কবিতাবোৰ পাহৰিবা কেনেকৈ?? পুলকেশ বৰ্মন

কবিতাবোৰ পাহৰিবা কেনেকৈ??
পুলকেশ বৰ্মন

কবিতাবোৰ যেতিয়া আওৰাইছিলোঁ
টেলিফোনত তোমাৰ নিশ্বাসৰ বেহেলা বাজিছিল!
তুমি কৈছিলা,”আকৌ এবাৰ মাতানা
…..কিবাকিবি নুশুনিলোঁ”
তুমি হেৰাই গৈছিলা….
সেই মাদকতা আজি মই চিনি নাপাওঁ।
ভালপোৱাৰ গানবোৰেও
সমীহ কৰি চলিছিল… কবিতাবোৰক।

সময়বোৰ সলনি হ’ল
কবিতাবোৰ নোলোৱা হ’ল।
হঠাৎ,
কি জানো হ’ল…কিয় জানো হ’ল
ভাৱনাৰ গৰ্ভত এটা কবিতাৰ ছটফটনি…
মই বিচাৰিলোঁ তোমাৰ অলপ সময়।
তুমি ক’লা ব্য স্ততা তোমাৰ দুপৰীয়াৰ আলহী।
মই কলোঁ,”তুমি মোৰ প্ৰিয় শ্ৰোতা।”
তুমি ক’লা,”পিছত কেতিয়াবা।”

(কবিতা এটাৰ নৰ্মেল ডেলিভাৰী বৰ জৰুৰী)

তুমি শুনিলা…বুজিলা(?)
আৰু ক’লা কবিতাবোৰ হেনো পাহৰিলা।
মই হাঁহিলো…এয়া তুমি কি কৰিলা!
মিছাৰ দুবৰীৰে মৰমবোৰ ঢাকিবা কেনেকৈ?
তেজৰ বৰনৈত তোমাৰেই নাম…
কলিজাৰ কবিতাবোৰ পাহৰিবা কেনেকৈ??

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments