কন্টকৰাম – ছৈয়দ হান্নান আহমেদ

“কাকো নক’বি,তোকহে কৈছো” বুলি কিমানকযে ক’লে তাৰ হিচাপ কন্টকৰামে ৰখা নাই৷ৰখাৰ দৰকাৰো নাই৷যেতিয়াই সি কিবা গোপন কথা গম পায় কিয় জানো গাঁওখনৰ সকলোৰে প্ৰতি বিশ্বাসী বিশ্বাসী ভাৱ এটি আহি যায়৷আৰু কন্টকৰামে “কাকো নক’বি,কাকো নক’বি” বুলি সকলোকে কৈ যায়৷
কন্টকৰামৰ চাইকেলৰ বে’ল নাই৷তথাপিও পেডেলৰ কেৰেক কেৰেক মাতেৰেই চলি যায়৷সি বাটেৰে গ’লে গাৱঁৰ জীয়ৰী-বোৱাৰীয়েও গম পায়৷কন্টকৰামৰ বহু দ্বায়িত্ব৷ছোৱালী থকা ঘৰৰ সমুখত বাইক,গাড়ী দেখা পালে কন্টকৰামৰ দ্বায়িত্ব আৰু বাঢ়ি যায়৷ক’ৰ মানুহ কিয় আহিছে-খবৰ লৈহে এৰিব৷
ৰমলাৰ ঘৰৰ সমুখত সিদিনা ৰঙা মাৰুতি এখন দেখা পালে৷কাণ উনাই গম পালে মানুহ গুৱাহাটীৰ৷তাৰমানে ৰমলাৰ কপাল ফুলিল৷একে কোবে গুৱাহাটী৷ল’ৰা চাগে ধনী ঘৰৰে৷হওক দে৷গাঁৱৰ ছোৱালী এজনী কাট গ’লে যোৱা৷খবৰটো সি কাক প্ৰথমে দিব?নাই এইবোৰ কথা কাকো নকৈ গুপুতে ৰখাই ভাল৷
কন্টকৰামে সদায় গধূলি কেৰেক কেৰেক কৰি ওলাই যায়৷হয় তিনিআলি নহয় চাৰিআলি৷আহোঁতে কংগ্ৰেছ, বিজেপি যাৰ যি খবৰ পায় ওঁঠত লৈ আহে৷আহি থাকোঁতে আধা পাহৰে৷মনত থকাখিনিতো বহু যোগ-বিয়োগ চলে৷য’তে মানুহৰ জুম দেখে পেডেলত জোৰ কমাই দিয়ে আৰু খবৰবোৰ দি যায় ৷কেতিয়াবা প্লাছ কৰি কেতিয়াবা মাইনাছ কৰি৷
ওচৰে পাজৰে ক’ৰবাত এক্সিডেণ্ট হোৱা শুনিলে কাৰোবাৰ পৰা সবিশেষ খবৰ লয়৷আৰু গাৱঁত আহি কয়” মই নিজ চক্কুৰে দেখি আহিছো৷একদম ইস্পট ডেদ”৷সেই ’ ইস্পট ডেদ’ক আকৌ দুদিন পিছত বাইকত দেখা যায়৷
চাধাৰ পেকেট পকেটত আনিব পাহৰা জনে চাধা খোৱা মানুহক লগ পালে মনটো উজলি উঠে৷আপোন আপোন ভাৱ এটি জাগি উঠে৷ঘৰত নিজৰ মানুহজনীয়ে খোৱা গিলাচটোত পানী খাব লাগিলে দহবাৰ ধোৱাজনেও কিন্তু আনৰ বাওহাতেৰে মিহি মিহিকৈ পিহা চাধাখিনি ওঁঠত গুজি ল’বলৈ সংকোচ নকৰে৷বৰং অমৃত অমৃতহে অনুভৱ কৰে৷কন্টকৰামৰো চাধা খোৱা আপোন এজন হ’ল কমল৷সি এনেয়েও যদি হাতখন পিহি থাকে কন্টকৰামে খবৰ সোধাৰ চলেৰে ওচৰ পায়গৈ৷সেই কমলক ৰমলাৰ বিয়াৰ কথাষাৰ নক’লে যেন কন্টকৰামক পাপে চুব৷চাধাখিনি ওঁঠৰ ভাজত বিশেষ কায়দাত লৈ হাতখন জোকাৰি কন্টকৰামে ক’লে-“বিয়া খাব পাবিদে৷”
“কি ক তই?কেতিয়া বিয়া পাতিবি?”
“ধেই মোৰ নহয় অ’৷ৰমলা,ৰমলাৰ বিয়া৷ল’ৰা চহৰৰ৷ধনী ঘৰৰ৷দিন-বাৰ চাগে ঠিকে হ’ল৷পিছে ছোৱালী মানুহৰ কথা৷মই কথাষাৰ গোপনে ৰাখিছো৷তয়ো ৰাখিবি৷’এনেকৈ আৰু বহুকেইজনক কথাষাৰ গোপনে ৰাখিবলৈ তাগিদা কৰিলে৷
কন্টকৰামৰ পইচাৰ লেনদেন বহুতৰ লগত৷কাৰোবাক যদি পাঁচশ,কাৰোবাক দুশ,কাৰোবাক আকৌ তিনিশ দিব আছে৷পইচা বিচাৰি আহিলে কেতিয়াবা কয়
“ভাই ইমান অধৈৰ্য হৱ কিয়? তোৰ পাঁচশ টকা লৈ মই ৰাজা হ’ম নেকি?”
কোনোবাজনক আকৌ কয়-“তয়ো যে আৰু!এশ দুশ টকাৰ কাৰণে ইমান আহি থাকা৷”
যেন তাৰ পৰাহে ধাৰ বিচাৰি আহিছে৷
জিতেনৰ পৰা ধাৰ লোৱা দুবছৰ হ’ল৷জিতেনে বিচাৰিও আহিছে বহুদিন৷সদায় বাহানা কৰে৷আজি সি ৰুদ্ৰমূৰ্তি ধৰি আহিছে৷বাটত চিঞৰি আছে আহি
” আজি হয় পইচা নিম,নহ’লে হাত এখন কাটি দিম৷মুঠতে সুদাহাতে নাযাওঁ”৷
কথা বিষম দেখি কন্টকৰাম বাৰীৰ পাছফালে ক’তযে গৈ লুকাল কোনেও ধৰিবই নোৱাৰিলে৷
জিতেনে আজি ৰমলাহঁতৰ পদুলিত চিঞৰি আছে৷তাৰমানে ইহঁতেও ধাৰ লৈ পইচা ঘূৰোৱা নাই নেকি?কন্টকৰামে দূৰৰ পৰা কাণ পাতিলে৷ওচৰলৈ যাব ভয়ো কৰিলে৷
“মোক কথা দি এতিয়া গুৱাহাটিত বিয়া দিব ওলাইছ?গাঁৱৰ সকলোৰে মুখত শুনিছো নহয়৷”
-দপদপাই আছে জিতেনে৷
“তাৰমানে বিয়াৰ দিন ঠিক হ’লেই৷আৰু ইয়াক কোনে খবৰ দিলে?ইয়াৰ লগত যে কিবা আছিল মই দেখো গমে নাপাওঁ৷হায় কন্টকৰাম৷গাঁৱৰ খবৰ এটা পকেটত নাই৷ধিক”-কন্টকৰামে নিজকে ধিক্কাৰ দিলে৷
ৰমলা আৰু সিহঁতৰ ঘৰৰ মানুহে একো ধৰিব পৰা নাই৷বিয়া,গুৱাহাটীৰ মানুহ!কি হৈছে এইবোৰ৷
“বোপা,কিবা ভুল হৈছে তোমাৰ৷বিয়াৰ কথা আমাৰ ঘৰত ওলোৱাই নাই নহয়৷”৷
জিতেনৰ লগত যোৱা বন্ধু এজনে তপৰাই ক’লে
“কন্টকৰামে কৈ ফুৰিছে দেখো,মাৰুতি লৈ হেনো আহি থাকে৷গুৱাহাটিৰ ল’ৰা৷”
“অ’ কটা নিধক কন্টকৰাম৷তোৰ কোনটো পানী খোৱা পুখুৰীত বিহ ঢালিলো৷পেহীয়েকৰ ল’ৰাটোই নতুন গাড়ী লৈ ফুৰিব আহিছিল৷তাতো তই আগ নাজানি পাছ নুবুজি গোলমাল লগালি?-ৰমলাৰ মাকে কন্টকৰামক দূৰৰ পৰা দেখি চোঁচা মাৰি গ’ল৷
জিতেনেও কন্টকৰামক খেদা মাৰি গ’ল “ৰ আজি ক’ত পলাবি৷তোৰ কিডনী এটা কাটি হ’লেও বিক্ৰী কৰিম”৷কন্টকৰামে ভিৰাই লৰ দিলে৷দৌৰি থাকোতে ভাবি ভাবি গ’ল -এই মানুহবোৰৰ কিয় বাৰু পেটত কথা নাথাকে!কাকো নক’বি’ বুলি ইমানকে বুজাই কওঁ তথাপিও বুজি নাপায়৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক