কবিতা (ৰিপুঞ্জয় চেতিয়া)

(ঘৰৰ পৰা দূৰৈত কর্মৰত সকলৰ হাতত…..)
অ’ অভ্রভেদি নীড়মুখী চৰাইজাক
ক’চোন তই
আহিনীয়া হৈছেনে মোৰ গাওঁখন
এই শৰতত ?
গেঁৰ মেলা পথাৰখন
পদূলিৰ শেৱালিজোপালৈ বৰকৈ
মনত পৰিছেচোন এইকেইদিন,
অ’ বতাহজাক
তইয়েই গৈ ক’বিগৈ দেই
নিমজ হ’ব ধৰা
মোৰ গাঁৱৰ আলিবাটটোক
নিয়ৰসনা পদূলিটোক
আহি আছে শৰতৰ প্রেমিক,
আই-পিতাইকো সেৱা জনাই ক’বি
কুশলে আছোঁ মই,
ভনীজনীকো উলিয়াই দিবলে
বেছিদিন নাই আৰু
তাইৰ হাঁহিটোক সৰিবলৈ নিদিবি
লাগিলে লৈ যা মোৰ
সুখৰ টুকুৰীটোৰ একোণত
থকা অৱশিষ্টকণ,
মইতো এতিয়া
প্রেমিক চৰাই নহয়
গাঁৱৰ ৰংমনো নহয়,
সুখৰ গান এতিয়া
নহয় নিত্য লগৰী
সুৰ তোলা বীণখন
কেতিয়াবাই ছিগিল,
অভিমানী অনুভৱবোৰ
গুছি গ’ল বহু দূৰলৈ,
অ’ কজলা মেঘ
যিমান আছে দুখৰ ডাৱৰ
লৈ আহচোন কাষলৈ
আৱেগৰ টোপালবোৰ
শিল হৈ বৰষিছে,
বুকুত এটুকুৰা জীয়া দাগ
জীৱনৰ লগত বিচ্ছেদৰ,
আইৰ অসুখটো
পিতাইৰ বুকুৰ বিষটো
ভনীজনীৰ তপত হুমুনিয়াহবোৰ
মচিবলে’ মই যে এতিয়া
অলেখ যোজন দূৰত!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments