কমাৰকুছি থান (মধুমিতা শইকীয়া)

কমাৰকুছি থান (মধুমিতা শইকীয়া)

কমাৰকুছি থান বৰপেটা সত্ৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত অৱস্থিত।কথিত আছে যে মহাপুৰুষ জনাই ইয়াত এবছৰ কাল আছিল।

১৫৪৩ খৃঃ ত শংকৰদেৱে নাৱেৰে ভটিয়াই আহি কামৰুপ পাইছিলহি।কামৰুপত গুৰুজনাই ক্ষেত্ৰীৰ ওচৰৰ কাপনা, টপাবাৰী আদি ঠাইত সত্ৰ থান প্ৰতিষ্ঠা কৰি বৰপেটাৰ “চিনপৰা “ত উঠেহি।চিনপৰা নামৰ ঠাইখন স্থানীয় নাৱৰীয়া সকলে অপৰিস্কাৰ কৰি থৈছিল।সেয়েহে গুৰুজনাই মাধবদেৱৰ লগত আলোচনা কৰি সেই ঠাই পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয়।এই কথা শুনি জয়ন্তীয়াৰ মধাই নামৰ ভকত এজনে কমাৰকুছি নামৰ ভাল ওখ ঠাই এডোখৰ আছে বুলি জানিবলৈ দিয়ে।মধাই ভকতৰ কথা মানি লৈ গুৰুজনাই মাধবদেৱ আৰু আন শিষ্য সকলক লৈ কমাৰকুচিত থিতাপি লয়।

কমাৰকুচিত ধৰ্মপ্ৰচাৰ কৰি থকাৰ সময়ত তেঁওলোকে বিল এখনৰ পানী ব্যৱহাৰ কৰি আছিল।কিন্তু পিচলৈ মাছমৰীয়া সকলে মাছ ধৰাত বিলৰ পানী ঘোলা হৈ পৰে,যাৰ বাবে গুৰুজনাৰ সমন্বিতে সকলো ভক্ত কেইবাদিনো লঘোনে থাকিব লগা হয়।গুৰুজনাৰ মুখেৰে এই কথা জানিব পাৰি নাৰায়ন ঠাকুৰ আতাই ভৱানীপুৰত গোপাল আতাৰ হতুৱাই এটা পাটকুঁৱা বহুৱাই।ডাঃমহেশ্বৰ নেওগ দেৱে তেখেতৰ পুথি”শ্ৰীশ্ৰীশংকৰদেৱ”ত লিখিছে যে এই ঠাইতে নুমলী ৰুক্মীনী আইদেউৰ মৃত্যু হয়।এই ঘটনাত শংকৰদেৱে মনত বৰ আঘাত পালে আৰু ভক্তসৱৰ সৈতে পাটবাউসীলৈ গমন কৰে।

শংকৰদেৱে কমাৰকুছি ত্যাগ কৰাৰ পিচত মেধি সকলেও সেইঠাই ত্যাগ কৰে।কমাৰকুছি থানৰ মেধিসকল বনগঞাগিৰি বংশধৰ আছিল বুলি জনাযায়।কিছুলোকৰ মতে সেই ঠাইডোখৰত কুমাৰ,হীৰা সম্প্ৰদায়ৰ লোকে বাস কৰাৰ বাবে এইঠাইডোখৰৰ নাম “কমাৰকুছি “নামে জনাজাত।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments