কমনৰুম আখ্যান (বন্দিতা গগৈ বৰা)

পুৱাৰ প্ৰাৰ্থনা শেষ হোৱাৰ পাছৰ কমনৰুমৰ এটি দৃশ্য।
আজি স্কুলত শিক্ষক ৰ উপস্থিতি একেবাৰে সেৰেঙা৷ দুই এজন অৱশ্যে আহিবলৈ বাকী আছে!
আজি হাজৰিকা ছাৰও শাৰীৰিক অসুস্থতাৰ বাবে অনুপস্থিত৷
পুৱাৰ প্ৰাৰ্থনা শেষ হোৱাৰ লগে লগে সকলো ক্লাছলৈ যাবলৈ সাজু হৈছে! আশাৰাণী ও হাতত ৰেজিষ্টাৰখন, চক আৰু ডাষ্টাৰটো লৈ দশম শ্ৰেণীলৈ যাবলৈ সাজু হৈছেহে, এনেতে তাইৰ ক্লাছৰ দুজনী ছোৱালী উধাতু খাই দৌৰি আহিল! !
“বাইদেউ, বাইদেউ, প্ৰাৰ্থনাৰ পাছতে পূৰ্ণিমা বেহুচ হৈ পৰিল! ! “
“কি? ? এতিয়া কি কৰিছে তাই? বলা বলা ক্লাছলৈ বলা! ! “
সিহঁতৰ সমানেই উধাতু খাই আশা ক্লাছ অভিমুখে ৰাওনা হল! আৰু দুই এজন শিক্ষকো আহিল!
পূৰ্ণিমা নামৰ শান্ত, শিষ্ট ধুনীয়া ছোৱালীজনীক এখন বেঞ্চত শুৱাই লগৰ ছোৱালীবোৰে বেৰি কুৰি চাই আছে! !
““চাওঁ, চাওঁ ভিৰ নকৰিবা, আতৰি দিয়া তোমালোক! !“
হাতৰ বস্তুখিনি ছোৱালী এজনীক দি তাই পূৰ্ণিমাৰ ওচৰ পালেগৈ! ! ছোৱালীজনীৰ কপালত হাত দি লাহে লাহে মাতিলে৷
“পূৰ্ণিমা, পূৰ্ণিমা! !“ ছোৱালীজনীৰ সাৰসুৰ নাই, গাটো চেঁচা তাইৰ৷ নতুনকৈ স্কুলত সোমোৱা আশাৰ এনেধৰণৰ অভিজ্ঞতা আগতে হোৱা নাই! তাই অলপ নাৰ্ভাছ হ’ল৷ লগৰ শিক্ষক এজনৰ কথা মতে ছোৱালীবোৰৰ কোনোবা এজনীৰ বটলৰ পৰা পানী এচলু লৈ পূৰ্ণিমাৰ চকু-মুখত মাৰিলে! তাই অলপ “ও“ “আ“ কৰিলে! আশাৰ মুখলৈ পানী আহিল!
বাকী শিক্ষকসকলৰ পৰামৰ্শ মতে পূৰ্ণিমাক সকলোৱে ধৰি মেলি কমনৰুমলৈ লৈ আনিলে! ইয়াত তাই অলপ আৰাম পাব, বাকী ছোৱালীবোৰে ভিৰ কৰিব নোৱাৰিব! আশাৰ ক্লাছটো মৌচুমীয়ে ললে৷ আশা পূৰ্ণিমাৰ লগতে থাকিল! তাইৰ লগত দুজনী ছোৱালী, বাকীসকল নিজৰ নিজৰ ক্লাছলৈ গল! ইতিমধ্যে পূৰ্ণিমাৰ ঘৰলৈ ফোন কৰাও হ’ল! আশা পূৰ্ণিমাৰ ওচৰতে বহি তাইৰ কপাল, হাত লাহে লাহে মোহাৰি দিলে! বান্ধৱী দুজনীয়ে ভৰিকেইখন মোহাৰি আছে! ! দহমিনিটমান পাৰ হল৷ এই দহ মিনিট আশাৰ বাবে এঘণ্টামান যেন লাগিল! !
হঠাৎ ধুমুহাৰ বেগেৰে দুগৰাকী মহিলা এজন পুৰুষৰ লগত কমনৰুমলৈ সোমাই আহিল! আশাই কিবা ক’বলৈ পোৱাৰ আগতেই এগৰাকীয়ে পূৰ্ণিমাৰ লগৰ দুজনীক প্ৰশ্ন সোধাত লাগিল! কেনেকৈ কি হল? “ বাইদেউ, ছাৰহঁতে মাৰিছিল নি? “ ইত্যাদি..৷
আশাই সুধিলে, “ৰাতিপুৱা কিবা খাই আহিছে নে তাই? নোখোৱাকৈ আহিলেও কেতিয়াবা দুৰ্বলতাৰ বাবে এনে হব পাৰে৷“
তাই কথাষাৰ কবলৈহে পালে, পূৰ্ণিমাৰ মাকে এনে এটা ভাষ্য আগবঢ়ালে যে, তেওঁলোক দুখীয়া হলেও ল’ৰা-ছোৱালীৰ খোৱাত কৃপণালি নকৰে! ! পূৰ্ণিমা ই সদায় খোৱাৰ দৰেই আজিও দুটা দিম, একাপ গাখীৰ আৰু দুখন ৰুটি খাই আহিছে! কথাখিনি শুনি আশা তাপ মাৰিলে৷ সিমান খিনি বস্তু আশাই ৰাতিপুৱা কেতিয়াও খাব নোৱাৰে৷ ইফালে লগত অহা পুৰুষজন, যাক দেখিলেই মস্তান যেন লাগে তেওঁ এইবাৰ ভাষণ দিয়া আৰম্ভ কৰিলে!
“চৰকাৰী স্কুল বোৰত লৰা ছোৱালী পঢ়াবই নেলাগে, কোনো যত্ন নলয় মাষ্টৰ বোৰে ……“
আৰু কিবা কিবি বক্ বক্ কৰি আছিল তেওঁ৷ আশাৰ কাণত নোসোমাল, একেবাৰে নতুন তাই, এনে পৰিস্থিতিত কি কৰিব ভাবি পোৱা নাই, হাজৰিকা ছাৰ থকাহলে আজি! ! চকুযুৰি সজল হৈ পৰিল তাইৰ৷
হঠাতে সদায়ে দেৰিকৈ অহাৰ দৰে শইকীয়া বাইদেউ আহিল! আহিয়েই কমনৰুমৰ ভিৰটো দেখি, শুই থকা পূৰ্ণিমাক দেখি অভিজ্ঞ চকুৰে সকলো বুজিলে! তেনেতে পুৰুষজনৰ কণ্ঠ তেওঁৰ কাণত পৰিল, “ এইবোৰ স্কুলত লৰা-ছোৱালী গৰু-ছাগলীৰ দৰে কোবায়, মই নাজানো নি? ক’ব নোৱাৰি কাৰোবাৰ বেতৰ কোবতে এইৰ ..“ কথাখিনি শেষ হবলৈ নাপালেই শইকীয়া বাইদেউৰ গহীন মাতটোৱে কমনৰুমটো ভৰাই তুলিলে, “এইটো পৰিমল নহৱ নে??“ ভক্ ভকাই থকা পৰিমল বোলাজন যেন আকাশৰ পৰা পৰিল৷ শইকীয়া বাইদেউৰ কমনৰুমত প্ৰবেশ তেওঁৰ চকুত পৰা নাছিল৷ পৰিমলে ভিজা মেকুৰীৰ দৰে বাইদেউলৈ চালে৷
“কি হল মোক পাহৰি গলি নি? তইচোন এইখন স্কুলৰে ছাত্ৰ!! তোকনো কোনজন ছাৰ-বাইদেৱে বেহুঁচ হোৱাকৈ কোবাইছিল অ’ ক’চোন?? তই যে বৰ দুষ্ট আছিলি, স্কুলত খেলিবলৈ ঘৰৰ পৰা সোণকালে আহি পাছত ভোকত কান্দি থাক মনত আছে?? কিমান দিন মই আৰু বেলেগ ছাৰহঁতেও টিফিন কিনি দিছিলোঁ, পাহৰি গলি চাগৈ??“ কথাবোৰ কৈ বাইদেউ অলপ ৰ’ল, বয়স হৈছে ফোঁপনি ধৰে!! পৰিমলৰ মুখখন কেহেঁৰাজ বৰণ ধৰিছে! বাইদেৱে আকৌ কলে, ““হেৰৌ ছোৱালী জনী ডাক্তৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰ, সমালোচনা পিছে পৰেও কৰিবি!! ““ কৈয়ে বেগৰ পৰা টকা তিনিশ পূৰ্ণিমাৰ মাকৰ হাতত গুজি দিলে! স্কুলৰ চকীদাৰ অনন্তক মাতি অট’ অনাই পূৰ্ণিমাক ডাক্তৰৰ ওচৰলৈ পঠালে!
পৰিমলে নিজৰ ব্যৱহাৰৰ বাবে বাইদেউ আৰু আশাৰ ওচৰত ক্ষমা খুজিলে!! ইমান সময় আশাই বাইদেউৰ কাম-কাজবোৰ মন্ত্ৰমুগ্ধৰ দৰে চাই আছিল!! এই মানুহ গৰাকীয়ে মাজে মাজে সিহঁত নতুন চামক তেওঁৰ ক্লাছবোৰ কৰিবলৈ দিয়ে বাবে সিহঁতে তেওঁক খুউব বেয়া পাইছিল!! আজি তেওঁৰ মাতৃস্বৰূপ ৰূপ টো দেখি তাইৰ মুখৰ মাত সৰিল! কমনৰুমটো এতিয়া খালী হৈ পৰিছে, অকল তাই আৰু বাইদেউ!! আশাই বাইদেউক লাহেকৈ আকোঁৱালি ধৰিলে৷ নতুন আৰু পুৰণি সহকৰ্মীৰ মিলনক্ষেত্ৰ ৰূপে কমনৰুমটো সাক্ষী হৈ ৰ’ল!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments