কমনৰুম আখ্যান (-বন্দিতা গগৈ বৰা)

common-room-akhyan_bondita-gogoi-borah(ঙ)

হাজৰিকা ছাৰ, মৌচুমী, আশা হত কৰ্মৰত এই স্কুলখন অৱস্থিত চহৰখনত পূজা পাৰ্বনৰ প্ৰভাৱ বৰকৈ পৰে! দুৰ্গাপূজা হৈ গৈছে এতিয়া সন্মুখত লক্ষ্মী পূজা! আজি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি শূন্য৷ শিক্ষকসকল কমনৰুমতে বহি অলপ কথা বাৰ্তাত ভাগ লৈছে! হাজৰিকা ছাৰে অনুমতি দিলে অলপ পাছত সকলো ঘৰাঘৰি হ’ব!
এনেতে হাতত দুটা মিঠাইৰ টোপোলা লৈ প্ৰসন্ন বৰুৱা প্ৰফুল্ল মনেৰে সোমাই আহিল!
““ আজি এসপ্তাহ হ’ল, মোৰ ছোৱালী এজনী হল! এয়া মিঠাই খাওক! ইমানেই ব্যস্ত আৰু চিন্তিত হৈ আছিলো যে কাকো খবৰ এটা দিবলৈ নহল! ক্ষমা কৰিব দেই! ““ কৈ কৈ তেখেতে সন্মুখত থকা সকললৈ মিঠাইৰ টোপোলা দুটা আথে বেথে আগুৱাই দিলে৷
সকলোৰে মনলৈ না না প্ৰশ্ন আহিল! বৰুৱা পত্নীৰ সন্তান হব সকলোৱে জানে, কিন্তুু এমাহ আগতীয়াকৈ যে হব কোনেও ভবা নাছিল! মাজতে পূজাৰ বন্ধও গল সেয়ে হয়তো কোনেও খবৰটো নাপালে!
শইকীয়া বাইদেৱে তামূলী ছাৰৰ কাণে কাণে ক’লে ““ইমান বছৰৰ পাছত সন্তান হৈছে ছোৱালী নহৈ ল’ৰা এটা হোৱা হলে ভাল আছিল, নে কি কয়! ““ বাইদেৱে ফুচফুচাই কৈছিল যদিও সন্মুখত বহি থকা দুই এজনৰ কাণলৈও কথাষাৰ গল৷ দুই এজনে শলাগও ললে! মৌচুমীৰ কাণতো সোমাল! আনদিনা হোৱা হলে তাই ইয়াৰ ওপৰত ভাল লেকচাৰ এটা দিলে হয়! কিন্তুু আজি এইবোৰ বিতৰ্ক কৰি বৰুৱা ছাৰৰ আনন্দকণ মাটি কৰিব নুখুজিলে!
ইতিমধ্যে কমনৰুমত মৃদু গুণ গুণনি আৰম্ভ হৈছিল! বিভিন্ন প্ৰশ্ন বাণেৰে বৰুৱা ছাৰক আগুৰি ধৰিছে৷ কেনেকৈ কি হল ছাৰে যিমান পাৰে বিনয়েৰে বুজাবলৈ চেষ্টা কৰিছে! বৰুৱাৰ বিয়াৰ আঠ বছৰ পাছত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম! পত্নীৰ আগৰে পৰা বিভিন্ন অসুবিধা আছিল, হঠাতে সময়তকৈ আগতেই আহি পৰা কিবা কমপ্লিকেচিৰ বাবে ডাক্তৰে ততাতয়াকৈ অপাৰেচন কৰিবলৈ কলে!
কথাবাৰ্তা চলি থাকিল, তেখেতে মিঠাইৰ পেকেট দুটা দুই এজনক আগবঢ়াই থাকিল! বেছি ভাগেই ডায়েবেটিচ আছে বাবে মিঠাই খাব নোৱাৰে বুলি কলে! এজনেটো, ““লৰা হোৱা হলে মাংস ভাত খালো হয় বৰুৱা! ““ বুলি কবলৈও নেৰিলে! এনেও স্বভাৱসুলভ ভাবে লাজকুৰীয়া বৰুৱা ছাৰে সেমেনা সেমেনি কৰা দেখা গল! এনেই নাৰীবাদী বুলি নাম থকা আৰু বিভিন্ন এন জিঅ ৰ হৈ কণ্যা সন্তানৰ হকৰ বাবে কাম কৰি যোৱা মৌচুমীয়ে আমি শিক্ষকসকলে লৰা সন্তান ছোৱালী সন্তানৰ মাজত প্ৰভেদ দেখা উচিত নহয় বুলি ভাষণ দিলে হয়! পিছে আজিৰ কথা বেলেগ! আৰু এতিয়া কমনৰুমৰ থমথমীয়া পৰিবেশটোক পাতল কৰাৰ চিন্তাহে তাই কৰিলে! কাষতে বহা আশাৰ চকুলৈ চাই ইংগিত দিয়াৰ লগে লগেই দুইজনী উৰি গৈ পৰাদি মিঠাইৰ পেকেটোত হাত দিলে আৰু চিঞৰি উঠিল, ““আমি হলে দুটা দুটা মিঠাই খাম, ইমান ভাল খবৰ আনিছে বৰুৱা দা৷ আৰু আপোনালোকৰ সুবিধা মতে আমি নিজেই দেওবাৰে এটাত গৈ আপোনাৰ ঘৰত ৰান্ধি বাঢ়ি মাংস ভাতো খাম! ““
““যাবা যাবা দেই, বৌৰাই আনন্দ পাব৷ ““
আশাই মিঠাই অকণ ভাঙি বৰুৱা দাৰ মুখত গুজি দিলে৷ প্ৰসন্ন বৰুৱাৰ চকুদুটা আনন্দত জল মলাই উঠিল৷
ইমান সময়ে নিজৰ টেবুলৰ পৰা নীৰৱে আলেখলেখ চাই থকা হাজৰিকা ছাৰৰ গলগলীয়া মাতটো শুনা গল, ““বৰুৱা, মিঠাইৰ পেকেট আমাৰ ফালেও আনক, ডায়েবেটিচ আছে যদিও এদিন মিঠাই খালে একো নহয় বুজিছে! আপোনাৰ আনন্দৰ সমভাগী হৈ মিঠাই এটা এটা খালে মোৰ মতে কাৰোৰে অপকাৰ নহব৷ ““
হাজৰিকা ছাৰে মিঠাই খোৱা দেখি বাকী সকলেও খাবলৈ হেতা উপৰা লগালে৷
““এই মৌচুমীহতে মাংস ভাত খোৱাৰ দিনা মোকো খবৰ দিব ময়ো যাম, ঘৰত প্ৰেচাৰ বাঢ়িব বুলি মানুহজনীয়ে মাংস খাবলৈ নিদিয়া হল বুইছে৷ এই চলতে কণমানি জনীক আশীৰ্বাদ ও দিমগৈ!
হাজৰিকা ছাৰৰ কথাই পৰিবেশটো আনন্দময় কৰি তুলিছিল! মিঠাইৰ পেকেট দুটা খালী হৈ পৰিছিল আৰু নতুনকৈ পিতৃ হোৱা বৰুৱা ছাৰৰ বুকুখন আনন্দত ভৰি উঠিছিল! আমাৰ কমনৰুম বোৰৰ পৰিবেশ সুন্দৰ কৰি তোলে হাজৰিকা ছাৰ, মৌচুমী, আশা হতৰ দৰে লোকসকলে! !

(চ)

হাজৰিকা ছাৰে অসমীয়া বাতৰি কাকত খন পঢ়ি উঠি ভাজঁ কৰি থৈ সন্মুখৰ সহকৰ্মী সকললৈ চালে৷ কিমাননো আৰু সেই একে ধৰণৰ বাতৰিবোৰ পঢ়িব, সুখ দুখৰ কথা এষাৰ দুষাৰো পাতিবলৈ মন যায় দিয়কচোন৷ কমনৰুমত এই সময়ত প্ৰায় দহ বাৰজন মান শিক্ষক শিক্ষয়ত্ৰী বহি আছে৷ কিন্তুু কিবা থমথমীয়া পৰিবেশ এটাই বিৰাজ কৰিছে! কাৰো মুখত কথা নাই, যিকেইজনে কথা পাতিছে, খুউব লাহে লাহে ফুচফুচাই পতাৰ দৰে পাতিছে! হাজৰিকা ছাৰৰ মনলৈ এটা কথা আহিল অলপ দিন আগলৈকে কিন্তুু কমনৰুমৰ অৱস্থা এনে নাছিল৷ চাৰি পাচঁজন শিক্ষকো যদি কমনৰুমটোত বহি থাকে কমনৰুমটো কথাৰে গমগমাই থাকে কিন্তুু আজি অলপ দিনৰ পৰা দহবাৰজন শিক্ষক থাকিলেও কোনো কথা বাৰ্তা নাই কিবা নিমাওমাওপৰিবেশ৷ হাজৰিকা ছাৰৰ নাকেৰে এটা তপত নিশ্বাস নিগৰি পৰিল! কমনৰুমৰ চাৰিওফালে চকু ফুৰালে! বিভিন্ন পাঠৰ দৰকাৰী কিবা কথা আলোচনা কৰিবলৈ কমনৰুমৰ বেৰ এখনত এখন বৰ্ডও লগাই লৈছিল তেওঁ৷ আগতে এই কমনৰুমত না না দৰকাৰী কথা আলোচনা হয়,
কোনোবাই কিবা কথা সুধিব লগা থাকিলে ইয়াতে আলোচনা হয়! তেওঁৰ টেবুলত এদম ইংৰাজী আৰু অসমীয়া ব্যাকৰণ, ডিক্সনেৰী ’ যেতিয়াই কাৰোবাৰ কিবা ব্যাকৰণ সম্পৰ্কীয় কথা সুধিব লগা থাকে তেওঁৰ টেবুলৰ ওচৰলৈ চকী টানি বহি লৈ নিজেও তেওঁৰ পৰা শিকিবুজি লয় আৰু বাকী সকলোকো ভাগ দিয়ে৷ পিছে আজি অলপ দিনৰ পৰা সেই পৰিবেশটো নাইকিয়া হ’ল৷ প্ৰথমে ডেকা কেইজনৰ হাতে হাতে দামী মবাইল আহিল, তাৰ
পাছত বাকী সকলৰ হাতলৈয়ো আহিল৷ কিবা নজনা কথা থাকিলে এতিয়া আৰু কমনৰুমত আলোচনা নহয়, ইণ্টাৰনেট বা গুগুলত বিচাৰিলেই পোৱা যায়৷ আগতে তামূলী ছাৰে কমনৰুমৰ বৰ্ড খনত একেটা
অংক কিমান ধৰণে কৰিব পাৰি সকলোকে কৰি দেখুৱাই আনন্দ পাইছিল, সকলোৰে আগ্ৰহো আছিল, শিকাৰ৷ পিছে হাতত পৃথিৱীখন লৈ থকা মানুহৰ বাবে এতিয়া আৰু সেইবোৰ পুৰণি ৰস হ’ল! হাজৰিকা ছাৰে নতুনত্ব ক বেয়া বুলি কেতিয়াও ভবা নাই কিন্তুু তেওঁৰ ভাব হৈছে নতুনক আদৰি আদৰি আমি যেন আত্মকেন্দ্ৰিক
হৈ পৰিছোঁ! কথাবোৰ ভাবি ভাবি ছাৰ আবেগিক হৈ পৰিল৷ ঘৰতো তেওঁ অকলশৰীয়া, ল’ৰা বোৱাৰী অসমৰ বাহিৰত থাকে, স্কুল আহি সুখ দুখৰ কথা পাতি তেওঁ অলপ নিজকে অকলশৰীয়া হোৱাৰ পৰা মুক্ত কৰিবলৈ বিচাৰে, কিন্তুু সেয়া লাহে লাহে যেন পৰ্বতত কাছকণী বিচৰাৰ দৰে হৈছে৷ ভালেই হৈছে অহা মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিব, এনে আবেগ হীন পৰিবেশত থকাতকৈ ঘৰৰ লাইব্ৰেৰীটোতে তেওঁ সময় পাৰ কৰিব৷
অনন্তক মাতি কমনৰুমৰ পৰা বৰ্ড খন আতৰাই নিয়ালে, সেইখনৰআৰু এতিয়া প্ৰয়োজন নাই!

(ছ)

আজি কমনৰুমৰ বাতাবৰণ একেবাৰে বেলেগ । কালি ৰাতিৰ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ পাচঁশ _এহেজাৰ টকীয়া নোট সমূহৰ প্ৰচলন বন্ধ কৰি দিয়াৰ ঘোষণাৰ সম্পূৰ্ণ প্ৰভাৱ সকলোৰে ওপৰত পৰা পৰিলক্ষিত হৈছে । সকলোৱে উচ্চ স্বৰত এই বিষয়ে আলোচনাত মগ্ন । কোনোবাই যদি কথাটো সমৰ্থন কৰিছে কোনোবাই আকৌ হঠাতে এনেকৈ সৰু সৰু নোটৰ প্ৰচলনে যে বজাৰ সমাৰ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে তাকে লৈ অসন্তোষ প্ৰকাশ কৰিছে ! সকলোতকৈ ডাঙৰ কথা যি কেইজন শিক্ষক শিক্ষয়িত্ৰীৰ স্কুল আহোঁতে সদায়ে পলম হয় বুলি বদনাম আছে তেওঁলোকো আজি সময়তকৈ বহু আগত আহি কমনৰুমৰ আসন শুৱনি কৰি বহি থকা কথাটোৱে ইমান গৰম আলোচনা চলি থকাৰ মাজতেও বাকী সকলৰ মন চুই গল । এওঁলোকৰ ভিতৰত আমাৰ শইকীয়া বাইদেউ অন্যতম !
মৌচুমীৰো কথাটো আচৰিত লাগিল , স্কুলত জইন কৰাৰ আজি তিনি বছৰ হৈছে কিন্তু সেইকেইজন ছাৰ বাইদেউৰ দেৰিকৈ অহাটো সদায়ে চকুত পৰে । আশাই চকুৰে ইংগিত দি তেওঁলোকক দেখুৱাই , ফুচফুচাই উঠিল ,””মোডীয়ে ভেকুলীৰ পিঠিতো নোম গজাব পাৰে দেই ।”” তাইৰ কথাত ওচৰৰ দুই এজনেও মুখ টিপি হাঁহিলে ।
“”পৰিবৰ্তন অ “” বেলেগ এজনে কলে ।
এজনে অলপ ডাঙৰকৈ কৈ উঠিল ,””জি পি এচ চিষ্টেম টকাৰ ওপৰত হে চলিব জানো ,আমাৰ স্কুল অহা সময়ৰ ওপৰতো চলিব নি অ ?”” বাকী সকলে হোহোৱাই হাঁহিলে । এনে ধৰণৰ হাঁহি ধেমালি কমনৰুমত চলিয়ে থাকে । বাকী সকলৰ লগতে আজি অসময়ত অহা কেইজনেও হাঁহিলে ।
পিছে তেওঁলোকনো আজি আনদিনাতকৈ সোনকালে আহি কিয় বহি আছে সেই ৰহস্য তেতিয়াও ৰহস্য হৈয়ে ৰ’ল !
তেনেতে দুৱাৰ মুখত দেখা গল দুজনমান অভিভাৱক । মৌচুমী , আশা হত নিজৰ দায়িত্বৰ বাবে সাজু হল । আছলতে সিহঁতে স্কুল এই দুদিন মানৰ পৰা সময়তকৈয়ো আধাঘণ্টা আগতে আহি দশম শ্ৰেণীৰ লৰা ছোৱালীহঁতৰ ফিজ সংগ্ৰহ কৰিছে । অভিভাৱক সকল কামলৈ যোৱাৰ আগতে নিজহাতে ফিজ জমা দিয়েহি । শ্ৰেণী শিক্ষয়িত্ৰীৰ দায়িত্বত আছে বাবে মৌচুমী হঁতে সোনকালে আহি ফিজ সংগ্ৰহ কৰে ।
অভিভাৱক কেইজন যোৱাৰ পাছত দহটকা , এশটকা আদি নোট কেইটা হিচাপ কৰি মৌচুমীয়ে বেগত ভৰাব লওঁতেই শইকীয়া বাইদেউ আহি তাইৰ হাতত থাপ মাৰি ধৰিলে।
“”মোক দিয়া, মোক দিয়া, দেখা নাই ৰাতিপুৱাই দহোবন কাটি কৰি এইকেইটা খুচুৰা পাবলৈকে মই স্কুলত পৰ দি আছোঁ ।”” কৈয়ে বাইদেউয়ে বেগৰ পৰা পাচঁশ টকাৰ নোট কেইখন মান তাইলৈ আগবঢ়াই দিলে । বাইদেউৰ লগে লগেই বাকী কেইজন লেটকামাৰো আশা , মৌচুমী হতঁৰ আশে পাশে থিয় হলহি । হাতে হাতে দুই এখন পাচঁশ টকাৰ নোট । তেতিয়ালৈকে আৰু তেওঁলোকৰ সেইদিনা স্কুল সোনকালে আগমনৰ ৰহস্য নুবুজা কমনৰুমত কোনো নাছিল ।

*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments