কবিতাৰ নাৰীবোৰ — ৰাজীৱ ডেকা

 

কবিতাৰ নাৰীবোৰ বেদুইন
ফাগুন
বিলাসী
আবেগেৰে কৰে ভালপোৱাৰ মৰু ভ্ৰমণ
সেয়ে কাপোৰৰ বনগুটি গুছোৱাটো

তেওঁলোকৰ আটাইতকৈ প্ৰিয় অভ্যাস
অনুশীলন কৰিবলৈ দুখৰ জ্যামিতি

কবিতাৰ নাৰীবোৰে চিঠিত সাঁচে জীৱনৰ উপপাদ্য

পাণবজাৰতকৈ সোঁৱৰণী ভ্ৰমণ
তেওঁলোকৰ কম প্ৰিয় নহয়

অলপ চকুপানী তেওঁলোকৰ দাপোণত

মেঘ হৈ উৰি ফুৰে
অ-শাওণতো
কবিতাৰ নাৰীবোৰে

বৰষুণত তৰাবোৰ সৰিব বুলি ভয় খাই

ওৰেটো শাওণ অকলশৰে খিৰীকিৰে বৰষুণ চায়
তেওঁলোক শুই পৰিলে চৰাইবোৰে পৰ দিবলৈ আহে

কাজল বিয়পা চকুৰ আধাপকা সপোনবোৰ৷

আন্ধাৰে চুৰ নকৰক বুলি পখিলাবোৰে পৰ দিয়ে

নখ আৰু ওঁঠৰ নানাৰঙী ফুলনি
তেওঁলোকৰ অনুপস্থিতিত কবিৰ কাগজত
বালিৰ বতাহ

চহৰত নাথাকে সোণাৰু
সাগৰৰ ঢৌ
বিষাদৰ পালতৰি কবিৰ পদুলিলৈ আহিবলৈ এজাৰৰ ঋতু
কবিতাৰ নাৰীবোৰেই
চম্পাৱতী
খহি পৰা ৰাতি ৰখি থাকে

বদনামী কবিৰ আখৰৰ আঘোন

তেওঁলোকেই কবিতাৰ প্ৰথমটো উছবৰ কাৰণ
সেয়ে কবি ৰৈ থাকে কবিতাৰ নাৰীলৈ

যিহেতু তেওঁলোকেই বেদুইন ফাগুন
কবিতাৰ নাৰীবোৰ কুশলে থাকক ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক