কবি (- নিবেদিতা হাজৰিকা )

উৰুখা চালৰ তলত থাকিও তেওঁ কটাব পাৰে

আড়ম্বৰ জীৱন

সেমেকা শেতেলীত বাগৰিও দেখে সুখৰ সপোন

হাঁহি হাঁহি মচি ল’ব পাৰে দুখৰ চকুলো

জীৱনৰ উত্তাল ধুমুহাই চুব নোৱাৰে তেওঁৰ হৃদয়

কোলাহলৰ মাজত থাকিও আঁকোৱালি ল’ব পাৰে নিসংগতাক

বিচৰণ কৰিলেও আধুনিক প্ৰাচুৰ্যৰ মাজত অনায়াসে

বিভোৰ হৈ থাকিব পাৰে কেঁচা মাটিৰ গোন্ধত

গোপনীয়তাৰ আৱৰণ খুলি বিলাই দিব পাৰে

আনে পাতিব নোৱাৰা কথাবোৰ

 

তেওঁৰ হৃদয়ৰ মাজেৰে বৈ থাকে এখন পোহৰৰ নদী

দুচকুত তিৰবিৰাই থাকে প্ৰেম আৰু সেউজীয়াৰ অলেখ আঁক-বাঁক

বাৰে বাৰে তেওঁ অন্ত:সত্ত্বা হয় কবিতাৰে

নৱজাতকক পিন্ধাবলৈ একোযোৰ নতুন পোছাক

প্ৰয়োজন হ’লে কটাই দিব পাৰে একোটা বিনিদ্ৰ ৰাতি

জীৱনৰ স’তে সংগ্ৰাম কৰিও মতলীয়া হৈ থাকে তেওঁ

পৃথিৱীৰ মৰমত

বাৰে বাৰে প্ৰতাৰিত হৈও পুনৰ পৰিব পাৰে প্ৰেমত

তেওঁ যে স্বভাৱসিদ্ধ আজন্ম প্ৰেমিক ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments