কনভয় (মূলঃ সুকান্ত ভট্টাচাৰ্য্য; অনুবাদ: জয় চক্ৰৱৰ্ত্তী)

হঠাৎ ধূলি উৰুৱাই গুছি গ’ল…
যুদ্ধোত্তৰ এটি কনভয়,
খঙাল উন্মত্তৰ এটি দল
ৰাজপথ সন্ত্ৰাসিত কৰি
আগে আগে বৰহিলৈ
পিছে পিছে খাদ্য আৰু ৰচদ সম্ভাৰ।

ইতিহাসৰ ছাত্ৰ মই,
খিৰিকিৰ পৰা চকু আঁতৰাই
লুটিয়ালো ইতিহাসৰ পাত,
তাতেও সেই একেই উন্মত্ত এক কনভয়ে…
খেদি আহে, যুগযুগান্তৰৰ ৰাজপথেৰে।
আগে আগে ধোৱা আৰু উদগীণ বৰহিলৈ,
পিছে পিছে খাদ্যশস্য সাবটি ধৰা জনতা…
বৰহিলৈৰ ধোঁৱাৰ আঁৰে আঁৰে দেখিলোঁ, মানুহ…
আৰু দেখিলোঁ খাদ্যশস্যৰ প্ৰতি মানুহৰ পুৰুষানুক্ৰম মমতা।
বহু যুগ, বহু অৰণ্য, পাহাৰ, সামুদ্ৰ পাৰহৈ
সিহঁত আগুৱাই আহি আছে;
অৰ্ধদগ্ধ কঠোৰ মুখে।।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক