কবিৰ ডিক্ৰং আৰু পালতৰা নাও! (আদিত্য ৰঞ্জন দত্ত)

মহানাগৰিক শূন্যতাৰ মাজেৰে কবিয়ে বিচাৰি যায় ডিক্ৰঙক।

অবাক হৈ বিচাৰে,

যেন বুকুৱেদি বোৱাই নিব ডিক্ৰঙৰ সাতোটা ঢল!

 

এদিন হঠাতে কবি নাইকিয়া হ’ল!

কোনোৱে চিঞৰে কবি হেৰাল,

খেনোৱে বোলে কবি লুকাল

খেনোৱে আকৌ কয় কবি পলাল!

 

নে কবিয়ে আত্মহত্যা কৰিলে,

ডিক্ৰঙৰ এবুকু পানীত জাঁপ দি!

হায় ৰে! সাতুৰিব নজনা মোৰ অজলা কবি!

 

জিঞাৰ পাখিত জীৱন বিচাৰি যায়,

ডিক্ৰঙে উটুৱাই নিয়ে।

কবিয়ে আইতাকৰ সৈতে চোতালত বহি ডষ্টয়েভস্কিৰ সাধু শুনে।

ডিক্ৰঙত যৌৱন বিচাৰি গৈ কবি পগলা হয়।

 

কবিয়ে কয়, “তুমি নাই উৰুঙা উশাহ!”

ডিক্ৰঙৰ পাৰত নিজৰেই এপিটাফ লিখি লিখি

কেন্দুগুৰি গাঁৱৰ মৰিশালিটোত ওলমি ৰয় কবি।

জোনাকী পৰুৱা এটা ঘপককৈ কাণৰ কাষেৰে উৰি যায়।

মৰা কবিয়ে যেন এই চিঞৰিব,

“আমি পোহৰ বিচাৰি যাওঁ!”

 

কবিৰ শৈশৱত লাগি থাকে এটি বিহুগীত

বিহুগীতৰ বগীতৰা এতিয়া ডিক্ৰঙৰ পালতৰা।

কবি ডিক্ৰঙত ডুব যোৱাৰ দিনা পাল শুকুৱাই আছিল পালতৰাৰ মালিকে।

কবিয়ে ঠাউনি পাম বুলি ৰচী এডাল থাপ মাৰি ধৰিছিল।

কাণে কাণে ডিক্ৰঙে ক’লে,

“সেইডাল হেনো ৰচী নহয়,

পালতৰাৰ চুলি এডাল হে!”

 

কবিয়ে মুঠি এৰি দিলে,

ডিক্ৰঙে কবিক উটুৱাই নিলে।

পিছদিনা এজাক উদণ্ড বতাহে পালতৰাক উটুৱাই নি

ডিক্ৰঙৰ পাৰত বলি দিলে।

**********************

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক