কবিতা (হিমাংশু অনুপম)

তোমাৰ গুলপিয়া ওঁঠতৰঙা
মদাৰৰ ৰং বোলৱাৰ মোৰ অধিকাৰ নাই।
কঁহুৱাফুলিয়া দুগাল
চুই চোৱাৰ অধিকাৰো মোৰ নাই।

মই জানো
স্পর্শত কিমান মাদকতা সনা থকে
স্পর্শ বিহীনতাত কিমান বেদনা
কিমান দুখ।

 

তুমি কি বুজিবা
মৃণ্ময়ী চাৱনিৰ যন্ত্রণা কিমান
বুকুৰ খৰতকিয়া স্পন্দনৰ পৰিসংজ্ঞা।
জুখিচোৱা হৃদয়ৰ গভীৰতা

সময়ে মোলৈয়ো আনিছিল
সুখৰ হালধীয়া টোপলা এটা।
নৈপৰীয়া বাটটোত থৈ
বিচাৰি ফুৰিছিলোঁ মাছৰোকাৰ বাহ
অদূৰত নাছিল কোনো আঁহতৰ ছাঁ।

এতিয়া উভোতিছোঁ
বাটতো বিচাৰি বিচাৰি
বিষাদৰ গৰাখহনীয়াত
কাহানিবাই জাহ গল নৈৰ বুকুত

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nibir shivam
8 years ago

Enekua kobita likhile kin2 sualibur boliya hoi jabo dei…