‘কমেডী’ৰ বিষয়ে কিছু ‘ছিৰিয়াছ’ কথা (উদ্দীপ তালুকদাৰ)

সাহিত্যৰ এই সংখ্যাটো হাস্য-ব্যংগ বিশেষ বুলি উলিওৱাটো অতি প্ৰশংসনীয় পদক্ষেপ। অসমীয়া সাহিত্যত যি দুটা বিষয় অত্যন্ত চালুকীয়া অৱস্থাত আছে তাৰ ভিতৰত এটা হাস্য-ব্যংগ আৰু আনটো শিশু সাহিত্য। পিছে ইয়াতে দুটামান ভাবিবলগীয়া কথা আছে: যে আধুনিক অসমীয়া ভাষাৰ আটাইতকৈ productive লিখক আৰু যিজনে অসমীয়া সৃজনীমূলক সাহিত্যৰ ভেঁটি ৰচনা কৰি থল সেইজন লক্ষ্মীনাথ বেজবৰুৱাই এই দুয়োটাকে এটা সমৃদ্ধ আৰম্ভণি দি গৈছিল। কিন্তু পাছৰ সময়চোৱাত এই দুয়োটাই উপেক্ষিত হৈ ৰল।

এনে লেখাৰ এতিয়াও অসমীয়া ভাষত সংখ্যা কম বাবেই কিজানি সমালোচনাও মুঠেই দেখা নাযায়। কিন্তু কোনো ভাষাৰ আৰু এখন সমাজৰ বৌদ্ধিক পৰিপক্কতাৰ চিন চাবলৈ সেই সমাজত প্ৰচলিত হাস্য-ব্যংগ এটা উল্লেখযোগ্য মাধ্যম। হয়তো লিখিবলৈ আটাইতকৈ টান genre সমূহৰ ভিতৰত কমেডি পৰিব। কাৰণ সফল কমেডিৰ বাবে অতি সূক্ষ্ম পৰ্যবেক্ষণ, বুদ্ধিদীপ্ততা, উদ্ভাৱনশীলতা, ভাষাৰ ওপৰত দখল, গল্প-নিৰ্মাণৰ ক্ষমতা, টাইমিং আদিৰ দৰে বুনিয়াদী দিশৰ লগতে সাম্প্ৰতিক সময়ৰ খবৰ, খবৰৰ মাজৰ খবৰ, সমাজখনৰ চিন্তা-চৰ্চাৰ ধৰণ ইত্যাদিৰ ওপৰতো খবৰ ৰাখিব লাগিব। তাৰ লগতে সমাজখনক নিজৰে দোষবিলাক আঙুলিয়াই দেখুৱাবলৈ সৎ-সাহসৰো দৰকাৰ। কলম যদি সমাজ পৰৱৰ্তনৰ বাবে তৰোৱাল বুলি ধৰোঁ, কমেডি হমিঠা কটাৰী
মিঠা কটাৰীখনৰ চোক কিন্তু কম নহয়। বৰ্তমান বিশ্বত কিজানি আটাইতকৈ বেছি সংখ্যক ফটোৱা, আদালতৰ কেছ, চৰকাৰী ৰোষ আদি ব্যংগৰ স্ৰষ্টাৰ গাতেই পৰিছে। ইয়াৰোপৰি কমেডীৰ সংজ্ঞাও স্থান-কাল-পাত্ৰ ভেদে সলনি হৈ থাকে। একোটা গোটৰ বাবে যিটো হাঁহিৰ উৎস, আন এটা গোটৰ বাবে সেইটো চূড়ান্ত অপমান হব পাৰে। আকৌ বাৰে বাৰে উল্লেখ কৰি থাকিলেও হাঁহি উঠা বিষয়টো মূৰৰ বিষ হৈ যাব পাৰে। মুঠতে কমেডীক সংজ্ঞাবদ্ধ কৰি এটা স্থিৰ স্থানত পেলোৱাটো অত্যন্ত টান কাম।

তথাপিও কমেডীৰ কেইটামান সাধাৰণ লক্ষণ আলচ কৰিবলৈ মানস কৰিছোঁ। মানুহক হঁহুৱাব পৰা যিকোনো কাণ্ডতে যিটো মূল ধাৰণা লক্ষ্য কৰা যায়, সেইটো হল আশা নকৰা কিবা এটাৰ উপস্থিতি। আমি বোধকৰোঁ সকলো সময়তে মানসপটত প্ৰতিটো ঘটনাৰে একোটা বিশেষ স্বৰূপ তৈয়াৰ কৰি থৈ দিওঁ। মনতে সৃষ্টি কৰি থৈ দিয়া সেই প্ৰতিৰূপটোৰ সলনি আন যিকোনো উপস্থাপনে আমাৰ অনুভূতিৰ জন্ম দিয়ে। বিনোদনৰ সকলো মাধ্যমতে সেই প্ৰতিৰূপটোক সলনি কৰি দেখুওৱা হয়। কিন্তু কেনেকৈ উপস্থাপন কৰা হয়, তাৰ আধাৰতে অনুভূতিৰ স্বৰূপ নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে সুন্দৰকৈ হাঁহি-ধেমালি কৰি চলি থকা ঘৰখনলৈ হঠাতে অহা দুখৰ বতৰা এটাই আমাৰ মনত দুখবোধৰ জন্ম দিয়ে, সেই পৰিয়ালটোৰ সুখ-শান্তি বিনষ্ট কৰিবলৈ আহি ওলোৱা ডকাইতৰ দলটোৰ প্ৰতি আমাৰ খং উঠে, খালী পথাৰত হঠাত ওলোৱা কিম্ভূত দানৱ এটাই ভয়ৰ উদ্ৰেক কৰে। আৰু একেবাৰে আচৰিত নাভূত নাশ্ৰুত কিন্তু নিৰ্দোষ কিবা এটাই আমাক হাঁহিবলৈ বাধ্য কৰে। অনুভূতিৰ তীব্ৰতা বৃদ্ধি কৰিবলৈ স্ৰষ্টাই আন বহুতো কাৰবাৰ কৰিবলগীয়া হয়। আচলতে সফল আৰু বিফল কমেডীৰ পাৰ্থক্যটো এই তীব্ৰতা বঢ়োৱাৰ কৌশলতে নিহিত হৈ থাকে।

হাস্য-ব্যংগ সৃষ্টিৰ কৌশলক মূলত: দুটা ভাগত ভগাব পাৰি। এটা কায়িক আৰু আনটো মৌখিক। কায়িক কমেডীত ব্যক্তিৰ কাম-কাজ, অংগী-ভংগী কথাকোৱাৰ ধৰণ আদি পেলোৱা হয়। এই ধৰণৰ কমেডি সদায়ে এটা প্ৰদৰ্শন কলা। চাৰ্লি চেপলিন, বাষ্টাৰ কীটন, লৰেল-হাৰ্ডি আৰু পাছৰ যুগৰ মি. বিন এই ধৰণৰ কমেডীৰ উল্লেখযোগ্য নিদৰ্শন। কায়িক কমেডীৰ বাবে অভিনেতাৰ অৱদানেই মুখ্য। আমাৰ অসমৰ ঢুলীয়া শিল্পৰ লগত জড়িত বিভিন্ন নাচ এই কায়িক কমেডিৰ ভিতৰত পৰে। কায়িক কমেডী শিশুসকলৰ বাবে বেছি উপভোগ্য হয় যদিও চাৰ্লি চেপলিনৰ দৰে শিল্পীৰ হাতত ই বিশেষ মাত্ৰা লাভ কৰিব পাৰে। চাৰ্লি চেপলিনৰ কমেডী মূলত: কায়িক হলেও তেখেতৰ কাহিনীবোৰ অতি কৰুণ, সেয়ে তেখেতৰ কমেডীৰ অন্তৰালত এটা প্ৰবাহমান কাৰুণ্য লক্ষ্য কৰা যায়। সেইখিনিৰ বাবেই চেপলিনৰ চৰিত্ৰই কৰা সামাজিক ভাৱে অগ্ৰহনযোগ্য ব্যৱহাৰতো আমি আনন্দ পাওঁ। চাৰ্লি চেপলিনৰ বিষয়ে এটা উল্লেখযোগ্য তথ্য: চাৰ্লি চেপলিন যেতিয়া নিজৰ পেছাদাৰী জীৱনৰ শীৰ্ষত আছিল তেতিয়াই চলচ্চিত্ৰত শব্দৰ প্ৰয়োগ আৰম্ভ হৈ এটা নিয়মত পৰিণত হৈছিল। কিন্তু প্ৰথম শব্দ সংযোজনৰ দহ বছৰ পাছলৈ চেপলিনে কথাৰ ব্যৱহাৰ কৰা নাছিল। তেখেতে বিশ্বাস কৰিছিল কথাৰ সংযোজনে তেখেতৰ বিশ্বজনীনতা কমাই আনিব। অৱশেষত মডাৰ্ণ টাইমছ্‌ত তেখেতে কথা সংযোগ কৰিলে। কিন্তু এই চলচ্চিত্ৰৰ প্ৰথম যিটো দৃশ্যত চেপলিনে মুখেৰে কিবা এটা কৈছিল সেইটো আছিল এটা গান। আৰু চলচ্চিত্ৰত শব্দৰ ব্যৱহাৰক উপলুঙা কৰি সেই গানটোত অৰ্থহীন বেবেৰিবাং শব্দ কিছুমান গোৱা হৈছিল।

মৌখিক বিধৰ কমেডী সাহিত্য বা প্ৰদৰ্শন কলা যিকোনো হ পাৰে। ইয়াত মূলত: পাঠক আৰু লেখকৰ (প্ৰদৰ্শন কলা হলেও আঁৰত লেখক এজন থাকেই) মাজত এখন বুদ্ধিৰ প্ৰতিযোগিতা চলে। পাঠকৰ বুদ্ধি আৰু কল্পনাৰ কিমান ওপৰেৰে গৈ লেখকে কিমান অদ্ভুত ধৰণে নিজৰ কথাখিনি আগবঢ়াব পাৰে, তাৰ ওপৰতে ইয়াৰ সফলতা নিৰ্ভৰ কৰে। যিমানেই পাঠকে আশা কৰাৰপৰা দূৰেৰে যাব, সিমানেই এই জাতীয় কমেডী বেছি সফল হয়। কিন্তু ইয়াতো পাঠকৰ মানসিকতাৰ বিপৰীতে গলে নহ, পাঠকে আশা কৰা ধৰণেই কিন্তু বহু আঁতৰেদি গৈ পাঠকে বিচৰাখিনি কলেহে কমেডী সফল হব।

কিন্তু অকল এইখিনিৰেই সফল কমেডী সৃষ্টি কৰিব নোৱাৰি। আওপীয়াকৈ হলেও মানৱজাতিৰ বাবে যিটো মংগলময়, যিটো সত্য-শুদ্ধ সেইটো আগবঢ়ালেহে সফল কমেডী হোৱা সম্ভৱ। সেইবাবেই তৰাং বিধৰ হাস্যৰসে আমাক সন্তুষ্ট কৰিব নোৱাৰে।

বাকী সকলো বিধৰ ৰসতকৈ হাস্যৰ এটা নিজস্ব গুণ আছে। যিকোনো ছবিতেই হওঁক, বা গল্পতেই হওঁক, চব দুখ সহ্য কৰিও, প্ৰতিকূল পৰিস্থিতিৰ মাজতো কমেডীৰ নায়কজন হাৰি নাযায়। নিজৰ উদ্ভূত কাণ্ড-কাৰখানাৰে নিজৰ অস্তিত্ব বাৰে বাৰে তেওঁ প্ৰমাণ কৰি যায়। কমেডীয়ানজন সদায় দাম্ভিক জীৱনবোধৰ প্ৰতীক হৈ থাকে। তেওঁক আমি উপলুঙা কৰিব পাৰোঁ, তেওঁক চাই হাঁহিব পাৰোঁ, কিন্তু তেওঁ কেতিয়াও কাকো কেয়াৰ নকৰে। সেই চয়তানেও টলাব নোৱাৰামানসিকতাৰ বাবেই কমেডীয়ানজন আমাৰ আপোন। তেওঁ আচলতে এটা স্বাধীন ব্যক্তিসত্ত্বাৰ পৰম প্ৰতিভূ, যাক কোনোপধ্যেই কোনেও অৱদমন কৰিব নোৱাৰে। ব্যক্তি হিচাপে মুক্ত সফল জীৱনৰ বাবে আমি সকলোৱে ঠিক সেইটোকে নিবিচাৰোঁ জানো?

আকৌ অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ প্ৰসংগলৈ ঘূৰি আহিছোঁ। হাস্য-ব্যংগৰ লিখক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত খুব কম সাহিত্যিকৰ নাম মনলৈ আহে। মূলত: লীলা গগৈ, মহেন্দ্ৰ বৰঠাকুৰ, ভদ্ৰ বৰা, বিকাশ বৰুৱা এইকেইজন মেইনষ্ট্ৰীম লিখকৰ বাহিৰে বিষ্ময়ৰ পাতত বৈদূৰ্য বৰুৱা, আৰু প্ৰান্তিকৰ দৈনন্দিন শিতানৰ কেইজনমান নিয়মীয়া লেখকৰ বাহিৰে আন নাম মনলৈ অহা নাই। অৱশ্যে মই চব আলোচনী/কিতাপ পঢ়া বুলি কব নোৱাৰে। উল্লেখ্য যে ড. ভবেন্দ্ৰনাথ শইকীয়াই প্ৰান্তিকৰ দৈনন্দিন শিতানত কেবাটাও উচ্চ খাপৰ ব্যংগাত্মক লিখনী লিখি থৈ গৈছে। অবিকলআৰু দুখনমান অকল হাস্য-ৰসৰ আলোচনী আছিল যদিও সেইকেইখন মই ইচ্ছা কৰিয়েই ধৰা নাই। অবিকলেকিছু পৰিমাণে মানসম্পন্ন কমেডী লিখা প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল যদিও বাকী কেইখনক কোনোপধ্যেই কোনো আলোচনাৰ মাজলৈ আনিব নোৱাৰি।

কিন্তু বৰ্তমান অসমীয়া ভাষাত শ্ৰেষ্ঠ হাস্য-ব্যংগ পঢ়িবৰ বাবে আপুনি বেছি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। মানবিশিষ্ট হাস্য-ব্যংগৰ বাবে আমাৰ অসমীয়া কথাবতৰাঅতি সাৰুৱা ভূমি। অসমীয়া ভাষাত নিয়মীয়াকৈ উন্নত মানৰ হাস্য-ব্যংগ পঢ়িবলৈ বৰ্তমান আমাৰ এই গোটটোৱেই আটাইতকৈ নিৰ্ভৰযোগ্য স্থান সেইটোত বোধকৰোঁ ৰাইজে আপত্তি নকৰিব। ইয়াতে কেইজন লেখকক আমি কমেডী লেখক হিচাপে পাইছোঁ আৰু তেওঁলোকৰপৰা আমি আগলৈও বহুত আশা কৰোঁ। কেউজনে যাতে কেতিয়াও কমেডিৰপৰা আঁতৰি নাযায় তাকে কামনা কৰোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments