কপিকল (ভাস্কৰ ৰাভা)

হেঁপাহৰ নিহালীত তুলি থৈছা তুমি
দুখৰ অনেক ফুল
থক্‌থক্‌কৈ কম্পিত ৰাতিত যাক নিতৌ উৰি লওঁ।
 
আকাংক্ষাৰ জলাশয়ত পুহি ৰাখিছা বিষাক্ত অনেক সাপ
প্ৰতিটো নিৰ্মম দংশনত যাৰ মূৰ্ছা যাওঁ।
 
কজলা পাগল নদীৰে উটুৱাই দিয়া প্ৰেমৰ মৃতদেহ
হৃদয় মুদ্ৰাৰ প্ৰতীক কৰোঁ সেই মৰাশ।
 
লৱণু-কোমল গাদীয়ে শুহি থাকে আমাৰ ঘামৰ ফচল
আমি তোমাৰ থাপনাত নিতৌ আৰতি কৰোঁ।
আমাৰ চকুলোত তিতি যায় তোমাৰ উজ্জ্বল ছবি
বিশ্বাসৰ তাঁৰত যাক নিতৌ আঁৰি থওঁ
কামনা কৰি কৰি ৰ’দালিৰ এটি দিন।
 
তোমাৰ মিঠা সুৰত ডুব মাৰোঁ
ডিঙিৰ বুটামত লাগি ধৰে মৃত মাছৰ কাঁইট।
 
এই সন্মোহনৰ পৰা তুলি আনো বুলি গধুৰ মন
নিৰন্তৰ বাই আছোঁ বৰশী
টানি আছোঁ কপিকল।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক