কন্যা সন্তান মানেই বোজা আজিও কিয় ? -(সাৰদা শ্ৰেষ্ঠ)

কন্যা সন্তান মানেই বোজা আজিও কিয় ?

-সাৰদা শ্ৰেষ্ঠ


খৱৰ কাকত আজিকালি পঢ়িবলৈ মন নোযোৱা হৈছে । কাকতত বিয়পি থাকে জুইৰ ফিৰিঙতি । ডাইনী সন্দেহত হত্যা, বলাৎকাৰ, বিস্ফোৰণ, মুদ্ৰাস্ফীতি, বিক্ষোভ….এইবোৰ আজিকালি তেনেই সাধাৰণ কথা যেনেই হৈ পৰিছে । আজি এটা খৱৰে মন চুই গ’ল । খৱৰটো মৰিয়নিৰ এগৰাকী মহিলাৰ । মহিলাগৰাকী আগতেই তিনিজনী ছোৱালীৰ মাক । আকৌ সন্তান সম্ভৱা হোৱা মানুহগৰাকীয়ে এইবাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰসৱ কৰিলে দুজনী যমজ ছোৱালী । সম্ভৱত পুত্ৰ সন্তানৰ আশাতেই তেওঁ পুনৰ গৰ্ভ ধাৰণ কৰিছিল । পূৰ্বেই তিনিজনী কন্যা সন্তানৰ পাছত কোনেও চতুৰ্থবাৰ কন্যা সন্তান নিবিছাৰে, এয়া চিৰন্তন সত্য কথা । চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়তেই তেওঁক গৰাকীয়ে সকিয়াই দিলে, কন্যা সন্তান হ’লে তেওঁ যেন দুনাই ঘৰত নোসোমায় । কি বিড়ম্বনা ! কন্যাইয়েই জন্ম হ’ল তাকো যমজ ! উপাইহীনা প্ৰসূতিয়ে এগৰাকী নিসন্তান দম্পতীৰ হাতত তুলি দিলে নিজৰ কন্যাদ্বয় । কন্যা সন্তান ৰক্ষাৰ বাবে ঢাক ঢোল যিমানেই বজোৱা নহওঁক কিয় কন্যা সন্তান যে আজিও বোজা স্বৰূপ তাকেই খৱৰটোৱে উদঙাই দিছে । আজিৰ যুগত দুটা সন্তানক পোহপাল দিবলৈ অৱস্থা সম্পন্ন মানুহেও দহবাৰ ভাবিব । তেনেস্থলত চতুৰ্থবাৰ সন্তান বিচৰাৰ অৰ্থ কি ? উত্তৰাধীকাৰী হিচাপে আজিও ভাৰতত মানুহখিনিহে কেৱল পুত্ৰসন্তানকেই কামনা কৰে । পুত্ৰসন্তানেহে তেওঁলোকক দিব পাৰিব ভৱিষ্যতৰ নিৰাপত্তা, দিব পাৰিব আত্মাক মুক্তি ! এই ধাৰণাৰ পৰা যেতিয়ালৈকে আমাৰ মানুহবোৰ মুক্ত হব নোৱাৰিব তেতিয়ালৈকে কন্যা সন্তান সদায় এনেকৈয়ে অৱহেলিত হৈ থাকিব । নৱজাতিকা দুগৰাকীৰ কথাই ভাবিছোঁ । সিহঁত যদিহে দয়ালু দম্পত্তীৰ হাতত পৰিছে তেনেহলে সিহঁতৰ জীৱনে হয়তো ভালকৈয়ে পোখা মেলিব । কিন্তু সন্দেহ হয় এইখিনিতেই তেওঁলোকে দুজনীকৈ কন্যা সন্তান নিৰাপত্তা দিবলৈকে হাত পাতি লৈছেনে ? নাৰীৰ প্ৰতি বৰ্বৰ সমাজখনলৈ সন্দেহ হোৱাটো স্বভাৱিক । যদিহে নিৰাপত্তা দিবলৈকে তেওঁলোকে কন্যা সন্তান দুগৰাকী আদৰিছে তেনেহলে মই তেওঁলোকৰ মহানুভৱতাক সন্মান জনাইছোঁ । অন্ততঃ নৱজাতিকা দুগৰাকী কোনো হিংস্ৰ জন্তুৰ আহাৰ হ’ব লগীয়া নহ’ল ।

এই খৱৰটো পঢ়ি যাওঁতে মোৰ চাৰি বছৰৰ আগৰ কথা এটা মনত পৰিল । মোৰ ঘৰৰ কাষৰে এটা পৰিয়ালৰ কাহিনী । মানুহজনী দুজনী ছোৱালীৰ মাক । মানুহজনীৰ ইচ্ছা নাছিল তৃতীয় বাৰ সন্তান জন্ম দিয়াৰ । ঘৰৰ শাহু, বৰজনাৰ ইচ্ছা পুত্ৰ এজন লাগে । সেয়ে মানুহজনী বাধ্য হ’ল আকৌ সন্তান কথা চিন্তা কৰিবলৈ । কথাখিনি মই ইয়াতে শেষ কৰিব পৰা হ’লে ভালেই পালোহেঁতেন কিন্তু কথাবোৰ ভবা মতে সদায় হৈ নুঠে । মানুহজনীক বৰজনাৰ পৰিয়ালে প্ৰায়েই আহি ভয় খুৱাই এইবাৰ ছোৱালী হলে তোক মেটাৰনেটীতে থৈ আহিম । যি সময়ত এগৰাকী নাৰীক অভয়ৰ প্ৰয়োজন, নিৰপত্তাৰ প্ৰয়োজন, স্বাস্থ্যসন্মত আহাৰৰ প্ৰয়োজন, সেই সময়ত এনেধৰণৰ ভাবুকিয়ে নাৰীৰ ওপৰত জন্ম হবলগীয়া সন্তানৰ কি প্ৰভাৱ পৰিব পাৰে তাক এচাম মানুহে বুজিবলৈ অকণো যত্নও নকৰে । এয়া কিমান ভয়ানক কথা ! মানুহজনী দুখে বেজাৰে আমাৰ ঘৰলৈ আহি কান্দে । আমি সান্ত্বনা দিওঁ , একো নহয় বুলি । যিমানে প্ৰসৱৰ সময় ওচৰ চাপি আহিল সিমানে মানুহজনী ভয়, দুচিন্তাত বিহ্বল হ’ল । প্ৰায়েই একেটা কথাই কয় আহি, এইবাৰো যদি ছোৱালী হয় তেনেহেল মোক আহিব নিদিব, কি কৰিম মই ? আমি তেওঁক অভয় দি আকৌ পঠিয়াই দিওঁ । এদিন মই সপোনত দেখিলো – এটা কণমানি ল’ৰা, ৰাস্তাত দৌৰি ফুৰিছে । তাৰ পাছে পাছে এদল মানুহ… মানুহবোৰে তাক তেনেকৈ দৌৰি ফুৰা দেখি হূলস্থুল লগাইছে, “এইটো কাৰ কণমানি ?  এনেকৈ ৰাস্তাত দৌৰি ফুৰিছে কাৰো খৱৰ নাই যে ?” তেনেতে মই দেখিলো, আমাৰ চুবুৰীৰে সেই মানুহজনী আৰু তেওঁৰ গিৰিয়েক এফালৰ পৰা আহি আছে । মই তেওঁলোক দুজনলৈ দেখুৱাই ক’লো মানুহখিনিক – “এই দুজনেই কণমানিৰ মাক-দেউতাক” । মানুহজনীৰ ইতিমধ্যে প্ৰসৱৰ দিন পৰিছিল । মানুহজনী সেইদিনা সন্ধিয়াপৰত আকৌ আহিল । একেই কথা…তাইৰ দুদিন পাছত ডক্তৰে মাতিছে । তাই নাযায়…ভয় জানোচা এইবাৰো ছোৱালীয়েই হয় । অকণমানি ছোৱালী লৈ তাই ক’ত থাকিব ? কলৈ যাব তাই ? মই এইবাৰ তাইক প্ৰবোধ দি কলো, তুমি নিৰ্ভয়ে যোৱা । তোমাৰ ল’ৰায়েই হ’ব । মই তাইক মোৰ সপোনটোৰ কথা ক’লো । মানুহজনীয়ে মনত সাহস পালে । দুদিন পাছত মানুহজনীয়ে সঁচাকৈয়ে মেটাৰনিটীত ল’ৰা সন্তানেই প্ৰসৱ কৰিলে ! সুখৰ কথা যোৱা বছৰৰ পৰা কণমানিটো তাৰ বায়েক দুজনীৰে সৈতে স্কুললৈ যাব পৰা হৈছে ।
আজিও মই ভাবোঁ….কণমানিটো ল’ৰা নহৈ ছোৱালী হোৱা হ’লে ???

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments