কথোপকথন (ধীৰাজ কলিতা)

কথোপকথন

ধীৰাজ কলিতা

(১২)

আমাৰ গাঁৱৰ তীৰ্থ খুড়াহঁতে গাঁৱতেই মদ বেছে। ওচৰতে জনজাতীয় লোক থকা গাওঁ এখনৰ পৰা বোৱাৰী পুৱাতেই ২-৩ জন মান লোকে চাইকেলত বস্তা এটাত বগা পলিথিনত পেকেট কৰি মদ দি থৈ যায়। ১০ টকাত কিনি ২০ টকাত বিক্ৰী কৰে হেনো। “মদ এটা” দিব বুলি ক’লে প্লাষ্টিকৰ পেকেটত বান্ধি থোৱা এটা পেকেট উলিয়াই দিয়ে। তীৰ্থ খুড়াই বেছা মদ খাইয়েই গাঁৱৰ বছৰি দুই-তিনিজনে সিপুৰী যায়। গাঁৱৰ বয়সীয়াল এজনে ৰাতিপুৱাই শুই উঠিয়েই ৰতন দাদাক মদ খাব যোৱা দেখি বাট আগচি ধৰি মদ খোৱা বেয়া বুলি কোৱাত মদন দাদাই আকৌ ওলোটাকৈ বুজাই দিলে,-“দিনটো ৰ’দত কোৰ মাৰো, সেয়ে ভাত খাই উঠি এটা খাই দিলে একো সমস্যা নাই। ঘামৰ লগত চব ওলায় যায়। আচল কথা হ’ল খালী পেটত খাব নালাগে। এনেকুৱা বুজনি পোৱাৰ পিছত “য’তে মৰ মৰ, মোৰ কি আহে যায়” বুলি কোৱাৰ বাহিৰে কৰিব লগীয়া একো নাথাকে। সিদিনা নামঘৰত বৰুৱানীয়ে শুনাই আছে,”আমাৰ এওঁ আকৌ ড্ৰাইভাৰ মানুহ, দিনটো ষ্টায়াৰিঙৰ কাষত বহি থাকে, গতিকে ৰাতি আহি এটা খালে বেছি ক্ষতি নকৰে। হাল্লা কিন্তু মুঠেও নাই”। গাঁৱত প্ৰায়বোৰেই কাম কৰা মানুহ। বৰুৱানী আৰু ৰতন দাদাৰ দৰে সুন্দৰ উত্তৰ বোৰৰ বাবে তীৰ্থ খুড়াহঁতৰ দোকানখন বন্ধ নহ’ল।
শুনিছোঁ আজিকালি হেনো বগা ৰঙৰ ঘৰত বনোৱা মদৰ সলনি তীৰ্থ খুড়াহঁতে ফেক্টৰীৰ “লাল” বিক্ৰী কৰে। কম দিনৰ ভিতৰতে তীৰ্থ খুড়াহঁতৰ দোকানখন মদৰ শ্বো’ৰুম হৈ পৰি্ল। দেশী বিদে্শী মদেৰে ভৰি থাকে তীৰ্থ খুড়াৰ শ্বো’ ৰুম। সন্ধিয়া হ’লেই সমবায়ৰ দোকানত ৰেচন কাৰ্ড লৈ চেনী/কেৰাচিন আনিব যোৱাৰ দৰে গ্ৰাহকৰ ভিৰ। আগতে ৰতন দাদাক সোধাৰ দৰে আজিকালি মদ খাওঁতাক মদ খাব মানা কৰা কোনো চিষ্টেমেই নাই আৰু তেওঁলোকেও ৰতন দাদা,বৰুৱানী হঁতৰ দৰে বুজাই দীঘলীয়াকৈ উত্তৰ দিবলৈ সময় নাই। তথাপি কেতিয়াবা মনে নামানিলে, যদি সম্বন্ধীয় সৰু লৰা এজনে মদ খোৱাটো ভাল হোৱা নাই বুলি আপুনি উপদেশ দিব যায়, একদম চিধা ৰেডিমেড উত্তৰ এটা শুনিবলৈ সাজু থাকক-“তোৰ পইচাৰে খাইছোঁ নেকি বে ?”
দুৰ্গা পূজা,বিহু,ছাত্ৰ সংগঠন বোৰৰ অধিৱেশন ইত্যাদিত মোটা পইচা দিয়া বাবেই তীৰ্থ খুড়াহঁতৰ লাইচেন্স নোহোৱা দোকান খনত মুকলিকৈ তিনিজনকৈ কৰ্মচাৰী ৰাখিছে। গাঁৱত মাজে মাজে মদ বিক্ৰী বন্ধ কৰিব লাগে বুলি বু-বা ওলায় যদিও ৰাতি নিয়মীয়াকৈ গলাধঃকৰণ কৰা বৰমূৰীয়া সকলে মিটিঙত ভাষন দিয়ে,”মদ আজিকালি চবতে চলে। তাতে নিজ গাঁৱৰে নিবনুৱা এজনে দুই পইচা উপাৰ্জন কৰোঁতে আমাৰ চকু বিষাব লগা কি আছে ?”। বাকীবোৰেও “হওতে কথাষাৰ হয়। এনেয়ো এইখন দোকান বন্ধ কৰিলে খোৱাবোৰে আকৌ নোখোৱাকৈ থাকিব নে ?”। থানাৰ আকৌ চাৰিওফালে লাভ। মাহিলি হিচাপত তীৰ্থ খুড়াৰ পৰা শকত ধন, দৈনিক বিক্ৰী হিচাপত ২-৩ টা বটল উপহাৰ, তাৰোপৰি মদ খোৱা মানুহ থানাৰ পৰা উলিয়াই দিয়াৰ নামত সিহঁতৰ গৃহস্থৰ পৰা চাহ খাবৰ কাৰণে দুই চাৰি হাজাৰ।
দেৱালীৰ আগে আগে সদৰ থানাৰ পৰা আগতে খবৰ দি ৰাইজে দেখাকৈ হঠাত্‍ আহি ওলাল তীৰ্থ খুড়াৰ ঘৰত পুলিছ বিষয়া। ১০ কাৰ্টুন মান মদ আৰু তীৰ্থ খুড়াক গাড়ীত তুলি লৈ গল। তিনি আলিত আলোচনা চলিছে -“কি’নো লাভ,কালি ৰাতিপুৱা আকৌ ওলায় আহি মদ বেচিব”।
কি কয় হে আপুনি লাভ নাই ? ক্ষতি ক’ত। চাৰিওফালে দেখোন লাভেই লাভ।
–থানা কৰ্ত্তৃপক্ষই দেৱালী খেলাৰ পইচা পালে। অন্ততঃ কেইটামান পৰিয়ালেটো সুখেৰে পূজা চাব পাৰিব।
–মদ নাই বুলি বা পুলিছৰ কাৰনে দুদিনমান হ’লেও খোৱাটো অলপ কমিব। তীৰ্থ খুড়াই ৭০ টকাৰ কোৱাৰ্টাৰত ১৫০ টকা লৈ থানাত দিয়া পইচা খিনি উঠাই ল’ব।
–তীৰ্থ খুড়াক এসেকা দিয়া কাৰণে গাঁৱৰ সচেতন ৰাইজে মনত শান্তি পালে।
যি হৈ আছে ভালেই হৈ আছে। সাপো মৰিল লাঠিও নাভাঙিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments