কবিচোন মা কিমান ভাল পাৱ মোক (সুশান্ত বৰগোঁহাই)

দূৰণিৰ মা অ’,
তই বাৰু মোক কিমান ভাল পাৱ?
গাৰ্লফ্ৰেণ্ডৰ দৰে কিয় নকৱ মোক “ভাল পাওঁ” বুলি?
যেতিয়াই ফ’ন কৰোঁ কেৱল সোধ,
“কি কৰিছ?
ভালনে?
কিবা খালিনে?”
মোৰ গাৰ্লফ্ৰেণ্ড জনীয়ে কি কয় জান?
তাই বোলে মোৰ অবিহনে
নিজক কল্পনাই কৰিব নোৱাৰে৷
তই পাৰ ন’?
সেইবাবে এদিনো তেনেকৈ কোৱা নাই৷

আৰু তাই কি কয় জান?

ফ’ন কৰিলেই কয়,”আই লভ্ ইউ”৷

তই বাৰু কিয় তেনেকৈ নকৱ !
তই মোক ভাল নাপাৱ নিকি?

সিদিনা যে মই ফ’ন কৰোঁতে দেৰি হৈছিল৷
তই সম্ভৱ শুই পৰিছিলি৷
টোপনিৰ জালতে কৈছিলি,
“তই ফ’ন কৰিবি বুলি
ফ’নটো গাৰুৰ কাষতে লৈ বিছনাতে পৰি দিছিলো৷
টোপনিয়েই ধৰিছিল৷”
মোৰ কেনে লাগিল জান?
সেইটো যেন ফ’ন নহয় !
এবছৰীয়া মইটো যেন শুই আছোঁ তোৰ কাষতে !
তই টোপনি গৈছ মোৰ কপালত হাত বুলাই-বুলাই !
সাৰ পাই উঠিছ মোৰ কণমানি হাত ভৰিৰ খচ্-মচনিত !

তোৰ মনত পৰেনে মা?
স্কুল যাওঁতে কাপোৰসাজ পিন্ধাই দিয়াৰ কথা,
মূৰত নাৰিকল-তেল ঘঁহি দিয়াৰ কথা,
চুলি আঁচুৰি দিয়া,
জোতা পিন্ধাই দিয়া…..৷
বহুত মনত পৰে জান মা৷
পিচে লগতে কি মনত পৰে জান?
সেই সময়ত যিদিনাই পিতাইৰ লগত
তোৰ কথাৰ কটা-কটি হয়
ফণিখনৰ দাঁতবোৰ মূৰত সোমাই যাওঁ যেন কৰে,
চোলাৰ বুতাম লগাওঁতে দুয়োফালে ধৰি যেনেকৈহে তান !
যেন মোৰ কণমানি দেহটো আৰু সৰু হৈ যাব !
পেন্টৰ বুতাম লগাওঁতে এনে লাগে যেন
কিছু সময়ৰ আগত খোৱা সকলো ভাত মুখেৰে ওলাই আহিব !

তোৰ মনত আছেনে মা?
এবাৰ যে মোক চেকনিৰে কোবাইছিলি৷
পিছত ভৰিৰ ৰঙা পৰা বোৰত মোহাৰি-মোহাৰি কান্দিছিলি৷
কৈছিলি, “বেয়া কাম কিয় কৰ?
কথা নুশুন কিয়?”
সিদিনা তই ৰাতিৰ সাঁজ খোৱা নাছিলি?
তোক ভাত খাবলৈ কওঁতে মোক সাৱতি ধৰি কান্দিছিলি৷
কৈছিলি,
“আজিৰ পৰা তেনে বদমাছি নকৰিবি”৷
তেতিয়াৰ তোৰ ৰঙা পৰি ফুলি থকা দুচকু,
চকুলুৰে তিতি থকা আঠা-আঠা লগা দুগাল,
বহুত মনত পৰে জান মা৷
আৰু তেতিয়াই কেনে লাগে জান?
তয়েই মোক সবাটোকৈ ভাল পাৱ৷
কিন্তু এদিনো তোৰ মুখত শুনা মনত নপৰে
তই মোক “ভাল পাওঁ” বুলি কোৱা৷
কবিচোন মা সঁচাকৈ,
কিমান ভাল পাৱ মোক৷
তই কাষত নাথাকিলে মৰমৰ বহুত কম হয় অ’…..৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক