কবিৰাজৰ ভেল্কিবাজী (-কল্লোল কুমাৰ বৰুৱা)

(সচাঁ ঘটনা)
কিছুবছৰ আগৰ ঘটনা হ’লেও এতিয়াওঁ তাজা হৈ আছে৷ মোৰ লগৰ এটাই ছোৱালী এজনীৰ লগত ভালপোৱাৰ যোৰা লগাবলৈ ভণ্ড কবিৰাজৰ চক্কৰত পৰিলে৷ মইও নিজ চকুৰে তাক বহু নিয়ম বিধান মনা দেখিছিলোঁ৷ পেটে পেটে হাঁহিছিলোঁ৷ বেয়া পায় বুলি সোধাই নাছিলোঁ৷ পিছে যোৰা নালাগেহেই নালাগে৷ ফাইনেলি কথাটো সি আমাক খুলি ক’লে৷ আগতিয়াকৈ প্লেন এটা কৰি নেক্স ভিজিতৰ দিনা কবিৰাজে প্রেচক্রাইব কৰা লোকেশ্ব্যনটোত সময়মতে মইও তাৰ সৈতে গৈ ওলালোঁহি৷ নৈ এখনৰ দাঁতিত৷ আহ্ কি ভৌতিক কাৰবাৰ!! তজ্জাবেৰৰ ঘৰৰ এন্ধাৰ কোঠালিৰ আমাক বহাই লৈ আজৱ ষ্টাইলত চালনিত সৰিয়হ জাৰা আৰম্ভ৷ তাৰপিছত ক’ত যে নাটক৷ দেৱতা (আত্মা) এটাক মাতিলে৷ টিঙৰ চালিত বুকু কপাঁ ধুমধাম আৱাজ কৰি দেৱতা নামি আহিল৷ কোঠালিৰ পিৰাখনৰ নখেৰে নে কি তেনেকোৱাই হাতেৰে তুলি দলিয়াই থেকেছা মৰাৰ শব্দ৷ ভেল্কিবাজীত আমাৰ দুয়োজনৰেই গা সাতখন আঠখন! অদৃশ্য দেৱতাই (:-পি) নাকে মতা সূৰত কথা পাতিলে আমাৰ লগত৷ এটা এটাকৈ উত্তৰবোৰ(!) দি গ’ল৷

কথাটো কিনো কিবা ধৰিবই নোৱাৰালোঁ৷ কথা এটা সুধিবলৈ ৰৈ গ’ল মই বুলি উজুহাত দেখুৱাই আকৌ এবাৰ মাতিব লৈ অনুৰোধ কৰিলোঁ ৷ প্রথমতে নাই নাই দেৱতাজন নাৰাজ হ’ব বুলি কবিৰাজ কোনোমতেই মান্তি নহয় মাতিবলৈ৷ আমিও নাচোৰবান্দা৷ ফাইনেলি কিবা ডাউট মনত ৰাখি মাতিবলৈ বাধ্য হ’ল যেনিবা৷ পুনৰ সেই আগৰ পৰিৱেশ এটা আকৌ ক্রিয়েট কৰিলে৷ চালনি জাৰিছে….চালনিৰ পৰা শব্দবোৰ বাগৰি লাহে লাহে টিঙত শব্দ হ’বলৈ লৈছে৷ এনেতে বাহিৰৰ পৰা “মইৰা গেলাম৷ দেৱতা আমাৰে মাইৰা ফেলাইলোঁ ….আমি আৰ কৰুম না” বুলি বিকট চেপা চিঞৰ শুনা পালোঁ৷ প্রথমাবস্হাত আমি ভয়েই খাইছিলোঁ৷ তাৰ কিছু ছেকেণ্ডৰ পিছতেই বাহিৰৰ গতি বিধি মনেমনে লক্ষ্য ৰাখিৰ বাবে ৰখা মোৰ কাজিন অৰুনাভৰ “দাদা , জলদি ওলাই আহ্, ধৰিলোঁ” বুলি চিনকি মাতটো শুনি বাহিৰলৈ বুলি লৰ মাৰিলোঁ৷ বাহিৰত গৈ ওলাই দেখো মানে ইফালে ভণ্ড কবিৰাজে তেলৰ চাকি তাতে পেলাই পত্রং দিলেই৷ এন্ধাৰে-মুন্ধাৰে মোবাইলৰ টৰ্ছ মাৰি ওলাই চাওঁ যে অৰুনাভে ১৩-১৪ বছৰিয়া পিলিঙা এটাক গবা মাৰি ধৰি আছে ৷অৰুনাভে কয়, দাদা, এইটোৱেই শুকান মাটিৰ চপৰা টিঙত দলিয়াই আছিল৷ আচল ভুতটোকে ধৰিলোঁ৷ ইফালে পিলিঙাই ভাবিছিল ভূতদেৱতাই তাক হে ধৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments