ক’ভিডজনীত হেপী হাইপক্সিয়া সঁচাকৈয়ে হেপী নে নীৰৱ ঘাতক?—ডাঃ ৰিদিপ বড়া,সঞ্জীৱনী হস্পিতাল

ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বত হাঁহাকাৰ সৃষ্টি কৰাৰ সময়তে ক’ভিড ৰোগী চিকিৎসাত ব্ৰতী চিকিৎসকসকলৰ মাজত সম্প্ৰতি এক দোমোজাই স্থান পাইছে যে দেহত অক্সিজেনৰ পৰিমাণ কম থকা সত্ত্বেও একেবাৰে উশাহ-নিশাহত কষ্ট নোপোৱা ৰোগীক কেনেদৰে চিকিৎসা কৰিব। বিস্ময়জনক নতুন ক’ৰনা ভাইৰাছটোৰ বহুবোৰ বিস্ময়ৰ মাজত এইটো বিষ্ময়ে প্ৰাথমিক জীৱবিজ্ঞানকেই একপ্ৰকাৰ আউল লগাইছে আৰু সেইয়া হৈছে দেহত অসাধাৰণ পৰিমাণে কম অক্সিজেন থকা এজন ক’ভিড আক্ৰান্ত ৰোগীয়েও চিকিৎসকৰ সৈতে কথা বতৰা পতাৰ সময়ত নিজকে সম্পূৰ্ণ আৰামদায়ক অৱস্থাত থকা বুলি বৰ্ণনা কৰে। চিকিৎসকসকলে ৰোগীৰ এই অৱস্থাটোক “হেপী হাইপক্সিয়া” (Happy Hypoxia) বুলি নামকৰণ কৰিছে।
“The Wall Street Journal” এ ইয়াক ইতিমধ্যে চিকিৎসাবিজ্ঞানৰ বিস্ময় ৰূপে অভিহিত কৰিছে কাৰণ এক বৃহৎ সংখ্যক ক’ভিড ৰোগীৰ ক্ষেত্ৰত দেখা গৈছে যে এইসকল ৰোগীয়ে তেজত অক্সিজেন ইমানেই কম পৰিমাণে লৈ আহে যে উক্ত অৱস্থাত সাধাৰণতে সেই ৰোগী অজ্ঞান হৈ পৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগ বিকল হৈ যোৱা উচিত। কিন্ত দেখা যায় যে ৰোগী সম্পূৰ্ণ সচেতন অৱস্থাত থকাৰ লগতে কথা-বতৰা পতাৰ পৰা উশাহ-নিশাহ লোৱালৈকে কোনোধৰণৰ সংগ্ৰাম কৰিবলগীয়া নহয়। আমেৰিকাৰ ইমাৰজেন্সী মেডিচিন বিভাগৰ এজন চিকিৎসক ডাঃ লেভিটানে (Dr Levitan) এ “The NewYork Times” ত এই বিষয়ত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰি কৈছে যে গৰিষ্ঠসংখ্যক ক’ভিডজনীত নিউমোনিয়া ৰোগীৰেই হস্পিতালৰ ট্ৰায়েজত প্ৰবেশ কৰাৰ সময়ত তেওঁলোকৰ দেহত জীয়াই থকাৰ বাবে বিসংগতিপূৰ্ণ ধৰণেৰে অক্সিজেন থকা সত্ত্বেও তেওঁলোকে আপেক্ষিকভাৱে সামান্য অসুষ্ঠতাহে দেখুৱাইছিল আৰু তেওঁলোকে আনকি নিজৰ মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰতো কোনো অসুবিধা পোৱা নাছিল। এই বিষয়টোৱে বিভিন্ন মেডিয়াত ব্যাপক গুৰুত্ব পোৱা সত্ত্বেও চিকিৎসা সম্পৰ্কীয় জাৰ্ণেলসমূহত আলোচনা হোৱা নাছিল। শেহতীয়াকৈ যোৱা ১৫ জুন তাৰিখে চিকাগোৰ পালম’নেৰী আৰু ক্ৰিটিকেল কেয়াৰ (Pulmonary and Critical Care) বিভাগৰ এজন চিকিৎসক ডাঃ মাৰ্টিন জে টবিনে ( Dr Martin J Tobin) “American Journal of Respiratory amd Critical Care Medicine’’ত তেওঁৰ নেতৃত্বত হোৱা এটা অধ্যয়নৰ সমল সমৃদ্ধ এটি প্ৰবন্ধ প্ৰকাশ কৰিছে।

“হেপী হাইপক্সিয়া” (Happy Hypoxia) শব্দটো সকলোৱে জানিবলৈ পাইছে যদিও আচলতে “হেপী হাইপক্সেমিয়া” (Happy Hypoxemia )শব্দটোহে প্ৰকৃততে এই ক্ষেত্ৰত যথাযথ হব বুলি ক’ব পাৰি। Hypoxia শব্দটোৱে তেজত অক্সিজেনৰ আংশিক চাপ (Partial pressure ) কমি যোৱাটো বুজাই আৰু Hypoxemia শব্দটোৱে দেহৰ কলাত অক্সিজেনৰ সৰবৰাহটো কমি যোৱা বুজাই। যেতিয়াই এজন লোকৰ তেজত অক্সিজেনৰ চাপ কমি যায় তেতিয়াই তেওঁ উশাহ চুটি হোৱাৰ বা উশাহ লবলৈ অসুবিধা হোৱা এটা পৰিস্থিতিৰ সন্মুখীন হয় আৰু ইয়াকে কোৱা হয় Dyspnea। যদি তেজত অক্সিজেনৰ পৰিমাণ কমি গৈ থাকে তেতিয়া দেহৰ বিভিন্ন অংগই অক্সিজেনৰ অভাৱৰ বাবে কাম কৰাটো বন্ধ কৰি দিব পাৰে আৰু তেতিয়াই ই জীৱনৰ বাবে ভাবুকি হৈ পৰে। Hypoxemia চিকিৎসকলে সদায়েই এক শংকাজনক আৰু বহুতেই ৮০% তকৈ কম অক্সিজেন সংপৃক্ততা(Saturation) অৱস্থাক জীৱনৰ বাবে হুমকি বুলিয়েই ভাবে।
স্বাভাৱিক অৱস্থাত দেহৰ ন্যূনতম অক্সিজেন সংপৃক্ততা ৯৫%। বেছিভাগ হাওঁফাওঁৰ ৰোগ যেনেঃ নিউমোনিয়া আদিত এই সংপৃক্তকৰণ কমি যোৱাৰ লগতে হাওঁফাওঁ অনমনীয় (Stiff) হোৱা, হাওঁফাওঁ জুলীয়া দ্ৰব্যৰে ভৰি যোৱা, হাওঁফাওঁৱে নিজস্ব দক্ষতাৰে বাহিৰ কৰিব নোৱাৰাৰ বাবে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱা ধৰণৰ আন কিছুমান পৰিবৰ্তনে সহাৱস্থান কৰে। এইসমূহ কাৰকৰ ক্ৰিয়াৰ ফলস্বৰূপে অনিৰ্দিষ্ট হাৰত অক্সিজেনৰ কম সংপৃক্তকৰণ হয় আৰু উশাহ লবলৈ অসুবিধা পোৱা বা উশাহ চুটি হোৱাৰ অৱস্থা এটা উপলব্ধি কৰোৱাই। আমাৰ মগজুৱে আমাৰ দেহৰ অক্সিজেনৰ পৰিমাণ অনুভৱ কৰিব নোৱাৰে কিন্ত মগজু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অনুভৱ কৰিব পৰাকৈ কাৰ্য্যক্ষম। প্ৰাথমিকভাৱে ক’ভিড ৰোগটো শ্বাস-প্ৰশ্বাসজনিত ৰোগ। হাওঁফাওঁত হোৱা ক্ষতিৰ বাবে গম্ভীৰ ৰোগীৰ ক্ষেত্ৰত হাওঁফাওঁটোৱে টানি ল’ব পৰা অক্সিজেনৰ পৰিমাণ কমি যাব পাৰে। কিন্ত প্ৰথম অৱস্থাত অক্সিজেনৰ পৰিমাণ কমি যোৱা সত্ত্বেও উশাহ-নিশাহত একো অসুবিধাৰ সৃষ্টি নকৰে।
মানৱ দেহৰ অক্সিজেনৰ সংপৃক্তকৰণ হয় তেজৰ বিশ্লেষণৰ দ্বাৰা অথবা এটা ক্লিপৰ দৰে যন্ত্ৰৰ দ্বাৰা যাক পালচ্ অক্সিমিটাৰ (Pulse Oximeter)দ্বাৰা জুখিব পাৰি। এই যন্ত্ৰটোক কোনো আঙুলিত চেপ খুৱাই দিলে যন্ত্ৰটোৱে নিজেই অক্সিজেন সংপৃক্ততা কিমান সেইয়া স্ক্ৰীনত দেখুৱাই। যন্ত্ৰটোৱে ৰক্তবাহী নলিকাৰ তেজৰ সংপৃক্ততা শৰীৰৰ ছালখনক দীপ্ত (Illumination) কৰি অক্সিজেন যুক্ত হিমোগ্লৱিন (Oxyhemoglobin) আৰু অক্সিজেন ৰহিত হিমোগ্লৱিন ( Reduced Hemoglobin) ৰ পোহৰ শোষণৰ মাত্ৰাৰ সলনিৰ জোখ মাখৰ দ্বাৰা নিৰূপণ কৰে। পালচ্ অক্সিমিটাৰৰ কিছু সীমাবদ্ধতাও নথকা নহয়। অক্সিজেন সংপৃক্ততা বেছি থকা অৱস্থাত পালচ্ অক্সিমিটাৰৰ ৰিডিং লক্ষণীয়ভাৱে শুদ্ধ হয়। আনহাতে খুব সংকটজনক ৰোগীৰ ক্ষেত্ৰত পালচ্ অক্সিমিটাৰ সামান্য কম নিৰ্ভৰযোগ্য হয়। আনহাতে কৃষ্ণবৰ্ণৰ ৰোগীৰ ক্ষেত্ৰতো পালচ্ অক্সিমিটাৰে দেখুৱা মানৰ সামান্য তাৰতম্য দেখা যায়। এতিয়া দেখা যায় যে অক্সিজেন সংপৃক্ততা ক’ভিড ৰোগীৰ ক্ষেত্ৰত স্বাভাৱিকো হব পাৰে অথবা কমি গৈ ৭০%, ৬০%, ৫০% বা তাতোতকৈ কম হ’বগৈ পাৰে।
ডাঃ টবিনে তেওঁৰ অধ্যয়নত “ছাইলেণ্ট হাইপক্সিয়া” অথবা “ ছাইলেণ্ট হাইপক্সেমিয়া”ৰ বিভিন্ন কাৰণৰ মাজত ক’ভিড ৰোগীৰ বাবে মুখ্যত দুটা কাৰণ বৰ্ণনা কৰিছে। ইতিমধ্যে গম পোৱা গৈছে যে ক’ভিডত আক্ৰান্ত দুই তৃতীয়াংশ ৰোগীয়েই গোন্ধ লোৱাৰ ক্ষমতা হেৰুৱাই বা কমি যায়। গতিকে তেওঁলোকে চিন্তা কৰিছে যে ভাইৰাছটোৱে দেহত সোমোৱাৰ পিছত তাৰ নিৰ্দিষ্ট অভিগ্ৰাহক (Receptor) ৰ যোগেদি মগজুত প্ৰবেশ কৰাৰ পাছত গোন্ধ লোৱাৰ ক্ষমতা কমোৱা বা উশাহ ল’ব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হোৱা দুয়োটাতে অৰিহণা যোগায়। ক’ভিড পেচেণ্টৰ ক্ষেত্ৰত দেখা গৈছে যে বহুসময়ত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ পিছতো ৰোগীৰ মগজুৱে প্ৰথম অৱস্থাত সক্ৰিয়তা নেদেখুৱাই আৰু এই প্ৰক্ৰিয়াটো সেই মুহূৰ্তলৈকে থাকে যি মুহূৰ্তত অক্সিজেনৰ পৰিমাণ ইমানেই বেছি কমি আহে যে ৰোগীয়ে স্বভাৱগতভাৱেই উশাহ চুটি অনুভৱ কৰে বা উশাহ লবলৈ অসুবিধা পায়। আনহাতে হাওঁফাওঁৰ ৰক্তবাহিকা বোৰৰ ভিতৰত তেজৰ গোটমৰাটো বা “Thrombi” সৃষ্টি হোৱাটো “ছাইলেণ্ট হাইপক্সিয়া” বা “ছাইলেণ্ট হাইপক্সেমিয়া”ৰ আন এটা কাৰণ। ক’ভিড ৰোগীৰ ক্ষেত্ৰত অধিক পৰিমাণে তেজ গোট মৰা প্ৰক্ৰিয়াটো সক্ৰিয় হোৱা বা “Throbogenesis” হোৱাটো ইতিমধ্যেই নিশ্চিত হোৱা গৈছে। হাওঁফাওঁৰ এই ধৰণৰ সৰু ৰক্ত পৰিবাহী নলীকাত তেজ গোট মৰা অৱস্থাই দেহৰ ভিতৰলৈ বা বিভিন্ন অংগলৈ অক্সিজেন পৰিবহণত বাধা দিয়ে। এই অধ্যয়নৰ জৰিয়তে এটা ধাৰণা কৰা হৈছে যে এই ক’ৰনা ভাইৰাছটোৱে ৰোগীৰ দেহটোৱে অক্সিজেনৰ অভাৱ অনুভৱ কৰা প্ৰক্ৰিয়াটোৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলাই। ডাঃ টবিনে কৈছে যে এই নতুন তথ্যই অনাৱশ্যক শ্বাসনলীত টিউব ভৰোৱা (Endotracheal intubation) আৰু ৰোগীক ভেণ্টিলেতৰত সংযোগ কৰা কাৰ্য্যৰ পৰা বিৰত থকাত সহায় কৰিব পাৰে কিন্ত তাৰ বাবে ভৱিষ্যতে অধিক অধ্যয়নৰো পোষকতা কৰিছে।
বৰ্তমান সময়ত ক’ভিদ-১৯ ৰোগীৰ চিকিৎসাৰ অভিজ্ঞতাসম্পন্ন বহুকেইজন আগশাৰীৰ চিকিৎসকে “হেপী হাইপক্সিয়া” বা “হেপী হাইপক্সেমিয়া”ক ৰোগীৰ হঠাতে হোৱা মৃত্যুৰ বা ছাদেন ডেথ (Sudden Death) ৰ মুখ্য কাৰক হিচাপে ক’ব বিচাৰে; কাৰণ ৰোগীয়ে তেওঁলোকৰ দেহৰ অৱস্থাৰ বিষয়ে সুস্পষ্টকৈ অনুভৱ কৰালৈকে বহু পলম হৈ যায়। যোৱা ৩০ জুনত “Pune Mirror” ত প্ৰকাশ হোৱা এটা আৰ্টিকল অনুসৰি আমাৰ দেশত পোনপ্ৰথমে কেৰেলা ৰাজ্যত এনেধৰণৰ ছাদেন ডেথৰ ভালেসংখ্যক ঘটনা দেখিবলৈ পোৱা গৈছিল। আনকি মৃত্যু হোৱা সকলৰ বহুতেই জ্ঞাতই নাছিল যে তেওঁলোক ক’ভিদৰ দ্বাৰা আক্ৰান্ত। লাহে লাহে দেশৰ আন প্ৰান্তৰ পৰাও এনেধৰণৰ ছাডেন ডেথৰ ভালেসংখ্যক ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰত এই পৰ্যন্ত ক’ভিডৰ সংক্ৰমণৰ বাবে হোৱা সাত হাজাৰৰো অধিক মৃত্যু হোৱা ৰোগীৰ ভালেসংখ্যকৰ হস্পিতালত চিকিৎসাধীন হবলৈ গৈ পোৱাৰ মুহূৰ্তত তেওঁলোকৰ তেজত অক্সিজেনৰ পৰিমাণ ইমানেই কম পোৱা গৈছিল যে সেইয়া সেইয়া শুধৰণিৰ বা চিকিৎসাৰ ক্ষমতাৰ বাহিৰ হৈ গৈছিল। গতিকে দেখা গৈছে যে এই “হেপী হাইপক্সিয়া” লাহে লাহে ক’ভিড ৰোগীৰ মৃত্যুৰ বাবে এক চিন্তনীয় কাৰণ হৈ উঠিছে। সাধাৰণ ভাষাত ৰোগীয়ে এই পৰিস্থিতিত দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাটো একেবাৰেই অনুভৱ কৰিব নোৱাৰে। এটা সময়ত গৈ অক্সিজেনৰ পৰিমাণ বা অক্সিজেনৰ সংপৃক্ততা ইমানেই কমি যায় যে ৰোগীয়ে হঠাতে উশাহ-নিশাহ লোৱাত বাধা অনুভৱ কৰে আৰু এনে এটা সংকটজনক অৱস্থা পাইগৈ যে তাৰপাছত ৰোগীক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাতো অসম্ভৱ হৈ পৰে আৰু ৰোগীয়ে মৃত্যুক সাৱটি ল’ব লগা হয়। সেইবাবে বহুতে এই “হেপী হাইপক্সিয়া” বা “হেপী হাইপক্সেমিয়া”ক ক’ভিড ৰোগীৰ হঠাতে হোৱা মৃত্যুৰ এক “নীৰৱ ঘাতক”(Silent Killer) বুলি ভাবিব লৈছে।
কৰণীয়ঃ “ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ” চমুকৈ ICMR-এ ক’ভিড ৰোগীসকলৰ বাবে শেহতীয়াকৈ এক নতুন গাইডলাইন দিছে য’ত চৰ্তসাপেক্ষে কিছু কিছু ক’ভিড আক্ৰান্ত ৰোগী ঘৰতে থাকিও চিকিৎসা গ্ৰহণ কৰিব পাৰে। কোনো ৰোগীৰ স্বাস্থ্যৰ যদি কেনেবাকৈ সামান্যতমো ঘৰত থকা অৱস্থাত অৱনতি ঘটে তেন্তে অতি শীঘ্ৰেই চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা গ্ৰহণ কৰিব লাগিব। আমাৰ ৰাজ্যতো সম্প্ৰতি সেয়া আৰম্ভ হৈছে। যি কি নহওক এতিয়া কোনো ক’ভিড আক্ৰান্ত ৰোগী যদি ঘৰত থাকে অন্যান্য নিয়মাৱলী মানি চলাৰ সমান্তৰালভাৱে দেহত অক্সিজেনৰ সংপৃক্ততাৰ বিষয়ে সতৰ্ক হৈ থাকিবলৈ পালচ্ অক্সিমিটাৰ ব্যৱহাৰ কৰাটো অতিকৈ জৰুৰী। ক’ভিড ৰোগী হস্পিতালত ভৰ্তি থাকিলে তেওঁলোকৰ দেহত অক্সিজেনৰ পৰিমাণ পালচ অক্সিমিটাৰৰ সহায়ত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে জুখি থকা হয়। যদি ঘৰতে থকা ৰোগীয়ে পালচ্ অক্সিমিটাৰৰ জৰিয়তে দেহৰ অক্সিজনৰ পৰিমাণ জুখি নাথাকে তেতিয়া ৰোগী “হেপী হাইপক্সিয়া”ত আক্ৰান্ত হ’লেও গম নোপোৱাৰ বাবে বিপদ হোৱাটো একো অস্বাভাৱিক নহয়। যদি কেনেবাকৈ পালচ্ অক্সিমিটাৰত সংপৃক্ততা ৯০% বা তাতোকৈ কম দেখুৱাই তেতিয়াহলে ৰোগীক ততালিকে হস্পিতালত ভৰ্তি কৰোৱাই চিকিৎসা কৰোৱাটো জৰুৰী। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেইবাবেই পালচ্ অক্সিমিটাৰক “সুৰক্ষা কৱচ” বুলি অভিহিত কৰিছে আৰু দিল্লী চৰকাৰে সকলো লক্ষণ নথকা বা মৃদুলক্ষণযুক্ত ৰোগী যি ঘৰতেই কোৱাৰাণ্টাইনত থাকি চিকিৎসা গ্ৰহণ কৰিছে তেওঁলোকক চৰকাৰীভাৱে পালচ্ অক্সিমিটাৰ যোগান ধৰিছে।
আমি এই নিবন্ধটোৰ জৰিয়তে ৰাইজক “হেপী হাইপক্সিয়া”ৰ বিষয়ে কিছু কথা জনাব চেষ্টা কৰিলোঁ। হাইপক্সিয়া বা হাইপক্সেমিয়াত আক্ৰান্ত ৰোগীক চিকিৎসকে কেনেকৈ কি পদ্ধতিৰে চিকিৎসা কৰিব সেইয়া চিকিৎসকে নিৰ্ধাৰণ কৰিব। তাত বিতৰ্ক নিষ্প্ৰয়োজন। কিন্ত “হেপী হাইপক্সিয়া” বা “হেপী হাইপক্সেমিয়া”ত ভুগি যাতে কোনো ৰোগীয়ে জীৱন হেৰুৱাব নালাগে তাৰবাবে এজন চিকিৎসক হিচাপে আপোনালোকক সজাগ কৰাটো মোৰ দায়িত্ব বুলি ভাবিলোঁ। “হেপী হাইপক্সিয়া” আচলতে বহুতো চিকিৎসকৰ বাবেও এটা নতুন “শিৰোনাম।” শেষত সকলোৱে সজাগ থাকক। ক’ভিডৰ বিৰুদ্ধে ল’বলগীয়া সকলো সাৱধানতা মানি চলক। খুউব সোনকালেই এই মহামাৰীক পৰাস্ত কৰিব পাৰিম বুলি আমি আশাবাদী।

(বিঃদ্ৰঃ নিবন্ধটোত চিকিৎসা সম্পৰ্কীয় শব্দবোৰ যিমান পাৰি সাধাৰণ মানুহে বুজাকৈ মাতৃভাষাত সৰলভাৱে দিবলৈ চেষ্টা কৰা হৈছে )


Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
গৌতম দাস
8 months ago

সময়োপযোগী লিখনী।