কভিড ১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত পৰিৱর্তিত শিক্ষা ব্যৱস্থা আৰু শিক্ষার্থীৰ মানসিক স্বাস্থ্য – ড০ স্বপ্না বৰা

একবিংশ শতিকাৰ মানৱ সমাজক প্ৰত্যাহবান জনোৱা কভিড ১৯ এ বিশ্বজুৰি এক দুর্যোগৰ সৃষ্টি কৰিছে। বিশ্বৰ দুশখনতকৈও অধিক দেশলৈ প্ৰসাৰিত এই কৰ’না ভাইৰাছে ভয়ংকৰ মহামাৰীৰৰ ৰুপ ধাৰণ কৰিছে। বিশ্বৰ উন্নত, শক্তিশালী দেশ- আমেৰিকা, ৰাছিয়াই প্ৰাথমিক স্তৰতে ব্যাপক সতর্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত দেশৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। ভাৰতৰ দৰে উন্নয়নশীল, ঘন জনবহুল দেশ এখনত এই ভাইৰাছৰ স্থিতি, ভয়াৱহতা আদি এতিয়াও অনির্ণেয়, কাৰণ তুলনামূলকভাৱে ধীৰ গতিৰে সংক্ৰমণ আৰম্ভ হোৱা এই ভাইৰাছ-জনিত ৰোগৰ ফলত ভাৰতৰ স্বাস্থ্যখণ্ড, উদ্যোগ, নিৱনুৱা সমস্যা, শিক্ষা আদি সকলো ক্ষেত্ৰতে গভীৰ সংকটে দেখা দিছে আৰু বিগত চাৰিটা মাহৰ অভাৱনীয় ক্ষতিয়ে অনাগত দীর্ঘ সময়লৈ সকলোৰে ওপৰত বিৰূপ প্ৰভাৱ পেলাব।

কৰ’নাকালীন পৰিস্থিতিৰ বাবে বলবৎ কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত মার্চ মাহৰ মাজভাগৰপৰাই শিক্ষানুস্থানসমূহ বন্ধ হৈ পৰিছে। এই তাৎক্ষণিক সিদ্ধান্তৰ পাছত শিক্ষাৰ স্বাভাৱিক ছন্দ পতন হোৱাৰ দৰে হৈছে। নিয়মীয়াকৈ চলি থকা পাঠদান আৰু পাঠ গ্ৰহণ দুয়োটালৈকে আহি পৰা স্তব্ধতাই মূলতঃ শিক্ষার্থীৰ মানসিকতাত যথেষ্ট চাঁপ পেলাইছে। আজিৰ আলোচনাত কৰ’নাকালীন পৰিস্থিতিয়ে শিক্ষা ব্যৱস্থালৈ অনা পৰিৱর্তনৰ ফলত শিক্ষার্থীৰ মানসিকতাত কেনে পৰিৱর্তনে দেখা দিছে আৰু ভৱিষ্যত পৰিস্থিতিৰ লগত শিক্ষার্থীসকলে কেনেদৰে মোকাবিলা কৰা উচিত তাকেই ফঁহিয়াই চোৱাৰ চেষ্টা কৰা হৈছে।

শিক্ষানুষ্ঠানৰপৰা আঁতৰি থাকিবলগীয়া, পৰিৱেশৰ প্ৰথম তাৎক্ষণিক প্ৰভাৱটো হৈছে শিক্ষাগুৰুৰ প্ৰত্যক্ষ্ পাঠদানৰ প্ৰভাৱ। আমি যদি মনতে অসমৰ দৰে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ পৰিচিত ছবিখন কল্পনা কৰি লওঁ, তেন্তে আমি এই শিক্ষা ব্যৱস্থাৰ তিনিটা স্তৰত তিনিখন পৃথক ছবি দেখিবলৈ পাম; বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় অথবা উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষার্থীসকলৰ তিনিখন ভিন্ন পৰিস্থিতিৰ ছবি।

ইউনেস্ক’ৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ বিশ্বৰে কৰ’না প্ৰভাৱিত দেশসমূহৰ প্ৰায় ১.২৬ বিলিয়ন বিদ্যালয় পর্যায়ৰ শিক্ষার্থী, লকডাউনৰ ফলত প্ৰভাম্বিত হৈছে। ভাৰতত তেনে শিশুৰ সংখ্যা ৩২০ মিলিয়ন আৰু তেনে শিশুসকলৰ পুনৰ কেতিয়া বিদ্যালয়লৈ যাব পাৰিব তাৰ কোনো নিশ্চয়তা নাই।

শিক্ষার্থীৰ শিক্ষাগ্ৰহণ বাধাগ্ৰস্ত নহ’বৰ বাবে চৰকাৰে ঘোষণা কৰা বিকল্প শিক্ষাব্যৱস্থা হৈছে-অনলাইন পাঠদান। লকডাউনৰ নির্দেশাৱলী অনুসৰি শিক্ষার্থীসকলে গৃহবন্দীত্বৰ সময়ছোৱাত অনলাইন পাঠ গ্ৰহণ কৰিব লাগে আৰু সেই একে নির্দেশাৱলী মতে ‘ঘৰৰপৰা কাম’ অর্থাৎ “Work from Home” পদ্ধতিৰে সেই পাঠ আগবঢ়োৱাৰ দায়িত্ব শিক্ষকসকলৰ। ভাৰতত উন্নত শিক্ষা ব্যৱস্থাৰ ৰাজ্যসমূহত এই পদ্ধতিৰে আগবঢ়োৱা শিক্ষা-শিক্ষণ স্বাভাৱিকধৰণৰ হ’লেও অসমৰ দৰে ৰাজ্য এখনত এই ব্যৱস্থা আচহুৱা; বিশেষকৈ প্ৰাথমিক শিক্ষা ব্যৱস্থাত। ব্যক্তিগত খণ্ডৰ কেতবোৰ বিদ্যালয়ক বাদ দিলে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শিক্ষকৰ খালী পদ, খাদ্য-পানীৰ সমস্যা, আর্থিকভাৱে দুর্বল শিক্ষার্থীৰ শিক্ষাৰ প্ৰতি অনীহা আদি নানানটা কাৰকৰ উপস্থিতি সদা বিদ্যমান আৰু এনেক্ষেত্ৰত শিক্ষক-শিক্ষার্থী দুয়ো পক্ষৰে বাবেই যেন অনলাইন শিক্ষাদান এক অনাকাংক্ষিত বিষয়। শিক্ষকসকলৰ হাতত এণ্ড্ৰইড মোবাইল অথবা কম্পিউটাৰ থাকিলেও ৰাজ্যৰ এক বুজনসংখ্যক শিক্ষার্থীৰ হাতত তেনে মোবাইল নাই বা কিনাৰ সামর্থ্য নাই। এই কথা প্ৰাথমিক পর্যায়ৰপৰা উচ্চ পর্যায়লৈকে প্ৰযোজ্য।

২০১৭-১৮ চনত কৰা ৰাষ্ট্ৰীয় নমুনা জৰীপৰ অধীনত “ভাৰতৰ শিক্ষাৰ পাৰিবাৰিক, সামাজিক উপভোগ্যৰ মুখ্য সংকেতক”(Key Indicators of Household Social Consumption on Education in India)ৰ অনুসৰি ডিজিটেল সুবিধা লাভ কৰা গ্ৰাহকৰ পৰিসংখ্যা এনেধৰণৰ
কম্পিউটাৰ থকা গ্ৰামাঞ্চলৰ গৃহ- ৪.৪%
কম্পিউটাৰ থকা নগৰীয়া গৃহ- ২৩.৪%
ইণ্টাৰনেট থকা গ্ৰামাঞ্চলৰ গৃহ- ১৪.৯%
ইণ্টাৰনেট থকা নগৰীয়া গৃহ- ৪২%

এই তথ্যৰ বাবে কৰা জৰীপো অৱশ্যে অতি সীমিত নমুনাৰ ওপৰতে প্ৰতিষ্ঠিত।

নিম্ন মধ্যবিত্তীয় অথবা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা জনসাধাৰণেই যিহেতু সংখ্যাগৰিষ্ঠ, সেয়েহে ওপৰত উল্লেখ কৰা সুবিধাৰ বাদেই তেনে লোকৰ স্মার্টফোন কিনাৰ সামর্থ্যও নাই।

অসমৰ মহাবিদ্যালয় পর্যায়ত লকডাউনৰ সময়ত প্ৰযোজিত বিকল্প শিক্ষা ব্যৱস্থাও কার্যক্ষেত্ৰত কিমানদূৰ সফল হৈছে সেয়া ব্যক্তিগত জৰীপৰ মাধ্যমেৰে ন’হলেও বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষার্থীৰ অভিজ্ঞতা প্ৰকাশৰ জৰিয়তে, শিক্ষকৰ জড়িয়তে, ব্যক্তিগতভাৱে বিভিন্ন কর্মশালাত শিক্ষকসকলৰপৰা লাভ কৰা মতামতৰ জড়িয়তে আৰু সামাজিক জনপ্ৰিয় মাধ্যম যেনে ফেচবুক আদিৰপৰা জানিব পাৰি যে শিক্ষার্থীসকলক অনলাইন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষক-শিক্ষার্থী দুয়োপক্ষই কিছুমান প্ৰত্যাহবানৰ সন্মুখীন হৈছে। এই তাৎক্ষণিক অনলাইন শিক্ষা ব্যৱস্থাত ব্যৱহৃত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সমলসমূহ (Information and Communication Technology Tools)ৰ লগত এক বুজন সংখ্যক শিক্ষক পৰিচিত নহয়, কিছুসংখ্যক অভিজ্ঞ নোহোৱাৰ ফলত অনলাইন শ্ৰেণীসমূহো বাধাপ্ৰাপ্ত হৈছে, বহুক্ষেত্ৰত শিক্ষক সমলপ্ৰাপ্ত হ’লেও নেটৱর্ক আদি সমস্যাৰ বাবে এই ব্যৱস্থা অসম্পূর্ণ হৈ ৰৈছে। ইয়াৰ ফলো শিক্ষার্থীসকলেই ভুগিবলগীয়া হৈছে। যিসময়ত দূৰৱর্তী শিক্ষণৰ প্ৰতি গুৰুত্ব আৰোপ কৰি National Digital Literary of India, SWAYAM, NPTEL আদি ভাৰতীয় ডিজিটেল শিক্ষাৰ মাধ্যমসমূহে সম্পূর্ণ বিনামূলীয়াকৈ বিভিন্ন পাঠ, গ্ৰন্থ, অনলাইন পাঠ্যক্ৰম আদি শিক্ষার্থীসকলৰ বাবে আগবঢ়াইছে, অসমৰ শিক্ষা ক্ষেত্ৰত ইয়াৰ সুবিধাসমূহ উপভোগৰপৰা গৰিষ্ঠ সংখ্যক শিক্ষার্থী বঞ্চিত। শিক্ষকেও তেওঁলোকক এই প্ৰতিকূল সময়ত উক্ত সুবিধা সম্পর্কে অৱগত নকৰায় আৰু নিজেও অৱগত হ’বলৈ নিবিচাৰে। অলপতে সামাজিক জনপ্ৰিয় সংযোগ মাধ্যমত প্ৰকাশিত গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ এক জৰীপত এই কথা পোহৰলৈ আহিছিল যে বিভিন্ন পৰিৱেশত প্ৰতিকূলতাৰে সহবাস কৰা শিক্ষার্থীসকলে অনলাইন শিক্ষাৰপৰা কিমান কম পৰিমাণে উপকৃত হৈছে, আর্থিক দূৰৱস্থাৰ বাবে স্মার্টফোন কিনিব নোৱাৰা, নেটৱর্কৰ আসোঁৱাহ আদিয়ে শিক্ষার্থীৰ মানসিকতাত এক গভীৰ প্ৰভাৱ পেলাইছে।

যোগাত্মক দিশ এয়ে যে এনে জৰীপে উক্ত সীমাবদ্ধতাৰ মাজত থকা শিক্ষার্থীসকলক বাছি উলিয়াই অর্থিক সকাহ দিবলৈ তৎপৰ হৈছে। কিন্তু অসমৰ প্ৰায় সকলো মহাবিদ্যালয়েই এনে জৰীপৰ ব্যৱস্থা নকৰাটো পৰিতাপৰ বিষয় হৈছে।

উচ্চ শিক্ষাৰ শিক্ষার্থীসকলে এই সময়ত দুই ধৰণৰ শংকা আৰু সম্ভাৱনাৰ সন্মুখীন হয়। উচ্চ শিক্ষা গ্ৰহণৰ শেষৰটো ঢাপ হিচাপে শিক্ষার্থীসকলৰ পৰীক্ষাৰ ফলাফল, পৰিকল্পনা, বিভিন্ন বৃত্তিত নিয়োজন আদি সম্পর্কে উদ্বিগ্ন হৈ থাকে। শিক্ষার্থীসকলে দেখিছে যে কৰ’না ভাইৰাছৰ মুখামুখি হ’বলৈ লোৱা ব্যৱস্থাই কর্মসংস্থাপনৰ জগতখনক নিশকতীয়া কৰি তুলিছে। তাতকৈয়ো সন্মুখতে দেখা দিয়া মানসিক সমস্যাটো হৈছে পৰীক্ষা সূচী সাল-সলনি যাৰ বাবে শেষ সিদ্ধান্ত সম্পর্কত শিক্ষার্থীসকলে যথেষ্ট সন্দিহান। অনান্য পর্য্যায়ৰ শিক্ষার্থীসকলেও শিক্ষাবর্ষৰ সাল-সলনি অনুসৰি কেনেদৰে তাল মিলাই চলিব তাক লৈয়ো উদ্বিগ্ন হৈ পৰিছে।

এই দোদুল্যমান সময়ত প্ৰত্যাহবানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে সাময়িকভাৱে যি নির্দেশনা জাৰি কৰিছে সেয়া শিক্ষার্থীৰ মানসিক স্বাস্থ্য সন্তুলনৰ বাবে মুঠেও সন্তোষজনক নহয়। সমগ্ৰ দেশৰ স্বাস্থ্য খণ্ডত হোৱা হাহাকাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰকৃততে শিক্ষার্থীসকলৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC)ৰ জড়িয়তে কেৱল “Mental Health Guideline” মুকলি কৰাতে দায়িত্ব সীমাবদ্ধ নাৰাখি বিভিন্ন বিশ্ববিদ্যালয়-মহাবিদ্যালয় পর্যায়ত মানসিক স্বাস্থ্য সজাগতা শিবিৰ প্ৰত্যক্ষভাৱে আয়োজন কৰাটো অতি জৰুৰী। শিক্ষকসকলে যিহেতু জীৱিকাৰ লগত জড়িত অনলাইন কর্মশালা আদি নিয়মীয়াকৈ আয়োজন বা অংশগ্ৰহণত জড়িত আছেই এই ক্ষেত্ৰত সমান্তৰালভাৱে শিক্ষার্থীৰ মানসিক স্বাস্থ্য সন্দর্ভতো চিন্তা কৰাটো প্ৰয়োজনীয়।

অভিভাৱকৰ সজাগতা আৰু দাবীসমূহেও বহুক্ষেত্ৰত শিক্ষার্থীৰ মানসিক জগতখনত সৃষ্টি হোৱা উদ্বিগ্নতা আৰু চাঁপ বহুখিনি হ্ৰাস কৰিব পাৰে। অভিভাৱকে সন্তানৰ দৈনন্দিন কাম-কাজৰ সময় তালিকা নির্ণয় কৰি দি সন্তানৰ মানসিক অস্থিৰতা হ্ৰাস কৰি কৰ’নাৰ লগত সহাৱস্থান কৰিবলৈ প্ৰস্তুত কৰি তোলাৰ দায়িত্ব পালন কৰিব পাৰে। এই মুহূর্তত চৰকাৰে কিছুমান আঁচনি কার্যকৰী কৰিব পাৰে; যেনে-
১) বিদ্যালয়সমূহত অব্যৱহৃত হৈ থকা কম্পিউটাৰসমূহ কার্যক্ষম কৰি তোলা
২) কম্পিউটাৰ বিষয়ৰ শিক্ষকসকলৰ সম্প্ৰতি প্ৰয়োজনীয় Information Communication Technology (ICT) সফলৰ প্ৰশিক্ষণৰ জড়িয়তে নির্দিষ্ট একোখন শিক্ষানুস্থানক অনলাইন শিক্ষাৰ বাবে সাজু কৰি তোলা
৩) আর্থিকভাৱে অনগ্ৰসৰ শিক্ষার্থীক পাঠদানৰ বাবে শিক্ষকলৈ নির্দেশাৱলী প্ৰেৰণ কৰা
৪) দূৰদর্শন আৰু অনাতাঁৰ কেন্দ্ৰ জড়িয়তে সম্প্ৰচাৰ কৰা পাঠদানৰ প্ৰতি শিক্ষার্থী আৰু অভিভাৱকক সজাগ কৰি তোলা

শিক্ষার্থীসকলে এই সময়ছোৱা দ্বিধাগ্ৰস্ততাৰে কটোৱাৰ পৰিৱর্তে যোগাত্মকভাৱে চালে বহু আশাৰ সঞ্চাৰ ঘটাব পৰা কাৰকো বিচাৰিব পাৰে আৰু শিক্ষার্থীসকলে শিক্ষকৰ অৱিহনে কি হ’ব বুলি শংকিত হোৱাতকৈ কিছু দায়িত্ব নিজে সফলতাৰে পালন কৰিব পাৰে। বিগত সময়ছোৱাত লাভ কৰা পাঠৰ পর্যালোচনা স্ব-অধ্যয়নৰ জড়িয়তে শিক্ষার্থীয়ে ল’ব পাৰে। যিসকল শিক্ষার্থীয়ে ঘৰতে বহি অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰি আছে তেওঁলোকে প্ৰাসংগিক জ্ঞান, জ্ঞানৰ তুলনা, অধিক পঠনৰ বাবে দেশ-বিদেশৰ অনলাইন শ্ৰেণী কোঠাৰ পাঠ্যক্ৰমৰ সোৱাদ ল’ব পাৰে, শিক্ষকক প্ৰশ্নৰে ভৱিষ্যত কার্যপন্থা নিৰূপনৰ লগতে সময়ৰ সদ্ ব্যৱহাৰ কৰি নিজৰ সৃজনশীলতাৰ উমান ল’ব পাৰে।

কৰ’না ভাইৰাছে লৈ অহা সংকটে এই প্ৰত্যাহবানৰ সময়খিনিত আমাক এটা কথা সকীয়াই দিছে যে এতিয়া এয়া নতুন স্বাভাৱিক জীৱন। প্ৰতিষেধক নোলোৱালৈকে ইয়াৰ সৈতে সহাৱস্থান কৰিবই লাগিব। সেয়েহে শিক্ষার্থীসকলে ভৱা উচিত জীয়াই থাকিবলৈ প্ৰত্যাহবানৰ মুখামুখি হ’বলৈ স্ব-অধ্যয়ন কৰিবই লাগিব, শ্ৰেণীকোঠাৰ শক্তিশালী কৌশলসমূহ বাস্তৱত প্ৰয়োগ কৰিব লাগিব, শাৰীৰিক-মানসিকভাৱে সবল হৈ থাকিবলৈ ভৱিষ্যত উত্তৰণৰ আশাবোৰো নিজেই সুনিশ্চিত কৰিব লাগিব।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Manashi kalita
9 months ago

Enjoyed your article found it very and informative in the current scenario

Bharati
9 months ago

খুব প্ৰাসংগিক হৈছে madam.

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক