কথোপকথন-১০ (ধীৰাজ কলিতা)

বিভুতিৰ একমাত্ৰ ছোৱালীৰ বিয়াৰ যো-জা |মদ-ভাং খোৱা,জাত-কুল,ধনী দুখীয়া একোয়েই সমস্যা নাই বিভুতিৰ(আজিকালিৰ দিনত আৰু এইবোৰ কথা কোনোবাই চিন্তা কৰেনে?) |প্ৰথম চৰ্ত হল ল’ৰাটো অকনমান স্মাৰ্ট আৰু সাহসী হব লাগে |বিভুতিৰো বয়স হৈ আহিছে,আগ পিছ বুলিবলৈ এজনীয়ে ছোৱালী |দ্বিতীয় তথা শেষ চৰ্তটো হলবিয়াৰ পিছত লৰাটো যাতে বিভুতিৰ ঘৰতে থাকি সা-সম্পতিৰ তদাৰক কৰাৰ লগতে ব্যৱসায়তো সহায় কৰি দিয়ে |ঘৰত নথাকিলেও ১-২ ঘন্টাৰ দুৰত্বৰ ভিতৰতে থাকিলে সুবিধা হয় |
দূৰ সম্পৰ্কীয় এজনৰ পৰা খবৰ পাই মিহিৰ চৌধাৰীয়ে বন্ধু চাৰিজনক লগত লৈ ডাঙৰ লৰা জনৰ কাৰনে বিয়া সন্দৰ্ভত কথা পাতিবলৈ বিভুতিৰ ঘৰত উপস্থিত |দুয়োপক্ষৰ বিভিন্ন ধৰনৰ কথা-বতৰা চলিল |
বিভুতি–“লৰাই কি কৰে ?পঢ়া শুনা একা ?”
মিহিৰ–“সি অসমীয়াত এম.এ |চাইদ বিজনেছ হিচাপে ঘৰৰ পুখুৰী দুটা,ধানৰ মিল এটা ,আৰু বতৰ চাই ইটাৰ ভাটা ও দিয়ে ”
বিভুতি–“চাইদ বিজনেচ মানে, কিবা অন্য চাকৰি ও আছে নেকি ?”
মিহিৰ–“কিয় তাক চিনি নাপায় নেকি ?সি অমুক বোলা ছাত্ৰ সংগঠনটোৰ মহকুমা সম্পাদক অকৌ ”
বিভুতি–“ও, আই চি ”
ছোৱালীৰ দেউতকে ব্যৱসায় কৰে বুলি কৈছে |কিন্তু সকলোৰে আগত কিহৰ ব্যৱসায়,কিকথা,কেনেক্কুৱা চলে ইত্যাদি ইমানকৈ সুধিব মিহিৰে ইচ্ছা নকৰিলে |চিনাকিৰপৰা খবৰ লৈ গম পাই, হবলগীয়া বিয়ৈৰ হেনো “থানা”,”পঞ্চায়ত” ৰ ব্যৱসায় আছে |ব্যৱসায়ৰ কথা একো আলু-তালু নাপায় ছোৱালীৰ দেউতাকৰ ঘনিষ্ঠ এজনক বিৱৰিসুধিলে |তেও কলে “হয় “থানা”ৰ ব্যৱসায় |যোৱাবাৰ পঞ্চায়তত হেনো সিমান লাভ নাইহোৱা |আচলতে তেও সমষ্টিটোৰ প্ৰায় কেইখন “থানা” আৰি”পঞ্চায়ত” “লিজ”ত লয় |পইচা থকা মানুহ,টেনশ্বন নাই |বাকী গোটেই বছৰ তেও চলায় |ব্যৱসায়ৰ কথাটোজানেই |কোনোবা বছৰ খুব ভাল,কোনোবা বছৰ আকৌ একেবাৰে মন্দা |আপোনাৰ লৰাওশুনিছো আমাৰ এই হাজৰিকাৰ লৰাটোৰ দৰেই কিবা মহকুমা সম্পাদক হেনো ?ভালেইহব,বিয়াৰ আগতে আদব কায়দা অলপ শিকক,ওপৰৰ মানুহ খিনিৰ লগত চা- চিনাকি হৈ লওক |শহুৰ-জোৱায়ে একেবাৰে সমষ্টি ধুই পেলাব পাৰিব” |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments