কবিতা (চৈয়দা চেমিম জাহান)

Syeda Semim Zahan

 

কবিতা

 

তাই পখী হ’ল
পাখী হ’ল,
পখী হৈ উৰি গ’ল।
আকাশে সুধিলে ক’ত তোমাৰ ঘৰ?
“ঘৰ এৰি আহিলোঁ যে হ’ল ভালে পৰ।”
নদীখন বৈ গ’ল
ৰঙা হ’ল নীলা হ’ল,
তাতে তাই বাৰে ৰহনীয়া হ’ল।
পথাৰখন বতাহে কোবাই গ’ল,
তাই পাহৰিলে
বুকুৰ ধমধমনী যে বাঢ়ি গ’ল।
আলিবাটে ৰিঙিয়ালে,
খোজ ল’বলৈ তাইৰ জানো
কিহৰ অভাৱ হ’ল?
পাক ঘূৰণি খাই খাই
তাই কিযে নাচোন নাচিলে,
বাটৰুৱাই ঘূৰি ঘূৰি চালে,
তাইৰহে ওভটি চাবলৈ
সময় নহ’ল।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক