কথোপকথন -৬(-ধীৰাজ কলিতা )

 


বিভুতিৰ গাড়ী একচিডেন্ট |সোঁ-ভৰি আৰু মুখমণ্ডলত অপাৰেঅচন |২০ দিনচিকিত্‍সালয়ত মৄত্যু যন্ত্ৰনা ভোগ কৰা পিছত অৱশেষত যেনিবা হস্পিতালকৰ্ত্তৄপক্ষই ঘৰলৈ অহাৰ অনুমতি দিলে |এমাহ পিছত আকৌ চেক-আপ |শৰীৰৰ অৱস্থাআগতকৈ বহু পৰিমাণে উন্নত যদিও জুলীয়া খাদ্যৰ বাহিৰে বেলেগ একো চোবাই খাবনোৱাৰে |মুখ খন মেলিলেই চিলাই ফাটি যোৱাৰ ভয় |
ৰাস্তাত প্ৰচণ্ডযান-যট |এম্বুলেন্স খন আহি পাওতে সন্ধিয়াই হল |এম্বুলেন্স খন পোনে পোনেআগচোতালত ৰখাইছে |পদূলিত চুবুৰীয়াৰ ভিৰ |
–“
খবৰটো শুনাৰ দিনা খন মোৰ বুকুখন চিৰিংকৈ গৈছিল |অৱশেষত কনা গোসাই চকু মেলি চালে আৰু|”
–“
মোৰ আকৌ সিদিনাখন ৰাতি টোপনিয়ে নাই |বোৱাৰী আৰু মাইনাজনীলৈহে বেয়া লাগে “
–“
ধেত্‍, হস্পিতালৰ পৰা আহিলেই দেখোন |কিনো আপুনি অমংগলীয়া কথাবোৰ কৈ আছে |”
বিভুতিৰ ভায়েক আৰু বন্ধুজনে দুবাহুত ধৰি লাহে লাহে নি তেওক মুল ঘৰৰ বিছনাতশুৱাই থলে |ইমান বিপদৰ মাজতো যেন ঘৰত এটা ক্ষীন আনন্দ |হস্পিতালত থাকিলেএটা অযথা টেনশ্বন |বেমাৰীৰ লগতে পৰিয়ালৰ বাকী লোকৰো খোৱা-বোৱা, শোৱা একোৰেঠিক ঠাক নাথাকে |
পিছদিনাখনে বিভুতিৰ খুড়শালী আৰু ভাগিনি জনীকমাতি পঠিয়ালে |ঘৰ খন চোৱা-চিতা কৰিবলৈ মাথো শ্ৰীমতী |ঘৰৰ কাম কাজেচম্ভালিব,মানুহজনকে শুশ্ৰুষা কৰিব নে যোৱা ২০ দিনৰ নিজৰ টোপনিয়ে মাৰিব |ইহতদুজনী অহা হেতেন ভাল আছিল |খবৰ লব অহা আলহীক অন্তঃত চাহ-তামোলৰে অপ্যায়নকৰিব পাৰিব |


–“
ড্ৰাইভাৰে মদ খাইছিল হবলা ?’
–“
নাই,নাই |মোৰ দাদাৰ বন্ধুজনে চলাইছিল “
–“
কাকনো আজিকালি বিশ্বাস কৰিবা ?সুবিধা বুজি কোনে কেতিয়া এটুপি গিলিআহে কোনেও গম নাপায় |এতিয়া নিজেও মৰিলে আনৰো জীৱন ঘুনীয়া কৰিলে “
–“
নহয় নহয় |তেওক মইও ভালদৰে জানো |”
–“
শুনিছো,আগতেও সি দুবাৰ মান গাড়ী একচিডেন্ট কৰিছিল ?”
গোটেই ৰাতি বিভুতিৰ টোপনি নাই |পুৱতি নিশা জিল মিলকৈ অকনমান আহিছিল টোপনি, এওলোকৰ কথাৰ কটাকটিত বিভুতি সাৰ পালে |শ্ৰী মতীৰ ভিতৰি ভিতৰি খং |কিনোমানুহবোৰে একেখিনি কথাকে পাগুলি থাকে ,শুনি শুনি বিৰক্তি লাগিছে আৰু |একচিডেন্টৰ কথা বিভুতিৰ কানত পৰিলে তেওৰ সিদিনাৰ সেই মুহুৰ্ত্ততলৈ মনত পৰিযায় |গাড়ী চলোৱা বন্ধুজনৰটো খবৰেই নাই |পৰিয়ালৰ লোকে আই.চি.ইউত থকা বুলিসান্ত্বনাহে দিছে |
এজনৰ পিছত এজন খবৰ লওতা |মানুহবোৰেও যেনিবা গৰমচাহ,বিস্কুত,তামোল চোবাই চোবাই বেমাৰী জনৰ মুখৰ পৰাহে শুনিববিছাৰে,একেবাৰে আচল খবৰটো পোৱাৰ আশা |কোনটো কেকুৰিত একচিডেন্ট হৈছিল,কি ৰঙৰগাড়ীয়ে খুন্দিয়াইছিল, আগতে সেইটো ৰাস্তাত ড্ৰাইভাৰজনে গাড়ী চলাইছিল নেনাই……………..ইত্যাদি অপ্ৰয়োজনীয় কথা |
বিভুতিৰ মুখত বেণ্ডেজ লাগি থকা দেখিছেই |তথাপিও নোকোৱাকে থাকিব নোৱাৰিলে……
–“
এহ |মইও লৰা ঢপৰাকে আহিলো |আপেল-আঙুৰ কিবা এটা আনিবপাৰিলোহেতেন,বজাৰত নোসোমোৱাকৈ স্কুলঘৰৰ ৰাস্তাটোৰে চিধা-চিধিকৈ এইখিনিপালোহি “
এনেতে সম্বন্ধীয় খুড়াক-খুড়ীয়েক আহি কোঠাটোত বহিলহি |বিভুতিয়ে মাথো চকু দুটা মেলিলে মানুহবোৰ চিনিব পাৰে |মাজে মাজে ওঠৰ ভিতৰেইমিচিকি হাহি এটা মাৰে,ইকাটি-সিকাটি কৰিবলৈ সুস্থ নহয় তেও |
–“
কোন খন হস্পিতালত ৰাখিছিলা ?’
শ্ৰীমতীৰ খং |যোৱা ২০ দিনে হস্পিতালত কেকাই থাকিলে,মৰমৰ খুড়াকজনে আকৌ গমেই নাপায় কোন হস্পিতালত আছিল |ভাতিজাৰ মৰম দেখিছো আৰু |
–“
জি.এম.চিত “
–“
তোমালোকে আৰু গোটেই চহৰ খনত হস্পিতাল নাপালা ?”
–“
নাই মানে,সিদিনাখন ওচৰৰ গাওখনৰ মানুহ কেইজনমানে জি.এম.চিতে ভৰ্ত্তিকৰালে |আৰু তাতেই অপাৰেচন কৰিব পৰা হব বুলি কোৱাত বেলেগলৈ নিয়াৰ কথানাভাবিলো আৰু |
–“
বেমাৰ আজাৰৰ লগত টকা-পইচাৰ কথা ভাৱি লাভ নাইজি.এম.চিত দেখুৱাতকৈ কোনোবা গাওৰ বেজ এজনক দেখুৱাও ভাল |সেই হেড মাষ্টৰৰলৰাজনৰ কথা শুনা নাই হবলা ?জি.এম.চিত অপাৰেচন কৰি অনাৰ ২ মাহ পিছতো যি ভঙাহাড ,ভঙা হৈয়ে থাকিল |জি.এম.চি ৰেনেকুৱা কিমান উদাহৰন লাগে তোমাক ?”
সেই মুহুৰ্ত্তত শ্ৰী মতীয়ে খুড়াকৰ মুখৰ পৰা তেনেকুৱা ধৰনৰ কথা শুনিবলৈ অকনোসাজু নাছিল |তেও মনত দুখ: পালে কথাবোৰ শুনি |ৰাতি শোৱাৰ সময়ত মনে মনে কথাএটা ভাবিলে |বিভুতিৰ ভায়েকৰ কেমেৰা থকা মোবাইলটোত ৰেকৰ্ডিও হয় |কাইলে গোটেইঘটনাটোৰ আটি০গুৰি মাৰি ৰেকৰ্ডিং কৰিব|কেনেকে একচিডেন্ট হল,কত হল ,হস্পিতালত নিয়াৰে পৰা আৰম্ভ কৰি কিমান খৰছ পৰিলে,শহুৰেকৰ ঘৰৰ পৰা কোন কোনআহিছিল খবৰ লবলৈ……..ইত্যাদি |তাৰ পিছত কোনোবাই কিবা প্ৰশ্ন সুধিলে কমনপৰক বা নপৰক মোবাইলত থকা সেই ৰেকৰ্ডিটো বজাই শুনাব |

কথোকথন -৭ 

বিভুতিয়ে গুৱাহাটীত যাওতে কাছাৰীত কাকলিৰ দেউতাকক দেখি পালে |শেষৰ বাছ খনকোনোমতে ধৰিঘৰত নোসোমাকৈয়ে বাহিৰে বাহিৰে স্কুলঘৰৰ বিহু প্ৰেকটিচলৈ গল সি |কাকলি,পঢ়া শুনাত কেচা হলেও নাছ-গান,দেখাই শুনাই কি চাব ? গাওৰ প্ৰায় ডেকালৰাৰে সপোন |গাওত নতুনকৈ অহা ডাক্তৰ জনৰ লগত কাকলি প্ৰেমৰ কথা বু-বাওলাইছে |মাক দেউতাকৈও ডাক্তৰ জনক গতাই দিব পাৰিলে এক প্ৰকাৰ আজৰি |ঘৰতধুনীয়া গাভৰু থাকিলে মাক-দেউতাকৰ চিন্তাৰশেষ নাই |বিহু প্ৰেকটিচত বিপুলক লগ পাই বিভুতিয়ে কলে
–আজি কাকলিৰ বাপেকক কাছাৰীত দেখিলো |
–তাতে কি হল ?
–আৰে সেই ডাক্তৰ জনৰ লগত তাইৰ “কোৰ্ট মেৰেজৰ’ কথা আলোচনা কৰিব গৈছে হবলা |
–ধেত্‍ তেৰি,তয়ো যে এজন |বাপেকক দেখিলি কাছাৰীত,কাকলিৰ “কোৰ্ট মেৰেজ”ৰ কথা কেনেকে আহিল ?বেলেগ কামতো যাব পাৰে
–অ,সেইটো হয় পিছে |মই কিন্তু কোনো উকিলৰ লগত দেখা নাই ,মেঘদূত ভৱনৰ সন্মুখতহে থিয় হৈ থকা দেখিলো |
–হে হে |তোৰ নহব আৰু |তোৰ অন্তৰতো কাকলিয় সোমাইছে যেন পাও |
বিহুৰ ৰিহাৰ্চেল শেষ কৰি যাওতে বজাৰত বিপুলে বিনয়ক লগ পাই সুধিলে
–আৰে,কাকলিৰ কথা শুনিছা নেকি ?
–নাই দেখোন |একো শুনা নাই |কি কথা ?
–তাইৰ হেনো আমাৰ ইয়াত নতুনকৈ অহা ডাক্তৰ জনৰ লগত “কোৰ্ট মেৰেজ’ কৰি থৈছে |
–হবও পাৰে |একো ডাঙৰ কথা নহয় |আজিকালি প্ৰায়ে ডাক্তৰৰ নতুন এল্টো খন কাকলিহতৰ পদূলিত দেখো |
বিদ্যুতৰ বাইক খন বেয়া |বজাৰৰ পৰা যাওতে সি বিনয়ৰ বাইকতে উঠি গল |বিনয়ৰমুখত বিদ্যুতেও তাৰ এসময়ৰ প্ৰেমিকা কাকলিৰ “কোৰ্ট মেৰেজ”ৰ কথা শুনিলে |
ৰাতি বিদ্যুতৰ বাইক খন খুজি বিভুতিয়ে তাক ফোন কৰিলে |হেল্ল’ বুলি কোৱা মাত্ৰই ফোনৰ সিটোমুৰত বি্দ্যুতে বিভুতিক সুধিছে
–আৰে,গাওৰ হট নিউজ গম পোৱা নে নাই ?
–কি ?মই দেখোন একো শুনা নাই |মই পিছে যোৱাকালিয়ে গুৱাহাটী গৈছিলো |আজি সন্ধিয়াহে পাইছো
–আমাৰ গাওৰ ডাক্তৰৰ লগত মাষ্টৰৰ জীয়েক কাকলিৰ বিয়া ঠিক হৈছে|
–কি কোৱা ?কেতিয়া ?
–তাৰিখতো গম পোৱা নাই |
–তই আকৌ ইমান ভিতৰৰ খবৰ কত শুনিলি ?
— বজাৰৰ পৰা আহি থাকোতে বিনয়ে কলে |সি হেনো বিপুলৰ মুখত শুনিছে |
বিপুলৰ মুখত শুনা বুলি কোৱা কাৰনে কথাটো বিভুতিয়ে বেছি ছিৰিয়াছকৈ নললে |কাৰন সন্ধিয়া বিহু প্ৰেকটিছত যাওতে,কাকলিৰ দেউতাকক মেঘদূতৰ সন্মুখত দেখাবুলিসিয়ে বিপুলক কৈছিল |

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক