কবিতা (চন্দ্ৰমা কলিতা)

১)তোমালৈ…
তোমাৰ হিয়াৰ বুলনিত খোজ দিব দিয়া এবাৰ
মই সেউজীয়াৰ বাতৰি হৈ বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবি চাব দিবা কাহানিবা,
মই জোনাক হৈ সিঁচি আহিম তাত এধানি সপোনৰ ৰূপালী আভা।
হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে আমি পাতি থাকিম
গুটিমালি ফুলবোৰৰ কথা…
২) স্তৱক..
কিবা এটি টুকুৰা টুকুৰ হৈছিল
বুকুৰ একোণৰ অন্ধকাৰখিনিত।
সেয়া মৃত সপোন এটিৰ অন্তিম স্তৱক আছিল।
৩) তোমালৈ…
মই হেৰাই যোৱা পৰতে,
দুবৰিৰ ভাঁজত আলফুলে গাঁথি থৈ যাম
তোমালৈ থকা মোৰ শেষ বিন্দু মৰম।
সেই মৰম তুমি বুকুত সামৰি ল’লেই,
আকাশ এখনত মই অমৰ হৈ ৰ’ম…
৪)স্তৱক…
তুমি অহাবাটেৰেই উভটি যোৱাৰে পৰা,
কবিতাবোৰ বিষাদৰ স্তৱক মাথো হৈ থাকিল।
খহি পৰা সপোনবোৰৰ মৃতদেহবোৰ সাৱটি
এতিয়া জানো বুকুত ঠাই দিব পাৰি শব্দৰ অমৃতানুভূতিক?
৫)তাই…
তাৰ ধেমালি-ধেমালি লগা কথাবোৰতে এদিন
তাইৰ ৰাংঢালী হিয়াখন ভাগিল।
সপোন বুটলিবলৈ গৈ তাই হাঁহিটো হেৰুৱাই উভতিল।
৬) ঠিকনা..
হৃদয়ে ঠিকনা বিচাৰি হাহাকাৰ কৰাৰ আগেয়েই
মই এটি মৃতদেহ হ’ম।
বন্ধ কৰি ল’ম পোহৰে আমনি কৰাৰ বাট…
আৰু সামৰি থ’ম আকাশৰ সীমনাত সপোন ৰচাৰ হেঁপাহ।।
হৃদয়ে ঠিকনা বিচাৰি হাহাকাৰ কৰাৰ আগেয়েই
মই নিঃশব্দে সমাধিস্থ হ’ম।
৭) বাংময়…
ধুলিয়ে ঢকা আকাশ নিকা কৰিব খুজি
কতবাৰ নামিল বাংময় বৰষুণ…
একেবোৰ কথাই বুকুৰ আপোন বুলিবলৈ
অনুভৱবোৰ কিন্তু আজিও শব্দহীন…
৮) মই…
তোমাৰ বসন্ত বসন্ত যেন লগা ধেমালিটোৰ আঁৰে আঁৰে
এটি কক্ষচ্যুৎ নক্ষত্র হ’লো মই
অথচ,পদুম পাতৰ ছাঁত লালিত-পালিত আছিল এই হৃদয়।
৯)
অভিমানবোৰ খন্তেকীয়া
হিয়াত এটা গান গুণ গুণ
বিভোৰ হৈ কৈয়ে পাওঁচোন
মই ভালপাওঁ বৰষুণ…
—–**—–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments