তথাপি মানুহ দ্বীপ (- সমুদ্র কাজল শইকীয়া)

আজি বিহুতলীত ইমান মানুহ! ইমান ভীৰ!
মঞ্চত কোন নাচনীয়ে কেনেকৈ নাচিছে তালৈ নাচাই
মানুহৰ ফাঁকে ফাঁকে বা বনাই ফুৰোঁ।
কিজানিবা দেখা পাওঁ তোক, বুকু খুন্দা মাৰি ধৰে শোক।
ভীৰৰ মাজত তই মোক নেদেখ, মই মানুহটো ইমানেই সৰু।
মানুহবোৰৰ মুখলৈ ৰ লাগি থাকোঁ
মানুহবোৰে কি বুলি ভাবে নাজানোঁ।
ইয়াতে কোনোবাখিনিত তই আছ,
কেনেকৈ কি ৰূপত আছ নাজানোঁ।
সকলোৱেই তোক চিনি পায়। অথচ আটায়ে মিছা মাতে।
আমাৰ লগ হোৱাটো কোনোৱে নিবিচাৰে হবলা। মানুহ চকুচৰহা।
সঁচা কথাটো কোনেও নকয়, কোনেও নিদিয়ে তোৰ ঠিকনা।
কাৰণটো মই জানোঁ, বুকুৰ একোণত সকলো সমানেই অকলশৰীয়া।
কোনে পতিয়াব, কাণখোৱা, কওৱেই বা কাক।
ইমানবোৰ অকলশৰীয়া মানুহৰ জাক!!
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments