’ৰ্টৰ বাবে সি খালী হাতে ঘূৰি আহিব লগা হ’ল । তাৰ পৰিৱৰ্ত্তে স্থানীয় পুলিচৰ অনুসন্ধানৰ নামত হাৰাশাস্তি খোৱাৰ ভয়ত পলাবলগীয়াহে হ’ল । অৱশ্যে বেছিদিনৰ বাবে নহয় । গাঁওৰ মানুহৰ সহযোগত এবাৰলৈ সি বাচি আহিল । এনেদৰে চলি গ’ল ম‍ইনাৰ জীৱন । আৰু প্ৰতি  খোজতেই সি আহৰণ কৰি গ’ল অভিজ্ঞতা । ঘৰৰ দায়িত্বও তাৰ ওপৰলৈ আহিল । সেয়ে চুৰি কাৰ্যত সি ঘনাই লিপ্ত হ’ব লগা হ’ল । আত্মদহনত দহি দহি বাদ দিম বুলিও চুৰি বিদ্যাকেই সি পেছা হিচাপে ল’ব লগাত পৰিল । এখন পিছপৰা সমাজ । এটি পিছপৰা সম্প্ৰদায় । সিহঁতৰ যেন উপভোগ কৰিবলৈ, আনন্দ কৰিবলৈ অধিকাৰেই নাই ! স্বাধীনতা দিৱসৰ দিনাখন গোটেই ভাৰতবৰ্ষ যি সময়ত আনন্দৰ লহৰত উত্‍সৱত মত্ত আছিল, সেই সময়ত সিহঁতে মাথোন পদূলি মুখলৈ আহি ডিঙি মেলি মেলি চাইছিল সেই আনন্দৰ মেলালৈ অহা-যোৱা কৰা মানুহবোৰলৈ । স্বাধীনতা সম্পৰ্কে এটাই মাথোঁ ধাৰণা আছিল যে, স্বাধীনতাই সিহঁতৰ জীৱনলৈ অলপ হ’লেও উন্নতি আনিব । কিন্তু একেই আছিল সিহঁতৰ অৱস্থা ।  একেই আছিল দন্দ-খৰিয়াল, একেই আছিল  খাম-খেয়ালিবোৰ আৰু সেইবোৰৰ লগত প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক ম‍ইনা জড়িত হৈ পৰিছিল । পুলিচৰ দৃষ্টিত আৰু দাগী হৈ গৈ আছিল ম‍ইনা ।           তেনেকুৱা এটা ঘ্টনাৰ পকচক্ৰত ম‍ইনা সোমাই গৈছিল । এইবাৰৰ কেচটো কিন্তু আগৰবাৰৰ নিচিনা সহজ নাছিল । হত্যাৰ পৰিকল্পনাকাৰী আৰু হত্যাকাৰী হিচাপে পুলিচে এইবাৰ ম‍ইনাক বিচাৰি ফুৰিছিল । দুটা সম্প্ৰদায়ৰ জাত্যাভিমানক লৈ গৰম হৈ আছিল দুখন সমাজ । এফালে তাৰেই বাল্যবন্ধু নৰেশ্বৰে উঠি-পৰি লাগিছিল তাৰ সমাজখনৰ আত্মসন্মান ৰক্ষা কৰিবলৈ । আৰু আনফালে আছিল ম‍ইনা নিজেই । ‘ডোম’ সম্প্ৰদায়ক আৰু সিহঁতৰ সমাজখনক অপমৰ্যদাৰ পৰা মুক্ত কৰিবলৈ ম‍ইনা লাগি পৰিছিল । সেইবোৰে সিহঁতৰ সমাজখনৰ দৃষ্টিত তাক আৰু সহযোগীসকলক বীৰ সজাইছিল । তথাপি মইনা পলাবলগীয়া হৈছিল । ঠায়ে ঠায়ে ছ’ছিয়েলিষ্ট সকলৰ লগত থাকি, জ্ঞানী মানুহৰ সংস্পৰ্শলৈ আহি সি বুজি উঠিছিল এই হাই-কাজিয়া, সাম্প্ৰদায়িকতা সকলো মিছা । সি  যিখিনি টকা গোটাইছিল সেইখিনিৰেই পিছৰ জীৱনকাল কটাই দিব পাৰিব । কিন্তু পাপৰ এই চক্ৰব্যুহৰপৰা ওলাই অহাৰ ৰাস্তা সি বিচাৰি পোৱা নাছিল । দেউতাকৰ কথা মনত পৰিছিল তাৰ । দেউতাকৰ দৰে তাৰো ধৰ্ম-কৰ্ম্মৰ প্ৰতি মন গৈছিল । সেয়েহে ভকতীয়া ধৰ্মত ব্ৰতী হৈছিল ম‍ইনা । মনৰ ভিতৰত তেতিয়া চলি আছিল এখন যুদ্ধ । ঘৰৰ কথাই, পৰিয়ালৰ চিন্তাই, বানে জুৰুলা কৰা গাঁওখনৰ মানুহৰ বাবে কিবা এটা কৰাৰ চিন্তাই তাক খুলি খুলি খাবলৈ আৰম্ভ কৰিছিল । কেতিয়াবা যদি ঘৰলৈ উভতি গৈ ভালকৈ সংসাৰ কৰাৰ চিন্তা কৰিছিল, কেতিয়াবা আকৌ সমাজবাদী সকলৰ লগ লাগি গাঁওখনৰ উন্নতিৰ হকে ভাবিছিল । কেতিয়াবা যদি ধৰ্ম-কৰ্মক আঁকোৱালি লোৱাৰ কথা ভাবিছিল, সহযোগীসকলৰ একান্ত স্বাৰ্থত তাৰ পেছাকো সি বাদ দিয়াৰ কথা ভাবিব পৰা নাছিল । তাৰ পাছতো গাঁওখনৰ বানে জুৰুলা কৰা পৰিয়ালকেইটিৰ বাবে চন মাটি দখল কৰাৰ নেতৃত্ব দিছিল । বহুকেইটা পৰিয়াল বাচি গৈছিল । পেটে-ভাতে খাব পৰা অৱস্থালৈ উভতি আহিছিল । এই সকলোবোৰ ভাবি-গুণি ম‍ইনাৰ ভাগৰ লাগি আহিছিল । পৰিয়ালৰ প্ৰতি সেই সময়ত এক অবুজ টানে টানিছিল তাক । সেয়েহে যৌৱন কালতে ভাল লগা তিলেশ্বৰী আৰু আন আন সহযোগী সকলৰ লগত আলোচনা কৰি উকীল লগাই পুলিচক সি ধৰা দিছিল । জেল হৈছিল ম‍ইনাৰ । নিজৰ দৃষ্টিতেই সি দাগী হৈ পৰিছিল । অনুশোচনাত ভুগিছিল সি । তাৰ আত্মহননৰ ডায়েৰীখন কেতিয়াবা সি মেলি লৈছিল আৰু শৈশৱ কালৰে তাৰ গুৰুস্বৰূপ ককাকৰ মুখখন ভাঁহি আহিছিল । ককাকে যেন তাক খং কৰি আছিল । মোহভংগ হৈছিল তাৰ । সকলোবোৰ শূন্য শূন্য যেন লাগিছিল । সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল ম‍ইনা । সেই অঞ্চলটোৱে বৰ আমনি দিছিল তাক । তাৰ শৈশৱৰ খেল-ধেমালিবোৰে, যৌৱনৰ প্ৰেম আৰু কাম-কাজৰ মাদকতাবোৰে, প্ৰাপ্তবয়স্ককালত হোৱা অভিজ্ঞতাবোৰে তাক বাৰে বাৰে টানি লৈ গৈছিল । সামাজিক কন্দলৰ পৰিণতিবোৰে, যিবোৰে কোনো সুফল দিব পৰা নাছিল, সেইবোৰেও আমনি কৰিছিলহি । এইবোৰৰ লগত লাগি থাকোঁতে কেতিয়াবা যে সি ঘৰখনৰ কথা পাহৰিয়েই গৈছিল সেই কথাটো পিছত ভাবি সি কষ্ট পাইছিল । সেয়েহে এখন নতুন ঠাইত নতুনত্ব বিচাৰি জাত-পাতৰ উৰ্দ্ধত গৈ থকাৰ মানসেৰে দৈয়াঙৰ ফালে মাটি ধৰিছিলগৈ । লাহে লাহে সি দৈয়াঙৰ নতুন ঘৰখনতেই থাকি ভাল পোৱা হৈছিল । তাতে খেতি-বাতি কৰি ঘৰ দুখন সি চলাই নিছিল । আনফালে সি নথকা তাৰ মূল ঘৰখনৰ দায়িত্ব লৈছিল তাৰ একো-এটা প্ৰতিবাদ কৰিব নজনা ঘৈণীয়েকে । ল’ৰা-ছোৱালী তিনিটাৰ পঢ়া-শুনাৰ পৰা মাক-দেউতাকৰ আলপৈচান ধৰালৈ, বাহী-বনৰ পৰা খেতি-বাতিৰ কাম-কাজতো সহায় কৰালৈ সকলোখিনি নিৰৱে কৰি গৈছিল তেওঁ । ঘৈণীয়েক আৰু ল’ৰা-ছোৱালীকেইটাক দৈয়াঙলৈ একেবাৰে লৈ যাম বুলিয়েই ম‍ইনাই আটাইকেইজনকে এবাৰ তালৈ নিছিল । কিন্তু ঘৈণীয়েকৰ তাত একেবাৰে মন বহা নাছিল । সেয়েহে দৈয়াঙত অকলে থকাৰ সিদ্ধান্ত লৈয়ে সি সিহঁতকেইটাক মূল ঘৰত থৈ আহিছিলহি । অকলশৰীয়া ভাবে কটাই গৈছিল এটা জীৱন । হঠাতে তাৰ বন্ধু এজনৰ যোগেদি ম‍ইনাৰ ঘৈনীয়েকে এক অভিনৱ প্ৰস্তাৱ দিছিল-ম‍ইনাৰ দ্বিতীয় বিবাহৰ প্ৰস্তাৱ । ম‍ইনাৰ কষ্ট ঘৈণীয়েকৰ সহ্য হোৱা নাছিল । অৱশেষত ম‍ইনাই দ্বিতীয় বিবাহ পাতিছিল । এজন মানুহ, দুখন ঘৰ । তথাপিও তাৰ কষ্ট হোৱা নাছিল । তাৰ প্ৰথমা পত্নীয়ে সুকলমে চলাই নিব পাৰিছিল তাৰ মূল ঘৰখন আৰু ম‍ইনা দৈয়াঙৰ ওচৰত য’ত আছিল, পুৰণি সমাজখনৰ একঘেমীয়াবোৰ তাত নাছিল । কিন্তু চলি থকা কিংবদন্তীবোৰ চলিয়েই আছিল । আনকি বাঢ়িহে গৈছিল তাৰ পৰিসৰ । হাই-কাজিয়াবোৰে সংঘৰ্ষৰ ৰূপ লৈছিল । সমাজবাদ, ৰাজনীতিয়ে ইয়াক আৰু অধিক জীপাল কৰি তুলিছিল, যিয়ে জন্ম দিছিল ন-ন কিংবদন্তীৰ । তেনেকৈয়ে চলি গৈছিল সমাজখন । “

এই কাহিনীভাগকেই মূল কথা হিচাপে লৈ লিখা এখন উপন্যাস ‘কথা ৰত্নাকৰ’ । নৈ যেনেকৈ বৈ যায়, গতিশীলতাত বৈ গৈছে ‘কথা ৰত্নাকৰ’ উপন্যাসখনৰ কাহিনীভাগ । নৈখনৰ গৰাত লাগি থকা বিৰিণাবোৰে কৈ গৈছে চৰিত্ৰবোৰৰ বৰ্ণনা । সাৱলীল ধাৰাৰে বৈ আছে উপন্যাসখন । যেন ৰ’বলৈ সময়েই নাই; অলপ ৰ’লেই চন্দহীন হৈ পৰিব সকলোবোৰ । উপন্যাসখনৰ পটভূমি বিস্তৃত । এখন সমাজৰ সৰু-বৰ সকলো দিশেই সামৰি সৰু-বৰ কাহিনীবোৰক কাহিনীৰ ৰূপ দি ‘কথা ৰত্নাকৰ’ যেন এক আধুনিক আখ্যানহে । গ্ৰাম্য জীৱনত পৰিপূৰ্ণ সুখ-দুখ, হিংসা-অসূয়াৰ বৰ্ণনাত সম্পূৰ্ণৰূপে সফল ঔপন্যাসিক । প্ৰেম-ভালপোৱা, সহায়-সহানুভূতিৰ এক বহুল মিলনভূমি ‘কথা-ৰত্নাকৰ’ । মানৱীয় প্ৰবৃত্তিও জলজল-পটপটকৈ পৰিষ্ফুট হৈছে উপন্যাসখনত । শিক্ষাহীন, জাতিভেদ, সাম্প্ৰদায়িকতাত জৰ্জৰ পিছপৰা এখন সমাজৰ কিযে এক সুন্দৰ বিশ্লেষণ । ক্ষুধা আৰু অৰ্থনৈতিক দৈন্যতাই কেনেকৈ মানুহৰ প্ৰবৃত্তিত হিংসাৰ প্ৰলেপ সানিব পাৰে তাকো উপন্যাসখনত সুন্দৰভাৱে অংকন কৰা হৈছে । মানুহ মাত্ৰেই থাকে স্বাভিমান, আত্মমৰ্যদা । আত্মসন্মানত আঘাত হানিব পৰা যিকোনো ঘটনাই মানুহক কিমান প্ৰতিশোধপৰায়ণ কৰি তুলিব পাৰে এটা এটা সৰু-বৰ ঘটনাই তাকে প্ৰমাণ কৰিছে । আৰু এই সকলোখিনিয়েই আৱৰ্তিত হৈ আছে এধানি মাত্ৰ স্বীকৃতিৰ স্বাৰ্থতেই । প্ৰতি মুহূৰ্তৰ অন্তৰ্বেদনাবোৰ, সপোনবোৰ কিমান সজল ৰূপত তুলি ধৰা হৈছে তাক ভাষাৰে বুজোৱা টান ।

২০০৯ ইং চনত সাহিত্য অকাডেমী বঁটাৰে পুৰস্কৃত উপন্যাসখনৰ চাৰিত্ৰিক বিশ্লষণ অতি সবল । এটি ঋণাত্মক গুণধৰ্মী চৰিত্ৰক মুখ্য চৰিত্ৰ হিচাপে লোৱা হৈছে উপন্যাসখনত । ‘বেয়া মানুহ’ এজনৰ গাত থাকিব পৰা বেয়া গুণসমূহৰ বিশ্লেষণ নিখুঁট । তাৰ মাজতো প্ৰতিফলিত হৈছে ‘ভাল মানুহ’ হোৱাৰ বাসনা । উপন্যাসখনত প্ৰতিটো চৰিত্ৰ‍ই কঢ়িয়াই লৈ ফুৰিছে গতিশীলতা । উপন্যাসখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰকাশ্য ৰূপত অৱতৰণ কৰিছে মনৱীয় স্পৃহাৰ বন্দনা, যিয়ে উপন্যাসখনক প্ৰদান কৰিছে এক অন্য ধৰণৰ বৈচিত্ৰতা । ল’ৰালিৰপৰা কিশোৰ কাললৈ, কিশোৰৰ পৰা যৌৱনলৈ, শেষত বৃদ্ধাৱস্থালৈ কোনটো পটৰ জৰিয়তে পৰিৱৰ্তিত হ’ল, সেয়া বিচাৰি উলিওৱা টান । এয়াই উপন্যাসখনৰ গতিশীলতাৰ পৰিচয় দিছে । ঠায়ে-ঠায়ে ব্যৱহৃত বিশেষ কায়দা-কৌশলবোৰ গৱেষনামূলক হিচাপে ভবাৰ বাহিৰে অন্য ভাব অনাৰ থল নাই । চুৰি কৰাৰ কৌশল, পলোৱাৰ কৌশল…ইত্যাদিৰ বিৱৰণ কলাত্মক আৰু অগতানুগতিক । এই অগতানুগতিকতাই উপন্যাসখনৰ লগত পাঠকক একাত্ম হ’বলৈ সহায় কৰিছে । অন্য এটা সবল দিশে উপন্যাসখনক এক অন্য মাত্ৰা প্ৰদান কৰিছে । সেয়া হ’ল চৰিত্ৰ এটাক কাহিনীভাগত অন্তৰ্ভুক্তিৰ সুনিৰ্দিষ্ট সময় ।

বুৰঞ্জীমূলক বিশ্লেষণখিনিয়ে পাঠকৰ মনত ঠাইখনৰ এক ভৌগলিক মানচিত্ৰ প্ৰস্তুত কৰাৰ লগতে জ্ঞান প্ৰদানতো সহায় কৰিছে । সমাজতন্ত্ৰ, ৰাজনীতি, মহাপুৰুষীয়া ৰীতি-নীতিবোৰে উপন্যাসখনৰ বিস্তৃতিৰ প্ৰমাণ দিছে । এইবোৰে অনা পৰিৱৰ্তনৰ ধাৰাই পট পৰিৱৰ্তনতো উল্লেখনীয় অৰিহণা যোগাইছে ।

অৱশ্যে পট পৰিৱৰ্তনৰ ধাৰা মাজে মাজে ইমানেই খৰতকীয়া হৈছে যে তাক ভালকৈ বুজি পাবলৈ দুই-তিনিবাৰকৈ পঢ়িব লগাও হৈছে ।

আমাৰ সমাজৰ কিছুমানে জাতি-ধৰ্ম, সাম্প্ৰদায়িকতাৰ নামত অৱহেলাৰ জৰিয়তে এটা চামক ৰত্নাকৰ হ’বলৈ ঠেলি দিছে যদিও সেই ৰত্নাকৰ কাণ্ড‍ই নীপিড়িত সম্প্ৰদায়ক বীৰৰ দৰ্শন দিয়াইছে । ইয়েই প্ৰমাণ কৰে ঔপন্যাসিকৰ মহানুভৱতা । উপন্যাসখনৰ শেষত এটি শুভ ৰূপান্তৰৰে ঔপন্যাসিকে সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে । ইয়েই আধুনিক যুগৰ কিংবদন্তী হিচাপে খ্যাত হ’ব বুলি আশা পালি তেওঁ উপন্যাসখনৰ যৱনিকা পেলাইছে ।

উপন্যাসখন পঢ়ি তাৰ প্ৰতি এটা টান অনুভৱ কৰা বাবেই টোকাটো লিখিবলৈ বহিছিলোঁ । কোনটো কথা লিখিম, কোনটো নিলিখিম, কোনটো ঘটনাৰ বৰ্ণনা বিস্তৃতভাবে দিম, কোনটোক বাদ দিম সেই বিষয়ে ভাবি বৰ দোমোজাত পৰিছিলোঁ কিয়নো বাদ দিব লগা বিষয় উপন্যাসখনত একোৱেই নাছিল । তাৰ মাজতো কিছুমান কথা এশাৰী-দুশাৰীৰ মাজতে সীমাৱদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ য’ত ত্ৰুটি ৰৈ যোৱাটো স্বাভাবিক । উপন্যাসখন পঢ়ি মোৰ মানসপটত সৃষ্টি হোৱা ছবিখনক কেন্দ্ৰ কৰিয়েই টোকাটো লিখিবলৈ চেষ্টা কৰিছোঁ । ঠায়ে-ঠায়ে কথাবোৰ ওলট-পালট হোৱাও অস্বাভাবিক নহয় । তেনেবোৰ ভুল-আঁসোৱাহ নিতান্ত‍ই মাৰ্জনীয় । সেয়েহে পাঠকসকললৈ অনুৰোধ কিতাপখন পঢ়ি তেওঁলোকে যেন তাক উপলব্ধি কৰিবলৈ চেষ্টা কৰে (যিখিনি কথা উপলব্ধি কৰিহে ম‍ই এই টোকাটো লিখিব পাৰিছোঁ),ইহে আমাক প্ৰকৃত মানৱীয় প্ৰবৃত্তিৰে গুণগত মনুষ্য জাতিলৈ ৰূপান্তৰ কৰিব পাৰিব।

[এই টোকাটো অ.ক.ব. ৰ বাবে যুগুতাইছিলোঁ অক্টোবৰৰ শেষৰফালে । কিন্তু টাইপিঙৰ এলাহৰ বাবেই ৰাইজলৈ মুকলি কৰি দিব পৰা নাছিলোঁ । তাৰ পিছত আহিল শতিকাৰ আটাইতকৈ মৰ্মান্তিক খবৰটো । কালি সেই মহাপুৰুষজনাৰ স্পন্দনহীন দেহ পঞ্চভূতত বিলীন হৈ যোৱাৰ পিছৰে পৰা তেওঁৰেই গান শুনি শুনি টাইপিঙত লাগিছিলোঁ । মনটো বেয়া বাবেই চাগে’ ক’তো যাবলৈও ইচ্ছা যোৱা নাছিল । তেনেকৈ একেলেথাৰিয়ে কামখিনি শেষ কৰি পেলালোঁ । এই লেখাটো ম‍ই সেইজন যুগস্ৰষ্টা মহানয়ক, লুইতৰ আজন্ম প্ৰহৰী সুধাশিল্পী ডঃ ভূপেন হাজৰিকাৰ নামত উছৰ্গা কৰিছোঁ ।]

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Biswajyoti Borah
8 years ago

I read this novel.It is a great work…..

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক