কমলাপ্ৰিয়া-বীৰ চিলাৰায়ৰ শুভ বিবাহৰ স্বাক্ষৰ ৰামৰাই কুঠী আৰু মধুপুৰ সত্ৰ —দিবাকৰ ৰেণু

ধুবুৰী জিলাৰ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্ত অৰ্থাৎ ভাৰত-বাংলাদেশ আৰু অসম পশ্চিমবংগ সীমান্ত অঞ্চলত সত্ৰশাল ৰামৰাই কুঠী সত্ৰ(শ্ৰীশ্ৰীধাম ৰামৰাই কুঠী সত্ৰ) অৱস্থিত। এই সত্ৰখন কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনো এক মাহেন্দ্ৰক্ষণত স্থাপন কৰিছিল। কোচ ৰজা নৰনাৰায়ণ ভাতৃ শুক্লধ্বজ বা চিলাৰায়ৰ লগত শংকৰদেৱৰ জ্ঞাতি ভ্ৰাতা জগদানন্দ দলৈ বা ৰামৰায়ৰ কন্যা কমলাপ্ৰিয়াৰ বিবাহ এই মহাপুণ্যভূমিতেই হৈছিল। এদিন বীৰ চিলাৰায়ৰ কোটোৱাল শ্ৰীদাস লিগিৰাই ৰাজকাৰ্য্য কৰি ফুৰোঁতে অকস্মাৎ নৈৰ পাৰত অপৰূপা কমলাপ্ৰিয়াক দেখা পায় আৰু তাইৰ কথা বীৰ চিলাৰায়ক জনাইছিল। ছোট দেৱানে সেই কথা শুনি সেই কন্যাক বিবাহ পাতিবলৈ মন মেলিলে। সেই কালত ৰজাঘৰীয়া দস্তুৰ মতে ৰাজপৰিয়ালৰ ল’ৰাই দৰা সাজি কইনা আনিবলৈ নাযায়। আনহাতে চিলাৰায় যিদৰে ৰাজকোঁৱৰ সেইদৰে মহাপুৰুষ শংকৰদেৱো শিৰোমণি ভূঞা। গতিকে বিবাহ কৰি কইনা নিনিলে নিদিয়ে। সদৌশেষত সিদ্ধান্ত হ’ল শংকৰদেৱে ৰামৰায় আদি ভকতসকলৰ সৈতে কইনালৈ বৰপেটাৰ পাটবাউসীৰ পৰা নাৱেৰে ভটিয়াই যাব আৰু সিফালে বেহাৰৰ পৰা চিলাৰায় দেৱানো নাৱেৰে আগুৱাই আহিব। দুয়োটা দল য’তেই মিলিত হ’ব সেই ঠাইতেই কমলাপ্ৰিয়া বা আই ভুৱনেশ্বৰীৰ বীৰ চিলাৰায়ৰ সৈতে শুভ বিবাহ সম্পন্ন হ’ব। যি ঠাইত এই বিবাহ সম্পন্ন হৈছিল সেইখন ঠাই আছিল সোণকোষ নদীৰ ওচৰৰ খৰিবাড়ী । ঠাইখন আছিল আন ঠাইসমূহতকৈ ওখ আৰু সেইবাবে কুঠী বুলি কোৱা হৈঠিল। কুঠী শব্দৰ স্থানীয় অৰ্থ ওখ ঠাই। গুৰুজনাই তাতেই থাপনা পাতি বন্তি জ্বলাই ভকতসকলৰ সৈতে নাম কীৰ্ত্তন কৰে। ভাতৃ কন্যাৰ বিবাহ উপলক্ষে “কালীদমন” ভাওনা কৰি গুৰুজনাই মহা আনন্দ লভিলে। এইদৰে ‘খৰিবাড়ী’ নামৰ অঞ্চলটো জনপ্ৰিয় হৈ উঠিল। গুৰুজনাই সত্ৰ পতাৰ বাবে নাম পালে সত্ৰশাল। ‘ছত্ৰ’ মানে ছাতি আৰু ‘শাল’ মানে ঘৰ। বিধিমতে ছাতি আঁ‌ৰি বিয়া হোৱা বাবেও বহুজনে এই ঠাইৰ নাম ‘ছত্ৰশাল’ পাছলৈ ‘সত্ৰশাল’হৈছিল বুলি ক’ব খোজে। কোচৰজা নৰনাৰায়ণ আৰু ৰামৰায়ৰ গৌৰৱময় সিদ্ধান্তৰ ভব্যস্থলী এই ৰামৰাই কুঠী সত্ৰৰ ১৪২৯ বিঘা দেৱোত্তৰ ভূমিত বৰ্তমানেও বৈষ্ণৱ ধৰ্মৰ ধ্বজ্জা উত্তোলিত হৈ আছে।

ৰামৰাই কুঠী সত্ৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ আঁ‌তৰতেই এজোপা ঔ গছ আছে। মহাপুৰুষজনাৰ তিথিত সেইজোপা ঔ গছৰ তলত সেই অঞ্চলৰ ৰাইজে সীমান্ত সুৰক্ষা বাহিনীৰ অনুমতিলৈ নাম প্ৰসংগ কৰে।

কমলাপ্ৰিয়াৰ সৈতে চিলাৰায়ৰ বিবাহৰ পাছত বীৰ গৰাকীয়ে শংকৰদেৱক ফুলবাৰীৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে। গুৰুজনাইও চিলাৰায়ৰ মনোকামনা পূৰ্ণ কৰিলে আৰু কৃষ্ণ লীলা কীৰ্ত্তনেৰে চিলাৰায়ক মুগ্ধ কৰিলে। চিলাৰায়ে গুৰুজনাক ফুলবাৰীতে এখন সত্ৰ পাতি দিলে। কোচ ৰাজ্যত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ দেখি এচাম কুমনোবৃত্তিৰ পণ্ডিতে ৰজা নৰনাৰায়ণক গোচৰ দিলে। ৰজাই শংকৰদেৱক তেওঁৰ প্ৰচাৰ কৰা ধৰ্মৰ সত্যতা প্ৰমাণ কৰিবলৈ ৰাজসভাত উপস্থিত হ’বলৈ নিৰ্দেশ দিলে আৰু ক’লে যদি দোষী সাব্যস্ত হয় তেন্তে তেওঁৰ গাৰ ছালেৰে ডবা চিলোৱা হ’ব আৰু হাড়েৰে কোবোৱা হ’ব। এনে অৱস্থাত ৰাজৰোষত ৰাজসভাত উপস্থিত হ’ব লগা হোৱাৰ বাবে চিলাৰায়ে গুৰুজনাক ফুলনিবাৰীতে লুকুৱাই ৰাখি ৰজাক প্ৰস্তাৱ দিলে যে, ৰাজসভাত গুৰুজনাৰ কোনো মৰ্য্যদা হানি হ’ব নোৱাৰিব আৰু তেওঁ কোনো শাস্তিৰ সন্মুখীন হ’ব নালাগিব। চৰ্তমতেই কাম হ’ল। গুৰুজনাই ৰাজসভাত উপস্থিত হ’ল আৰু তেওঁ সকলোকে স্তম্ভিত কৰি নিজৰ পাণ্ডিত্যৰ পৰিচয় দিলে। ৰজা নৰনাৰায়ণ গুৰুজনাৰ প্ৰতি বিমুগ্ধ হ’ল আৰু গুৰুজনাৰ স্থায়ীভাৱে থকা মেলাৰ বাবে ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিলে। সেনাপতি চিলাৰায়ে সেই আদেশ অনুসৰি পূৰ্বৰ ফুলবাৰী সত্ৰখনকেই তেখেতৰ স্থান হিচাপে প্ৰদান কৰিলে। পৰবৰ্তী কালত সেই সত্ৰখনেই মধুপুৰ নামেৰে জনাজাত হয়। মধুপুৰৰ পূৰ্বৰ নাম আছিল চন্দনচ’ৰা। উল্লেখ্যযোগ্য যে কোচ ৰজা বিশ্বসিংহৰ বিমাতা জবা দেৱীৰ মনোকামনাতে তেওঁৰ পুত্ৰ ‘চন্দন’ক ৰাজকাৰ্য্য চলোৱাৰ অনুমতি দিছিল। সেইসময়ত চন্দন চ’ৰাতেই ৰাজধানী আছিল। আনুমানিক ১৫৫০ খ্ৰীষ্টাব্দত শংকৰদেৱে পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা উভতি অহাৰ পথত বৰ্তমানৰ কোচবিহাৰ চহৰৰ পশ্চিমদিশত সাত মাইল আঁ‌তৰত থকা এজোপা পৰালি বৃক্ষৰ তলত বহি জিৰাইছিল আৰু ভক্তসকলক বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ লীলা ব্যাখ্যা কৰিছিল। সেই সময়তেই সেই গছৰ মৌচাকৰ পৰা টোপ টোপকৈ মৌজোল পৰিছিল। সেই দেখি মাধৱদেৱে কৈছিল— ‘কি মধুময় পৰিৱেশ, কি পুণ্যভূমি খানি গুৰুমুখে হৰিকথা মধুপান গুৰুভক্তিৰ ধূলা পৰিল।’

পাছত মহাপুৰুষ শংকৰদেৱে ক’লে — ‘‘জানা মাধৱ আগলৈ আতে মধুপুৰ নামে এখন স্থান হ’ব।”
পৰৱৰ্তী কালত সেই ঠাইতেই গুৰুজনাৰ বৈকুণ্ঠপ্ৰয়াণো হৈছিল।

অসমৰ সত্ৰ সমূহৰ ভিতৰত নামনি অসমৰ “সত্ৰশাল” আৰু “মধুপুৰে” ইতিহাসৰ পৃষ্ঠাত এইখন বিশেষ বিবাহে বিশেষ স্বাক্ষৰ বহন কৰি আছে৷ কোচ ৰাজবংশীসকলৰ ইতিহাসত ৰামৰাই কুঠীসত্ৰ আৰু মধুপুৰ সত্ৰ সদায় অমৰ স্বাক্ষৰ হৈ কোচ ৰাজবংশী সকলৰেই নহয়, সমগ্ৰ অসমীয়াৰে গৌৰৱৰ ধ্বজ্জা উৰুৱাই থাকিব।

প্ৰসংগপুথিঃ-
১) শ্ৰীশ্ৰীধাম ৰামৰায় কুঠী সত্ৰ(সত্ৰ শাল) : জিতেন্দ্ৰ নাথ প্ৰধানী,সত্ৰাধিকাৰ ৰাম ৰায় কুঠী সত্ৰঃ২০০১ চনৰ মাৰ্চ মাহৰ ৮ তাৰিখ।
২) মহন্ত, ভাস্কৰ জ্যোতি (সম্পা:) ( ২০১৫ চনৰ ১৫ মাৰ্চ);শুক্লধ্বজ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক