কনট্ৰেকচুৱেল — ৰূপম ৰিদিপ

চৰকাৰী চাকৰিৰ নটিফিকেশ্যনৰ লিংকেৰে গিজগিজাই থকা ৱেবচাইটটো ডেস্কটপ কম্পিউটাৰটোত খুলি এফালৰ পৰা চকু ফুৰাই যায় সি। ওচৰতে বহি ৰয় দেউতাকজন। অইন কাৰণ নাই; একমাত্ৰ পুতেকৰ কাষত সাহস হৈ থিয় দিবলৈহে মানুহজনে তাত থিয় হৈ থাকে। দুই-তিনিটা দিনৰ মূৰে মূৰে তাক মাতি কি কি চাকৰি ওলাইছে চাবলৈ কয়। বজাৰখনত চাকৰিৰ দাম যে বহুত, কথাটো দুয়োজনেই জানে। তথাপিও, ব্যৰ্থজনৰো আশাৰ জানো শেষ আছে! এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলিলে নোটবুক এখনত লিখি লয়। তাৰপাছত এটা এটাকৈ এপ্লাই কৰি যায় সময়ে সময়ে। কলিং অহা-নহা, পৰীক্ষাৰ ৰিজাল্ট পোৱা-নোপোৱাবোৰকে লৈ আগুৱাই যায় সি; পিছে পিছে দেউতাকজনো।

এই চাকৰি এপ্লাই কৰা কাৰবাৰটোত দুয়োৰে মনোমালিন্য বিশেষ নহয়, এটা কথাৰ বাদে। দেউতাকজনে এলিজিবল হোৱা আটাইবোৰ পোষ্টত এপ্লাই কৰিবলৈ কয়। পিছে সি কনট্ৰেকচুৱেল পোষ্টকেইটাত এপ্লাই নকৰে। তাৰ মতে যিটো চাকৰিৰ নিশ্চয়তা নাই, তেনে এটা চাকৰিৰ অতি সামান্য দৰমহাকেইটাৰ ওপৰত নিজৰ জীৱন-যাপনৰ দায়িত্ব কেনেকৈ অৰ্পণ কৰে! তাতোকৈ ভালদৰে পঢ়ি স্থায়ী চাকৰি এটা পোৱালৈ সি অপেক্ষা কৰিব। বয়স আছে আৰু লগতে ধৈৰ্য্যৰ পাত্ৰটো এতিয়াও খালী হৈ যোৱা নাই যেতিয়া এপ্লাই কৰি যাব। ভাগৰ লাগিলে গভীৰ নিশ্বাস এটা এৰি দীঘলকৈ উশাহটো টানি ল’লে যেনেকৈ ভাগৰটো ক্ষণিকৰ বাবে হ’লেও কমে, শক্তি পাই; ঠিক তেনেকৈয়ে শক্তি গোটাই দুয়োজনে চেষ্টা চলাই যায়।

দুটা বছৰ পাৰ হয়। আজিকালি সি পাৰমানেন্ট অথবা কনট্ৰেকচুৱেল চাকৰি কোনোটোতে এপ্লাই কৰিবলৈ এৰিলে। কম্পিউটাৰটো ডাঙৰ বিচনা চাদৰ এখনেৰে ঢাকি থোৱা থাকে। ঢাকি থোৱা স্বত্তেও কী-বোৰ্ডখনৰ ফাঁকে ফাঁকে ধূলি জমা হৈছে। এলাগী এতিয়া এইবোৰ।

“ভকত কেইগৰাকী আহি পালেহি। আহক বাহিৰলৈ।” মাকগৰাকীৰ মাতত পিছলৈ চাই “গৈ আছোঁ” এনেধৰণৰ ইংগিত এটাৰে ডিঙিটো বেঁকা কৰে দেউতাকজনে।

চকুৰ কোণ দুটাত জমা হোৱা লুণীয়া পানীখিনি ডিঙিত লোৱা গামোচাখনেৰে মোহাৰি বহি থকা চকীখনৰ পৰা উঠি আহে। পাৰমানেন্ট চৰকাৰী চাকৰি কৰিবলৈ ৰৈ থকা কোনোবাজনে যে কনট্ৰেকচুৱেল জীৱন এটাহে ভগৱানৰ পৰা খুজি আনে, কোনে জানে! এৰা, কোনেনো জানে!

                              ***
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments