কথোপকথন-১৪ (ধীৰাজ কলিতা)

বিভূতিৰ ঘৰত অনবৰতে মানুহৰ ভিৰ থাকেই। বতৰ-অবতৰ বুলি কোনো কথা নাই। ওচৰৰ ৩৫-৪০ খন গাঁওৰপাৰিবাৰিক সমস্যাৰ পৰা আদি কৰি চোৰ ডকাইতৰ সমস্যা সকলোৰে সমাধান দিয়ে তেওঁ। সেই বৃহৎ অঞ্চলৰ প্ৰভাৱশালী লোক বিভূতি। গাঁওৰেধুৰন্ধৰ কেইজনমানে দিয়া বিভূতি বেজ নামটো কম দিনৰ ভিতৰতেই জনপ্ৰিয় হৈ গৈছে। আইন আদালতে সমাধান কৰিব নোৱাৰা বহু কেছ ও কেতিয়াবা বিভূতিলৈ ৰেফাৰ কৰা দেখা যায়। পলাশবাৰী অঞ্চলৰ বিখ্যাত বেজ সোণাৰাম ওজাৰ একমাত্ৰ লৰাজনৰ কাৰনে ধৰ্মপ্ৰাণ পৰিয়ালৰ পৰা বোৱাৰী এজনী অনাৰ কথা মনতে ভাৱি থৈছে সোণাৰাম বেজে। ল’ৰাজনো পূজা পাতল,নাম ধৰ্মৰ পৰিবেশতে সৰুৰ পৰা ডাঙৰ হৈছে। কাৰোবাৰ মুখত খবৰ শুনিলে,অমুক গাঁওখনত হেনো বিভূতি বেজৰ ছোৱালী জনীৰ বিয়াৰ বয়স হৈছে। শুভ কামত পলম কিহৰ। পিছদিনাইবান্ধৈৰ সতে বিচাৰিবিচাৰিবিভূতি বেজৰ ঘৰ পালেহি। পদূলিৰ পৰাই ঘৰৰ পৰিবেশ দেখি আচৰিত লাগিলে সোণাৰামৰ। বান্ধৈক কলে ,”মইও বেজ,এওঁলোক ও বেজ। মোৰ ল’ৰালে এই গৃহস্থৰ ছোৱালী বিয়া দিলেহে দিয়া”। লাহে লাহেচোতাললৈ সোমাই গ’ল। বাৰাণ্ডাত দুজনমান মানুহ। খবৰ লৈ গম পালে বিভূতি ভিতৰত কথা পতাত ব্যস্ত। বাকী দুজনৰ লগত এনেয়ে কথা বতৰা পাতি থাকোঁতে সুযোগ বুজি সোণাৰামে সুধিলে–বিভূতি ডাঙৰীয়া কি ৰোগৰ বেজ ?–এজনে মুখ টিপিহাঁহিব ধৰিলে। বাঁওহাতৰ তৰ্জনী আঙুলিটো বন্ধ ওঁঠৰ সন্মুখত ৰাখি ইংগিত দি ফুচফুচাই কলে য়ে “বেজ বুলি কলে বেয়া পায় তেও”সোণাৰামে কলে,এইটো আকৌ কি কথা। কামৰ সৰু বৰ নাই। এইবোৰ আমৰ পূৰ্বপুৰুষে দি থৈ যোৱা বস্তু। আমিটো চুৰ ডকাইত কৰা নাই। বেজ বুলি ক’বলৈ কিহৰ লাজ। মানুহজনে কৈছে–ডাঙৰীয়া,লাহে লাহে। শুনা পাব ,তেও বেজ বুলি আপোনাক কোনে কলে ?গাঁওৰউদণ্ডবোৰে তেওঁ নুশুনাকৈ বেজ নাম দিছে। এওঁ বেজ নহয় নহয়। –তেতিয়াহ’লে “বিভূতি বেজ” বুলি এই গাঁওত বেলেগ কোনোবা আছে নেকি ?–নাই নাই। এই প্ৰকাণ্ড অঞ্চলত বিভূতি নামৰ এজনেই মানুহ। এওঁ থানাৰ ব্যৱসায়হে কৰে। –কি?কিহৰ ব্যৱসায় ?–মানে,আমাৰ এই অঞ্চলৰ তিনিওখন থানা এওঁ ডাকত লয়। যোৱা ১৫ বছৰে এওঁৰ ওপৰেদি কোনেও ডাকত ল’ব পৰা নাই। তাৰ বাবদ চৰকাৰক প্ৰতিবছৰে এটা ফিক্স পইচা দিয়ে,বাকী লাভ লোকচান তেওঁৰ। থানাত অকল নামটো লিখাবলৈহে যায়,তাৰ পিছত যাৰ বিৰুদ্ধে এজাহাৰ দিছে তেৱোঁ আৰু এজাহাৰ দিয়াজনকো এওঁৰ ঘৰলৈ পঠিয়াই দিয়ে। এওঁৰ ঘৰৰ ড্ৰয়িং ৰুমত সকলো কেছৰে ভঙা-চিঙা হয়। গাঁওৰহে কাজিয়া,আলোচনাৰ ভিত্তিত বুজা বুজি কৰি দিয়ে আৰু। হে হেহে|সোণাৰামৰ চকু কপালত উঠিল। মজিয়াত লাগি থকা ধুতিৰ আচলটো টান মাৰি আনি কঁকালতগুজি লৈ ……’বোলা বান্ধৈ,আমি ভুল ঠাইত সোমালোঁ “|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments