কবিতা আৰু যৌনতা (টুনুজ্যোতি গগৈ)

কবিতা আৰু যৌনতা

বিশ্ববিদ্যালয়ৰ দিনৰে চিনাকি এগৰাকী বাইদেৱে এইকেইদিন বিশেষভাৱে চৰ্চিত নীলিম কুমাৰৰ এটা কবিতা সম্পৰ্কত আমাৰ মতামত বিচৰাত আমি ভবা কথাখিনি তেওঁক ‘মুখপুথি’ৰ ‘ভিতৰুৱা জপা’তে জনাইছিলো৷ এতিয়া ভাবিছো, শুচিবায়ুগ্ৰস্ততাৰ পৰা মুক্ত হৈ কবিতাত যৌনতা সম্পৰ্কীয় কিছু কথা ৰাজহুৱাভাৱেই কোৱা যাওক৷ নীলিম কুমাৰে ক’ৰবাত কৈছিল [বোধহয় ‘কথা গুৱাহাটী’ত], প্ৰেম হ’ল এখন মুখা আৰু ইয়াৰ মুখখন হ’ল যৌনতা৷ প্ৰেমতকৈ যৌনতা বহু বেছি গুণে শক্তিশালী বাবেই মানুহে প্ৰেমৰ মুখা পিন্ধি মানুহৰ লগত সম্পৰ্ক গঢ়ে৷ আচল মুখখন লৈ সম্পৰ্ক গঢ়িলে সমাজে চিঞৰ-বাখৰ আৰম্ভ কৰে৷ আচৰিত কথা এয়াই– যৌনতাৰ বন্দনালৈ যিখন সমাজে ভয় কৰে, সেই সমাজখন যৌনতাৰে সৃষ্টি!! নীলিম কুমাৰে যি অৰ্থতেই এই কথাষাৰ নকওক লাগে, এয়া সঁচা যে বিশ্ব সাহিত্য বা অসমীয়া সাহিত্যত যৌনতাক লৈ বহু যুগৰে পৰা ‘চিঞৰ-বাখৰ’ [চৰ্চা] হৈ আহিছে৷
পৌৰাণিক অসমীয়া সাহিত্য অধ্যয়ন কৰিলে পাওঁ যে পীতাম্বৰৰ ‘ঊষা-পৰিণয়’, অনন্ত কন্দলিৰৰ ‘কুমৰ হৰণ’ আদি কাব্যত যৌনতাৰ বৰ্ণনা আছে৷ সেয়ে পীতাম্বৰক পৰৱৰ্তী কালৰ নৱ বৈষ্ঞৱ ধৰ্মৰ প্ৰচাৰক শংকৰদেৱে ‘শাক্ত কামসিক’ কবি বুলি সমালোচনা কৰিছিল৷ লক্ষ্যণীয় যে পীতাম্বৰৰ সৃষ্টিৰ উদ্দেশ্য মূলতঃ কাব্য-ৰস আৰু লৌকিক ৰুচিৰ জৰিয়তে কাব্যমোদীৰ মনোৰঞ্জনহে আছিল, শংকৰদেৱৰ দৰে ধৰ্ম-পথৰ সন্ধান নাছিল৷ কিন্তু, পীতাম্বৰৰ নিৰ্মম সমালোচক শংকৰদেৱো সমালোচিত হ’ল ‘কীৰ্তন’ৰ ‘হৰমোহন’ আৰু ‘ৰাসলীলা’ অধ্যায় দুটিৰ বাবে৷ আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাপক হেমচন্দ্ৰ গোস্বামীৰ মতে, ‘কীৰ্তন জোনত ‘হৰমোহন’ আৰু ‘ৰাসলীলা’ দুডোখৰ বৰ ডাঙৰ চেকা৷’ সেইদৰে, আধুনিক যুগৰ গণেশ গগৈ, যতীন্দ্ৰনাথ দুৱাৰৰ দৰে কবিও এসময়ত ইন্দ্ৰিয় বিলাসী কবি বুলি সমালোচিত হৈছিল৷ শিক্ষিত সমাজে গণেশ গগৈৰ কবিতা পঢ়োতাসকলক নষ্ট চৰিত্ৰৰ মানুহ বুলি নিন্দা কৰাৰ পৰিৱেশ এটাই সৃষ্টি হোৱাৰ সময়ত তৰুণ-তৰুণীসকলে লুকাই-চুৰিকৈ তেওঁৰ কবিতা পঢ়িব লগা হৈছিল৷
কিন্তু, ইয়াৰ পৰৱৰ্তী কালত দেৱকান্ত বৰুৱাই মুকলিকৈয়ে আনলৈ বিয়া হৈ যাব বিচৰা প্ৰেয়সীক বিয়াৰ দহ দিন পূৰ্বে মাজনিশা কলঙৰ পাৰলৈ, অভিসাৰ কৰিবলৈ, নিমন্ত্ৰণ জনালে৷ নিঃসন্দেহ যে পাপ-পূণ্য সম্পৰ্কীয় তৎকালীন স্থিৰ আৰু শীতল সামাজিক ধাৰণাবোৰত দেৱকান্তৰ প্ৰেম সম্পৰ্কীয় ধাৰণাই এক ভূমিকম্পৰেই সৃষ্টি কৰিলে৷ সামাজিক নীতি-নিয়মৰ লেটাত ক্ৰমে আবদ্ধ হ’বলৈ বিচৰা প্ৰেয়সীক নীতিৰ উদ্ধত থাকিব বিচৰা কবিয়ে কৈছেঃ ‘মোৰ অহংকাৰ/ প্ৰথম জগালোঁ ময়ে তন্দ্ৰালসা/ গাভৰুক মনোৰমা!/ হিয়াৰ তোমাৰ৷’ লক্ষ্যণীয় যে শিক্ষিত সমাজৰ দ্বাৰা নিন্দিত গণেশ গগৈ বা যতীন দুৱৰাই কেৱল এগৰাকী প্ৰেমিকাৰ বিৰহকেহ কাব্যজীৱনৰ সৰ্বস্ব কৰি লৈছিল৷

00

কুকুৰা অ’ কুকুৰা অজাতি কুকুৰা
ভুকুৱাই মাৰিম তোক৷
ৰাতি নৌপুৱাতেই কিয় ডাক দিলি
ধনে এৰি গ’ল মোক৷

এসময়ত অসমৰ কৃষিজীৱী গ্ৰাম্য সমাজৰ নাৰীসকল বহু পৰিমাণে স্বাধীন আৰু সংস্কাৰমুক্ত আছিল৷ অসমৰ চহা নাৰীয়ে বিহুনামৰ জৰিয়তে বিভিন্ন উপমাৰ সহায়ত পুৰুষৰ দেহ সৌষ্ঠৱ বৰ্ণনা কৰাই নহয়, সমাজৰ নিয়ম ভাঙি প্ৰেমাস্পদৰে অবৈধ অভিসাৰত লিপ্ত হোৱাৰ কথাও সদম্ভে ঘোষণা কৰি গৈছে৷ কালক্ৰমত এই চহা নাৰী [লগতে পুৰুষ]সকলক এচাম জাত্যভিমানীয়ে সংস্কাৰৰ শিকলিৰে বান্ধি-কুন্ধি থ’ব খুজিছিল বাবেই বিহুনামত ফুটি উঠিছিল প্ৰতিবাদী সুৰ–‘তোৰো মনে গ’লে, মোৰো মনে গ’লে, কি কৰিব অজাতি কুলে?’
ইংৰাজ আগমনৰ পাছত অসমত আধুনিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’লেও বিহুনামত উল্লিখিত ‘অজাতি কুল’ অৰ্থাৎ তথাকথিত উচ্চবৰ্গৰ অসমীয়া নাৰীসকল কিন্তু সংস্কাৰৰ লেটাতে আৱদ্ধ হৈ থাকিল৷ পাশ্চত্য সাহিত্যৰ প্ৰভাৱত অসমীয়া সাহিত্যত নৱন্যাস আন্দোলনৰ সূচনা হ’লঃ ‘জোনাকী যুগ’ৰ চন্দ্ৰকুমাৰ আগৰৱালাই ‘মাধুৰী’ক লৈ, লক্ষ্মীনাথ বেজবৰুৱাই ‘মালতী’ক লৈ মহা উৎসাহেৰে প্ৰেমৰ কবিতা লিখিলে, কিন্তু তেওঁলোকৰ সমসাময়িক কবি নলিনীবালা দেৱীক জানো কোনোবা পুৰুষক লৈ কবিতা লেখিবৰ বাবে তৎকালীন সমাজ আৰু পৰিৱেশে উৎসাহ বা সাহস যোগালে? অকালতে স্বামী হেৰুওৱা নলিনীবালা দেৱীয়ে তেওঁৰ আত্মিক বা দৈহিক অনুৰাগক হেঁচা মাৰি থৈ ভাৰতীয় দৰ্শনৰ জন্মান্তৰবাদ, কৰ্মফলবাদৰ শৰণাপন্ন হ’বলৈ বাধ্য হ’ল৷ নলিনীবালাই জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা ‘ভগৱান’ৰ ওচৰত বিচৰাৰ বাদে অন্য কোনো উপায় নাছিল –‘নেজানো একোকে মই, উৱাদিহ নাপাওঁ বাটৰ, তুমিয়েই হ’বা মোৰ, অসীমৰ চিৰ লগৰীয়া’৷
পশ্চিমীয়া আধুনিকতাই ৰহনাই যোৱা পৰম্পৰাগত অসমীয়া সমাজত পুৰুষ এজনে নাৰী এগৰাকীৰ প্ৰতি আৰ্কষিত হৈ সেয়া কবিতাৰে মুক্ত কন্ঠে ঘোষণা কৰাটো সহজ হৈ উঠিলেও সংস্কাৰৰ পিঞ্জৰাতে আৱদ্ধ হৈ থকা নাৰীয়ে তেনে কৰাটো অসম্ভৱ আৰু অকল্পনীয় আছিল৷ সেয়ে সৌসিদিনালৈকে আধুনিক শিক্ষাৰে শিক্ষিত কোনো মহিলা কবিয়ে পুৰুষৰ প্ৰতি হৃদয়ত উদগম হোৱা অনুৰাগক লৈ কবিতা লিখা পৰিলক্ষিত নহৈছিল, একালৰ চহা অসমীয়া নাৰীৰ দৰে দৈহিক দাবীৰ বিষয়ে মুকলিকৈ কোৱাটো দূৰৈৰ কথা৷

00

আধুনিক শিক্ষিত সমােজ যতীন দুৱৰা, গণেশ গগৈ আদিৰ দৰে কবিক ইন্দ্ৰিয় বিলাসী কবি বুলি সমালোচনা কৰিলেও তেওঁলোকৰ কবিতা আপোন মহিমাৰে উজলি থাকিল৷ পৰৱৰ্তী কালত দেৱকান্ত বৰুৱাই যেতিয়া বিয়াৰ দহদিনৰ পূৰ্বে প্ৰেয়সীক মাজনিশা অভিসাৰৰ বাবে কলংপাৰলৈ আমন্ত্ৰণ জনাই কবিতা লেখিলে, তেতিয়া শিক্ষিত অসমীয়া মধ্যবিত্ত পাঠকসমাজ মনে মনে থাকিবনে? সেই শুচিবায়ুগ্ৰস্ত তথাকথিত শিক্ষিত পাঠকচামে দেৱকান্তকো পাপী আৰু ব্যভিচাৰী বুলি ৰক্ষণশীল নৈতিক দৃষ্টিকোণৰ পৰা গালি-গালাজ কৰাৰ কথা ক’ৰবাত পঢ়িছো৷ কিন্তু, সমাজবিজ্ঞানৰ আলোকত পৰ্যবেক্ষণ কৰিলে এয়া পৰিষ্কাৰ হয় যে দেৱকান্তই অসমীয়া প্ৰেমৰ কবিতাত প্ৰচলিত হৈ অহা ৰহস্যবাদী বা ভগবতমুখী ঢাকোন গুচাই মুকলি ভাষাৰেই দৈহিক কামনা-বাসনাৰ জয়গান গোৱাটো তেওঁৰ ব্যক্তিগত চৰিত্ৰৰ বৈশিষ্ট্য নাছিল, এখন আধুনিকমুখী সমাজৰ বৈশিষ্ট্যহে আছিল৷ কোনোবা এজন সমালোচকে যথাৰ্থ ভাবেই কৈছিল যে কবিতাত এটা নতুন ধাৰা প্ৰবৰ্তন কৰাটো প্ৰয়োজন হৈ পৰিছে, যি ধাৰাটোৰ মূল কথা হ’ব exaltation of the body…৷ বহু যুগৰ পূৰ্বেই ইউৰোপীয় সাহিত্যই ভাৱ আৰু লিৰিকত বিৰক্ত হৈ এনে কবিতা বিচাৰিছিল, যি কবিতাই প্ৰচলিত ভণ্ডামি এৰি তাৰ মানুহৰ হৃদয়ৰ অকাট্য সঁচাকহে স্বীকাৰ কৰিব, যি Sensualityক পাপ বা অপৰাধ বুলি নাভাবি মানুহৰ সকলো ধৰ্মৰ ওপৰৰ স্বভাৱধৰ্ম বুলি ভাবিব৷
সন্দেহ নাই, এই আধুনিকমুখী অসমীয়া সমাজখনে অসমীয়া কবিতাত ধীৰে ধীৰে প্ৰৱেশ কৰা মানুহৰ চিৰন্তন প্ৰবৃত্তি যৌনতাক সহজভাৱেই গ্ৰহণ কৰিব ধৰিলে৷ ফলত নৱকান্ত বৰুৱাৰ দৰে অগ্ৰণী কবিৰ কবিতাত ‘ই যে প্ৰৌঢ়া ৰমণীৰ ৰমণ বিলাস, অনভিজ্ঞ কিশোৰৰ সৈতে’ জাতীয় বাক্যংশও উপলব্ধ হ’ল৷ ‘ৰামধেনু যুগ’ৰ হোমেন বৰগোহাঞিকে ধৰি কেইবাজনো বিশিষ্ট কবিৰ কবিতাত যৌনতাৰ বিভিন্ন অনুষংগ এক নিৰ্দিষ্ট পৰিসীমালৈকে সুলভ হৈ পৰিল৷

00

অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত দেৱকান্ত বৰুৱাই দৈহিক কামনা-বাসনাৰ জয়গান গাই পাপ-পূুণ্য সম্পৰ্কীয় তৎকালীন ৰক্ষণশীল ধাৰণাবোৰত যি ভূমিকম্পৰ সৃষ্টি কৰিছিল, তাতোকৈ এক শক্তিশালী ভূমিকম্পলৈ আমি ৰ’ব লগা হ’ল বহু বছৰ৷ সেই ভূমিকম্প সৃষ্টি কৰিলে সাম্প্ৰতিক অসমৰ জনপ্ৰিয় কবি নীলিম কুমাৰে, তেওঁৰ বহু চৰ্চিত আৰু বহু বিতৰ্কিত ‘অপ্ৰজনন’ কবিতাটিৰে৷ ‘অপ্ৰজনন’ কবিতাটিৰ শিল্পগুণ কেনে পৰ্যায়ৰ বা কবিতাটি তেওঁ কি উদ্দেশ্যৰে লিখিছিল, সেয়া অন্য এক আলোচনাৰ বিষয় ৷ কিন্তু, এই কবিতাটিক লৈ চৰ্চা আৰু বিতৰ্ক এতিয়াও মাজে-সময়ে প্ৰত্যক্ষ কৰো৷ ‘অপ্ৰজনন’ সৃষ্টিৰ পাছৰে পৰা অৰ্থাৎ নবৈ দশকৰ শেষলৈ অসমীয়া কবিতাত যৌনমুক্তিৰ বিস্ফোৰণ ঘটিল বুলিয়েই ক’ব পাৰি৷ সন্দেহ নাই যে বিশ্বায়ন, উদাৰ অৰ্থনীতি, ম’বাইল, কেবল টিভি, ইণ্টাৰনেট আদিয়ে আমাৰ সামাজিক আৰু ব্যক্তিগত জীৱনলৈ এক অভাৱনীয় পৰিৱৰ্তন কঢ়িয়াই আনিলে৷ সলনি হ’ল পুৰাতন মূল্যবোধ, সলনি হ’ল কেতবোৰ ধ্যান-ধাৰণাও৷ ঘূণেধৰা ৰাজনীতি, ধৰ্মীয় ভণ্ডামি, অৰ্থহীন সংস্কাৰ আদিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈ বহুতে কবিতাকে অস্ত্ৰ হিচাবে গ্ৰহণ কৰিলে৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, অসমৰ মহিলা কবিসকলেও এই পৰিৱৰ্তিত সামাজিক প্ৰেক্ষাপটত নিজৰ আত্মিক বা দৈহিক অনুৰাগক নিঃসংকোচে প্ৰকাশ কৰিবলৈ সাহস আহৰণ কৰিলে৷ [‘ৰামধেনু যুগ’ বা তাৰ পৰৱৰ্তী কালত নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্যৰ সমকক্ষ এগৰাকীও মহিলা কবি অসমত সৃষ্টি নোহোৱাৰ অন্তৰালত তৎকালীন স্থিৰ আৰু শীতল সামাজিক-সাংস্কৃতিক পৰিৱেশেই ক্ৰিয়া কৰিছিল নেকি, সেয়াও বিচাৰ্য বিষয়৷] দৃষ্টান্ত স্বৰূপে লুটফা হানুম চেলিমা বেগমৰ এটি কবিতাৰ কথা ক’ব পাৰো–‘মোৰতো কোনো দোষ নাই, হৃদয়ে সাজিব খোজে এটি ঘৰ, হৃদয়ে ৰুব খোজে এজোপা গছ, হৃদয়ে কটাব খোজে এটি নিশা, কজলা পানীৰ নদীখনৰ পাৰতে, আচলতে কিজানি মোৰ হৃদয়ে, তিতিয়েই থাকিবলৈ বিচাৰে, নদীখনৰ বুকুৰ আন্ধাৰতে৷’ ঈষৎ কাৰুণ্যৰ মাজেৰে হ’লেও কবিয়ে ইয়াত দেহজ তৃষ্ঞাই ব্যক্ত কৰিছে৷ কাব্য নিৰ্মিতিৰ ক্ষেত্ৰত অদ্যপি পৰিপক্কতা অৰ্জন কৰিব নোৱাৰিলেও মণিকুন্তলা ভট্টাচাৰ্যৰ কবিতাৰ বিষয়বস্তুৱে কিন্তু অসমীয়া কাব্য সাহিত্যত নতুনত্বৰ সূচনা কৰিছিল–‘তথাপি চিত্ হৈ পৰি, মুদি দিলো দুচকু, জানো, পুৰুষ মানেই নাঙলৰ ফাল৷’

00

নীলিম কুমাৰৰ কবিতাত ৰুবী গুপ্তাৰ অন্তৰ্বাসে প্ৰতীকি ৰূপ লৈ প্ৰৱেশ কৰাৰ বাবে যিসকল অসমীয়া শিক্ষিত পাঠকে ভাৰতীয় সনাতন মূল্যবোধৰ দৃষ্টিকোণৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেখেতসকলে শেহতীয়া ইংৰাজী কবিতাসমূহ নালাগে, আমাৰ সমাজ-সংস্কৃতিৰ সৈতে নিকট সাদৃশ্য থকা বাংলা ভাষাৰ শেহতীয়া কবিতাবোৰ পঢ়ি উঠিয়েই হয়তো পৰাচিত হ’ব লাগিব বুলি ভাবিব৷ কাৰণ, অসমীয়া কবিতাত শেহতীয়াকৈ যৌনমুক্তিৰ বিস্ফোৰণ ঘটা পৰিলক্ষিত হ’লেও এই বিস্ফোৰণৰ তীব্ৰতা আধুনিক বাংলা কবিতাত সংঘটিত যৌনমুক্তিৰ বিস্ফোৰণৰ তীব্ৰতাতকৈ বহুগুণে কম৷ অসমীয়া কবিতাত যৌনতাই প্ৰকৃতাৰ্থত শিল্পগুণ লাভ কৰিছে নে নাই, সেই আলোচনা পাছলৈ থৈ এতিয়া কেৱল কওঁ যে অসমীয়া কবিতাত নাৰীৰ অন্তৰ্বাসহে প্ৰৱেশ কৰিছে, আধুনিক বাংলা কবিতাত নৰ-নাৰীৰ গোপনাংগ, মৈথুনৰ প্ৰসংগ আদিও শিল্পমণ্ডিত ৰূপ লৈ প্ৰৱেশ কৰিছে৷ যোৱা দুবছৰমান বাংলা ভাষাৰ নতুন প্ৰজন্মৰ কেইবা গৰাকীও জনপ্ৰিয় কবিৰ বহুসংখ্যক কবিতা পঢ়ি আমি অনুভৱ কৰিছো যৌনতাৰ অন্য এক শৈল্পিক স্বাদ৷ বহু আধুনিক বাংলা কবিৰ বাবে যৌনতা হ’ল আত্ম উন্মোচন আৰু আত্ম জিজ্ঞাসাৰ পথ৷ তেওঁলোকৰ বাবে যৌনতাৰ স্থান কেৱল দেহত নহয়, মেধাতো৷
অসমীয়া কবিতাত যৌনাংগৰ প্ৰতিশব্দ[প্ৰতীক]ৰূপে নাঙল, পৃথিৱী, পাহাৰ আদিৰ দৰে শব্দহে ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়৷ বাংলা কবিতাত দেখিছো, আকাৰগত সাদৃশ্যক লৈয়ে পুৰুষাংগৰ প্ৰতিশব্দৰূপে ৰিভলভাৰ, কলম, মিচাইল, জ্বলন্ত মমবাতি, দুই বেটেৰীৰ টৰ্চ, বেটবল আদি বহুলভাৱে ব্যৱহৃত হৈছে৷ এই প্ৰতিশব্দসমূহৰ ভিতৰত আকৌ কলমৰ ব্যৱহাৰ সকলোতকৈ বেছি৷ এটি উদাহৰণঃ ‘কেউ তো মাজা তুলে ঢোকাল ঘুর পাকে, কেউ বা চুপাচুপি…কলমখানি খাসা [স্বাগতা দাসগুপ্ত] সেইদৰে নাৰীৰ যোনিক তুলনা কৰা হয় চেৰাপুঞ্জিৰ সৈতে–‘তিনি এক বৃষ্টির দেবতা, মাঝেমধ্যে আমার ঘরে আসেন, তাঁর আঙুল থাকে, চেৰাপুঞ্জির মেঘ নামে ঘরে৷’ [অদিতি বসুরায়]৷ নাৰীৰ স্তনে কবিতাত প্ৰতীক ৰূপ লৈছে এইদৰে–‘টাইট টাইট বউঝিরা আরও দুটো করে কচুরির অৰ্ডার দেয়৷’ [যশোধরা রায়চৌধুরী] নাৰীদেহৰ প্ৰতিশব্দ ৰূপে ব্যৱহৃত হৈছে ‘মাল’, ‘ৰঙ্গিলা’ আদি শব্দ৷ অধিক কি–বাংলা কবিতাত নিঃসংকোচে উচ্চাৰিত হৈছে মৈথুন-মুহূৰ্তৰ শব্দও–‘ঠাপাও বাবু, ঠাপাও আরও গভীর রসে নামি…’ [স্বাগতা দাসগুপ্ত]৷

00

আধুনিক বাংলা কবিতাত উপলব্ধ যৌনতাৰ বিষয়ে আৰু কিছু কথা আলোচনা কৰিব বিচাৰিছো, যাতে আমাৰ একাংশ সদাশয় পাঠকে চুবুৰীয়া ৰাজ্যখনৰ কবিতাৰ শেহতীয়া গতিধাৰা সম্পৰ্কে এক থুলমূল ধাৰণা কৰিব পাৰে৷ এইখিনিতে এটা প্ৰশ্ন স্বাভাৱিকতে উঠিব পাৰে, সম্প্ৰতি সমগ্ৰ বিশ্বৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখন স্থ²ল অৱসৰ বিনোদন আৰু ভোগমত্ততাৰ মাধ্যমলৈ ৰূপান্তৰিত হোৱাৰ সময়ত সাম্ৰাজ্যবাদৰ বোকোচাত উঠি অহা বিশ্বায়নে নৱ প্ৰজন্মৰ বাংলা কবিসকলকো বজাৰমুখী আৰু ভোগবাদী কৰি তুলিছে নেকি? এই প্ৰশ্নৰ উত্তৰ দিব পাৰি আন এটা প্ৰশ্নৰেঃ মানুহে সাধাৰণতে অশ্লীল বা অবাচ্য কেতিয়া উচ্চাৰণ কৰে? নিঃসন্দেহে খং আৰু ক্ষোভত, কেতিয়াবাহে আনন্দ আৰু আৱেগত৷ সৌদিনালৈকে বাওঁপন্থী চৰকাৰৰ ছত্ৰছায়াত থকা পশ্চিমবংগৰ একাংশ জনগণৰ চিন্তা-চেতনাত এতিয়াও সমাজবাদী আদৰ্শ সক্ৰিয় হৈ আছে আৰু এনে আদৰ্শৰ দ্বাৰা পৰোক্ষ বা প্ৰত্যক্ষভাৱে প্ৰভাৱান্বিত কিছুমান কবিৰ কবিতাত অবাচ্য অৰ্থাৎ স্লেং শব্দ খং, ক্ষোভ, হতাশা, নৈৰাশ্যৰ প্ৰতীক ৰূপেই উচ্চাৰিত হৈছে৷ হয়তো অশ্লীল শব্দ উচ্চাৰণেৰে স্বাধিকাৰৰ চৰম প্ৰকাশ সম্ভৱপৰ বুলি ভাবিয়েই অতনু ভট্টাচাৰ্যই স্থিতাৱস্থাৰ বিৰুদ্ধে এনেদৰে বিদ্ৰোহ ঘোষণা কৰিছে–‘তুমি রাষ্ট তুমি যন্ত্ৰ ক্ষুরে ক্ষুরে পেন্নাম করি হে৷’ সেইদৰে মান্দাক্ৰান্তা সেনে বিপ্লৱী কবিৰ ভণ্ডামি উদঙাই দিছে এইদৰে–‘প্ৰতিষ্ঠানের বুক থেকে দুধ টানছ, প্ৰতিষ্ঠানের বুকেই আঘাত হানছ, বিপ্লৱী কবি বলছে তোমাকে পাবলিক, আসলে তো তুমি আগপাশতলা, বানচোদ৷’
পুৰুষসকলে ইমানদিনে নাৰী দেহক পণ্য হিচাবেই ব্যৱহাৰ কৰি আহিছিল৷ পুৰুষপ্ৰাধন্য সমাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈ বা নাৰীৰ স্বাধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ নাৰীয়ে কবিতাত যৌনতাকে হাতিয়াৰ কৰি লৈছে–‘তোমার সব মাতাব্বৰি উলটে রেখে দেব৷ ওই সময় বুঝেছ তো এমন খাটাব, না/ কুত্তার মতো জিভে দিয়ে ঘাম ঝরাব তোমাৰ৷’ [স্বাগতা দাসগুপ্তা] যুগে যুগে নাৰীদেহ পুৰুষৰ ক্ৰীড়নক হৈ আহিলেও আধুনিক নাৰীয়ে পুৰুষদেহক ক্ৰীড়নক হিচাবে ভাবি মৈথুনৰ মুহূৰ্তত পুৰুষৰ ঘাম বাহিৰ কৰি দিম বুলি কোৱাটোৱে নাৰীস্বভাৱৰ প্ৰচলিত ধাৰণাটোৱেই ওলট-পালট কৰি দিলে৷
আমাৰ অসমীয়া কবিসকলে যৌনতাক প্ৰতিবাদৰ ভাষা হিচাবে ব্যৱহাৰ কৰি সাৰ্থক কবিতা লিখা অদ্যপি চকুত পৰা নাই৷ বহু অসমীয়া কবিৰ কবিতালৈ যৌনতা আহিছে, কিন্তু সেই যৌনতা বহু পৰিমাণে স্থুল আৰু ভোগবাদৰ বাৰ্তাবাহক৷

00

‘জোনাকী যুগ’ৰ পৰৱৰ্তী অসমীয়া কবিসকল পুৰণি ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল আছিল যদিও তেওঁলোকক কেতবোৰ যুগান্তকাৰী সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনে প্ৰভাৱান্বিত কৰিছিল৷ ভৱানন্দ দত্তৰ মতে–‘গোটেই অসমীয়া সমাজখনক তেওঁলোকে পুৰণি নানা কু-সংস্কাৰৰ পৰা মুক্ত কৰি উদাৰনৈতিক মানৱতাৰ ভেটিত গঢ়ি তুলিবলৈ বিচাৰিছিল [অসমীয়া কবিতাৰ কাহিনী]’৷ কুৰি শতিকাৰ চল্লিশৰ দশকৰ পৰা অসমীয়া কবিতাই আধুনিকতাৰ নতুন অনুশীলন আৰম্ভ কৰিছিল৷ ভাৰতীয় সমাজ জীৱনত মহাযুদ্ধৰ বাতাবৰণ আৰু স্বাধীনতা সংগ্ৰামৰ বিভিন্ন ঘটনাৰাজিয়ে মানুহৰ মন-মানসিকতাৰ আমূল পৰিৱৰ্তন ঘটোৱাত পৰম্পৰাগত মূল্যবোধৰ ওপৰত আস্থা হেৰুৱাই কবিসকলে ৰোমান্টিক ভাৱ-অনুভূতিৰ পৰা অাঁতৰি আহি সামাজিক বাস্তৱতাক অঁাকোৱালি লৈছিল৷ এই সময়ছোৱাৰ অসমীয়া প্ৰগতিশীল কবিসকলে কয়লাখনিৰ বনুৱা, বেশ্যা, অৱস দেহৰ ৰিক্সাৱালা, মগনীয়া, কুলি আদিক কবিতাত সামৰি ল’লে৷ ধীৰেন দত্ত [কাঠমিস্ত্ৰীৰ ঘৰ], কমল নাৰায়ণ দেৱ, চক্ৰেশ্বৰ ভট্টাচাৰ্য [মাথোন এখন নোট], ভৱানন্দ দত্ত [ৰাজপথ], অমূল্য বৰুৱা [বেশ্যা], ৰাম গগৈ, কেশৱ মহন্ত আদি কবিকণ্ঠ শোষণ-বঞ্চনা-বৈষম্য আদিৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিল৷ সন্দেহ নাই, আধুনিক অসমীয়া কবিতাৰ লগতে সাহিত্যৰ অন্যান্য শাখাৰ পূৰ্ণ বিকাশ ঘটে ‘ৰামধেনু যুগত’৷ এই যুগৰ সাহিত্যৰ প্ৰধানতঃ দুটা ধাৰা আছিল– এটা প্ৰগতিমুখী আৰু আনটো হৃদয়মুখী৷ ‘ৰামধেনু যুগ’ৰ উত্তৰ কালতো সমাজমুখী কাব্য ধাৰাৰ এটা নতুন অভু্যদয় হোৱাৰ কথা ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী [ষষ্ঠ খণ্ড]’ত কবীন ফুকনে উল্লেখ কৰিছে৷ এই সময়ছোৱাৰ কবিসকলে আধুনিক অসমীয়া কবিতাৰ সূচনা কালৰ ভৱানন্দ দত্ত, অমুল্য বৰুৱা আদি প্ৰগতিশীল কবিসকলৰ সমাজ সচেতন দৃষ্টিভংগীক আদৰি লৈ কবিতা সৃষ্টিত মনোযোগ দিলে৷ স্বৰাজোত্তৰ কালৰ আমাৰ সমাজৰ শোষিত-তোষিত-বঞ্চিত মানুহৰ কৰুণ চিঞৰটো এওঁলোকৰ কবিতাত প্ৰতিধ্বনিত হৈছিল৷ সত্তৰ দশকৰ পৰা নবৈ দশকৰ শেষলৈকে, অন্য অৰ্থত মধ্যম আন্দোলনৰ পৰা আলফাৰ উত্থানলৈকে অসমীয়া কবিতাত প্ৰতিবাদৰ সুৰ চকুত লগাকৈ পৰিলক্ষিত হৈছিল যদিও লাহে লাহে সেই সুৰ স্তিমিত হৈ আহিল৷ সমালোচক আনন্দ বৰমুদৈৰ ভাষাত অসমীয়া কাব্য ইতিহাসত সূচনা হ’ল ৰোমান্টিকতাৰ দ্বিতীয় Îজাঁৱাৰ৷ দুৰ্ভাগ্যজনকভাৱে এই সময়ছোৱাতে অসমীয়া কবিতালৈ বিপৰ্যয়ো নামি আহিল, অসমীয়া কবিতাৰ মানক লৈ সমালোচক আৰু কাব্য ৰসিকসকল উদ্বিগ্ন হৈ উঠিল, ‘কবিতা-অকবিতা’ জাতীয় দীঘল বিতৰ্কৰ সূচনা হ’ল৷ ইয়াৰ কাৰণ হিচাবে আমি স্থানান্তৰত উল্লেখ কৰিছোৱেই যে সমগ্ৰ বিশ্বৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখন স্থ²ল অৱসৰ বিনোদন আৰু ভোগমত্ততাৰ মাধ্যমলৈ ৰূপান্তৰিত হোৱাৰ সময়ত, সাম্ৰাজ্যবাদৰ বোকোচাত উঠি অহা বিশ্বায়নে নৱ প্ৰজন্মৰ লেখকসকলক বজাৰমুখী আৰু ভোগবাদী কৰি তুলিছে৷ আঙুলিৰ মূৰত গণিব পৰা এমুঠিমান কবিক বাদ দি সৰহসংখ্যক কবিয়েই [হৰেকৃষ্ণ ডেকাদেৱৰ বক্তব্য ধাৰ কৰি ক’বলৈ গ’লে] ‘তুমি-মই’ৰ সংকীৰ্ণ বৃত্তত আবৰ্তিত হৈ আছেঃ য’ত সামাজিক দায়বদ্ধতা, মানৱিক মূল্যবোধ, গভীৰ অন্তৰ্দৃষ্টি আৰু সাৰ্থক কবিতা নিৰ্মিতিৰ বাবে প্ৰয়োজনীয় সাধনা অনুপস্থিত৷ অনুকৰণ আৰু হনুকৰণপ্ৰিয়তাৰ কথা নক’লোৱেইবা৷ ‘তুমি-মই’ৰ সংকীৰ্ণ বৃত্তটোত আবত্তিত হৈ থকা কবিসকলৰ কবিতালৈ যৌনতা আহিছে এক তৰল দেহজ আৱেগ-অনুভূতিৰ মাধ্যম হৈহে, কোনো প্ৰতিবাদ বা মহিমামণ্ডিত শিল্পৰ মাধ্যম হৈ নহয়৷ কোনো এজন কবিৰ কাৰোবাৰ প্ৰতি কাম বাসনা জাগ্ৰত হৈছে আৰু সেয়া তেওঁ খাৰাংখাচভাৱে কবিতা[?]ৰে প্ৰকাশ কৰিছেঃ এই বিপজ্জনক ধাৰা অব্যাহত থাকিলে অসমীয়া কবিতাত যৌনতাই কেতিয়াও শিল্প ৰূপ নাপাব, ই বজাৰমুখী পণ্যই হৈ থাকিব৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Hemanta nath
4 years ago

Val lagil