কথোপকথন -১১ (- ধীৰাজ কলিতা)

কথোথন -১১

ধীৰাজ কলিতা

বিভূতি আৰু স্মিতা গুৱাহাটীৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত স্কুল এখনত একেলগে পঢ়িছিল যদিও স্কুলত থকা ছ্য়বছৰত এজনে আনজনৰ লগত কেতিয়াও কথা নাপাতিলে। দুয়োজনৰ শ্ৰেনী কোঠা আছিল বেলেগ বেলেগ। স্কুলৰ বিভিন্ন অনুষ্ঠানত স্মিতাই সৰুৰে পৰা ঘোষিকা আছিল, গতিকে সকলোৰে চিনাকি মুখ স্মিতা। ধুনীয়া আৰু অত্যন্ত স্মাৰ্ট স্মিতাৰ নামটোৰ বাহিৰে বিভূতিয়ে একো নাজানে(জনাৰ প্ৰয়োজনো অনুভৱ কৰা নাছিল)। টিফিনৰ ৩০মিনিটত কেতিয়াবা কেন্টিনৰ সন্মুখত দেখা পায় তাইক, পিছে অন্য বন্ধু-বান্ধৱীৰ সৈতে ইংৰাজীতে কথা পাতি থাকে। ইংৰাজীৰ বাহিৰে অন্যভাষাত কথা পতা শুনিলে ক্লাচ কেপ্তেইনে শিক্ষকক খবৰ দিয়ে আৰু সেইমতে শাস্তি খাব লগা হয়। সেয়ে সকলোৱে স্কুলত থকা সময়খিনিত ইংৰাজীতে কথা পাতে।
সময় বাগৰিল। হায়াৰ চেকেণ্ডাৰী পাছ কৰিলে। বিভূতিয়ে স্কলাৰশ্বিপ পাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন কলেজত মেডিকেল পঢিব গ’ল। ৪-৫বছৰ কোনো খা-খবৰেই নাই, ক’ত বিভূতি, ক’ত স্মিতা।হঠাত্‍ এদিন কাৰোবাৰ ফ্ৰেণ্ড লিষ্টত ‘স্মিতা ফুকন’ নামটো দেখি বিভূতিৰ স্মিতালৈ মনত পৰিল, ফটো দুখন মান চাই সি নিশ্চিত হল যে তাৰ ক্লাচমেট জনীয়ে হয়। ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে বিভূতিয়ে আৰু স্মিতাইও গ্ৰহণ কৰিলে।
বহুদিন পিছত এদিন অনলাইন পাই বিভূতিয়ে “হাই” বুলি দিলে। স্মিতাইও উত্তৰ দিলে। স্মিতাই বিভূতিক চিনি পোৱা নাই। বিভূতিয়ে তাৰ চিনাকি দিবলৈ বহুত বেলেগ বেলেগ ধৰণে পৰিচয় দিলে। “ক্লাছ নাইনত এবাৰ যে মোক স্কুললৈ আহোতে চাইকেলে খুন্দিয়াইছিল, সেই খেলিমেলিতে যে আমাৰ প্ৰথম ক্লাছটো হোৱা নাছিল/এবাৰ বোৰ্ডত বেয়া কথা লিখা কাৰনে চব শ্ৰেনীতে গৈ মোক ছ’ৰি ক’ব দিছিল/তোমালোকৰ ছেকচনৰ যে শকত ছোৱালীজনী প্ৰিয়ংকা-তাইৰ লগততো মইয়েই টবলা বজাইছিলো……………..ইত্যাদি” নাই স্মিতাৰ মনতে নপৰিল।
–“ছ’ৰি হা ,মই তোমাক একেবাৰে ৰিকল কৰিব পৰা নাই”
এনেকে ক’ত থকা, কি কৰিছা ইত্যাদি কথাৰে প্ৰথম ২০মিনিট মান ইংৰাজীতে দুয়োজনে কথা পাতিলে। বিভূতি আমেৰিকাত থকা কথা গম পাই তাই ক’লে-
–“জানা, মোৰ বা-ভিনদেউও থাকে আমেৰিকাত। লাষ্ট পূজাত আহোতে ইমান বোৰিং কৰিছে মোক। মেক্সিমাম কথাই সিহঁতক ট্ৰেন্সলেট কৰি দিব লগা হৈছে। ২বছৰৰ বেছি হ’ল। তাত এচামীজ কোৱা মানুহ নাই যে, চো একেবাৰে টাটচ নাই। মোৰ “বা” পিছে সৰুৰে পৰাই এচামীজত উইক। বিভূতিয়ে ভয় খাই গ’ল। সিও যদি অসমীয়া পাহৰি যায়? ঘৰত অকল মাক দেউতাক। কোনে তাক ট্ৰেন্সলেট কৰি দিব? বিভূতিয়ে কি ক’ব কি নক’ব ভাবি অৱশেষত কলে-“ও সেয়াই, মোৰো ভয়। কিছুমান শব্দ মইও পাহৰিছো। কিন্তু ট্ৰেন্সলেট কৰি দিব লগা হোৱা নাই বাৰু, ঘৰত ফোন কৰিলেতো মই সলসলীয়াকেই অসমীয়া কৈ আছো”।
বিভূতিয়ে কথা সলাই অলপ ধেমালি কৰি কলে-“তুমি ফুকন লিখা বুলি সিদিনাহে গম পালো। লাচিত বৰফুকন তোমালোকৰ ফেমিলিৰে নেকি 😛 ”
স্মিতাই লিখিলে-“???”
বিভূতিয়ে বানানটো কিবা ভুল হোৱা বুলি আকৌ লিখিলে,–“লাচিত বৰফুকন”
স্মিতা,–“হু??”
বিভূতিয়ে গম পালে যে তাই লাচিত বৰফুকনক ৰিকল কৰিব নাই পৰা। সি লিখিলে, “তুমি অসমীয়া কোৱা আজি প্ৰথম শুনিলো :-P”
স্মিতা-“লিখিব নাজানো বাট অলমোষ্ট ফ্লুৱেন্টলি কৈ দিব পাৰো ”
বিভূতি-“ক’বলৈ কেনেকে শিকিলা?”
স্মিতা-“আৰে বাবা, মোৰ মা-পাপা অৰজিন আচামৰ হয়, আচামতে চাকৰি কৰে। আই হেভ লটচ অফ আচামী ফ্ৰেণ্ড, ইভেন আমাৰ নেইবাৰ বহুত আচামী ফেমিলি আছে।”
বিভূতি-“:-P ”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments