কথোপকথন (ধীৰাজ কলিতা)

কথোপকথন
ধীৰাজ কলিতা

কথোপকথন-১

–হেৰি, কি কৰিছেহে আপুনি?
–দেখা নাই? চকু দুটা কি হাতত লৈ ফুৰে?
–নহয়,মানে আপুনি গাড়ীখন ইয়াতে কিয় পাৰ্কিং কৰিছে?
–গাড়ী পাৰ্কিং নকৰি কি ওলোমাই থব লাগে?
–আপুনি দেখোন মোৰ একেবাৰে গেটৰ সন্মুখতে পাৰ্কিং কৰিছে, এতিয়া বাইক এখন উলিয়াবৰো ঠাই নাই।
–মোৰ গাড়ী মই ক’ত পাৰ্কিং কৰো সেয়া মোৰ কথা,আপোনাক সুধি পাৰ্কিং কৰিম?
–গেটখনত লিখা আছে দেখা নাই? NO PARK IN। কাম কৰা ল’ৰাজনে লিখিলে। সেয়ে অলপ ভুল হ’ল। আপুনি সেই সৰু কথাখিনিও নুবুজিলে। আপুনি চাগে’ ভাবিলে, ভিতৰত পাৰ্ক কৰিব মানা কৰিছে। সেয়ে আপুনি একেবাৰে গেটৰ বাহিৰতে ৰখালে।
–তাৰ মানে মই কি ইংৰাজী পঢ়িব নাজানো? আৰু মই আপোনাৰ ভুল পোষ্টাৰ দেখি পাৰ্কিং কৰা নাই। মই মোৰ নিজৰে ইচ্ছাত পাৰ্কিং কৰিছোঁ। আৰু আপুনি মিছাতে যে ইমান কথা বঢ়াই আছে ,সেই মিনিচিউপালিটিৰ পোষ্টাৰখন ইমান দিনে আপোনাৰ চকুত নাই পৰা হ’বলা?
–পৰিছে আকৌ। অপোনাৰ দৰে মই চকু হাতত লৈ নুফুৰোঁ।
–কি লিখা আছে তাত? “পেলনীয়া সামগ্ৰী দাষ্টবিনত পেলাওক”, “মহানগৰখন সুন্দৰ কৰি ৰাখক” তেতিয়া হ’লে সেই পাচলিৰ বাকলিৰ টোপোলাটো তাত কিয় পেলাইছে?
–আমি পেলোৱা নাই। তাত পৰি থকা আলুৰ বাকলিবোৰেই প্ৰমাণ। আমাৰ ঘৰত সৰু ছোৱালীজনী বাদে আটাইৰে ডাইবেটিছ আছে। গতিকে আমি ঘৰত আলু ব্যৱহাৰ নকৰোয়ে।
–আপুনি ক’লে আকৌ মই বিশ্বাস কৰিম নে?
–কৰে নকৰে আপোনাৰ কথা, আৰু এনেয়ো ঘৰৰ শাক-পাচলিৰ বাকলি, জাবৰ-জোথৰ আমি নেপেলাওঁ। ঘৰৰ কাম কৰা ছোৱালীজনীয়েই পেলায়। তাইক কৈ থৈছো, “ৰাতি বাহিৰৰ গেটখনত তলা লগাব যাওতে প্লাষ্টিকৰ পলিথিন এটাত জাবৰ-জোথৰ ভৰাই আঁতৰত পেলায় দিবা। ”
–ওহ, আচল কথা  মানে সেয়াহে। যোৱাৰাতি এই জাবৰৰ টোপোলাটোৱো চাগে’ সৌঘৰ মানুহৰ কাম কৰা ছোৱালীজনীয়ে তেওলোকৰ ঘৰৰ পৰা আঁতৰত পেলাই থৈ গ’ল।

(কাক নো বুলিম ককা………..)
কথোপকথন-২

কালিও কৰিম কৰিম বুলি ভাৱি থাকোতেই গ’ল। কামৰ যিহে ব্যস্ততা তেওঁৰ। সেয়ে বিভূতি আজি অফিচলৈ নোযোৱাকৈয়ে বাহিৰে বাহিৰে মেঘদূত ভৱনলৈ বুলি ওলালে। ফৰ্ম এখন স্পীডপোষ্ট কৰিবলৈ। মেঘদূত ভৱনত সোমায়েই, মানুহৰ দীঘল শাৰী দেখি বিভূতিৰ চকু কপালত উঠিল। মনে মনে ভাৱিলে, “যিমান দেৰি হ’লেও ইমান দূৰ আহিছোঁ যেতিয়া কামটো কৰিয়েই যাম “। কাউণ্টাৰৰ পৰা লাইনটো ভাজ লৈ ইংৰাজী U (ইউ) আখৰটোৰ দৰে হৈছে। গৰমত ঘামে ধুৱাই পেলাইছে বিভূতিক। এঘণ্টা মান সময়ৰ পিছত বিভূতিয়ে যেনিবা কোনোমতে কাউণ্টাৰৰ ওচৰ পালেগৈ। তেওঁৰ সন্মুখত ৯/১০ জন মান হ’ব। এনেতে তেওঁৰ সন্মুখত থকা মানুহজনৰ ফোন এটা অহাত কথা পাতি পাতি তেওঁ লাইনৰ পৰা আঁতৰি গল। অলপ সময়লৈ তেওঁ নিজৰ স্থানলৈ ঘূৰি নহাত ভাঁজ হৈ থকা দীঘল শাৰীটোৰ অন্যমূৰত থকা মানুহ এজনে আহি উক্ত মানুহ জনৰ ঠাই ল’লেহি। মানুহজনৰ হাতত এখন মোনা। কমেও ৪০/৫০ খন মান চিঠি হ’ব। কোনোবা কোম্পেনীৰ পোষ্ট চাগে’। বিভূতি হতভম্ব হ’ল। মনে মনে খঙো। এঘণ্টা লাইনত থিয় হোৱাৰ অন্তত তেওঁ সেইখিনি ঠাই পাইছেহি আৰু সেই মানুহজনে অহা ৫ মিনিট হৈছেহে, তেওঁতকৈ আগত আহি থিয় হ’ল। বিভূতি নমতাকৈ থাকিব নোৱাৰিলে।

–হেৰি,আপুনি ইমান পিছত আছিলে। আপুনি লাইন ভাঙি আহি মোৰ আগত থিয় হৈছে কেলেই।
–মোৰ অলপ আৰ্জেন্ট।
–সকলোৰে আৰ্জেন্ট, নহ’লেনো নিজৰ কাম বন এৰি এই গৰম খনত ইমান দীঘল শাৰীত থিয় দি থাকেনে?
–আপোনাৰ সমস্যা কি? আপুনি তেতিয়াও ১০ নম্বৰত আছিল এতিয়াও ১০ নম্বৰতে। মই সেই ফোনত কথা পাতি পাতি গুচি যোৱা মানুহজনৰ ঠাইতহে থিয় দিলোঁ।
–মোৰ সমস্যা হ’ল, আপুনি লাইন ভাঙি আহিছে।
–ইয়াত বেলেগ মানুহ আৰু নাই? অকল আপোনৰহে সমস্যা।

বিভূতি ভাবিলে, কথাতো হয়ো পিছে। বাদ দিয়াই ভাল। মিছাতে ৰাতিপুৱাই পুৱাই তৰ্ক কৰি দিনটো নষ্টহে হ’ব। নাই বিভূতিৰ মনে নামানিলে। তেওঁৰ পিছফালে থিয় থকা দুজনক উদ্দ্যেশি কলে,
–হেৰি ,আপোনালোকে একো নকয় কিয়?
বিভূতিৰ সন্মুখৰ মানুহজনে তেতিয়া ভাবিলে আৰু যদি দুজনমানে মাত মাতিব লাগে তেওঁ তেতিয়া হ’লে আকৌ আগৰ ঠাইলৈ যাব লাগিব। তেওঁ লাহেকৈ বিভূতিক উদ্দ্যেশি সুধিলে,
–হেৰি, আপোনাৰ কেইখন আছে পোষ্ট কৰিবলৈ?
–এখন মাত্ৰ ফৰ্ম।
–ঠিক আছে দিয়ক। ঠিকনাটোৰ সহিতে ২০ টকা আৰু খামটো মোক দিয়ক। মইয়েই পোষ্টটো কৰি দিম।
–ধন্যবাদ। মোৰো কেতিয়াবাৰ পৰা থিয় হৈ হৈ বিৰক্তি লাগিছিল।
–ঠিক আছে। পিছে আপোনাৰ ৰিচিপ্ট খন?
–নালগে নালগে। ইমান ইম্পোৰটেণ্ট নহয়, পাৰে যদি মোৰখন কাউণ্টাৰত প্ৰথমতে জমা দিব। অলপ আৰ্জেন্ট।
(কাক নো বুলিম ককা )

কথোপকথন-৩

গুৱাহাটীত অনুষ্ঠিত শিক্ষক সন্থাৰ মিটিংখন শেষ কৰি আদাবাৰী অভিমুখী চিটিবাছখনত উঠিছে বিভূতি। ৰাতিপুৱা ফাৰ্ষ্ট গাড়ীখনতে আহিছিল ঘৰৰ পৰা। বহিবলৈ চিট এটা পোৱাহেঁতেন ভাল আছিল বুলি ভাৱি, শেষৰ পৰা প্ৰথমলৈ এবাৰ চকু ফুৰালে। মহিলাৰ কাৰণে সংৰক্ষিত আসন কেইখনৰ দুজনীয়া চিটৰ এখন খালী। বিভূতিৰ জ্বৰ জ্বৰ ভাৱ। এইখিনি সময়ত চিট এখনত বহিব পৰাহেঁতেন ভাল আছিল। পিছে অলপ সময়ৰ কাৰণে হ’লেও লেডিজ চিটত গৈ এটা ষ্টপেজ জিৰণি ল’বলৈয়ো তেওঁৰ সাহস নুকুলায়। স্মাৰ্ট মহিলাবোৰে, কোনো পুৰুষ বহি থকা দেখিলে মান-সন্মান যোৱাকৈ কয়। এবাৰ তেওঁৰ লগতে এনেকুৱা হৈছিল। নিজৰ ছোৱালীৰ বয়সৰ পৌষঢ়ী এজনীয়ে–“এক্স কিউজ মি আংকল। দিচ ইজ লেদিজ চিট। আপুনি উঠক। লেট মি চিট। ” মুখৰ ভিতৰতে আকৌ ভোৰ ভোৰালে “কি যে অভদ্ৰ এই গঞা সোপা “|

বিভূতিয়ে অস্বস্তি অনুভৱ কৰিছে। সোঁফালে যুৱক-যুৱতী এহাল বহি এটা মোবাইলতে দুয়োজনে কিবা ভি.ডি.ও চাই আছে। কাণত “ইয়াৰফোন” লগাই থকা হেতু বিভূতিৰ প্ৰথমষাৰ মাতত সিহঁতে শুনা নাপালে।

বিভূতি, ছোৱালীজনীক উদ্দ্যেশি,
–আপুনি বাওঁফালে খালী হৈ থকা মহিলা আসনখনত বহিব?
–কিয়? ইয়াত মহিলা বহিব নোৱাৰে?
–পাৰে,মানে…….
ল’ৰাজনে মাত দিলে,
— মই ক’ত বহিম? একেলগে বহাৰ কাৰণে আমি দুটা স্পপেজ পিছুৱাই গৈ প্ৰথম স্পপেজটোৰ পৰাই আহিছোঁ।
–আচ্ছা। ঠিক আছে।

সন্মুখৰ বয়োজ্যোষ্ঠৰ কাৰণে সংৰক্ষিত আসন এখন খালী হোৱাত তেওঁ তপৰাই গৈ আসনখন দখল কৰিলে।

কাষত ঠিয় হৈ থকাজনে মাত দিছে,
–হেৰি,এই বয়সীয়াল লোকজন থিয় দি আছে ,আপুনি দেখা নাই?
–আচলতে মোৰ গাটো বৰ ভাল নহয়। আৰু ইমান সময় যে সেই ছোৱালীজনী বহি আছিল তাইক কিয় উঠাই দিব নোৱাৰিলে?
–ছোৱালীজনীয়ে অসমীয়া বুজি নাপায়। দুবাৰ মান ক’লোঁ। খিৰিকিৰে বাহিৰৰ ফালে চাই গান শুনি থাকিলে। কোনো ভ্ৰুক্ষেপেই নাই। নুবুজাক কৈ কি লাভ?

বিভূতিয়ে বয়সীয়াল লোকজনলৈ চিটখন এৰি দিলে। মানুহজনৰ মুখলৈ চাই তেওঁ ভাবিলে ,”এওঁক দেখোন মই দুপৰীয়া মিটিঙত লগ পাইছোঁ। এওঁ এতিয়াও চাকৰি কৰি আছে? বয়স ৭০ ৰ কম নহ’ব। চাৰ্টিফিকেটৰ খেলিমেলি নিশ্চয় আছে।”

কথোপকথন-৪

অফিচৰ বাহিৰে ক’ৰবালৈ ওলাই গ’লে বিভূতিয়ে প্ৰায়ে শ্ৰীমতীকো লগত লৈ যায়। শ্ৰীমতীয়ে তেওঁৰ কথা কোৱাৰ আদৱ-কায়দা বোৰ মন কৰি থাকে।

ল’ৰাটোৰ কাৰণে দুয়োজনে এদিন টিউচন মাষ্টৰ বিচাৰি ওলাল।
বিভূতি–ছাৰ, ল’ৰাজনৰ টিউচনৰ কথা ভাৱোঁতে আপোনাৰ কথা মনলৈ আহিল। সন্মুখত কোৱা বেয়া যদিও এই অঞ্চলত আপোনাৰ দৰে শিক্ষক দ্বিতীয়জন নাই। ল’ৰাজন ক্লাচ নাইন পালে। পাৰিলে গণিত আৰু বিজ্ঞান বিষয় দুটা “অলপ চাই দিব”।

ড্ৰাইভিং লাইচেন্স উলিয়াওতে কেতিয়াবা এবছৰো লাগি যায়। বিভূতি জানে এই কথা। গুৱাহাটীত ডাক্তৰৰ ওচৰলৈ অহোতে, একেবাৰে কাগজ পত্ৰখিনি লৈ লাইচেন্স আফিচত সোমালে। ছল চাই তেওঁ ডকুমেণ্টৰ মাজত চকচকীয়া ৫০০ টকা এখন ভৰাই দি কেৰাণীজনলৈ অনুৰোধ,
বিভূতি–দাদা ,এই মাহৰ শেষৰ ফালে গাড়ী এখন লোৱাৰ কথা। সেই নীলা ৰঙৰ ফাইলটোতে আছে মোৰ ডকুমেণ্টখিনি। দাদা পাৰিলে “অলপ চাই দিব “|

শাৰীখন শ্ৰীমতীৰ খুব পছন্দ। দোকানীয়ে দাম কৈছে চাৰে পাঁচ হাজাৰ। চিনাকি দোকান। অহা মাহতহে পইচা দিব। দোকানীজনক ক’লে,
বিভূতি–চাৰে পাঁচ হাজাৰ বেছি কৈছা। দামটো “অলপ চাই দিবা “|

বিহুৱতী প্ৰতিযোগিতাত বিভূতিৰ ডাঙৰ ভতিজীয়েও হেনো অংশগ্ৰহণ কৰিব। খবৰ লৈ গম পালে প্ৰতিয়োগিতাৰ বিচাৰক,  বিভূতিৰ একালৰ সহপাঠী  প্ৰভাত মহন্ত। ফোন এটা লগালে বিভূতিয়ে ,
–আৰে প্ৰভাত, কেনে আছা? কাইলৈ মোৰ ভতিজীয়েও অংশগ্ৰহণ কৰিব। বিহুথলীত আৰু তোমাক লগ নকৰোঁ, কথাটো অলপ বেয়া দেখি। ভতিজীৰ নামটো মই এছ.এম.এছ কৰিম। সুবিধা বুজি “অলপ চাই দিবা “।

নতুনকৈ কিনা গাড়ীখনত বিভূতিয়ে পৰিয়ালসহ ঘৰৰ সন্মুখৰ ৰাস্তাটোতে অনুশীলন কৰিছে। এনেতে মাৰুতি ভেন এখনে কাষেৰে বিভূতিৰ নতুন গাড়ীখনত পানী ছটিয়াই পাৰ হৈ গ’ল। গাড়ীৰ সোঁফালটো সম্পূৰ্ণ বোকাপানীৰে লেতেৰা হৈ গ’ল। বিভূতিয়ে খিৰিকিৰ গ্লাচখন নমাই দি ভেনখনলৈ চিঞৰিলে,
–ঐ গাড়ী ৰখা।
ভেনৰ ড্ৰাইভাৰৰ আৰু পিছফালে চাবলৈ সময় নাই, তীব্ৰ স্পীডত নাইকিয়া হ’ল বিভূতিৰ সন্মুখৰ পৰা। বিভূতিয়ে শ্ৰীমতীলৈ চাই খঙতে ভোৰভোৰালে,
–গাড়ীখন মই চিনি পাইছোঁ। আমাৰ পুৰণি কলনিৰ ঠিকাদাৰৰ লৰাজন। লগ পাব লাগে এদিন, তাক “চাই লম “।

শ্ৰীমতী কনফিউজ। ডাক্তৰক প্ৰেচাৰ চাই দিব কোৱা, জ্যোতিষীক হাত চাই দিব কোৱা….ইত্যাদি বেলেগ কথা। এই দোকানী, মাষ্টৰ, কেৰাণী, বিচাৰক এওঁলোকক বাৰু এওঁ কি “চাই দিব” কয়। পিছে ইমান দিনে আনক চাই দিব (অলপ চাই দিব )কোৱা মানুহ জনে আজি দেখোন নিজেই “চাই লম” বুলি কলে। কিবা এটা ঘটাতো খাটাং!!
কথোকথন -৫
(বিহু ধামাকা )

বিভূতিয়ে শ্ৰীমতীৰ স’তে গাড়ীখন লৈ চহৰলৈ ওলাইছে। জেঠ মাহৰ গৰম। সন্ধিয়া হও হও। গাড়ীখন অলপ বেছি গতিত চলালে ভালে লাগে। খিড়িকীৰে সুন্দৰ বতাহ আহি দেহত খুন্দিয়াই। ক’ৰবাত স্পীড কমাবলগীয়া হ’লেই অশান্তি। টার্নিংটো লৈয়েই দেখিলে ৰছী এডালৰ মাজত ৰঙা ফিটা এটুকুৰা বান্ধি ৰাস্তাৰ দুইপাৰে দুজনে থিয় হৈ টানি ধৰিছে। ৰাস্তাৰ সোঁ-কাষে ১৫-১৮ বছৰীয়া ল’ৰা এদলৰ কিৰিলি। কাষত টেণ্ট হাউচৰ কাপোৰেৰে সজা অস্থায়ী কাৰ্যলয় এটা। ভিতৰত প্লাষ্টিকৰ চকী দুখনত ২৫/৩০ বসয়ীয়া দুজন পাহোৱাল ডেকা টেবুলত ভৰি দি বহি আছে। বিভূতিয়ে গাড়ীখন ৰখা মাত্ৰেই ৪/৫ জন মানে গাড়ীখনক আগভেটি ধৰিলে আৰু বাকী কেইজনে আহি ড্ৰাইভাৰৰ ছিটৰ কাষত থিয় দিছে। বিভূতিয়ে খিড়িকীৰ গ্লাচখন নমাই দিয়াৰ লগে লগে কাণত পৰিলে,
–পাঁচশ এক টকা লিখ।

এজনে ৰিচিপ্টৰ বহিখন গাড়ীৰ সমুখৰ ভাগত থৈ গাড়ীৰ নম্বৰটো আৰু ৫০১ টকা বৰঙণি লিখিলে। ৫০১ টকা আৰু হিন্দীত ছপোৱা “ৰিচিপ্ট বুক”খন দেখি বিভূতিৰ খঙে চুলিৰ আগ পালে। সৰু সৰু ল’ৰা কেইজনলৈ চাই বিভূতিয়ে সুধিলে,
–তোমালোকৰ মাজৰ সম্পাদক/সভাপতি কোন?
–ৰিচিপ্ট খনত লিখা আছে। চকু ফুৰাই চাওক। পঢ়িব নাজানে যদি ধৰি লওক আমি সকলোৱে সভাপতি/সম্পাদক।
–মই ৫০০ টকা দিব নোৱাৰোঁ। আৰু জেঠ মাহ শেষ হ’বৰ হল, তোমালোকে আকৌ কিহৰ বিহু পতা?

তপৰাই এজনে মাত দিলে,
–নাই নাই, আমাৰ এইটোৱে ৰেট। বাইকৰ ২০০,চাৰিচকীয়া ৫০০ আৰু বাছ-ট্ৰাকৰ ১০০০।
–মোৰ লগত ইমান টকা নাই। মই বহুদূৰ যাব লাগিব। মই তোমালোকক ১০০ টকা দিওঁ। ১০০ টকা লিখা।

এজনে ইতিকিংৰ সুৰত কলে,
–জেণ্টেলমেন, এইখন মাছৰ বজাৰ নহয়। নো বাৰ্গেনিং। আমি বিহু পাতিব লৈছোঁ। পাঁচ লাখ টকাৰ গাড়ী চলায় আৰু বিহুৰ নামত ৫০০ টকা দিওতে আপোনাৰ সম্পতি শেষ হৈ যায়? নে ক’লা চছমা পিন্ধি শহুৰ পক্ষৰ গাড়ী চলাই লেবেল দিছে।

কাষত শ্ৰীমতী বহি আছে। সৰু সৰু ল’ৰা কেইজনৰ মুখত এনে দম্ভালি মৰা কথা শুনি বিভূতিৰ খং দুগুণ চৰিলে। বিভূতিৰ মন গৈছিল, একচিলাৰেটত ভৰিখনেৰে জোৰকৈ হেঁচা এটা দি সন্মুখত থিয় দি থকা দুজনকে মহতিয়াই লৈ যাব। হুহ! সংস্কৃতি ৰক্ষা কৰে।

ইমান সময় কিয়নো গাড়ীখন ৰখাবলগীয়া হৈছে বুলি কাৰ্য্যলয়ৰ ভিতৰত থকা ২৫-৩০ বসয়ীয়া ডেকা দুজন গাড়ীৰ ওচৰলৈ আহিল। এজনে মূৰত গামোছা বান্ধি লৈছে। মুখত ফেকেচা-ফেকেচি মদৰ গোন্ধ। কালেকচন ভাল হ’বলা। বেলি নুডুবতেই গিলিলে আজি। এজনে ল’ৰাজাকক ঢমকি দি ক’লে,
–তহঁত কাৰ্য্যলয়ৰ ভিতৰলৈ যা। আমি কথা পাতোঁ।

এজনে বিভূতিক সুধিলে,
–হেল্লো ড্ৰাইভাৰ। ৫০০ টকাৰ কাৰণে ইমান কথা কিয়? ১০০০ টকা খোজাহেঁতেন কিজানি আজি ৰাতিটোৱে জ্ঞান দিলেহেঁতেন।

বিভূতিয়ে ভাবিলে, শ্ৰীমতীও আছে মিছাতে এই মদাপীৰ লগত লাগি লোৱা মানে নিজৰহে লাজ সন্মান খোৱা কথা। এইবুলি ভাবি মানিবেগৰ পৰা ১০০ টকীয়া এখন উলিয়াই সিহঁতলৈ আগবঢ়ালে।
–মই যাওঁ, মোৰ দেৰি হৈছে।

সিহঁত দুজনে এটা ঠাট্টাৰ হাঁহি মাৰি ক’লে,
–ধন্যবাদ আপুনিটো ১০০ টকাৰ পৰা বাৰ্গেনিং ষ্টাৰ্ট কৰিছে, কিছুমান ফকিৰে আকৌ ২০ টকাৰ পৰা আৰম্ভ কৰে। ১০ লাখ টকীয়া গাড়ী চলায় আৰু “সংস্কৃতি ৰক্ষা”ৰ নামত ৫০০ টকা দিলেহে আপুনি ভিক্ষাৰী হৈ যাব?

ল’ৰা দুজনৰ মুখত “সংস্কৃতি”, “ৰক্ষা ” শব্দ দুটা শুনি বিভূতিৰ কপাল কোচ খালে। খঙতে ৰঙা-চিঙা পৰি গ’ল বিভূতি। বহুত কষ্ট কৰি নিজকে নিয়ন্ত্ৰন কৰি ৰাখিলে। খঙৰ ভমকতে বিভূতিয়ে ভোৰভোৰালে,

–কিহে তোমালোকে জেঠ মাহত বিহু পতা। তাকো ৰিছিপ্ট ছপাইছা হিন্দীত? পইচাও লাগে নিজৰ দাবী মতে। এইবোৰ আকৌ কি কথা?

ল’ৰা দুজনে সুৰ সলাই ক’লে,
–ঠিক আছে। সোনকালে ২০০ টকা মিলাই দিয়ক। আৰু পিছফালে গাড়ী আহি আছে। জেঠ মাহ মানে আমাৰ বিহু শাওন মাহৰ প্ৰথম সপ্তাহলৈ চলিব। কেতিয়াবা বিহু পাতি পাইছে?  অন চিজনত চিংগাৰ, চাউণ্ডছেট ,টেণ্টহাউচ সকলোৰে ৰেট বেছি। এতিয়া অফ চিজনত সেইবোৰ আধা দামতে হৈ যাব। আৰু আপুনিহে অসমীয়া বুজি পায়, হাইৱেত চলা সেই অসমৰ বাহিৰৰ ট্ৰাক ড্ৰাইভাৰবোৰেটো আমাৰ এই চুইট লেংগুৱেজটো বুজি নাপায়। সিহঁতে কি চাই পইচা দিব?

বিভূতিয়ে হাঁহিব নে কান্দিব। আৰু এখন ১০০ টকীয়া উলিয়াই দি কলে,
–এইয়া ২০০ টকা, মোক ৰিচিপ্ট এখন দিয়া। ”

এজনে কাৰ্য্যলয়ত কেণ্ডেল লগাই কেৰম খেলি থকা ল’ৰা কেইজনক চিঞৰিলে,
–ঐ, এচামীজ প্ৰিণ্ট থকা আমাৰ খুচুৰা কালেকচনৰ বহীখন লৈ আহ “|

“দুদিনীয়া কাৰ্যসূচীৰে অহা জেঠ মাহৰ ১০-১১ তাৰিখে ৰংমন ক্লাবৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ব’হাগী উত্সৱৰ বৰঙণি হিচাপে AS-01-5643 ৰ পৰা ১০০ টকা বৰঙণি সাদৰৰে গ্ৰহণ কৰা হ’ল।

দুশ টকা নগদ লৈ ৰিচিপ্টখনত এশ টকা লিখোতেই বিভূতিয়ে বুজিলে সিহঁতৰ মইমতালিৰ কথা। সোধোঁ-নোসোধোঁকৈ বিভূতিয়ে সুধিয়ে দিলে,
—মোৰ যদি ভুল হোৱা নাই, তোমাক মই যোৱা ২০-২৫ দিন মান আগতে মিলন নগৰ বিহুৰ কালেকচনত দেখিছোঁ। মই ১০০ টকা দিছোঁ। মোৰ স্পষ্ট মনত আছে।
–অ দেখিব পাৰে। একো ডাঙৰ কথা নহয়। মোৰ ইয়াতেই ঘৰ। সেইখন বিহুটো একুৰেট ব’হাগ মাহতে পাতিছোঁ। বৰ্তমান মই একেলগে তিনিটা “চাইট” চাই আছোঁ। আগষ্ট মাহত শেষৰ  পৰা দুৰ্গা পূজাৰ কাম কৰিম।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments