কবীন ফুকনঃ শিক্ষক অনন্য (পাৰ্থ প. শৰ্মা)

(শিক্ষক দিৱস উপলক্ষে কবীন ফুকন ছাৰলৈ শ্ৰদ্ধাঞ্জলী সহ)

কুৰি শতিকাৰ সত্তৰৰ দশকৰ পৰা একৈশ শতিকাৰ প্ৰথম দশকৰ মাজভাগমানলৈকে অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয় দুখনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ মহলাত অধ্যয়ণ কৰা শিক্ষাৰ্থী সকলৰ দুজন প্ৰায় সৰ্বকালৰ শ্ৰেষ্ঠ, কিংবদন্তীমূলক শিক্ষক-অধ্যাপক হীৰেণ গোহাঁই আৰু অধ্যাপক কবীন ফুকনক পোৱাৰ সৌভাগ্য হৈছিল৷দুয়োজনৰে দীঘলীয়া সময়ৰ ছাত্ৰ হ’ব পৰা অতি সৌভাগ্যবান মই জনাত ছয়-সাত জনতকৈ বোধহয় অধিক নহয়৷
মই সুৱঁৰিবলৈ আৰু সচেতন ভাবে অনৰবৰতে মনত ৰাখিবলৈ ভাল পোৱা এটা অমূল্য অভিজ্ঞতা হৈছে ডিব্ৰুগড়ত কিছুকাল মই অধ্যাপক কবীন্দ্ৰ নাথ ফুকনৰ ছাত্ৰ আছিলোঁ৷(অধ্যাপক ফুকনে অসমীয়া লেখাত নিজৰ নামটো কবীন ফুকন আৰু ইংৰাজী লেখাত K.N.Phukan ব্যৱহাৰ কৰিছিল৷তেওঁৰ ছাত্ৰ-ছাত্ৰী, সহকৰ্মীৰ মাজত KNP নামেৰে জনাজাত আছিল, সেয়েহে ইয়াতো KNP কেই ব্যৱহাৰ কৰিম)
হাইস্কুলত কোনো এজন শিক্ষকে লবলৈ মানা কৰা কিবা এটা বিষয়ত অলপ কম নম্বৰ পোৱা বাবে তেতিয়াৰ মেট্ৰিক পৰীক্ষাত তেওঁ প্ৰথম স্থান নোপোৱাৰ পিছত সেইজন শিক্ষকক বাকীথকা পৰীক্ষাবিলাকত প্ৰথম হৈ গুৰুৰ মান ৰাখিব বুলি কথা দিয়া ফুকনে স্নাতকোত্তৰ মহলালৈকে কোনো পৰীক্ষাতে কেতিয়াও দ্বিতীয় হোৱা নাছিল৷গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰমহলাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱা প্ৰথম আৰু বহু বছৰলৈকে একমাত্ৰ ছাত্ৰ আছিল ফুকনেই৷ শিক্ষক, গৱেষকৰ ৰূপতো সেই ছাত্ৰজন আছিল অনন্য আৰু অদ্বিতীয়৷ লীডছ বিশ্ববিদ্যালয়ত T.S. Eliotৰ কবিতাকলৈ Ph.D আৰু য়েল(Yale)বিশ্ববিদ্যালয়ত Full Bright Scholar ৰূপে Ezra Poundৰ কবিতাকলৈ ডক্টৰোক্তৰ গৱেষণা কৰিছিল৷ মোৰ হাতত বৰ্তমানে তেওঁৰ ৰচনা একোৱেই নথকা বাবে তেওঁৰ কবিতা, গদ্যৰ আলোচনা এৰি স্মৃতিৰ ভিত্তিত তেখেতৰ শিক্ষক আৰু ব্যক্তিত্বৰ দিশ দুটাহে এই আলোচনাত সামৰিম৷কোৱা বাহুল্য তৰাং অধ্যয়নেৰে তেওঁৰ সাহিত্যিক কাম কাজৰ মূল্যায়নৰ অপচেষ্টা নকৰাই মংগল৷
ছাত্ৰৰ ভালপোৱা আৰু শ্ৰদ্ধা দুয়োটাই সমানে আদায় কৰিব পৰা, সদায় ব্যক্তিত্বৰ বজ্ৰ কঠিন চোলা এটা পিন্ধি থকা মানুহজনক বাহিৰৰ পৰা অতি কঠোৰ আৰু দুৰ্ভেদ্য যেন লাগিলেও তেওঁৰ ওচৰ চাপিব পৰা সকলে তেওঁৰ শিশু সদৃশ্য কোমল আৰু নিকা মনৰ নিশ্চয়কৈ ভূ পায়৷কিন্তু তেখেতৰ কাষ চপা আৰু সান্নিধ্যপোৱাটো এটা জটিল অনুশীলনী৷ কোনোধৰণৰ ভুৱা, কৃত্ৰিমতা আৰু কপটতা প্ৰশ্ৰয় নিদিয়া KNP য়ে নিভাঁজ আগ্ৰহ আৰু অকৃত্ৰিম চেষ্টা নাথাকিলে ভালৰি বোলাবলৈ তেওঁৰ কাষ চপা সকলক ভদ্ৰ ভাবেই অতি কঠোৰ হৈ আতৰাই ৰাখিছিল৷ কিন্ত প্ৰথম শ্ৰেণীৰ লোক স্বাভাৱিকতেই কম হোৱা বাবে তেওঁৰ ঘনিষ্ঠ হ’ব পৰা ছাত্ৰৰ সংখ্যাটোও আছিল তাৰ সমানুপাতিক ৷ছাত্ৰ-ছাত্ৰীৰ প্ৰতি তেওঁৰ মৰম অগাধ আৰু অকপট৷কিন্তু সেই মৰমৰ প্ৰকাশ খং আৰু উৎকৰ্ষপ্ৰয়াসৰ প্ৰত্যাশা- শাসনৰ মাজেৰেহে আমি পাইছিলোঁ৷আন বহুতৰ দৰে ই লেৰেলা মৰম বা দেখুৱাই ভাল পোৱা ধৰণৰ নহয়। কঠিন পাঠসমূহৰ লগত আমি যুঁজ বাগৰ কৰি ভাগৰিলে বা হাৰ মানিব খুজিলে তেখেতৰ “কোনো পাঠেই বুজি নাপাবলৈ লিখা নহয়; মন, মগজুৰ ধাৰাবাহিক কছৰৎ আৰু ব্যাপক মননশীল অধ্যয়নৰ জৰিয়তে সকলো পাঠকেই নিজৰ আয়ত্বলৈ আনিব পাৰি” ৰে পুনৰায় ককালত টঙালি বান্ধিছিলোঁ৷ তেনে পৰ্যায়ত তেখেতৰ সহায় বিচাৰিলে আৰু আমাৰ চেষ্টা, আগ্ৰহ সঁচা যেন পালে এই যুঁজত তেখেত আমাৰ কাষত থিয় দিছিল৷একেদৰে থিয় দিছিল তেওঁ সঁচা বুলি ভবা আন বিপদৰ সময়ত, সজ বুলি ভবা আন্দোলন, প্র্তিবাদৰ বেলা।আন বহুতে বিপদত গা এৰা দিওঁতে বা নিজৰ লোকচান হোৱাৰ ভয়ত প্রতিপক্ষৰ সৈতে লয়-তাল মিলাওঁতে ছাত্ৰ-ছাত্ৰীৰ কাষলৈ আহি প্রহৰীৰ দৰে থিয় হৈছিলহি।তেওঁ প্রকৃততেই আছিল বিপদৰ সময়ৰ বন্ধু, ত্রাণকৰ্তা।
আমি M.A.ৰ প্ৰথম বাৰ্ষিকত থাকোতে এবাৰ তিনিজনজনমান বন্ধুৰে সৈতে তেওঁৰ ঘৰলৈ গৈ প্ৰতি সপ্তাহৰ নিৰ্দিষ্ট এটা আবেলি দুঘন্টামান তেওঁৰে সৈতে কটোৱাৰ প্ৰস্তাব এটা দিছিলোঁ৷ উদ্দেশ্য– শ্ৰেণীকোঠাৰ বাহিৰতো পাঠ্যক্ৰমৰ ভিতৰে বাহিৰে থকা বিষয়ৰ লগতে ভাষা, সাহিত্য, সাহিত্যতত্ব আৰু আনুসংগিক বিষয়ৰ আলোচনা, আমাৰ পঠন আৰু লিখনি উন্নত কৰা৷ তেখেতে ততাতৈয়াকে ইয়াত সন্মতি দিছিল, ঠিক হ’ল প্ৰতি শনিবাৰে বিয়লি দুই বজাত বিশ্ববিদ্যালয়ৰ পুথিভঁড়ালৰ আলোচনাকক্ষত মিলিত হ’ম, দলটোৰ নামাকৰণো তেখেতে কৰিলেঃ Once a Week আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁড়ালৰ আলোচনাকক্ষতো আমাক ব্যৱহাৰৰ অনুমতি দিবলৈ নিজে গ্ৰন্থগাৰিকৰ সৈতে যোগাযোগ কৰি কামটো কৰি দিলে৷ অহাৰ পৰত সচৰাচৰ কৰাৰ দৰে আমাক পদূলিমূৰলৈকে আগবঢ়াই দি আমাৰ উদ্দেশ্যটো তেওঁ ভালপোৱা বুলি পুনৰ দোহাৰিলে৷তেওঁৰ বহালৈ যোৱা প্ৰতিজনকে ওভোটাৰ পৰত পদূলিমূখলৈকে বা তাৰো আগলৈকে আগবঢ়াই দিয়াটো তেওঁৰ অভ্যাস৷ অসমীয়া জাতীয় জীৱনৰ উমাল গুণখিনি তেওঁ সযতনে পালিছিল আৰু বোধহয় তেওঁৰ (অ)সচেতন মনত এটা তীব্ৰ আগ্ৰহ আছিল যে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ মাজেৰেও এই গুণসমূহ প্ৰবাহিত হওক৷ Once a Week বেছ কিছুদিন ভালদৰে চলাৰ পিচত কাৰোবাৰ চক্ৰান্তত সেই আলোচনা বন্ধ হ’ল৷(কিছুমান লোক শিক্ষক হোৱাতকৈ ডকাইত, দালাল হোৱা হ’লেহে বোধহয় দেশ আৰু জাতিৰ বেছি মংগল হ’লহেঁতেন৷) এদিন তাৰে এটা বৈঠকৰ বাবে আমি একেলগে গৈ থাকোতে তেওঁ কিবা এটা বিষয়ে কৈ লগতে কৈছিল “এই বিষয়টোৰ সম্পৰ্কে মই কালিহে কিছু কথা জানিলোঁ৷ মই এই বয়সতহে জানিবপৰা কথাটো তোমালোকে এতিয়াই জনাটো ভাল৷ তাক জানিবলৈ মোৰ বয়সলৈ ৰ’লে জ্ঞান আৰু সভ্যতাৰ বিকাশ লেহেমীয়া হ’ব৷”
কথাই কামে সদায় পোনপটীয়া, একা বেকা বাট মুঠেও পচন্দ নকৰা, গহীন-গম্ভীৰ KNPৰ ব্যক্তিত্বৰ দুটা ৰূপ নাছিল৷ তেখেত সদায়েই গহীন-গম্ভীৰ, স্থিতপ্ৰজ্ঞ৷অতি সত্যনিষ্ঠ, সৎ এই মানুহজনে কিবা এটা কথা বা কাম সঁচা আৰু শুদ্ধ বুলি বিশ্বাস কৰিলে কোনো কাৰণতে, কোনো ক্ষেত্ৰতে এই বিষয়ত কাৰোৰে সৈতে আপোচ নকৰিছিল, প্ৰয়োজনত মোখিক যুঁজ-বাগৰৰ বাবেও পিচনুহুকিছিল৷সত্য আৰু শুদ্ধৰ ক্ষেত্ৰত তেওঁ আছিল নাওঁ বুৰিলেও টিঙৰ পৰা ননমা বিধৰ৷ এটা উদাহৰণ দিওঁ৷ তেওঁ আৰু অতুল চন্দ্ৰ গোস্বামী ছাৰ লীডচ (Leeds) বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সামৰি ভাৰতলৈ অহাৰ বাটত এৰাতি লণ্ডনৰ হোটেল এখনত কটাবলগীয়া হৈছিল৷পুৱা পা-পইচা দি হোটেল এৰি কিছুসময় সাগৰৰ তীৰত কটোৱাৰ সময়তে দুজন পুলিচ বিষয়া আহি তেওঁলোকক হোটেলৰ গাৰু নে বিছনা চাদৰ কিবা এটা চুৰি কৰাৰ অপৰাধত জেৰা কৰি গ্ৰেপ্তাৰৰ প্ৰস্তুতি কৰিছিল৷লগতে পুলিচ দুজনে ওচৰৰ সকলোৱে শুনাকৈ দুয়োজনকে ভাৰতীয় চোৰ বুলি চিঞঁৰি চিঞঁৰি কৈ আন গালি গালাজো আনে শুনাকৈয়ে দিছিল৷ KNPয়েও সমান জোৰেৰে কথা কৈ হোটেলৰ পৰিচালকক মতোৱাই আনি প্ৰমাণ কৰিলে যে চোৰ তেওঁলোক নহয়৷ চুৰি হোৱাটো সঁচা, কিন্তু পৰিচালকৰ সন্দেহৰ পাত্ৰ আন দুজন বগা চামৰাৰ লোকহে আছিল৷ পুলিচে ক’লা মানুহক চোৰ সজাবলৈ তেওঁলোক দুজনক ধৰিছিল৷বৃটিশ পুলিচে নিজৰ ভুলটো ধৰিব পাৰি মোলায়ম ভাবে ক্ষমা খুজিলে৷কিন্তু KNPয়ে তাতে কথাটো এৰি নিদিলে৷ পুলিচদুজনে যিদৰে চিঞঁৰি চিঞঁৰি সকলোৱে শুনাকৈ দুয়োজনকে চোৰ বুলিছিল, তেনেদৰেই সমান জোৰেৰে চিঞঁৰি ক্ষমা খুজিব লাগিব আৰু লগতে এইটোও তেনেকৈয়ে ক’বলাগিব যে বগা চামৰাৰ মানুহৰ নিজকে বৰ বোলা স্বভাবৰ বাবেহে বিনা দোষত দুজন কলা চামৰাৰ বিদেশী অতিথিক আৰু তেওঁলোকৰ দেশক জনমানসত হেয় কৰিলে৷চাহাবহঁত প্ৰথমে সৈমান হোৱা নাছিল যদিও নাচোৰবান্দা KNPৰ সমুখত যুক্তিত তিষ্ঠিব নোৱাৰি তেখেতে কোৱা মতেই ক্ষমা খুজিছিল৷ সততা আৰু ন্যায়ৰ বেলিকা তেওঁৰ অ-আপোচকামী মনোভাবৰ বাবে বিশ্ববিদ্যালয়ৰ ভিতৰে বাহিৰে, বিশেষকৈ ইংৰাজী বিভাগতে, তেওঁ বহুতৰে প্ৰিয় নাছিল৷ সেইদৰে তেওঁ আপোচ নকৰিছিল সময়ৰ সৈতে৷ KNPৰ বাবে দহ বাজি ন মিনিট মানে দহ বাজি ন মিনিটেই, সি দহ বাজি দহ মিনিট নহয়৷ কোনো শ্ৰেণী, মেলে-সবাহে সময়তকৈ পলমকৈ উপস্থিত হোৱাৰ নজিৰ নাই৷ আৰু আনে পলম কৰিলেও বিৰক্তিৰ প্ৰকাশ তেওঁৰ মুখে-ব্যৱহাৰে ভালদৰেই স্পষ্ট হৈছিল৷ সত্য, ন্যায় আৰু সময়ৰ সৈতে তেওঁৰ এৰাধৰা নাছিল৷
KNPৰ কবিতা, গদ্যৰ ৰসাস্বাদন সহজ ধেমালি কেতিয়াও নহয়৷ একেদৰেই নহয় তেওঁৰ পাঠদান৷ শিক্ষক ৰূপে তেওঁৰ মহত্ব বোধহয় এইখিনিতে যে তেওঁৰ সকলো পাঠদান,শ্ৰেণীয়েই আৰম্ভ হৈছিল সহজৰো সহজ পৰ্যায়ৰ পৰা৷ তাৰ পৰা স্তৰেস্তৰে জটিলতাৰ উচ্চতম স্তৰত নি ছাত্ৰক অৱস্থান কৰোৱাইছিল৷ যাৰ যতে ভাল লাগে, সামৰ্থ অনুযায়ী তেওঁ তাতে ৰৈ গৈছিল, কিন্তু অনৰবৰতে উপলদ্ধি কৰি যে তেওঁ ৰৈ যোৱা স্তৰতকৈ আৰু কিমান উধাবলৈ আছে৷ কোনো ছাত্ৰই সেয়ে ক’ব নোৱাৰে যে তেওঁৰ মেধাৰ পৰ্যায়ৰ শিকণি বা চিন্তাৰ খোৰাক KNPৰ পৰা পোৱা ন’হল৷অতি কঠিন বিষয় এটাকো নিৰহ- নিপানীকৈ পানী-পানী কৰি বুজাই, বাখ্যাৰ কেইবাটাও উচ্চৰো উচ্চস্তৰলৈ লৈ যোৱাৰ পাচতো তেওঁ ছাত্ৰ-ছাত্ৰীৰ বাখ্যা শুনিবলৈ আগ্ৰহেৰে বাট চায়৷ মুখ আৰু চকুত সেই সঁচা আগ্ৰহৰ প্ৰতিফলন ঘটে৷চেষ্টা নিভাঁজ, অকৃত্ৰিম যেন পালে লৰা(ছোৱালী)মতীয়া বাখ্যাতো তেখেতে কোনোকালেই আন বহুতো তথাকথিত পণ্ডিতৰ দৰে তাৎচিল্য, উপলুঙা কৰা নাছিল৷বৰং তেনে বাখ্যাকো পোনাই পোজৰাই বলিষ্ঠ কৰিছিল৷ আকাশৰ দৰে সুউচ্চ আৰু মহাসাগৰৰ দৰে গভীৰ জ্ঞান মেধাৰ অধিকাৰী হৈয়ো, তাক লৈ গৰ্ব কৰাৰ বা আনক পুতৌ কৰাৰ কোনো লক্ষনেই তেওঁৰ নাছিল৷ “বিদ্যা দদাতি বিনয়ম” কথাষাৰি তেখেতৰ প্ৰতিটো ক্ষেত্ৰতে বিদ্যমান৷সেয়েহে তেওঁৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰেই তেওঁৰ প্ৰতি আছিল নিভাঁজ ভালপোৱা আৰু শ্ৰদ্ধা৷ আমি পঢ়াৰ কেইবছৰমানৰ আগলৈকে তেওঁ সকলো ছাত্ৰ-ছাত্ৰীকে আপুনি সম্বোধন কৰিছিল৷ গণতান্ত্ৰিক মূল্যবোধ আৰু বাতাবৰণত বিশ্বাসী চাৰে কাৰোবাৰ মতৰ সৈতে একমত নহলেও ভাব, মত প্ৰকাশৰ স্বাধীনতাৰ পৰা শ্ৰেণীৰ ভিতৰে বাহিৰে তেওঁক বঞ্চিত কৰা নাছিল৷
তেওঁৰ শ্ৰেণীত উপস্থিত থকা, বক্তৃতা শুনাৰ আন এক আছিল তেওঁৰ বিশ্লেষণৰ উৎকৃষ্ট মোলিকতা, চিৰ পৰিচিত পাঠ একোটাক অতি অগতানুগতিক, নতুন দৃষ্টিৰে বাখ্যা কৰাৰ ক্ষমতা, অসমীয়াই হওক বা ইংৰাজীয়েই হওক দুয়োটাতে থকা ইৰ্ষণীয়, দুৰ্ধৰ্ষ দখল, শব্দৰ ব্যৱহাৰ, আৰু বাক্যগাঁঠনি৷তেওঁ যিটো জানিছিল তাক তাৰ ক্ষুদ্ৰ অংশটোৰ পৰা তাৰ সৈতে জড়িত কঠিনৰো কঠিনতম বিষয়টোলৈকে অতি আটিল, পানী নসৰাকৈ জানিছিল, কঠোৰ সাধনাৰে নিজকে তেনেদৰে তৈয়াৰ কৰিছিল৷ তেওঁ জনা কোনো বিষয়তেই তেওঁৰ অল্পজ্ঞান নাছিল আৰু নজনা বিষয়, পাতলীয়া চিন্তাৰে কোনো কথাতেই মতামত নিদিছিল৷বিদগ্ধ পণ্ডিত হোৱা স্বত্বেও যথাযথ, নিয়মীয়া প্ৰস্তুতিৰ পাছতহে তেওঁ শ্ৰেণীলৈ আহিছিল, একে প্ৰস্তুতিৰে একে বিষয়তে দুটা ভিন্ন বৰ্ষত পাঠদান কেতিয়াও নকৰিছিল, মেলে সবাহে দিয়া ভাষণত পুনৰাবৃত্তি নাছিল৷ অৰ্থাৎ KNPৰ শ্ৰেণী বা ভাষণ বা লিখা বুলিলে তাত চিন্তা,বাখ্যাৰ নতুনত্ব আৰু মৌলিকত্ব কিবা এটা থাকিবই লাগিব৷ তাৰ অবিহনে সেইয়া KNP বা KNPৰ হবই নোৱাৰে৷ নিজৰ ভাষাৰ মান উন্নত কৰাত আগ্ৰহী প্ৰতিজনেই তেওঁৰ ৰচনাসমূহ পঢ়াতো প্ৰয়োজনীয়৷ KNP পশ্চিমীয়া কাব্য আৰু কাব্যতত্ব (poetics) অতি বিতং আৰু গভীৰকৈ জনা তেনেই কম সংখ্যক ভাৰতীয় পণ্ডিতৰ এজন৷
KNP ক প্ৰথম লগ পাইছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত থকা তেখেতৰ আবাসত ১৯৯০চনৰ ১ জানুৱাৰীত৷তেতিয়া মই তিনিচুকীয়া মহাবিদ্যালয়ত ইংৰাজী স্নাতক প্ৰথম বৰ্ষৰ মাজভাগৰ ছাত্ৰ৷আলোচনীত ওলোৱা তেখেতৰ লিখাৰ জৰিয়তে তেওঁৰ সৈতে একপক্ষীয় পৰিচয় এটা হৈছিল৷ অসমীয়া-ইংৰাজী দুয়োটাতে থকা তেওঁৰ বিৰল পাণ্ডিত্যৰ কথা শুনিছিলোঁ কেইজনমান শিক্ষক আৰু আত্মীয়ৰ পৰা৷ আটাইবিলাক মিলাই মেলি নতুন দশকৰ প্ৰথম দিনাই তেওঁক ‘চাওঁ’ বুলি তেখেতৰ ঘৰ পালোগৈ৷অতি সৌহাদ্যমূলক ভাবে মোৰ দৰে জ্ঞানে বুদ্ধিয়ে পাতল জনৰ সৈতেও বেছ ভালদৰে কথা পাতিলে আৰু মোৰ ইংৰাজীৰ পৰীক্ষা লবলৈ কিবা এটা লিখিবলৈ দিলে৷চুটী সেই লেখাটো দেখুওৱাৰ পাচত চিন্তা আৰু বিশ্লেষণটো ভাল হৈছে বুলি শলাগিলে আৰু কেইটামান নকৰিবলগীয়া ভুল কৰাৰ বাবে ধমক দিলে৷ “ইংৰাজীত সন্মান লোৱা ছাত্ৰই এনে ভুল কৰা অশোভনীয় আৰু অক্ষমণীয়,” স্বভাবগত গহীনতাৰে তেখেতে ক’লে৷ আৰু দুই এটা ধেৰেকণিৰ পাছত “ৰ’বা কিবা এটা খোৱা” বুলি কৈ এখন পিৰিচত এটা নোদোকা পকা সুমথিৰা, তেখেতে কোৱা মতে নিজ বাৰীৰ দুটা জাহাজী কল, দুটা মিঠাই তেখেতে নিজে আনি দিলেহি৷খাই বৈ যাবলৈ ওলাওঁতে পঢ়াৰ বিষয়ে দুই চাৰি নিৰ্দেশনা দি সেইমতে নিজকে প্ৰস্তুত কৰাৰ পাচত ছমাহমানৰমূৰত তেওঁৰ আগত মোৰ উন্নতিৰ খতিয়ান দিবলৈ পুনৰ মাতিলে৷ অহাৰ আগতে জনাই লবলৈ তেখেতৰ দূৰভাষ নম্বৰটোও দিলে৷মোৰ পিচে পুনৰাই যোৱাৰ সাহস ন’হল৷ মই একেবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পাছতহে তেওঁৰ লগত নিয়মীয়াকৈ যোগাযোগ ৰাখিছিলোঁ৷মাজে সময়ে দুই এটা লেখাও চাবলৈ দিছিলোঁ৷ তেতিয়ালৈ বহু ভুল-ভ্ৰান্তি নোহোৱা হৈছিল আৰু তেখেতক কিবা লিখা দেখুওৱাৰ আগতে নিজে কেইবাবাৰো পঢ়ি চাই পৰিষ্কাৰ কৰি লৈহে তেখেতক চাবলৈ দিছিলোঁ৷চিন্তাৰ দৈন্য অৱশ্যই আছিল যদিও এটা পৰ্যায়লৈকে খেলি মেলি নথকাৰ বাবে তেওঁ অসন্তুষ্ট হোৱা নাছিল আৰু সেইপৰ্যায়তকৈ কেনেকৈ উধাব পাৰি তাৰ হে দিহা পোহা দিছিল৷সেই আলোচনাবিলাকৰ জৰিয়তে আৰু বহুবাৰ বিভিন্ন স্থানত লগ পাই ভাব বিনিময়ৰ পাচত তেওঁৰ মৰমিয়াল, ছাত্ৰ-ছাত্ৰীৰ বিদ্যায়তনিক উন্নতিত আগ্ৰহী সত্বাটোৰ সৈতে ঘনিষ্ঠ ভাবে পৰিচয় হৈছিলোঁ৷এতিয়া অনুশোচনা হয় যে তেওঁ সুযোগ দিয়া স্বত্বেও মই কলেজীয়া তিনিবছৰ তেওঁৰ সান্নিধ্য আৰু জ্ঞানৰ সদব্যৱহাৰ কৰিব নোৱাৰিলোঁ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰথম বাৰ্ষিকত থাকোতে বিশ্ববিদ্যালয়ৰ আলোচনীৰ বাবে ‘সংগীত আৰু সাহিত্য’ নামৰ প্ৰবন্ধ এটা হাতে লিখা ৰূপতে মতামতৰ বাবে তেওঁক দেখুৱাইছিলোঁ৷তন্ন তন্নকৈ চাই আৰু কেইবাটাও প্ৰশ্ন সুধি যথাযত উত্তৰ পাই শেহত ক’লেঃ “মই পঢ়ি ভাল পালোঁ, প্ৰকাশ কৰা৷ তোমাৰ অসমীয়া লেখা আৰু অসমীয়াত দখল ভাল৷”হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতক পৰ্যায়লৈকে কোনো এটা পৰীক্ষাতে অসমীয়াত শতকৰা ষাঠী নম্বৰ নোপোৱাৰ তেতিয়ালৈকে বহন কৰি থকা মোৰ দুখটো সেইমূহুৰ্ততে নাইকীয়া হৈছিল৷ কাৰোবাৰ মনভুলাবলৈ এনেই কিবা এষাৰ কোৱাটো KNPৰ স্বভাব বিৰুদ্ধ৷
মোক তেওঁ শৰ্মা বুলিয়েই মাতিছিল আৰু আনৰ আগত তিনিচুকীয়াৰ শৰ্মা বুলিছিল৷ মোৰ জেঠাইৰ লগত ঘনিষ্ঠহোৱা বাবে জেঠাইৰপৰা প্ৰায়ে মোৰ খা-খবৰ লৈছিল৷জীবিত কালত তেখেতৰ সৈতে শেষ সাক্ষাৎ হৈছিল মোৰ বিয়াৰ দিনা আমাৰ ঘৰত৷ মই ভূপালৰ পৰাই তেখেতক দূৰভাষিক নিমন্ত্ৰণহে কৰিছিলোঁ, আৰু তেখেত আন তিনিজন আত্মীয়ৰ সৈতে বিয়াৰ দিনা আহিছিল৷ “পাৰ্থলৈ সুখী আৰু পৰিপূৰ্ণ বৈবাহিক জীৱনৰ কামনাৰে- কবীন ফুকন” -নিজ হাতে লিখি দিয়া টোকাটো মই সযতনে সাঁচি থৈছোঁ৷ তেখেতৰ মৃত্যুৰ পিচদিনা তেখতৰ এগৰাকী প্ৰিয় ছাত্ৰ আৰু মোৰ প্ৰিয় শিক্ষক উত্তম দুৱৰা আৰু অচ্যুৎ বৰঠাকুৰৰ সৈতে আহি তেখেতৰ মৃতদেহত কেইপাহমান ফুল দি আমাৰ সকলোৰে প্ৰিয়, শ্ৰদ্ধাৰ নমস্য শিক্ষকজনক বিদায় জনাইছিলোঁ৷ (মোৰ বিয়ালৈ অহাৰ কথাটো উনুকিওৱাৰ কাৰণ আছে৷ KNPআৰু ইংৰাজী বিভাগৰে মোৰ আন এজন অত্যন্ত শ্ৰদ্ধেয় শিক্ষক, ভাষাতাত্বিক অতুল গোস্বামীক ছাৰক মই তেনেদৰেই মাতিছিলোঁ আৰু দুয়োজন আহিছিল৷ কিন্তু তিনিচুকীয়াৰ দুগৰাকী মহিলাকো তেনেদৰে মতাত ঘৰলৈ আহি নামতিলে নাযাওঁ বুলি গপ ধৰিলে আৰু নাহিলে!এনেই দুয়োজন ছাৰৰ সৈতে তুলনা কৰিলে কব পাৰি ক’ত হৰিদ্বাৰ (আৰু) ক’ত গুহ্যদ্বাৰ৷ বিয়া সবাহলৈ কাৰোবাৰ ঘৰলৈ গৈ মতাটো পৰম্পৰা যদিও সকলো সময়তে সেইটো সম্ভৱপৰ হয় নে নহয় আৰু নহলে আন পদ্ধতিকো পৰম্পৰাগত নহয় বুলিয়েই নাকচ কৰিম নেকি, তেনেকুৱা এটা চিন্তাৰ বাবেহে এই কথাটো উল্লেখ কৰিলোঁ৷) কেইবছৰমানৰ পৰা ছাৰৰ শৰীৰ অসুস্থ আছিল৷ মৃত্যুৰ বাবেও হয়তো নিজকে প্ৰস্তুত কৰিছিল৷তেওঁৰ শেহতীয়া কেইটামান কবিতাৰ বিষয় আছিল মৃত্যু৷
ব্যক্তিগত স্তৰৰ পৰা এতিয়া তেখেতৰ সৈতে জড়িতআন কিছুমান ৰাজহুৱা অনুভৱ অভিজ্ঞতালৈ আহোঁ৷সম্পূৰ্ণ শৈক্ষিক আগ্ৰহ আৰু অসমীয়া ভাষা সাহিত্যৰ ভঁড়াল চহকী কৰাৰ মানসেৰে তেখেতে নব্বৈ দশকৰ আৰম্ভনিত নিজে এটা প্ৰকাশগোষ্ঠী খুলি প্ৰায় একক প্ৰচেষ্টাৰে অনুবাদ নামৰ আলোচনী এখন উলিয়াইছিল৷কেৱল বিশ্ব সাহিত্যৰে যুগজয়ী ৰচনা সম্ভাৰ নহয়, বিজ্ঞান, অৰ্থনীতি, সমাজশাস্ত্ৰ আদিকে ধৰি বহু বিষয়ৰ উৎকৃষ্ট লিখাৰে আলোচনীখন সমৃদ্ধ কৰাৰ পৰিকল্পনা আছিল আৰু প্ৰথম সংখ্যা কেইটাই সেই প্ৰতিশ্ৰুতি বহন কৰিছিল৷ চাৰে নিজেও পশুধাম নামেৰে জৰ্জ অৰৱেলৰ ANIMAL FARM খন অনুবাদ কৰিছিল৷ অৰৱেলৰ মূল উপন্যাসখন মই তেতিয়ালৈকে পঢ়া নাছিলোঁ৷অসমীয়া নামটো পশুপাম বা পশুখাত নিদি পশুধামনো কিয় দিছিল (ধাম শব্দটো মন্দিৰ আদিৰ লগতহে সচৰাচৰ ব্যৱহাৰ হয়, যেনে শিৱধাম)বুজা নাছিলোঁ৷ তাতে তাৰ আটাইকিটা খণ্ডও নোলাল৷ কেই বছৰমানৰ আগতে মই মোৰ পাঠ্যক্ৰমত সেই উপন্যাসখন অন্তভুক্ত কৰি সেইখন খৰচিমাৰি পঢ়াৰ পাচতহে উপলদ্ধি কৰিব পাৰিছিলোঁ চাৰে কিয় পাম নকৈ ধাম বুলিছিল৷অতি সতেজ, কৰ্মঠ আৰু খুটিনাটী মাৰি চাব নোৱাৰিলে আমাৰ জাতীয় দুৰ্ভাগ্য যে আমাৰ নিলাজ আৰু অশিক্ষাসদী চৰিত্ৰটো প্ৰকট কৰি তিনিটা নে চাৰিটা খণ্ড ওলোৱাৰ পাছতেই আলোচনীখনৰ অপমৃত্যু হ’ল৷কিনি পঢ়া পাঠকৰ সংখ্যাটো চাৰে কোৱা মতে ইমানেই শোকলগা বিধৰ আছিল যে তেখেতে নিজৰ ব্যক্তিগত পুঁজিৰ বহুঅংশ ব্যয় কৰিও আলোচনীখন জীয়াই ৰাখিব নোৱাৰিলে৷তেখেতে কোৱা মতে অসমৰ মহাবিদ্যালয়কিখনেও নিজ নিজ পুথিভঁড়ালৰ বাবে একোটাকৈ প্ৰতিলিপি কিনা হ’লেও অন্ততঃ আলোচনীখনে আৰু অলপ আয়ুস পালে হেতেন৷বহু মহাবিদ্যালয়ৰ লগত যোগাযোগ কৰিও তেওঁ সফল নহ’ল৷ এইখিনিতে চাৰৰ সততাৰ বিষয়ে অলপ কোৱাটো যুগুত হ’ব৷ আলোচনীখন উলিয়াবলৈ বা চলাবলৈ তেখেতে বহুতকে বছেৰেকীয়া গ্ৰাহক কৰি তেওঁলোকৰ পৰা কিছু আগধন লৈছিল৷আলোচনীখনৰ প্ৰকাশ বন্ধহোৱাৰ পিছত তেওঁ প্ৰতিজন তেনে গ্ৰাহকৰ বাকীথকা ধন নিজে গৈ ওভোটাই দি আহিছিল৷নকলেও হয় তাৰ বৃহৎ অংশ তেখেতৰ গাঁঠীৰ ধন আছিল৷তেখেতৰ মৃত্যুৰ তিনিমাহমানৰ আগতে তিনিচুকীয়াৰ মহিলা মহাবিদ্যালয়ত অতি অসুস্থ শৰীৰেৰেও প্ৰিয় ছাত্ৰ, তাৰে অধ্যাপক উত্তম দুৱৰাৰ অনুৰোধত অনুবাদ সম্পৰ্কীয় এখন ৰাষ্টীয় আলোচনাচক্ৰত বিশিষ্ট সমল ব্যক্তি ৰূপে আহিছিল৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰাজীব বৰদলৈৰ আগত তেওঁ সেইদিনা দুপৰীয়া খোৱাৰ পৰত কৈছিলঃ “মই মৰাৰ আগতে কোনোবাই অনুবাদৰ কামটো পুনৰ আৰম্ভ কৰা হ’লে মই বৰ আনন্দ পালোঁহেতেন৷” সেই আলোচনাচক্ৰতে KNPৰ ভাষণ সমাপ্ত হোৱাৰ পাচতেই পশ্চিমবংগৰ কোনো এখন বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে কৈছিলঃ “আপোনাৰ কথা ইমানদিনে শুনিহে আছিলোঁ, এতিয়া ইলিয়টৰ ভাষাৰেই কওঁ আপুনি ‘il miglior fabbro.’” (বিখ্যাত ইংৰাজ কবি, সমালোচক T.S. Eliotএ তেওঁৰ ‘The Waste Land’ নামৰ বিশ্ববিখ্যাত কবিটাতো তেওঁ গুৰুমনা আন এজন শ্ৰেষ্ঠকবি Ezra Poundলৈ উৎসৰ্গা কৰি লিখিছিলঃ “For Ezra Pound: il miglior fabbro.” ইংৰাজীত ইয়াৰ সমাৰ্থকটো the better craftman/ poet/writer জাতীয়৷)
প্ৰতিটো কথাই কামে উৎকৃষ্টতাৰ পৰিচয় দিয়া বা বিচৰা চাৰৰ সৈতে কোনোধৰণৰ মজলীয়া ধৰণৰ, পাতল চেলেপু কথা পাতিবলৈ কোনো ছাত্ৰৰে স্পৰ্ধা নহৈছিল৷ইয়াৰ মানে এইটো নহয় যে তেখেত নিঃৰসিক আছিল৷ধেমেলীয়া ৰগৰ, কৌতুকো তেখেতে স্থান-পৰিৱেশভেদে ব্যৱহাৰ কৰিছিল৷যিকোনো শৈক্ষিক বিষয়ত বিনা প্ৰস্তুতিৰে তেওঁৰ সৈতে কথা-বতৰা পাতিবলৈ সকলো ছাত্ৰ-ছাত্ৰীৰে সংকোচ আছিল৷ অসম জাতীয় অভিধানৰ সম্পাদক আৰু KNPৰ ছাত্ৰ দেৱব্ৰত শৰ্মাই তেওঁৰ স্মৃতিচাৰণ সভাত কৈছিলঃ “জাতীয় অভিধানৰ পৰিকল্পনাটোৰ কথা ছাৰক কবলৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰপৰা তেওঁৰ ঘৰলৈ (প্ৰায় এক কিলোমিটাৰ)আহি জপনাখন খুলিবলৈ লৈয়ো ৰৈ গলোঁ৷মই এইবিষয়ে ছাৰৰ লগত কথা পাতিব পৰাকৈ সঁচাকৈয়ে প্ৰস্তুতনে? তাৰ পৰাই মই ওভটি গৈ পুনৰ পিছদিনা আহিলোঁ, এইবাৰ প্ৰস্তুতহৈ৷ ছাৰে কথাটো জানি বৰ আনন্দ পালে, কৈছিলঃ “মোৰ বয়স দহ বছৰ কম হোৱা হ’লে এই কামটো মই নিজে হাতত ললোঁহেঁতেন৷”তাৰ পিচত জাতীয় অভিধানৰ প্ৰকল্পটোত ছাৰৰ অৱদান… আমি ভাবিলোঁ এইখন উন্মোচন কৰিবলৈ তেখেতেই যোগ্য ব্যক্তি৷ উল্লেখযোগ্য যে যোৰহাটত অসমীয়া জাতীয় অভিধানৰ উন্মোচন কৰিছিল KNPয়েই৷
আমি মন কৰা তেওঁৰ আৰু এটা অভ্যাসৰ উল্লেখেৰে সামৰিম৷ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইংৰাজী আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ চৌহদ, ঘৰ একেটাই আৰু যথেষ্ট আহল বহল৷চৌহদৰ জপনাৰ পৰা বিভাগীয় ঘৰলৈ কিছুদূৰ৷KNP, অতুল গোস্বামী আৰু দুই চাৰিজনৰ বাদে দুয়োটা বিভাগৰে প্ৰায় বিলাক অধ্যাপকে গাড়ী বা স্কুটাৰেৰে আহি নিজৰ বাহনবোৰ শ্ৰেণীকোঠাৰ ঠিক কাষতেই ৰাখিছিল৷ স্কুটাৰ, ফিয়েটৰ ইঞ্জিনৰ শব্দই আমাৰ শ্ৰেণীত প্ৰায়ে অসুবিধা দিছিল৷ সাধাৰণতে চাইকেলেৰে অহা KNPয়ে কেতিয়াবা নিজৰ ফিয়েটখন লৈ আহিলেও সেইখন বহু দূৰত থকা চৌহদৰ জপনাৰো বাহিৰত ৰাখিছিল যাতে তাৰ শব্দই আনৰ শিক্ষা দান-গ্ৰহণত অসুবিধা নিদিয়ে৷
শিক্ষক দিৱসৰ কেইমিনিটমানৰ আগতে স্মৰণ কৰি ভাল লাগিছে যে তেনে এজন মহৎ, সঁচা অৰ্থত পণ্ডিত ভদ্ৰলোকক আমি শিক্ষকৰূপে পাইছিলোঁ৷তেখেতৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই মই কোৱা সমজুৱা অভিজ্ঞতাৰ কথাখিনি হয় বোলাৰ লগতে তাৰ লগত আৰু বহু যোগ দিব পাৰিব৷ তেখেতৰ প্ৰতি আমাৰ ভালপোৱা আৰু শ্ৰদ্ধাৰ লগতে তেখেতৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি, তেখেতৰ ছাত্ৰ-ছাত্ৰী সকলে, যোৰহাটত অনুষ্ঠিত এখন সভাত সিদ্ধান্ত লৈছিলোঁ যে তেখেতৰ নামত ২০১২ চনৰ পৰাপ্ৰতিবছৰে একোজন বিশিষ্ট পণ্ডিতৰ দ্বাৰা একোটা স্মাৰক বক্তৃতা প্ৰদান কৰোৱা হ’ব৷ লগতে অহাবছৰ জুন মাহত তেখেতৰ লিখাৰ লগতে আন বহুতৰে তেখেতৰ আৰু তেখেতৰ কাম কাজৰ বিষয়ে লিখা প্ৰবন্ধ সংকলন প্ৰকাশ কৰিম৷পাৰ্থিব ৰূপত আমাৰ মাজত নাই যদিও প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ মাজেৰেই সেই মহান শিক্ষকজন, সেইসত্বা প্ৰবাহমান৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments