কবিতা হেৰাই যোৱা দিনত এটি পুৰণি কবিতা (চন্দ্ৰমা কলিতা)


চন্দ্ৰমা কলিতা
আকাশ এখনত মই…
আকাশখন নিজৰ কৰি লোৱাৰ হেপাঁহত
এদিন আঁতৰাই পঠিয়াইছিলোঁ জোনবাইক
জীৱনেৰে সাঙুৰ খাই পৰিল
আঁউসীৰ ঘনঘোৰ অন্ধকাৰ
অথচ মোৰ প্রিয় আছিল জোনাক!
ভাগৰি ভাগৰি সদায় যুঁজো একেখনি যুঁজত
শূন্যতাই য’ত পলকতে জিনি লয়
জীৱনৰ ব্যতিক্রমী পৰিচয়।
কঠোৰ বাস্তৱে নুবুজে
মৌনতাৰ ম্রিয়মান ভাষা
কোনোবাখিনিত গোপনে বাঢ়ি আহে
পোহৰৰ বাবে আতুৰ কোলাহল…
এমুঠি জোনাকৰ অভাৱত, পলে পলে শেষ হওঁ মই!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments