কপৌফুল (ধ্ৰুৱ কাশ্যপ)

একমাত্ৰ ড° বৰবৰুৱায়েই তেওঁক সহায় কৰিব পাৰিব৷ বৃদ্ধয়ে ভাৱে৷ তেওঁৰ বিশ্বাসৰ কাৰণো আছে৷ জেনেটিক ইঞ্জিনিয়াৰিঙত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট বৰবৰুৱা এজন জিনিয়াছ৷

বৃদ্ধজন হৈছে সমুজ্জল কাশ্যপ৷ পিছে সঁচাই তেওঁ বৃদ্ধনে! ! নিজে কেতিয়াবা ভাবে তেওঁ৷ নব্বৈ বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁ ভাৱে সক্ষম আছে৷ চকুৰ দৃষ্টিশক্তি তেওঁতকৈ কিছুমান কম বয়সীয়া মানুহতকৈও ভালহে৷ যৌন ক্ষমতা পিছে লুপ্তপ্ৰায়! ! সেইটো ক্ষেত্ৰত পিছে আধুনিক প্ৰযুক্তিবিদ্যায়েও একো কৰিব নোৱাৰে৷ অন্তত: এতিয়া! ! কাৰণ শুক্ৰকীট পৰীক্ষাগাৰত কৃত্ৰিমভাৱে তৈয়াৰ কৰাৰো হেনো গৱেষনা চলি আছে৷ চিকিৎসক হিচাপে তেঁৱো জানে থিয়ৰিটিকেলী এইটো অসম্ভৱো নহয়৷ নব্বৈ বছৰ বয়সতো সমুজ্জল কাশ্যপ এজন সবল মানুহ৷ অন্তত: ভাৱে৷ কাশ্যপ এজন চাইবৰ্গ৷ বৰ্তমান তেওঁৰ শৰীৰৰ বহুকেইটা অংগ প্ৰত্যঙ্গ কৃত্ৰিম৷ চকু, হাওঁফাওঁ, যকৃৎ … তেওঁ ইমান বছৰে জীয়াই থকাটো আধুনিক বিজ্ঞানৰেই চমৎকাৰ৷ আধুনিক বিজ্ঞানৰ এইবোৰ সুবিধা ল’ব নোৱাৰা তেওঁৰ বয়সীয়া বা তেওঁতকৈ সৰু বহুতৰে বাবে তেওঁ ঈৰ্ষাৰো পাত্ৰ৷ কিন্তু প্ৰকৃততে তেওঁ সুখীনে? ?
ত্ৰিছ বছৰৰ আগতে তেওঁৰ পত্নী অন্তৰাই ঠিকেই কৈছিল “এদিন তুমি বহুত অকলশৰীয়া হৈ পৰিবা৷ তেতিয়া বুজি পাবা মই শুদ্ধ আছিলো৷ “ তাৰ দহ বছৰমান পিছতে অন্তৰাৰ মৃত্যু হৈছিল৷ আধুনিক চিকিৎসাবিজ্ঞানৰ সুবিধাবোৰ নোলোৱাকৈয়ে৷ শান্তিপূৰ্ণ মৃত্যু আছিল৷ এদিন ৰাতিপুৱা তেওঁক মৃত অৱস্থাত আৱিষ্কাৰ কৰা হৈছিল৷ কোনোপধ্যেই তেওঁক চাইবৰ্গ হ’বলৈ সন্মত কৰাব নোৱাৰিলে কাশ্যপে৷ এতিয়া পিছে ভাৱে অন্তৰা হয়তো শুদ্ধ আছিল৷ ত্ৰিছ বছৰৰ আগতে তেওঁৰ পত্নীয়ে তেওঁক যুক্তিযুদ্ধত পৰাজিত কৰি কনট্ৰেক্ট পেপাৰখনত চহী নকৰাকৈ গুছি গৈছিল৷ এতিয়া সমুজ্জল কাশ্যপে ভাবে তেৱোঁ যদি চহী নকৰাহেঁতেন৷ উফ এই নি: সঙ্গতা! !
“মহী! ! ! “ কাশ্যপে তেওঁৰ পৰিচাৰক ৰবটটোক মাতিলে৷ “দুঘণ্টাৰ পিছত “শৰ্মা নগৰ“ৰ ওচৰত ক’ৰবাত পাৰ্কিং প্লেছ আছেনে চোৱাচোন? বৰবৰুৱাৰ লগত এপইণ্টমেণ্ট এটা ফিক্স কৰা৷ “
“মোৰ ডাটাবেছত পোন্ধৰজন বৰবৰুৱা আছে৷ কোনজনৰ লগত ফিক্স কৰিম খুড়া৷ “
সম্বোধনটো ’খুড়া’ কৰিবলৈ ৰবটিকছ কম্পেনিটোৰ মুখ্য প্ৰগ্ৰামাৰক কাশ্যপেই অনুৰোধ জনাইছিল৷ এই যন্ত্ৰমানৱবোৰে এতিয়াওঁ মানৱীৱ স্মাৰ্টনেছ আয়ত্ত কৰা নাই৷ কাশ্যপে ভাৱে৷ মাজে সময়ে কাশ্যপে মহীৰ লগতে সুখ দুখৰ কথা পাতে৷ কালি কথাই কথাই তেওঁ তাক বৰবৰুৱাৰ কথা কৈছিল৷ তথাপিওঁ
“বৰবৰুৱা GE- 13 “ কাশ্যপে তাক ভাগৰুৱা কণ্ঠৰে নিৰ্দেশ দিলে৷
“হৈ গ’ল খুড়া৷ 3: 21 ত এপইণ্টমেণ্ট৷ পাৰ্কিং প্লেছো পালো “ মহীৰ উত্তৰ৷
এয়াতো 2105 চন৷ টেকনিকেলি হাইপাৰ এডভান্সড এৰা৷ ’টেকনিকেল লাইন’ৰ মানুহবোৰৰ কিছুমান ক’ড থাকে৷ G.E মানে genetic engineer আৰু 13 মানে দক্ষতাৰ ক্ষেত্ৰত তেওঁৰ স্থান পৃথিৱীৰ ভিতৰতে 13৷ চাকৰিকালত কাশ্যপ D/r-567 আছিল৷ পাঁচ বছৰৰ আগতে স্বেচ্ছামূলক অৱসৰ ল’লে৷ এতিয়াওঁ পিছে ডাক্টৰী পাহৰি যোৱা নাই তেওঁ৷ তেওঁৰ মগজুত থকা কিছুমান বিশেষ নেন’কণায়ে তেওঁৰ মগজুৰ কোষবোৰক সহজে মৃত্যু হ’বলৈ নিদিয়ে৷ কিবা দুৰ্ঘটনা নহ’লে আৰু দহ বছৰমান কাশ্যপ এইদৰে সু্ষ্ঠ সবল হৈয়ে থাকিব৷ কিন্তু কাৰ বাবে? ? কাশ্যপে মাজে সময়ে ভাৱে৷ দৈনন্দিনতাত একঘেয়ামি অনুভৱ কৰি তেওঁ চাকৰিও এৰি দিলে৷ হাতত অফুৰন্ত সময়৷
“ গাড়ী আহি পালে খুড়া৷ “ মহীৰ মাতত কাশ্যপৰ চিন্তাত যতি পৰিল৷ আজিকালি ড্ৰাইভাৰবিহীন গাড়ীৰ যুগ যি হাইড্ৰজেন ইঞ্জিনত চলে৷ তথাপিও কাশ্যপে মহীক ’ড্ৰাইভাৰ’ হিচাবে লৈ যায়৷
বৰবৰুৱা এপাৰ্টমেণ্ট৷ যথাসময়ত কাশ্যপৰ গাড়ী বৰবৰুৱা এপাৰ্টমেণ্টৰ সমুখৰ পাৰ্কিং প্লেছটোত ৰ’লগৈ৷ এক ছেকেণ্ডৰো হেৰ-ফেৰ নাই৷ কাৰণ ৰাষ্টাৰ ট্ৰেফিক পূৰ্বনিৰ্ধাৰিত৷ কাশ্যপ আৰু মহী গাড়ীৰপৰা নামিল৷ মহীয়ে বুটাম এটা টিপি দিয়াত বৰবৰুৱা এপাৰ্টমেণ্টৰ সদৰ দুৱাৰখন খোল খালে৷ বেঠকখানাত ড° বৰবৰুৱা তেওঁলোকৰ অপেক্ষাতে আছিল৷ অৰ্ধ-যন্ত্ৰমানৱ আৰু পূৰ্ণযন্ত্ৰমানৱ দুয়োজন বহিল৷ মহীৰ বাবে চকীৰ প্ৰয়োজন নাই, নিজৰ শৰীৰতে এবিধ বিশেষ ধৰণৰ ’চকী’ সংযুক্ত হৈ আছে৷ আনকি কাশ্যপৰো! ! পৃথিৱীৰ প্ৰায়ভাগ মানুহেই আজিকালি এইবিধ “স্ব-চকী’ ব্যৱহাৰ কৰে৷ বেঠকখানাৰ আৰামী ’চ’ফা’বোৰতকৈ ই বেছি আৰামদায়কহে৷ বেঠকখানাৰ প্ৰয়োজন কমি আহিছে৷ আনকি ড° বৰবৰুৱাও তেনে এখন ’চকী’তে বহি আছে৷ বাক্যব্যয় নকৰি কাশ্যপে ফাইল এটা ড° বৰবৰুৱালৈ আগবঢ়াই দিলে৷ বহুতসময় ড° বৰবৰুৱাই ফাইলটো মনোযোগেৰে পঢ়িলে৷
“ফক্সটেইল অৰ্কিড, Rhynchostylis Retusa, কপৌফুল৷ “ ড° বৰবৰুৱাই নিজকে কোৱাদি ক’লে৷ “কিন্তু আংকল এইটো স্পেচিছতো বিলুপ্ত হৈ গৈছে“৷ তেওঁ আকৌ ক’লে৷
“ সেইবাবেতো তোমাৰ ওচৰলৈ আহিছো অনিন্দ্য৷ “
বৃদ্ধই ক’লে৷
ড° অনিন্দ্য বৰবৰুৱা অলপ সময় মনে মনে থাকিল৷ দীৰ্ঘনিশ্বাস এটা লৈ ক’লে৷
“পৃথিৱীৰপৰা অলেখ প্ৰজাতি বিলুপ্ত হৈ গ’ল৷ কপৌফুলো তাৰ ভিতৰত অন্যতম৷ ফক্সটেইল অৰ্কিডৰ শেষ নমুনাতো ম্যানমাৰৰ বায়’পাৰ্ক এখনত আছিল৷ চিভিল ৱাৰখনত ম্যানমাৰৰ বহুত ক্ষতি হ’ল৷ আৰু তাৰ মূল্য আমাৰ ’কপৌফুলেও’ ভৰিবলগীয়া হ’ল৷ কপৌফুলৰ নমুনা এটাও এতিয়া ক’তো নাই৷ গতিকে ক্ল’ন কৰাও সম্ভৱ নহয়৷ বোধকৰোঁ এই বিষয়ে আপুনি জানে৷ “ অনিন্দ্যই প্ৰশ্নবোধক চাঁৱনিৰে কাশ্যপলৈ চালে৷
“তোমাৰ আৰ্টিকেলতো পঢ়িলো সিদিনা নেচাৰত৷ “ কাশ্যপে ক’লে৷
“হমম বুজিছোঁ৷ পৃথিৱীৰ জীৱবোৰৰ জেনেটিক গঠনত বৰ বেছি পাৰ্থক্য নাই৷ বাহিৰত সকলো জীৱ আকাৰে, প্ৰকাৰে সম্পূৰ্ণ বেলেগ যদিও একেবাৰে সূক্ষ্ম পৰ্যায়ত বৰ বেছি পাৰ্থক্য নাই৷ আমাৰ গৱেষণাৰ বিষয়বস্তুও এই সূক্ষ্ম পৰ্যায়ৰে৷ ভিন্ন উদ্ভিদ বা প্ৰাণী এটাৰ জেনেটিক গঠনত অলপ সালসলনি কৰি একেবাৰে ভিন্ন জীৱ এটাৰ সৃষ্টি কৰাতো অসম্ভৱ নহয়৷ সেইবাবে হয়তো আপুনি ভাবিলে যে আপোনাৰ কাৰণে মই গৱেষণাগাৰত এটা কপৌফুল ’সৃষ্টি’ কৰিব পাৰিম? “
বৃদ্ধই মূৰ দুপিয়ালে৷
“কিন্তু প্ৰব্লেম হ’ল …..“অনিন্দ্যই আকৌ ক’লে, “ ….. এই গৱেষণা এতিয়াও চালুকীয়া অৱস্থাতে আছে৷ আমি বেক্টেৰীয়াৰ ক্ষেত্ৰত সফলো হৈছো৷ ’নেচাৰ’ৰ আৰ্টিকেলটো সেই বিষয়তে আছিল৷ কিন্তু কপৌফুল! ! ! আৰু ’কপৌফুল’ হে কিয় বাচি ল’লে আপুনি আংকল৷ আপোনাৰ এইটো প্ৰপ’জেল বহুত এবচাৰ্ড যেন লাগিল৷ আৰু এইটো গৱেষনাত ফাণ্ড বহুত লাগিব৷ কোনো চৰকাৰে মানুহৰ ব্যক্তিগত ইণ্টাৰেষ্টত ফাণ্ডিং নকৰে৷ মোৰপৰা বেছি আশা নকৰিব আংকল৷ “
বৃদ্ধৰ অন্তৰাক প্ৰথমবাৰ লগ কৰা দিনটোৰ কথা মনত পৰিল৷ উদ্ভিদ মেলা এখনত৷ বিহুৰ সময় আছিল তেতিয়া৷ উপহাৰ হিচাপে এপাহি কপৌফুল অন্তৰাৰ খোপাত গুঁজি দিছিল৷ সেয়ে প্ৰথম আৰু সেয়ে শেষ৷ ব্যস্ততাৰ ধামখুমীয়াত পৰি কাশ্যপ দম্পতীয়ে পাহৰি গৈছিল সেইবোৰ কথা৷ কিন্তু অন্তৰাৰ মৃত্যুৰ আগদিনা তাই সেই ঘটনাটো সুঁৱৰি হাঁহিছিল৷ আৰু মৃত্যুৰ দিনা কপৌফুল এপাহ ক’তো বিচাৰি নাপালে অন্তৰাৰ কবৰত দিবলৈকো! !
কাশ্যপক কপৌফুল এপাহ লাগে৷ যিকোনো প্ৰকাৰে৷ শেষ চেষ্টা কৰি চালে৷ যিমানেই এবচাৰ্ড নহওক কিয়৷ যিমানেই হাস্যকৰ নহওক কিয়! আচলতে অনিন্দ্যই ঠিকেই কৈছে৷ কোনে কপৌফুলৰ বাবে ইমান পুঁজি আগবঢ়াই দিব! ! সকলোৰে বাবেতো কপৌফুল মাত্ৰ বিলুপ্ত হৈ যোৱা এক প্ৰজাতিৰ অৰ্কিড৷
“আপোনাৰ মগজুৰ নেন’পাৰ্টিকলবোৰে অলপ বেলেগ ধৰণেৰে কাম কৰিবলৈ লৈছে খুড়া৷ এইটো অলপ বেছি হৈ গ’লে …. কি হ’ব বুজিছে চাগে৷ খুড়া আপুনি ভাগৰুৱা হৈ পৰিছে …….“
ওভটাৰ পথত মহীয়ে ক’লে৷ “ই মানৱীয় ডিপ্লমেচী শিকিছে৷ “ কাশ্যপে ভাবিলে৷
সেইৰাতি কাশ্যপৰ শোৱা নহ’ল৷ জীৱনটো এতিয়া তেওঁৰ বাবে অৰ্থহীনতাৰ বাদে একো নহয়৷ তথাপিও মৃত্যুলৈ ভয় কৰিছে তেওঁ! ! কালিলৈ পুৱা ছয় বজাত তেওঁ ’স্বেচ্ছামূলক-ইচ্ছামৃত্যু’ গ্ৰহণ কৰিব৷ ভয় লাগিছে তেওঁৰ? কিন্তু কিয়? চুক্তিপত্ৰত চহীটো নকৰাহেঁতেনতো তেওঁৰ ইতিমধ্যে মৃত্যু হয়! !
স্বেচ্ছামূলক ইচ্ছামৃত্যু নল’লেও তেওঁক ইচ্ছামৃত্যু ল’বলৈ বাধ্য কৰোৱা হ’লহেঁতেন৷ কাৰণ তেওঁৰ মগজুৰ নেন’কণিকাবোৰে উদ্ভট আচৰণ কৰিছে৷ তেওঁক আৱেগিক কৰি তুলিছে৷ আৰু আৱেগেই বহুত মানসিক ৰোগৰ কাৰণ বুলি নতুন পৃথিৱীৰ মনোবৈজ্ঞানিকসকলে বিশ্বাস কৰে৷ কিছুদিনৰ পিছত তেওঁ হয়তো সমাজৰ বাবে বিপদজনক হৈ উঠিব পাৰে৷
পুৱা চিকিৎসালয়ৰ কৰ্মচাৰী এজনে কাশ্যপক এখন নথি দি থৈ গ’ল, আৰু কৈ গ’ল যে তেওঁ যদি ইচ্ছা কৰে মৃত্যুৰ আগতে সেইখনত চহী কৰিব পাৰে৷ “ মই বিজ্ঞানৰ বাবে মোৰ শৰীৰটো দান কৰি থৈ গ’লো“৷ চুক্তিপত্ৰখনৰ শেষৰ শাৰীকেইটা কাশ্যপে লক্ষ্য কৰিলে৷
কাশ্যপে চহী নকৰিলে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments