কবিতা — মোহন বৰুৱা

কবিতা

–মোহন বৰুৱা

তোমাৰ পৰাই আৰম্ভ হয়
হৃদয়ৰ অনিমেষ বন্দনা

সপোনৰ থোপাফুল আৰু ভালপোৱাৰ সুগন্ধি৷

ডেউদি উৰা মাৰে অনুভৱৰ সুহুৰি

সূৰ্য্যোদয় নতুবা সূৰ্য্যাস্ত সকলোতে সানি দিয়ে
এটি মিঠা শিহঁৰণ৷

আকাশৰ মেঁটমৰা সম্ভাৰ,

মেঘৰ অবয়বত যেন চিনাকি মুখৰ জলছৱি;

নৈৰ বাকঁৰিৰ নল-খাগৰিত শুই শুই,

বিলীন হও তোমাতেই
এটি গৰখীয়া সুৰ হৈ৷

অকমাণি ফুল এপাহে
চুমা এটি হৈ উপচাই পেলাই দুগাল৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Gajen Mili
4 years ago

–মোহন বৰুৱাৰ ‘কবিতা পঢ়িলোঁ ৷ ভাল লাগিল ৷