কথোপকথন-৮ (ধীৰাজ কলিতা)

কথোপকথন-৮
-(ধীৰাজ কলিতা)

গাঁৱৰ নামঘৰত লক্ষ্মী পূ্জাৰ আয়োজন | ৰভা-মণ্ডপ সাজিব লাগে | পূজালৈ মাথো ৩ দিন | গাঁৱৰ যুৱক বৃন্দই লগ হৈ ঘৰে ঘৰে এডাল এডাল বাঁহ গোটাইছে | ৰাতিপুৱা ১০ মান বজাত ৰভা দিবলৈ সকলো হাজিৰ | অক্টোবৰ মাহ | ৰাতিপুৱাৰ ৰ’দ খিনিৰ বৰ মিঠা আমেজ | মুখিয়াল, বয়োজ্যষ্ঠ, গাঁৱৰ সভাপতি-সম্পাদকে নামঘৰৰ মজিয়াতে থৈলা পাৰি ৰ’দ পুৱাই তাছ-পাত খেলাত ব্যস্ত | বিভুতি পূজা কমিটিৰ সম্পাদক | গাত তৰণি নাই তাৰ | লগৰ বোৰে ৰভাৰ কাম আৰম্ভ কৰি দিলেই | সি মাজে মাজে কামত সহায় কৰি দিছে, প্ৰতিমাৰ বন্দোবস্ত, ৰভা দিওঁতা সকলৰ বাবে ৰঙা চাহ-খুৰ্মাৰ যোগাৰ ইত্যাদিত ব্যস্ত | ইতিমধ্যে জোখ-মাখ লৈ গাঁত খান্দিব আৰম্ভ কৰিলে | এনেতে তাচ খেলৰ পৰা উঠি আহি জয়চন্দ্ৰ দাইটিয়ে মাত লগালে –
– “হেৰৌ, তহঁতৰ আইডিয়া বোলা বস্তুটো একেবাৰে নাই | ইয়াতে যে ৰভাৰ খুটা পুতিলি, চাইকেল-বাইক কেনি সোমাব ?”
বিভুতিয়ে জনালে – “দাইটি, সেইটো বাট ইচ্ছা কৰিয়ে মাৰি দিলো | প্ৰতিবাৰে চাইকেল-বাইকৰ ভিৰ হয় তাত | এনেয়ে সৰু ঠাই, মানুহ থিয় দিবলৈ ঠাই নাই | আৰু ষ্টেণ্ড কৰা বাইকত ভেজা দি হাতত বিয়েৰৰ বটল-চিগাৰেট লৈ সেই সোপাৰ আড্ডা | গাঁৱৰ সকলো বয়সৰ মানুহ থাকে লগতে বেলেগ গাৱঁৰ মানুহ আহে, দেখিবলৈ বৰ বেয়া দেখি | সেইবাবে এইবাৰ ভাবিছো ৰাস্তাটোৰ সেইপাৰে থকা খালী ঠাই খিনি অলপ কোৰেৰে ছাফা কৰি পোষ্টাৰ এখন লগাই দিম, তাতেই চাইকেল, বাইক ৰাখিব |”
জয়চন্দ্ৰ দাইটিয়ে কথাষাৰৰ প্ৰয়োজনীয়তা বিচাৰ নকৰি একেষাৰে না কৰিলে – “নাই নাই | ইমান দিনে যেনেকে আছে তেনেকেই কৰ | অত বছৰে পূজা নোহোৱাকৈয়ে আছে নে ? নে পূজা থলীত মানুহৰ হেঁচা-ঠেলাত কাৰোবাৰ মৃত্যু হৈছে ?”
বিভুতিয়ে লাহেকৈ ক’লে – “দাইটি ,ইহঁতে খুটা পুতিয়েই দিলে নহয় |”
জয়চন্দ্ৰ দাইটিয়ে ক’লে – “দমকলৰ পাইপ পোতা নাই নহয় | দুটা খুটা উঠাওতে কিমান নো সময় ?”
লগৰ বোৰৰো কপাল কোঁচ খালে | এটা কামকে দুবাৰ দুবাৰ কৰিব লগা হৈছে | বিভুতিয়ে একেবাৰে দাঁত কামুৰি খঙতে ক’লে – “ঠিক আছে |” আকৌ সিহঁতে দুয়োটা খুটা উঠাই নতুন কৈ গাঁত খান্দি পুতিলে |
চাধাপালি হাতত লৈ ধৰ্মেশ্বৰ আতৈ আৰু বিপিন জেঠাই গোঁসাইঘৰৰ পদূলি পালেহি | লেহেমীয়া ভঙ্গীৰে তেওঁ কৈ গল “তহঁতক কলেও পাবি বেয়া | এই মস্ত ভলুকা বাঁহৰ খুটাটোৰ কাৰনে এইখিনি দ গাঁতেৰে হয়নে বাৰু ? বাঁহৰ তলৰ গাঁঠিটো কাটিব নালগে, তেতিয়াহে খুটাতো জব্দ হয়, যিমান বতাহ আহিলেও উভালিব নোৱাৰে |
বিভুতিয়ে মুখৰ ভিতৰতে ভোৰভোৰালে -“হুহ | আমি যেনিবা ৰভা দিহে পোৱা নাই | আৰু এইখনটো স্থায়ী ৰভা নহয় | এক হাতত্কৈ বেছিকৈ খান্দিছে প্ৰতিটো গাঁত | আৰু কিমান্নো লাগে | কাম নাই আৰু মানুহবোৰৰ, গৈ তাত তিন পাট্টি খেলি থাকিলেই হয় |”
এনেতে দুজন মানে গৰ্জি উঠি ধৰ্মেশ্বৰ আতৈয়ে শুনা শুনা কৈ ক’লে – “আমি আৰু ইয়াতকৈ জব্দ কৰি ৰভা দিব নোৱাৰো | কোনোবাই পাৰে যদি তেওঁলোকক দিব কওক | আমি গৈ থাকো” | এই বুলি চাইকেল লৈ যাব লওঁতেই বিভুতিয়ে বুজালে “ৰ চোন, খং নকৰিবি |”
গাওঁবুঢা বিপিন জেঠায়ে পৰিবেশটো অলপ মান শান্ত কৰিব চেষ্টা কৰি বিভুতিক আঁতৰলৈ মাতি নি বুজালে “চা বিভুতি, সমাজৰ কাম কৰিলে এনেকুৱাই হয় | হাজাৰজন মানুহৰ হাজাৰটা কথা | মই বুজিছো তহতৰ খং কিয় উঠিছে | এতিয়া সকলোৰে পচন্দৰ মতেটো কাম কৰিব নোৱাৰি | কোনোবাই ভাল পালে কোনোবাই বেয়া পাবই | আৰু গাৱঁৰ এই কেইজন মানুহক তহঁতে সৰুৰ পৰাই জানই দেখোন | কামত সহায়ত কাম কৰাৰ নাম নাই, অকল আনে কৰি উঠাৰ পিছত ভুল হে দেখে | গতিকে যিয়ে যি কয় কৈ থাকিব দে, তহঁতে অকল মুৰ দুপিয়াই হয় হুজুৰ কৰি থাকিবি | কাম তহঁতে নিজৰ আইডিয়াত কৰ | গাৱঁত তহঁতেই ৰাস, পূজা, বহাগ বিহুৰ ৰভা দিছ আৰু এইখন অকণমানি ৰভা দিব নোৱাৰিবি নে ?”
বিভুতিয়ে এইবাৰ কাৰো কথাত ভ্ৰুক্ষেপ নকৰি লগৰ কেইজনৰ সতে কামত লাগিল | কোনোবাই গাঁত খান্দিছে, কোনোবাই খুটা কাটিছে | দুজনে মানে মণ্ডপৰ কামত লাগিছে | সৰু সৰু কামীৰে ডিজাইনৰ বেৰ বনাব |
অলপ মান পিছতেই গাঁওবুঢ়া বিপিন জেঠায়ে ভুলতে কৈ দিলে -“আৰে বিভুতি, মণ্ডপটো একেবাৰে সোঁমাজত হলে বৰ আচহুৱা লাগিব |ৰস্তাৰ ফালে ২ হাত মান আগুৱাই দিলে দুৰৰ পৰাই দেখা হব মণ্ডপটো |”
বিভুতিহঁতে ইজনে সিজনৰ মুখৰ ফালে চাই হাঁহিব ধৰিলে | বিভুতিয়ে লগৰ বোৰক হাঁহি হাঁহিয়েই কলে -“কি কৰিবি ভাইহঁত উপায় নাই | মানুহৰ স্বভাৱ |হা হা হা হা |”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments