কবিতা (-আদিত্য ৰঞ্জন দত্ত )

তুমি হালধীয়া পিন্ধি
ফুৰিবলৈ যাওঁতে,
এজাক মলয়া হৈ
পিছে পিছে দৌৰি গৈছিলোঁ
বহুদুৰ
তুমি নেদেখাৰ
ভাও জুৰিব খুজিছিলা,
দুচকুত সানি দিছিলা
নিলাজ কিছু চাৱনি !
আকাশখন বৰকৈ ৰাউচি জুৰিছিল,
তুমি আকাশখনলৈ এবাৰো
নোচোৱাৰ দুখত !
তুমিতো নাজানা,
তুমি এবাৰ নাচালে যে
আকাশখনে
নীলাবোৰ সামৰি লৈ
কান্দি থাকে গোটেই ৰাতি…..
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments