কবিতাৰ সামাজিক প্ৰাসংগিকতা

চিঠি (মনোহৰ দত্ত)
প্ৰতি
প্ৰতিম প্ৰতাপ বৰুৱা,
নতুন দিল্লী|
বিষয় : কবিতাৰ সামাজিক প্ৰাসংগিকতা :
প্ৰিয় বান্ধৈ,
আপোনাৰ কুশল কামনা কৰিলোঁ|
আজি আপোনালৈ উল্লেখিত বিষয়ত এই চিঠি লিখিবলৈ লৈছো|
সম্প্ৰতি গোটেই বিশ্বখনেই বিকাশৰ এনে এটি স্তৰলৈ ধাৱমান হৈছে য’ত বিশ্ব হৈ পৰিছে এখন গাওঁ সদৃশ| অন্তত: যোগাযোগ ব্যৱস্থাৰ এনে বিকাশে সামগ্ৰিক ভাবে গোটেই বিশ্বৰে একধৰণৰ উন্নতি সাধন কৰিছে| ‘ইয়াতে মাৰিলোঁ টিপা, গড়গাঁৱ পালেগৈ শিপা’ বোলা কথাষাৰ এতিয়া যেন বাস্তৱ হৈ উঠিছে| মানুহৰ নখ-দৰ্পণত এতিয়া গোটেই বিশ্ব| বাৰাক ওবামাৰ পৰা তৰুণ গগৈলৈকে সকলোৰে বিষয়ে জানিব পৰাটো, ভাতৰ লগত পানী খোৱাৰ দৰে হৈছে| মমতা বেনাৰ্জীয়ে চৰকাৰী চেনেল খুলিম বুলি কোৱাৰ লগে লগেই তৰুণ গগৈয়েও একে কথাই ঘোষণা কৰিছে আৰু আমি সেই বিষয়ে পলকতে জানিব পাৰিছো|
এই তাত্ক্ষণিক ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰ এতিয়া বিদ্যুত্-বেগেৰে বিয়পি পৰে| এনে পৰিপ্ৰেক্ষিতত কবিতাৰ সামাজিক প্ৰাসংগিকতাৰ বিষয়ে কিছু কথা ইয়াত উল্লেখ কৰিব খুজিছো| অৱশ্যে এই কথাবোৰ কোনো গৱেষণাৰ সৈতে জড়িত নহয়| ই কেৱল এজন কবিতা-প্ৰেমীৰ মনৰ কথাহে| ইয়াত হ’ব পৰা ভুল-ভ্ৰান্তিবোৰ পাঠক সমাজে আঙুলিয়াই দিলে উপকৃত হ’ম|
কবিতাৰ বিস্তৃতি বুলিলে সিবোৰ কাকত-আলোচনী, বিদ্যুতিন মাধ্যম, ইণ্টাৰনেট বা ফেচবুকত স্পষ্ট ৰূপত দেখা যায়| ইয়াৰ ভিতৰত ফেচবুকৰ ভিন্ন গোট সমূহত পঢ়িবলৈ পোৱা কবিতা সমূহৰ ভাব, চিত্ৰ-কল্প আদিতকৈ বেছি চিন্তণীয় বিষয় হৈ পৰিছে কবিতাত ব্যৱহৃত শব্দৰ ভুল বানান|
এই প্ৰসংগত মনত পৰিছে কিছুমান শব্দ যেনে ‘মোক তোল মোক তোল শেৱালিৰ গোন্ধ’-ৰ বিপৰীতে আজিৰ কবিয়ে লিখিছে ‘শেৱালিয়ে ক’লে মোক তুল মোক তুল’| এনে বিসংগতিয়ে আমাৰ ভাষাটোক লৈ গৈছে এক বিপদৰ মাজলৈ| ভুল বানানেৰে লিখা কবিতাৰ অৰ্থ বিচাৰি উলিয়াবলৈ পাঠকৰ যি অসুবিধা হয়, সেইটো দূৰ কৰা কঠিন| ইয়াৰ বিপৰীতে তেনে ভুল বানানেৰে পৰিপূৰ্ণ কবিতাবোৰৰ পাঠকৰ সংখ্যাও বহুত বুলিব পাৰি| অৰ্থাত্ ভুল বানানেৰে ভুল অৰ্থ উলিয়াই কেনেকৈ পাঠকে কবিতাবোৰ পছন্দ (Like) কৰে, সেইটো বুজা অতি কঠিন| কিছু ক্ষেত্ৰত এইবোৰ কবিতাৰ পৰিৱৰ্তে কোনো কোম্পানীৰ বিজ্ঞাপন যেন হৈ পৰিছে| এইবোৰে বাৰু কি সূচায়? ইয়ে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত বাধাৰ সৃষ্টি কৰা নাইনে?
তদ্ৰুপ ভাষাটো লিখাৰ ক্ষেত্ৰত বহুতেই ৰোমান লিপি ব্যৱহাৰ কৰিবলৈ লোৱাত ভুল আৰু শুদ্ধ বানানৰ মাজৰ ৰেখাডাল নোহোৱা হৈ পৰিছে| অৱশ্যে এইটোও ক’ব পৰা যায় যে- যিহেতু ম’বাইলৰ পৰা অসমীয়া লিপিৰে লিখাটো সমস্যাজনক, সেয়ে ৰোমান লিপিৰে আমাৰ ভাষাটো যে আমি লিখিছো, সেইটোহে ইয়াৰ ইতিবাচক দিশ| আপেক্ষিক ভাবে কথাখিনি সত্য| পিছে, ভাষাটোৰ চৰ্চাৰ ক্ষেত্ৰত এইবোৰ গ্ৰহণযোগ্য জানো| সাধাৰণ বাৰ্তালাপৰ কথা বাদ দিলেও কবিতা, গল্প আদি সাহিত্য চৰ্চাৰ পথাৰত এই অভ্যাস আদৰণীয় বুলি ভাবিব পাৰিনে?
বানান ভুল হোৱাটো স্বাভাৱিক, কিন্তু সেইটো অৱহেলাৰ বিষয় হৈ পৰাটোহে বিপদজনক হৈ উঠিছে| সাহিত্যৰ প্ৰতি এনে উদাসীনতাই আমাৰ ভাষাটোৰ মৰ্যাদা লাঘৱ কৰা নাই জানো? সেয়ে এই বিষয়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলোঁ| কিয়নো যিদৰে যোগাযোগ ব্যৱস্থাৰ বিকাশে সামগ্ৰিক ভাবে গোটেই বিশ্বৰে উন্নতি সাধন কৰিছে, সেইদৰে যিকোনো ভুলৰ শুধৰণি জটিল হৈ পৰিছে| আজি এই লেখাত লিখা কথাৰ মাজত যিবোৰ শব্দ ভুলকৈ লিখা হ’ল, সিবোৰৰ ইণ্টাৰনেটত অনুবাদ কৰিবলৈ কোনোবাই যত্ন কৰিলে সফল হ’ব পাৰিবনে? ঠিক তেনেকৈ ভুল বানানেৰে লিখা কবিতা, গল্পই ভৱিষ্যতে পৃথিৱীৰ বুকুত ‘অসমীয়া ভাষা জগত সভালৈ যাব’ পৰাৰ বাটটো কণ্টকময় কৰি নুতুলিবনে? সেয়ে এই লেখাৰ জৰিয়তে যিকোনো কবিতা আদিত ব্যৱহৃত বানান যাতে আমি শুদ্ধকৈ লিখিবলৈ যত্ন কৰো, তাৰ প্ৰতি সজাগ হোৱাটো জৰুৰী বুলি ভাবো|
গতিকে কবিতা লিখাতকৈ তাত যাতে ভুল বানান নাথাকে তাৰ প্ৰতি আমি সজাগ হোৱাটো আজিৰ কবি, বিশেষকৈ ফেচবুকৰ কবিৰ সামাজিক দায়িত্ব হৈ উঠিছে| কবিতাৰ সামাজিক প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি কবি সমাজে এই দিশত দৃষ্টি দিব বুলি আশা ৰাখিলোঁ| কোনো কবিয়ে লুইতকলৈ লিখা কবিতা এটি বিশ্বৰ অগণন পাঠকৰ আকৰ্ষণৰ বিষয় উঠিব পাৰে| এনে ক্ষেত্ৰত আমাৰ ভুল বানান অনুবাদৰ বাবে অন্তৰায় হৈ নুঠিবনে? পঞ্চাশৰ দশকত গুটি আখৰৰ ছপাশালত ছপা কৰা কবিতাটোৱে বিশ্ববাসীক আকৃষ্ট কৰিবলৈ যি বাধাৰ সন্মুখীন হৈছিল, সেই পৰিস্থিতি আজিৰ কবি সমাজৰ সমুখত নাই| সেয়েহে কবিতা চৰ্চাৰ ক্ষেত্ৰত কবিতাৰ সামাজিক দায়িত্ব তথা কাৰিকৰী ভাবে অনুবাদৰ ক্ষেত্ৰত হ’ব পৰা কাৰিকৰী সমস্যাৰ দিশটোৰ প্ৰাসংগিকতা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে|
ইতি
আপোনাৰ বান্ধৈ
মনোহৰ দত্ত
নলবাৰী|
২০/০৫/২০১২
–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments