কম্পনাংক ( পাৰ্থ প্ৰতীম দাস )

টোপনি গৈ থাকিলে বা ৰাতিপুৱাৰ ভাগত এনেই উঠিব মন নাই এটা ধুনীয়া আমেজত বাগৰি থাকিলে কোনোবাই কাষত কথা কৈ থাকিলে খঙটো খুব সোণকালে মূৰৰ উপৰ পায়গৈ৷ কিন্তু এই সময়চোৱাৰ সম্পূৰ্ণ সুবিধা লয় মাই৷ উপায়ো নাই৷ ৰাতিপুৱাৰ ভাগত মায়ে ঘৰ সাৰে আৰু ঘৰ সৰাৰ সমান্তৰাল ভাৱে কথাবোৰ কৈ যায়! কেতিয়াবা বিছনাত বহি কেতিয়াবা কাষতে থিয় হৈ৷ অভাৱৰ ঘৰ আমাৰ৷ দেউতা কেতিয়াবাতে ধুকাল৷ তথাপিও খঙটো উঠিবই দিয়কচোন৷ ৰাতিপুৱাৰ টোপনিৰ আমেজেই সুকিয়া৷ সেই সময়ত যদি বাবা হৰি হতৰ গাখীৰৰ পইছা দুমাহ দিয়া নাই, গেছৰ চিলিণ্ডাৰটো শেষ হবৰ হ’ল তই আজি টাউনলৈ গৈ বুকিং কৰি আহিবি, বাবা তেল নাই, ভায়েৰৰ এডমিশ্যনৰ খৰচ…৷ এটা অদ্ভুত কম্পনাংকৰ সৃষ্টি হয় নিজৰ অজ্ঞাতে, অভাবৰ বাবে৷ ইমান খিনি প্ৰব্লেম নিজৰেই বুলি শুনিব পাৰি টোপনিৰ আমেজতো৷ মগজুটো অলপ লোড লোৱা আৰম্ভ কৰে যদিও ভাবি লও ধৰি লও জীৱন এনেকুৱাই৷ কিন্তুু সদায় দিনবোৰ তেনেধৰণৰ সমস্যাৰে পাৰ হৈ নাযায়৷ এনেধৰণৰ কথাবোৰ থাকিলেও নিজৰ বুলি ভাবি সমস্যাৰ সমাধানৰ পথ উলিয়াব পাৰি কিন্তুু এই ধৰক পুৱাই পুৱাই ঐ শুনচোন এই ধীৰেণৰ নকইনাজনীৰ বোলে আগতে কাৰোবাৰ লগত লেটিপেটি আছিল৷ ৰাতিয়েই পলাই গ’ল বোলে৷ কি যে হৈছে নহয় দিনকাল…হেৰি অ’ নদীৰ সিপাৰে বোলে বাবা এজন আছে মানুহৰ সকলো বেমাৰ ভাল কৰিব পাৰে বোলে মামনি বিয়া নোহোৱাৰ বাবে তাত হাত দেখুৱালে আৰু চা তাইৰ অহা বহাগত বিয়া….মাধৱৰ যে বাপেকটো সদায় সদায় মদ খাই আহি হাল্লা কৰে৷ কালি আকৌ মাধৱকে মদৰ নিচাত চোৰ বুলি এগোৰ সোধালে৷ তই ৰাতি সোণকালে শুলি হব পায় তই গমেই নাপালি৷ ৰাতিপুৱাহে আধলী বুঢ়ীয়ে চম্পা হতৰ ঘৰত চাহ খাবলৈ গৈ গম পালে কথা ষাৰ৷ মাধৱে বোলে বাপেকক গুৰুলা গুৰুলকৈ পিতিলে৷ সিও চকৰী ফেটি৷ খংটো কপালতে লৈ ফুৰে…..
উস্ ৰাম৷ আৰে ভাই কাৰোবাৰ ঘৈনীয়েক কাৰোবালৈ পলায় যায়, কাৰোবাৰ বাপেক পুতেকৰ মৰা মৰি হয়, কোনোবাৰ বিয়া এইচবৰ লগত মোৰ কি লেনা দেনা ৰে৷ কি কি যে কথা কয় নহয়৷ উপায়ো নাই৷ মাই কেনেবাকৈ হে কৰ চুক কেইটা চিনে৷ নিজৰ নামটো লিখিব জানে ঠিক মই নাম লিখিব পৰা হোৱাৰ সময়ত লিখাৰ দৰে৷ মোৰ হাতৰ আখৰ ভাল পৈণত হৈ আহি থাকিল কিন্তুু মাৰ ক্ৰমান্বয়ে অপৈনত হৈ গৈ থাকিল৷ কিন্তুু কিবা কলেও বিপদ৷ ৰাতিপুৱাৰ চাহ কাপ ঠেকেচকৈ দিব৷ মনে মনে থাকিব৷ ভাত ৰান্ধি থাকোতে ভোৰ ভোৰাব৷ দেউতাৰ কথা কৈ চকুলো টুকিব৷ দেউতাৰ কথা কলেই কঁপনিটো আকৌ সাৰ পায় উঠে৷ ক্ৰমান্বয়ে অতীতৰ ভয়াবহ দিনবোৰ মনত জলজল পটপট্ কৈ ভাহি উঠে৷ ইমান খিনি হবলৈ নো দিও কিয়! ! তাতকৈ চুপচাপ যি কয় শুনি থকাই ভাল৷ কও কেৱল পিঠিখন খজুৱাই দেচোন৷ মায়ে লাহে লাহে পিঠি খজুওৱা আৰম্ভ কৰে আৰু কৈ যায় বাবা বিয়া খন নাপাত নেকি? বিয়াৰ বয়স হলচোন৷ ছোৱালী চোৱা আছেনে চাব লাগিব৷ আমাৰ মামাৰ খুলখালীয়েক হতৰ গাঁৱৰ…..বাকীখিনি মোৰ কাণত নোসোমায়৷ এক সম্ভাব্য সুৰীয়া কম্পন মোৰ সমগ্ৰ দেহত বিয়পি পৰে৷ যেন গীতাৰ এখনত এজন সুৰকাৰে নতুন সুৰ এটি তোলাৰ চেষ্টা কৰিছে৷ অলপ খেলিমেলি আছে যদিও অলপ ইফাল সিফাল কৰিলে এক সুন্দৰ সুৰৰ সৃষ্টি হব৷ ৰদালীলৈ মনত পৰে৷ টোপনিৰ চিকুন পুৱাৰ আমেজ গভীৰতৰ হয়৷ গাৰুটোত মূৰটো গুজি কও মা এই বাওফালে খজুৱাই দেচোন৷ মায়ে খজুৱাই যায়৷ মই কও তলত তলত… এইখিনিত নে…অলপ বাওফালে…উপৰলৈ নে…অলপ এইফালে আন…অ অ আস্… মাই পিঠিত এচাব মাৰি কয় উঠ৷ স্কুললৈ নাযাৱ? মই কও তই খজুৱাই থাক৷ মই আৰু অলপ শুই লও! …….
ৰদালীয়ে বহুদিনৰ পৰা কৈ আছে সিহতৰ ঘৰলৈ নাযাও নাযাও বুলি৷ যাও, প্ৰায়ে দুমাহৰ মুৰত এবাৰটো যোৱা যায়েই৷ মানে মোৰ স্কুলখন সেইফালেই৷ স্কুললৈ যোৱা বাটটো তাইৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ যায়৷ পেছাত মই টেট্ শিক্ষক৷ স্কুলখন অবশ্যে মোৰ ঘৰৰ উচৰত নহয় বুলিলে ভুল কোৱা হব৷ কাৰণ মোৰ লগৰ বোৰ যিমান দুৰে দুৰে থাকি ৰুম ভাৰা কৰি আছে সিহততকৈ মইতো উচৰতে আছো৷ ঘৰৰ পৰা প্ৰায় পোন্ধৰ কিল’মিটাৰ৷ বাইক খন লৈ যাও৷ তাই বাটত উলাই থাকে৷ ৰৈ অলপ কথা পাতো৷ পিছে বেছি ৰ’লেও বিপদ৷ কথাবোৰ গৈ গৈ বিয়াত শেষ হয়৷ তাইক চাবলৈ লৰা আহিছে৷ লৰা অমুক কৰে তমুক কৰে৷ এখন দীঘলীয়া লিষ্ট গায়৷ মই কও বিয়া নো হৈ নাযাৱ কেলৈ? তাই বেলেগ কথা উলিয়ায়৷ তাই মূখ ফুটাই মোৰ অবিহনে থাকিব নোৱাৰো বুলি নকয়৷ কলে বোলে মোৰ লেবেল বাঢ়িব৷ কয় কেৱল মই কিবা এটা কৰিব লাগে৷ বিয়া সোণকালে পাতিব লাগে! বাপেকটোৱে আকৌ টেট্ বুলিলেই ধেৎ বোলে৷ তেঁওৰ মতে টেট্ শিক্ষকৰ ভবিষ্যত নাই৷ টেট্ শিক্ষকৰ চাকৰি হেনো ছোৱালীয়ে কৰা চাকৰি! মাহৰ মূৰত কেইটিমান দৰমহা৷ প্ৰমোচনো নাই৷ গতিকে তেঁও মৰি যাব টেট্ শিক্ষকক ছোৱালী বিয়া নিদিয়ে৷ তেঁও একপ্ৰকাৰৰ ঘোষনা কৰি থৈছে৷ এই কথাষাৰ শুনাৰ দিনা মোৰ আপদীয়া কঁপনিটো বাৰুকৈয়ে লগ দিছিল৷ তাই তাৰমানে বিয়া হৈ যাব৷ আনৰ হব৷ যিটো মুঠেই মানি লব নোৱাৰা কথা৷ সেই কথাটো শুনাৰ দিনাৰ পৰা মোৰ তাইৰ ঘৰলৈ যাবলৈ বেয়া লগা হ’ল৷ গলেও বাপেকে আনক প্ৰায়ে ধমকি দিয়া হ’ল৷ যেন ধমকি বোৰ মোৰ বাবেই আওপকিয়াকৈ ফৰ্মুটি মাৰি পঠিয়াইছে৷ কোৱা হয় প্ৰেমৰ প্ৰথম কণ্টক হ’ল বাপেক আৰু ককায়েক৷ ভায়েক বা ভণ্টি থাকিলে কথা নাই৷ ভায়েক বোৰৰ গাৰ্জেন অধিক৷ মাক বাপেকৰ উপৰিও প্ৰতিটো কথাতে হস্তক্ষেপ কৰা বনাচ হিচাপে পোৱা ককায়েকজন বা বায়েকজনী৷ সিহতৰ আকাংক্ষাবোৰ পূৰণ কৰিবলৈ ভাবী ভিনিহিয়েক আছে নহয়! উদাহৰণ হিচাপে সি বা তাৰ লগৰ বোৰৰ ঘৰত বাইক আছে যদিও শিকা বা চলোৱাৰ ভাগ্যকণ এতিয়ালৈ হোৱাগৈ নাই৷ তেনেসময়ত ভিনিয়েকৰ বাইকখন চলাই যদি লগৰ বোৰৰ আগত পাক মাৰিব পাৰে বা এক্সিলেটৰ পকাই ধোৱা উলিয়াব পাৰে তেনেহলেটো সি পতিল বুলিয়ে ধৰক৷ ভণ্টিবোৰ পতাবলৈ অপচন বহুত৷ মবাইলটো দি চেলফি মাৰিবলৈ দিলেই হ’ল বা তাইৰ পচন্দৰ এযোৰ কাপোৰ! কিন্তুু মোৰ ফুটা কপাল৷ তাই ভায়েক বা ভনীয়েক নাই৷ আছে বাপেকটো! বুঢ়াৰ প্ৰতি মোৰ মুঠেও সদ্ভাৱ নাই বা বুঢ়াৰ মোৰ প্ৰতিও৷ তাই আকৌ আকোৰগোঁজ৷ বিয়া কেৱল মোৰ লগতেই হব৷ নহলে বোলে চিৰকুমাৰী৷ বেঙীজনী৷ মই বুজাও এতিয়াই নোৱাৰো অ’৷ তাতে বিয়া পতা সক্ষমতাৰ গ্ৰাফডাল পাৰ হোৱা মাত্ৰ তিনিবছৰ হৈছেহে! ভাইটিৰ এটা চেমিষ্টাৰতে পোন্ধৰ হাজাৰ লাগে৷ দৰমহা পাওনো কিমান৷ টিউচন কেইটাই হে চলাই আছে৷ তাই নাছোৰবান্দা৷ তাই মোৰ লগতে বোলে পানী আৰু পিঠাগুৰি খাইও জিন্দা থাকিব তথাপিও৷ সেইবাবে মই আজিকালি উপদেশ দিও সমবয়সৰ ছোৱালী ভাল পাব নালাগে….
……গেট খন খুলিলো৷ গেটৰ শব্দৰ লগে লগে মোৰ বকুখনো সিঁয়ৰি উঠিল৷ বুঢ়া কতো নাইটো! আচলতে গেটত কুকুৰৰ পৰা সাবধান বাণীতকৈ বুঢ়াৰ পৰা সাবধান হে লিখিব লাগে৷ তাইলৈ মিছ কলালো৷ তাই আহি হাজিৰ৷ মই ইফালে সিফালে চাই সিহতৰ ছোফাত বহি পৰিলো….
….ৰদালীক ভাল পোৱা বৰ বেছি দিনৰ কথা নহয়৷ খুব বেছি তিনিবছৰ৷ ডিগ্ৰী কৰি থাকোতেই৷ ডিগ্ৰীও পাছ কৰিলো টেট্ দিলো৷ আৰু খুব কম কষ্টতে চাকৰিটোও পালো৷ এইক্ষেত্ৰত নিজকে ভাগ্যবান বুলি কব লাগিব৷ ৰদালীৰ মেজৰ বেলেগ৷ চিনাকি হবলৈও সাহসৰ অভাব৷ ছোৱালী আৰু মই জুই পানীৰ নিচিনা৷ মই মাত দিয়া ছোৱালী অতিবেছি সাত আঠ জনী মান হব৷ চাৰিজনী মান সৰুতে উমলা৷ আৰু বাকী কেইজনী সৰুৰ পৰা একেলগে পঢ়া৷ নতুন ছোৱালীৰ লগত চিনাকি হব পৰা নাছিলো৷ হয়তো মোৰ হিনমন্যতা আছিল৷ একে সাঁজ৷ ইউনিফৰ্মো এযোৰ৷ পকেটত ফুটা কঢ়িও নাথাকে৷ অভাৱ! লগৰবোৰে যেতিয়া কেণ্টিন যায় তেতিয়া মই ডিঙিলৈ পানী ভৰাই লাইব্ৰেৰীলৈ যাও৷ এনেয়ে বহি থাকো৷ তথাপি মনটো! বিশ্বকৰ্মা পূজা৷ প্ৰত্যেক বছৰে উলহ মালহৰে আমাৰ ডিপাৰ্টমেণ্টত পূজা পাতে৷ লগৰ এজনীক মাতিবলৈ গৈছিলো৷ তাইৰ লগত ৰদালীক দেখিছিলো৷ বকুখন চিৰিংকৈ গৈছিল৷ কৰ পৰা জানো সাহস গোটাই তাইকো কৈছিলো, পূজালৈ আহিবা অলপ লাগি ভাগি দিবা৷ তাই আহিছিল৷ দিনটোৰ কষ্ট উৰি গৈছিল৷ ফোট দিয়াৰ পাল পৰিছিল৷ বুদ্ধি কৰি মই ফোট দিয়া কামফেৰা হাতত লৈছিলো৷ তাইক ফোট দিওতে তাইৰ শিৰলৈ চাইছিলো৷ এইখিনিতে মই এদিন সেন্দূৰ পিন্ধাম তাইক, পিন্ধাম মানে পিন্ধামেই আৰু সেইডালে হব মোৰ আয়ুস ৰেখা৷ সেইদিনা অজানিতে সকলোৱে দেখাকৈ হাত খন বাৰুকৈয়ে কঁপিছিল৷ লাজ লাগিছিল৷ ৰাতি অবাধ্য হাত খনক বৰকৈ কোবাইছিলো৷
লাহে লাহে কি খবৰ৷ ভাল বুলি কব পৰা হৈছিলো৷ কণী বিক্ৰী কৰি পোৱা টকাৰে তাইক চকলেট এটা দিছিলো৷ সেইদিনাও চকলেটটো আগবঢ়াওতে হাত খন থৰথৰ কৈ কঁপিছিল৷ তাই কৈছিল মদ খোৱা মানুহৰহে এনেদৰে হাত কঁপে দেই…
মোৰ কঁপনিটো আৰু মই যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ দেউতা সৰুতে ধুকাইছিল বাবে সৰুৰ পৰা মই মানুহৰ হীন চকুৰ পাত্ৰ আছিলো৷ প্ৰায়ে মানুহৰ ঘৰত গলে অস্বাভাৱিক প্ৰাণী দেখাৰ দৰে কুকুৰৰ দৰে খেদিছিল৷ ৰাতি শুৱাৰ সময়ত মদ খাই মানুহবোৰে আমাৰ বাটত চিঞৰিছিল৷ মই ভয়ত মাক সাৱতি ধৰিছিলো৷ মায়েও মোক সাৱতি কুচিমুচি শুইছিল৷ পিন্ধিবলৈ হাফপেণ্ট নাছিল বাবে প্ৰায় ছয় সাত বছৰলৈ নাঙঠ হৈ থকাৰ পিছত গামোছা পিন্ধিবলৈ শিকিছিলো৷ সিও এক সন্ত্ৰাস৷ মোতকৈ ডাঙৰ লৰা বোৰে ৰং চাবলৈ মোৰ গামোছা টানি গছৰ ফেৰেঙনিত আৰি ৰং চাইছিল৷ মই লজ্জা নিবাৰণৰ বাবে হাততে পোৱা বস্তুৰে শৰীৰৰ নিম্নাংশ ধাকিছিলো৷ আৰু আওবাটে ঘৰ সোমাইছিলোহি৷ প্ৰায়ে লৰাৰ জুম দেখিলে শংকিত হৈছিলো আৰু গৈ থকা বাটটো এৰি অন্য এটা বাট লৈছিলো৷ স্কুলত অংকৰ বহী দিওতেও বা কবিতা মুখষ্ঠ দিয়াৰ আগমুহুৰ্ততো বুকুখন দুৰু দুৰু কঁপিছিল৷ কেনেকৈনো কও চাৰক দুদিন লঘোনে থকাৰ কথা, চাকিত তেল নথকা হোৱাৰ কথা! লগৰ এজনে বৰষুণৰ কবিতা লিখিছিল৷ মই বৰষুণ তাৰ দৰে ভাল পাব পৰা নাছিলো৷ ৰাতি বৰষুণ দিলে ৰাতিপুৱা মাৰ কাম বাঢ়িছিল৷ অবশ্যে বৰষুণ দিলে মাছ খুউব মাৰিছিলো৷ এদিন লগৰ এজনীয়ে মোৰ পৰা সমাজ অধ্যয়নৰ বহী এখন নোট কৰিবলৈ নিছিল৷ উভতাই দিওতে ময়ো কিবা দিছো বুলি কৈছিল৷ তাত এখন চিঠি আছিল প্ৰেম পস্তাৱৰ! যদিও নিজৰ হীনমন্যতাৰ বাবে আগবাঢ়িব নোৱাৰিলো তথাপিও সেই চিঠিখনে বহুকেইটা বিনিদ্ৰ ৰজনী পাৰ কৰাইছিল৷ তাইক দেখিলে বুকুখন চিৰিং কৈ মাৰিছিল যদিও সেই কম্পন অলপ বেলেগ, অভাৱনীয, অলপ ভাল ভাল লগা! …..
: ঐ কি ভাবি আছ? চাহ খা৷ ঠাণ্ডা হব৷
: ভাবিছো! বাৰু পেক কৰিলি?
: অ চব হৈ গ’ল৷ সিহতক খবৰ দিছ? আহিবনে?
: আহিব৷ টেনচন নলবি৷
মাক হাত মচি মচি সোমালহি৷
: বোপা কলৈ যাবাহে?
: বৰমা, শ্বিলঙলৈ যাম৷ এস্কাৰ্চন আছে৷ এইৰ কম্পিউটাৰ চেণ্টাৰত৷ চাৰিদিন মান থাকিব বোলে৷ মই বোলে তালৈ থৈ আহিবগে লাগিব৷
: তুমি নোযাৱা?
: মই নাযাও নেকি?
: যোৱা৷ যোৱা৷ তোমাৰ ভৰষাতে যাবলৈ দিছো৷ তুমি নগলে কেনেকৈ হব৷ ঠাই বেলেগ৷ বিপদ আপদ হলে….
: বাৰু চাও! কাম অলপ আছে যদি হয় চেষ্টা এটা কৰি চাম …
চাহকাপ তুলি লওতে আজিও হাত খন থৰ থৰকৈ কঁপিছিল৷ বাইকত উঠি লাহে এক্সিলেটৰৰ গতি বৃদ্ধি কৰিলো৷ আচলতে প্ৰত্যেক বস্তুৰে নিজস্ব সময় থাকে৷ ভাল লগা বস্তু বা কাম এটাৰ নিৰ্দিষ্ট সময় থাকে৷ যদিহে ভাল লগা কামটো সময়মতে নকৰো পিছলৈ সম্ভৱ নহবও পাৰে বা নতুনৰ প্ৰয়োজনত সেইটো অপ্ৰয়োজনীয় হৈ উঠিব পাৰে৷ পিছলৈ হা হুমুনিয়াহ কাঢ়িবলৈ মন মুঠেই নাই৷ ভাবিলো হব দে চলিব তো লাগিবই চলিম আৰু৷ আচলতে সময় উকলিলে কামবোৰ অসম্পূৰ্ণ হলে পস্তাব লগীয়া হয়৷ মন্দিৰ পালোগৈ৷ লগৰবোৰ ৰৈ আছিল৷ যাৱতীয়া সামগ্ৰীবোৰৰ সৈতে বামুণ সম্পূৰ্ণ ৰেডী৷ লগৰবোৰৰ বাবে কেইটামান ফুলৰ বটলৰ লগতে অলপ মাংসৰ খৰচ৷ আজি আমাৰ বিয়া৷ পিছত সকলো মান্তি হলে আনুষ্ঠানিক ভাৱে আকৌ এবাৰ পাতিম৷ মানুহবোৰে হযতো বু বু বা বা কৰিবই৷ হু কেয়াৰছ্৷ জীৱনটো নিজৰ! লোগ তো কুছ কহেংগে, লোগো কা কাম হে কেহনা! ! ….
টোপনি গৈ থাকিলে বা ৰাতিপুৱাৰ ভাগত এনেই উঠিব মন নাই এটা ধুনীয়া আমেজত বাগৰি থাকিলে কোনোবাই কাষত কথা কৈ থাকিলে খঙটো খুব সোণকালে মূৰৰ উপৰ পায়গৈ৷ কিন্তুু উপায় নাই৷ আগতে মা আছিল এতিয়াতো বিছনাৰ পাৰমেনেণ্ট বাসিন্দা আছেই৷ শোৱাৰ সময়তো লেকচাৰ ৰাতিপুৱাও৷ ৰাতি তাইৰ ঘৰৰ সম্পৰ্কীয়ৰ পৰা আৰম্ভ কৰে আৰু ৰাতিপুৱা মোৰ সম্পৰ্কীয়ৰ৷ তাতে চিৰিয়েলৰ কাহিনী বা গাঁৱৰ ৰিচেণ্ট আপদেট বোৰ আছেই! উপায় নাই৷ পিঠি খজুৱাবলৈ মাও নাহে আজিকালি৷ তাইকো কব নোৱাৰো কলেই কব বাঢনী লাৰি আহিছো…বাচন ধুই আহিছো…বাহী গা…মা আহিব.. তাতে তোৰ লেকচাৰ৷ গাৰুটোত মূৰ গুজি পৰি ৰও৷ হে ভগবান কিহৰ পাল্লাত পৰিলো৷ ইমান সোণকালে বিয়া নপতা হলেই ভাল আছিল….
এইকেইদিন তাই প্ৰায়ে ডক্টৰ আৰু হস্পিটেলৰ কথা কৈ আছে৷ কোনখন হস্পাতাল ভাল সেইখন লিষ্ট তাইৰ যেন নখ দৰ্পনত৷ তাইৰ লগৰ এজনী বোলে গুৱাহাটীৰে কোনোবা এখনত কৰ্মৰত৷ ভাল নাম কৰিছে তাই৷ আৰে ভাই তোৰ লগৰজনীয়ে ভাল নাম কৰিছে তোৰ কি আহে যায় ৰে৷ ৰাতিপুৱাই ৰাতিপুৱাই কি কথাবোৰ খেলি থাকে নহয় তাইৰ৷ ডিমাগ বেয়া কৰিব ধৰিছে মোৰ৷ গাৰুটো গুজি এনেই ও ও কৈ থাকো৷ আকৌ মায়ে কলে নে কি নদীৰ পাৰৰ বাবা জনৰ তালৈ এদিন যাব৷ যাব মানে যাবই লাগিব৷ কিবা বোলে প্ৰাৰ্থনা কৰিব৷ কাম নাই৷ অলপ পিছত স্কুল যাব লাগিব৷ পেণ্ডকনাবোৰৰ এইগৰমত হাল্লাবোৰ শুনিব লাগিব৷ সিহতৰ অজীৱ অজীৱ ফৰমাইছবোৰ পূৰণ কৰিব লাগিব৷ উফ্ অলপ শুবলৈ দে মেৰি মা! ….
স্কুললৈ যাবলৈ বাইকখন ষ্টাৰ্ট দি গেটটো খুলিলো৷ মায়ে পিছফালৰ পৰা মাত দিলেহি৷
…. বাবা ৰচোন….কি হ’ল? আগতে কব নোৱাৰ নেকি? পিছফালৰ পৰা মাত দিলেহে হয় নেকি? মই গেজেৰা মাৰিলো৷ এনেই কি যে অশান্তি এদিনো ৰাতিপুৱাটো শান্তিৰে শুব নাপালো৷
….কিয় কি হলনো? মায়ে সুধিলে …কি হল মানে…ৰৈ গলো৷ মা আৰু তাই ভাল সখী বান্ধিছে৷ সিহতৰ বিপক্ষে যোৱা মানে মোৰে মৰণ৷ ভাল মিলিছে৷ এজনীয়ে যদি মাছৰ কথা কয় আনজনীয়ে চুলিৰ৷ বিষয় যিয়েই নহওক৷ কথা পাতিবলৈ বিষয় নালাগে, কেৱল কথাহে লাগে উফ্৷
….বাৰু ক কি হ’ল? মই সুধিলো…তই বোৱাৰীক লৈ আজিয়ে ৰমেনৰ ফাৰ্মাচীলৈ যা৷ ডাক্টৰ বহে আজি৷ স্কুল নালাগে দে যাব আজি… তাইৰ আকৌ কি হ’ল৷ অলপ আগলৈটো ঠিকেই আছিল…বুৰ্বক তাই মাক হব উলাইছে ..বিজুলী এচমকাহে যেন বুকুৰে পাৰ হৈ গ’ল৷ কথা খিনি বুজাত মোৰ সময় লাগিল৷ কিবা বেঙাৰ দৰে সুধি পেলালো কাৰ মাক….
: মোক কিয় কোৱা নাই তই?
: কৈয়ে চোন আছো৷
: তেনেকৈ কৈ থাকিলে মই কিবা বুজি পাও নেকি?
: তই বেঙা নেকি? মোৰ কিবা লাজ নালাগে নেকি?
: চাও এইফালে আহে৷
তাই চাদৰেৰে আঙুলিত পাক দি থাকিল৷
: আহ বুলি কৈছো নহয়৷ নে মই যাম৷
: মায়ে দেখিব৷
: কথাবোৰ উল্টা কিয় বুজনো৷ বহ ইয়াতে৷
তাই বাহিৰলৈ চাই খুব সাবধানে বহিল৷
: বাৰু নাম কি ৰাখিবি?
: নাজানো৷
: ওৱা সংসাৰ খনৰ খবৰ ৰাখ নাম উলিয়াব নোৱাৰিবি নে? বাৰু তোৰ কথামতে বাবাৰ তাতো যাম আৰু তোৰ লগৰজনীৰ তাতো যাব লাগিব৷ Appointment লবি৷
: ওম৷ তাই তললৈ চাই কলে৷
: ইস্ লাজুকী জনী হৈছে চা৷ ৰহ্৷ তাইক সাৱতি ধৰিলো৷ তাই অস্ফুট স্বৰে কৈ উঠিল.. মায়ে দেখিব ….নেদেখে….তই কিয় কঁপিছ…. অ কঁপিছো..আজি কঁপিছো যদিও স্বীকাৰ কৰিবলৈ লাজ নকৰো৷ এই কম্পনাংক আনন্দৰ, নতুন আলহী আগমনৰ আৰু এক সুন্দৰ ভবিষ্যতৰ৷ শংকিত যদিও অভাববোৰ এদিন আতৰিব আৰু কম্পনাংকৰ সুৰ আগতকৈ সুৰীয়া হৈ গৈ থাকিব…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments