ক’ভিডোত্তৰ সময়ৰ বিয়া: কিছু প্ৰাসংগিক চিন্তা —কৰবী দত্ত

আজি কেইবছৰমানৰ আগতে এখন বিয়াৰ অভ‍্যৰ্থনালৈ গৈছিলো। বিবাহ বাহৰৰ সমুখতে সম্পৰ্কীয় মহিলা এগৰাকীক লগ পালো। ৰসিক মহিলাগৰাকীয়ে ক’লে- এস, এখন ই-ৰিক্সা হ’লে ভাল আছিল। মোৰ দুচকুত প্ৰশ্নবোধক চিন দেখি তেওঁ আকৌ ক’লে- নহয়, মানে খোৱা ঠাইডোখৰ ইমান বহল, ইমানবোৰ খোৱা বস্তু, ইমানবোৰ কাউণ্টাৰ! খোজ কাঢ়ি ঘূৰি ঘূৰি খাবলৈ ভাগৰেই লাগিব! ই-ৰিক্সা এখন হ’লে সুবিধা পালোহেঁতেন!

ভিতৰলৈ গৈ দেখিলো আয়োজন সঁচাকৈয়ে বৰ জাক-জমক। মঞ্চত সুসজ্জিত আসনত লেহেংগা পিন্ধা অসমীয়া কইনা, শ্বেৰৱানী পিন্ধা দৰা উপবিষ্ট হৈ আছে, কাষত অভিভাৱকসকল ঠিয় হৈ আছে। প্ৰতিজন নিমন্ত্ৰিত অতিথিয়ে গৈ দৰা-কইনাক মাত লগাইছে। অভিভাৱকসকলে সকলোকে সুন্দৰকৈ হাঁহি মুখে মাত লগাইছে, দৰা-কইনাৰ লগত চিনাকি কৰি দিছে। মঞ্চৰ সমুখত বহি থকা আলহীসকলক সুন্দৰ পোচাক পৰিহিত বিলনীয়াই নানা প্ৰকাৰৰ পানীয় আৰু বিভিন্ন ধৰণৰ আমিষ-নিৰামিষ পকোৰা আদি পৰিবেশন কৰিছে। একাষত লগাই থোৱা এখন ডাঙৰ পৰ্দাত দৰা-কইনাকে ধৰি মঞ্চত উপবিষ্ট লোকসকলক আৰু আগদিনা হৈ যোৱা মাংগলিক অনুষ্ঠানৰ দৃশ‍্যসমূহ দেখুৱাই থকা হৈছে।

খোৱা ঠাইলৈ গৈয়ো দেখিলো, আজিকালিৰ আন বহুতো বিয়াৰ দৰেই এক ইলাহী কাৰবাৰ। ক’ত ধৰণৰ খাদ্য, কিমান প্ৰকাৰৰ পানীয়, মিঠাই আদি পৰিবেশন কৰা হৈছে তাৰ লেখজোখ নাই। কিছুমান বস্তু সেইদিনাই প্ৰথম দেখিছো, কিন্তু কেনেকৈ খায় নাজানো। চিনি পোৱা কেইবিধমান বস্তুৰে কোনোমতে ভাতসাঁজ খালো। খাই থকাৰ মাজতে মোৰ মনলৈ আহিল শৈশৱত গাঁৱত থকা সময়ৰ বিয়াবোৰৰ কথা…

বিয়াৰ কিছুদিন আগৰে পৰা কেইজনমান ব‍্যস্ত হয় ৰভা দিয়াত, কেইজনমান কলগছৰ পটুৱা (চৈতা) প্ৰস্তুত কৰাত (পাছলৈ অৱশ্যে তালগছৰ পাতৰ পৰা প্ৰস্তুত কৰা ভোজপত্ৰ ব‍্যৱহাৰ কৰা হৈছিল)। পানী দিবৰ বাবে ব‍্যৱহৃত মাটিৰ গিলাচবোৰ ধোৱা কামটো আছিল সৰু সৰু ল’ৰাবোৰৰ। তেতিয়া জলপান হিচাপে লুচি-ভাজিৰ ব‍্যৱস্থা নাছিল। চিৰা নাইবা কোমল চাউল, দৈ আৰু জুলীয়া গুৰৰ জলপানটো ল’ৰা-বুঢ়া সকলোৱে বৰ তৃপ্তিৰে খাইছিল। কইনাৰ ঘৰ খুব অৱস্থাপন্ন হ’লেহে দুপৰীয়াৰ সাজত মাংসৰ ব‍্যৱস্থা কৰা হৈছিল, নহ’লে মাছেৰেই চলি গৈছিল। আৰ্থিকভাৱে অলপ দুৰ্বল অৱস্থাৰ মানুহৰ ঘৰত নিৰামিষ। কিন্তু খৰিৰ জুইত ৰন্ধা ৰঙালাউ, ক’লা কচুৰ ঠাৰি, আলু, কবি, মূলা আদিৰ সেই সুস্বাদু লাব্ৰাখন আৰু শুকান জলকীয়াৰ ফোৰণ দি ৰন্ধা দাইলখনৰ সোৱাদ আমাৰ বয়সৰ বহুতৰে মনত থাকিব পায়। ৰাতিৰ সাজলৈ বৰযাত্ৰী সকলৰ বাবে মাংসৰ ব‍্যৱস্থা কৰাৰ উদ্দেশ্যে আগতীয়াকৈ কিনি বিয়াঘৰৰ পাছফালে বান্ধি থোৱা ছাগলীবোৰে নিৰ্বিকাৰ ভাৱে কঠালৰ পাত চোবোৱা দেখি শৈশৱত কত’ দিন যে চকুপানী মচিছিলো!

লাহে লাহে গাঁৱৰ বিয়াবোৰলৈও পৰিবৰ্তন আহিল। জলপানৰ ঠাই লুচি-ভাজিয়ে, লুচি-ভাজিৰ ঠাই পোলাও-মাংসই অধিকাৰ কৰিলে। আমি সৰুতে দেখা ‘তেলৰ ভাৰ’ গুচি জোৰোণ হ’ল। নিচেই সৰুতে কেইবাবাৰো দেখিছিলো- দৰা ঘৰৰ চাৰিজনমান বয়োজ‍্যেষ্ঠ লোকে এটা বাকচত (সাধ‍্যানুসাৰে টিনৰ বা চামৰাৰ) কইনাৰ বাবে তেল-সেন্দূৰ, আইনা-ফণী, যথাসাধ‍্যে গহনা, গা ধোৱাৰ সময়ত পিন্ধৰ লগা নোৱনি সাজ আৰু কইনাই ৰাতি বিয়াত বহাৰ সময়ত পিন্ধিব লগা কাপোৰসাজ লৈ সন্ধিয়া সময়ত কইনাৰ ঘৰলৈ যায়। আজিৰ পৰা প্ৰায় ৪০বছৰৰ আগতে আমাৰ বাইদেউ এগৰাকীৰ তেলৰ ভাৰ দিবলৈ নগৰৰ দৰাঘৰৰ পৰা দুখন এম্বেচাদৰ গাড়ীত মহিলাকে ধৰি বাৰ-পোন্ধৰগৰাকী মান মানুহ অহাটো গাঁওখনত আলোচনাৰেই বিষয় হৈছিল।

এতিয়া পিছে জোৰোণো একোখন সৰু-সুৰা বিয়াই। বিশেষকৈ নগৰৰ জোৰোণ বোৰত ডেৰশ -দুশ জোৰোণ দিবলৈ যোৱা মানুহ, তিনি-চাৰিটা বিভিন্ন ধৰণৰ গহনাৰ চেট, দহ-বিশজোৰ মেখেলা চাদৰ- কি যে এক আমূল পৰিবৰ্তন!

বিয়াবোৰ আৰু এখোপ চৰা। ৰভাতলী সজোৱা, ফটো তোলা আৰু ভিডিঅ’ কৰা (লগতে প্ৰি-ৱেডিং ফটো শ্বুট), কইনাৰ সাজ-পোচাক আৰু মেক-আপ, খাদ্য আদিৰ বাবদ খৰচ হোৱা ধনৰ অংকটো শুনি আচৰিতেই হওঁ- কি প্ৰয়োজন এনেকৈ পানীৰ দৰে ধন খৰচ কৰাৰ! আনহাতে, অপৰ্যাপ্ত পৰিমাণৰ ধনৰ গৰাকীসকলক দেখি দেখিয়েই মধ‍্যবিত্ত বহুতেও বিয়াৰ নামত এনে একোখন থিয়েটাৰ পাতিবলৈ লৈছে আৰু লগে লগে টেটুলৈকে চপাই লৈছে ঋণৰ একোটা বৃহৎ বোজা।

ক’ভিড-১৯ ৰ সংক্ৰমণৰ এই ভয়াবহ সময়চোৱাত অৱশ্যে কেইবাখনো বিয়াৰ বিষয়ে শুনিবলৈ পালো। মোৰ শিক্ষক দেউতাৰ অতি প্ৰিয় ছাত্ৰ এজনৰ পুত্ৰৰো এই লকডাউনৰ সময়তে অনুষ্টুপীয়াকৈ বিয়া হৈ গ’ল। মৰম লগা দৰা-কইনাহালৰ ফটো ফেচবুকত পাই দেউতাকো দেখুৱালো। চকুৰে ভালকৈ নমনিলেও দেউতাই অতি আন্তৰিকতাৰে তেওঁৰ সেই নাতি আৰু নাতি বোৱাৰীজনীক হিয়া ভৰা আশীৰ্বাদ দিলে। দেউতাৰ প্ৰতিক্ৰিয়া দেখি অনুভৱ কৰিলো- দৰা-কইনাক আশীৰ্বাদ দিবলৈ বিয়াত উপস্থিত থাকিবই লাগিব বুলি কোনো কথা নাই। শুভ-কামনা আঁতৰৰ পৰাও যাচিব পাৰি। এই ইণ্টাৰনেটৰ যুগত ই যে আৰু বেছি সহজ হৈ পৰিছে তাক নিশ্চয় এই লিখনিৰ প্ৰতিজন পাঠকেই অনুভৱ কৰিব পাৰিব।

লকডাউনৰ সময়ত নিচেই অনুষ্টুপীয়াকৈ আয়োজন কৰা এই বিয়াবোৰৰ খবৰ পাই ভাবিছো- বিয়া পতাৰ এনে ব‍্যৱস্থাও বেয়া নহয়চোন! শ শ মানুহ মাতি, লাখ লাখ টকা খৰচ কৰি বিয়াৰ নামত একোটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰাৰ প্ৰয়োজন জানো সঁচাকৈয়ে আছে? ক’ভিডৰ সংক্ৰমণ শেষ হ’লেও আমি বিয়াবোৰ অনুষ্টুপীয়াকৈ আয়োজন কৰিব নোৱাৰোনে?

নিশ্চয় পৰা যাব। অৱশ্যে ইয়াৰ বাবে লাগিব সকলোৰে সহযোগিতা। ঘৰৰ গাতে লাগি থকা মানুহঘৰে পুতেকৰ বা জীয়েকৰ বিয়ালৈ নামাতিলে আমি বেয়া পাব নালাগিব; বৰং বিয়াৰ পাছত তেওঁলোকক এদিন সপৰিয়ালে নিমন্ত্ৰণ কৰাৰ মানসিকতা আমাৰ থাকিব লাগিব। ‘এলেকৰ পেলেক, কুকুৰচোৱাৰ ভাগিনীয়েক’ অৰ্থাৎ অতি দূৰ সম্পৰ্কীয়, কোনোকালেই আহ-যাহ নথকা লোকক বিচাৰি বিচাৰি বিয়ালৈ মতাৰ প্ৰয়োজন নাই বুলি আমি বুজিব লাগিব, অজস্ৰ ধন-সম্পত্তিৰ গৰাকীজনেও মুক্ত হস্তে খৰচ কৰি, অতি জাকজমকতাৰে বিয়া এখন পাতি সমাজৰ আন লোকৰ ওপৰত প্ৰভাৱ পেলোৱাটো অনুচিত কথা হ’ব বুলি ভাবিব পাৰিব লাগিব। সৰ্বোপৰি, সাজে-পোচাকে আধুনিকতাৰ পৰিচয় দিয়া বিবাহযোগ‍্য ডেকা- গাভৰুসকলে তেওঁলোকৰ মনৰ আধুনিকতাৰ পৰিচয় দি বিয়াৰ নামত থিয়েটাৰ নাপাতো বুলি দৃঢ়প্ৰতিজ্ঞ হ’ব লাগিব।

আজি কিছুদিনৰ আগৰে পৰা অসমতো আৰম্ভ হোৱা ‘বিগ ফেট ৱেডিং’ সমূহৰ বিষয়ে ক’ভিডোত্তৰ সময়ত আমি সকলোৱে নতুন ধৰণে চিন্তা-চৰ্চা কৰিলে সেয়া সমাজৰ বাবে মংগলজনক হ’ব নিশ্চয়।

পুনশ্চ: ফেচবুকত চিনাকি হোৱা ভাৰতীয় বন্ধু এজনে কালি কথা প্ৰসংগত জনালে- তেখেতৰ ছোৱালীজনী আমেৰিকাত থাকে। অহা জানুৱাৰী মাহত বিয়াৰ দিন স্থিৰ কৰা হৈছিল। দৰাও ভাৰতীয়। কিন্তু এতিয়া ক’ভিডজনিত পৰিস্থিতিৰ বাবে দৰা-কইনা ভাৰতলৈ আহিব নোৱাৰিব। অহা তিনি-চাৰিমাহমানৰ পিছত তেওঁলোকে আমেৰিকাতে বিয়া পাতিব। দৰাৰ অভিভাৱক হ’ব মোমায়েক-মামীয়েক, কইনাৰ ভাৰাঘৰৰ মালিকনী। দুয়োঘৰ অভিভাবকে zoomতে বিয়াখন চাব লাগিব।

এফালৰ পৰা ভাবি চালে বৰ দুখ লগা কথা। সন্তানৰ জীৱনৰ এনে এটা বিশেষ দিনত পিতৃ-মাতৃ উপস্থিত থাকিব নোৱাৰাটো সঁচাকৈয়ে বৰ বেদনাদায়ক।

কিন্তু বিয়া এখন যে এনেকৈয়ো পাতিব পাৰি সেইটোও এটা অতি গুৰুত্বপূৰ্ণ কথা।

                                                                          --- অন্ত ----------------
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক