কভিড পজিটিভ হিচাপে মোৰ অনুভৱ—কুইলিন কাকতি

অসমত কভিড পজিটিভৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। দিল্লীত অকৌ একেবাৰে শীৰ্ষত উপনীত হোৱাৰ পিছত এতিয়া লাহে লাহে গ্ৰাফডাল নামিবলৈ লৈছে। দৈনিক ৩০০০ ৰো অধিক কেছ ওলোৱা দিল্লীত এতিয়া কেছ ১০০০ ৰ তললৈ নামিছে। মোৰ আকৌ এই গ্ৰাফডাল নমাৰ পিছতহে আহি লাগিলহি এই কৰণা। মোৰ যোৱা সপ্তাহৰ পৰা জ্বৰ হৈ আছিল। মই চিজনেল ফ্লু বুলি পেৰাচিতামল আৰু মাল্টি ভিটামিন খাই আছিলোঁ। পিছে কেইদিনমান আগতে গোন্ধ একেবাৰে নোপোৱা বাবে মই মোৰ ফেমিলি ফিজিচিয়ানক ফোন কৰাত তেওঁ মোক গৈ কভিড টেষ্ট কৰাবলৈ ক’লে। মই টেষ্ট কৰোৱাৰ পিছদিনা ৰিজাল্ট পজিটিভ ওলাল। মই বিগত ৩ মাহ ধৰি কেৱল বজাৰলৈ যোৱাৰ বাহিৰে ঘৰতে আছিলোঁ। তথাপি কিন্তু মোৰ পজিটিভ ওলাল। হয়তো মোৰ মানুহজন এছীপ্টমেটিক যি কেৰিয়াৰ হ’ল মোৰ বাবে। ৰিজাল্ট অহাৰ পিছত দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেইবাটাও কল আহিল, আশা কৰ্মী আহি ঘৰত মাল্টি ভিটামিন, চি ভিটামিন আৰু এটা অক্সি মিটাৰ দি থৈ গ’লহি। মোৰ চিকিৎসকে ইতিমধ্যেই মোক সেইখিনি ঔষধ দিছিলেই। বাকী প্ৰতিবেশী, মোৰ ঘৰৰ মালিক সকলোৱে ফোন কৰি খবৰ লৈ আছে। কিবা লাগিলে ঘৰতে দি থৈ যামহি বুলি বাৰে বাৰে কৈ আছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰাও কেইবাবাৰো ফোন কৰিছে। অন্ততঃ দৈনিক দুবাৰকৈ স্বাস্থ্যৰ বুজ ল’বলৈ কল আহে। আনকি খাদ্য বস্তু হোম ডেলিভাৰী দিবলৈও চৰকাৰৰ তৰফৰ পৰা এক বেলেগ বিভাগৰ পৰা কল আহিছে।
এইখিনি কথা মই এই বাবেই উল্লেখ কৰিছোঁ যে অসমত কভিড নামত এক ভয়ানক পৰিস্থিতি ৰ সৃষ্টি হোৱা দেখিবলৈ পাইছোঁ। মানুহে ভয় খাইছে খোৱাটো স্বাভাৱিক। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবা কভিড পজিটিভ ওলালে ঘৰখনক এঘৰীয়া কৰি পেলাব। কৰণা এক সংক্ৰামক ৰোগ হয় কিন্তু ই কোনো পাপ নহয়, বা এবাৰ কভিড হ’লে ই শৰীৰত থাকি নাযায়। ১৪ দিন পিছত ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠে। যাৰ পিছত তেওঁ আৰামত বাহিৰত ঘূৰি ফুৰিব পাৰে। তেওঁক ঘৃণা কৰাৰ বা হেয় দৃষ্টিৰে চোৱাৰ কোনো কাৰণ নাই। বহুতকে ঘৰ খালি কৰিবলৈ কোৱা দেখিছোঁ, বহুতকে পজিটিভ ওলোৱাৰ পিছত কিয় উঠাই নিয়া নাই বুলি প্ৰশ্ন কৰা দেখিছোঁ। কথা হৈছে কোনো ৰোগী পজিটিভ হ’লে তেওঁ ঘৰত থাকিও সুস্থ হ’ব পাৰে, কেৱল বাহিৰত ঘূৰি নুফুৰিলেই হ’ল। ঘৰৰ সমান আৰামত চিকিৎসালয়ত ঠিক হ’ব নোৱাৰে। ঘৰত আপোন মানুহৰ সংস্পৰ্শলৈ নহাকৈ থাকিলেই হ’ল। তেনে কৰিলে ৰোগীৰ মনোবল অব্যাহত থাকিব আৰু সোনকালে ঠিকো হ’ব। কাৰণ ইয়াৰ কোনো বিশেষ ঔষধ নাই। সাধাৰণ জ্বৰৰ ঔষধৰ লগতে ভিটামিন আদিহে দিয়ে। সেয়ে ঘৰত থাকি চিকিৎসা কৰিব পাৰিলে বেছি ভাল।
বাকী ৰোগৰ পৰাহে সাৱধান হ’ব লাগে, ৰোগীৰ পৰা নহয়। মোৰ একেবাৰে মাইল্ড লক্ষণ আছিল সেয়ে বিশেষ সমস্যা নাই হোৱা। কিন্তু যাৰ অলপ বেছি হৈ যায় তেওঁলোকৰ কিছু মানসিক অৱসাদ আহে, নিদ্ৰাহীনতা, শূন্য শূন্য লাগি থকাৰ দৰে সমস্যা হ’ব পাৰে। সেয়ে পৰিয়াল আৰু ওচৰ পাজৰৰ লোক, বন্ধু বান্ধৱে এনে সময়ত মানসিক শক্তি প্ৰদান কৰা উচিত। তেওঁলোকক আৰু অধিক পজিটিভ কৰি ৰখাহে উচিত, এঘৰীয়া কৰি মন ভাঙি দিব নালাগে। বাৰে বাৰে কৈছোঁ এবাৰ ঠিক হোৱাৰ পিছত তেওঁক বা তেওঁৰ পৰিয়ালক এঘৰীয়া নকৰিব। আজি যদি আপোনাৰ প্ৰতিবেশীৰ হৈছে কাইলৈ আপোনাৰো হ’ব পাৰে। ইয়াৰ কোনো নিৰ্দিষ্ট এইটো মানুহৰে হ’ব এইটোৰ নহয় বুলি কথা নাই। আপুনি সামাজিক, দৈহিক দূৰত্ব ৰাখিও সহায় কৰিব পাৰে। এই ৰোগ এদিন শেষ হৈ যাব, কিন্তু আপোনাৰ ব্যৱহাৰৰ দ্বাৰা সন্মুখৰ মানুহ গৰাকীক দিয়া আঘাতৰ দাগ আজীৱন ৰৈ যাব। গতিকে মানৱীয়তা অব্যাহত ৰাখক, সুৰক্ষিত থাকক, মাস্ক পিন্ধক, হাত চেনিটাইজ কৰি থাকক ধুই থাকক আৰু ৰোগীক মৰমেৰে চাওক, মানসিক শক্তি দিয়ক, এষাৰ মাত লগাওঁক দূৰৰ পৰাই বা ফোনতে। দৰকাৰ হ’লে ৰোগীৰ দুৱাৰ মুখত ঔষধ আৰু খোৱা বস্তু কেইটা দি থৈ আহক। আপোনাৰ সেইখন সহায় তেওঁ আজীৱন মনত ৰাখিব, আপোনাৰো খুব ভাল লাগিব। সকলো সুৰক্ষিত থাকক আৰু মানুহ হৈ থাকক..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক