”কাব্য সাহিত্য বিশেষ” কবিতা— এক অপ্ৰতিৰোধ্য অনুষ্ঠান (কৌস্তুভমণি শইকীয়া দত্ত)

 

 

মোৰ হৃদয়ে স্বীকৃতি দিয়ে, কবিতাক এক অপ্ৰতিৰোধ্য অনুষ্ঠানৰূপে। ই বিশ্ব ইতিহাসৰ সকলোতকৈ প্ৰাচীন অনুষ্ঠান। ই সীমাবদ্ধতাৰ বিপৰীতে অসীম, অস্থায়ীৰ বিপৰীতে চিৰস্থায়ী। ই বিশ্বৰ প্ৰতিজন মানুহৰ হৃদয়ে হৃদয়ে বাসকৰা অনুষ্ঠান।

একোটা কবিতা মানুহৰ মনঃস্তত্বৰ একোখন ক্ষুদ্ৰ ইতিহাস। এছোৱা সময়ৰ এজাক মানুহ, প্ৰকৃতিৰ ঐশ্বৰ্য আৰু মানুহৰ হৃদয়ৰ আকুল আবেগ সামৰি কবিতাৰে সৃষ্টি হয় এক স্বচ্ছ দলিল। তাত ফুটি উঠে লোকাচাৰ, সমাজৰ প্ৰতিবিম্ব, প্ৰকৃতি, সংস্কৃতি, জীৱন, মৃত্যু, ভালপোৱা, বিচ্ছেদ, আধ্যাত্মিকতা, অৰ্থনৈতিক, ৰাজনৈতিক পৰিস্থিতিৰ সংক্ষেপ অথচ দীপ্ত বৰ্ণনা।

আচলতে কবিতা হৈছে জীৱনৰ সংগীত। আমাক জীৱনে যি শিকাই, যি অনুভৱ দি যায়, তাক কবিতাই সুৰময় ৰূপ দি প্ৰকাশ কৰে। কবিতাই কোনো সীমান্তৰ কথা নিচিনে, কবিতাৰ কোনো শাসক নাই, ৰাজধানীও নাই, কোনো দেশ নাই। হয়, অনুভূতিয়ে কবিতাৰ ৰূপ পাবলৈ বহু ভাষা আছে। কিন্তু, কবিতা যদিও শব্দ আৰু ভাষাৰে প্ৰকাশ কৰা হয়, ইয়াৰ প্ৰকৃত মাধ্যম হৈছে কাব্যিক চিন্তন আৰু অনুভৱ (poetic ideas )। বহুবাৰ অনুভৱ কৰিছোঁ, কবিতা জন্মতে অদৃশ্য। যেতিয়া এক সুতীব্ৰ অদৃশ্য অনুভৱে হৃদয়-তন্ত্ৰী জোকাৰি যায়, কবিয়ে তাৰ কিছু অংশ শব্দৰে প্ৰকাশ কৰে। মানুহে তাৰ বাহ্যিক ৰূপটো দেখে। কবিতাটিৰ সফলতা বা বিফলতা নিৰ্ভৰ কৰে প্ৰকাশ শৈলীৰ নিপুণতাৰ ওপৰত। (প্ৰকাশ শৈলী এক কলা। সেই কলা স্বতঃস্ফুৰ্ত নহয়, মানৱৰ সাধনা সৃষ্ট। ই এক পৃথক প্ৰসংগ।) যিসকল লোক কবি নহয়, তেওঁলোকে নিজৰ অজানিতেই এটা চিৰন্তন কবিতাৰ বোজা হৃদয়ত ধাৰণ কৰে। চেষ্টা কৰি কবিতা লিখিব নোৱাৰি। ই অনুভূতিৰ সংস্পৰ্শত স্বতঃস্ফুৰ্তভাৱে জন্ম হয়। অনুভৱত সিক্ত অদৃশ্য কবিতাটিক শব্দ বা ভাষাৰ প্ৰয়োগেৰে মাত্ৰ দৃশ্যমানহে কৰা হয়।

মোৰ অপৈণত অনুভৱত কবিতা যেন এক প্ৰাচীন অদৃশ্য নৈ… য’ত আমি অবিৰাম সাঁতুৰি আছোঁ-

কবিতা

প্ৰাচীন নৈখন

বৈ আহিছে তোমাৰ মুখেৰে।

বৈ আহিছে তোমাৰ বুকুৰে।

লজ্জাৰ সকলো সীমা ভেদি

অদ্ভুত এক শিঁহৰণ তুলি

পবিত্ৰ ধাৰাই চুই গৈছে তোমাৰ মধ্যদেশ।

 

এজাক প্ৰেমিকৰ বহু সুখ বহু দুখ বহু হাঁহাকাৰ

বোৱাই আনিছে তোমাৰ তেজলৈ।

 

পূৰ্বপুৰুষৰ মজ্জাৰ গাঢ় ৰঙাবোৰ

আই আৰু দেউতাৰ দেহেৰে

কঢ়িয়াই আনিছে তোমাৰ হাড়লৈ।

তোমাক ধুই নিছে আপাদ-মস্তক।

 

জিৰজিৰাই বৈছে ধৰালৈ।

খোলা ভেদি সোমাইছে ভূগৰ্ভলৈ

জীপলৈ সেউজীয়া হৈছে পৃথিৱী।

 

চঞ্চল ধাৰাৰ এসূঁতি

ৰৈ গৈছিল তোমাৰ কলিজাত-

স্বচ্ছ এখন পতাকাৰ দৰে

উৰি আছে চিৰদিনলৈ.. চিৰদিনলৈ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক