‘কম্পিউটাৰ’ৰ কথা ( দিগন্ত কুমাৰ ভট্টাচাৰ্য )

doinodincommon photo

“কোনো কাম এটি যদি কৰিবলৈ ৰামৰ সাত দিন লাগে, হৰিয়ে সেই একেই কামটো কৰিব পাৰে দহ দিনত৷ যদুৰ আকৌ বাৰ দিন লাগে৷ ৰাম আৰু হৰিয়ে একেলগে মিলি কামটো আৰম্ভ কৰাৰ তৃতীয় দিনৰ দিনা ৰাম ঘৰলৈ গ’ল৷ ষষ্ঠদিনা যদু আহিল…৷’’

উফ! আৰু সেই যে পুখুৰী সিঁচা অংকটো৷ মেচিন এটাই ইমান দিনত ইমান শতাংশ সিঁচি হোৱাৰ পাছত আন এটি মেচিনে………!

ষষ্ঠ নে সপ্তম শ্ৰেণীত পঢ়োঁতে গণিতৰ তেনেকুৱা অংকবোৰ আছিল দুঃস্বপ্নৰ দৰে৷ অৱশ্যেই অভ্যাস কৰোঁতে কৰোঁতে আমাৰ বহুতৰে অংকবোৰৰ উত্তৰবোৰ মনত ৰৈ গৈছিল৷ শেষৰ ফালে অংকটো কৰি গৈ থাকোতে নিৰ্দিষ্ট উত্তৰটো নোপোৱালৈকে কম হোৱা নাছিল চিন্তা-টেনশ্যন!

যিয়েই নহওক, প্ৰথম যেতিয়া ‘কম্পিউটাৰ’ৰ কথা শুনিছিলোঁ বা প্ৰকাণ্ড ম’নিটৰটোৰ সৈতে যন্ত্ৰবিধ দেখিছিলোঁ, মনলৈ ভাব আহিছিল-’ই চাগে সকলো কামেই কৰিব পাৰে৷ এইটোক কিজানি ক’লেই হ’ল- এইটো অংক, উত্তৰটো কি? লগে লগে কিজানি কম্পিউটাৰে কৈ দিব -পুখুৰীটো সিঁচিবলৈ ৰাম আৰু যদুক মুঠতে পাঁচদিন লাগিব! আৰু তাকেই কিজানিবা কয়-‘কম্পিউটাৰ প্ৰ’গ্ৰামিং’! কম সঁকাহ পাইছিলোঁ নে? আমি চাগে আৰু ‘মাথা মাৰি’ নমৰিলেও হ’ব, সকলো কাম কম্পিউটাৰটোৱেই কৰিব!

হোষ্টেলত যিকেইজনৰ ৰুমত নিজাকৈ ডেস্কটপ কম্পিউটাৰ দেখিছিলোঁ, সমীহ কৰিছিলোঁ তেওঁলোকক৷ সেয়া ১৯৯৮-৯৯’ৰে কথা৷ ‘লেপটপ’ বুলি যে কিবা এবিধ আছে বা আহিব, সেয়া আমাৰ কল্পনাৰো বাহিৰত৷

আমাৰ লগৰ এজনৰো কম্পিউটাৰ এটা কিনিবলৈ মন গ’ল৷ তাৰ ঘৰ গুৱাহাটীতে৷ আমাৰো ভাল লাগিল৷ মাজে মাজে তাৰ ঘৰলৈ গৈ কম্পিউটাৰত কাম কৰিব পাৰিম৷ পিছে দেউতাকক ক’বলৈও ভয়৷ মই তাক বুদ্ধি দিলোঁ-‘দেউতাক ক’বি যে কম্পিউটাৰে কৰিব নোৱৰা কাম একো নাই৷ সেই পুখুৰীৰ পানী সিঁচা অংকটোৰ উদাহৰণ দি বুজাবি৷ ডাঙৰ প্ৰ’ব্লেম-অংকৰ কাৰণে এতিয়া আৰু মূৰ ঘমোৱাৰ দিন নাই, কম্পিউটাৰটোক লিখি ক’লেই হ’ল, মাইক্ৰ’ ছেকেণ্ডত সি উত্তৰ দি দিব৷ সময়ো বাচিব।’

দেউতাক মান্তি হ’ল৷ কিছুদিন পাছত তাৰ ঘৰলৈ কম্পিউটাৰ আহিল৷ তাক সোধোঁ-‘কম্পিউটাৰত কাম-কাজ আৰম্ভ কৰিছ?’

‘লতা-কিশোৰ আৰু কুমাৰ শানুৰ প্ৰায়বোৰ গান ভৰালোঁ দে৷ নামটো ৱ’ৰ্ড-পেড’ত লিখি সৰু-ডাঙৰ, ৰং-বিৰঙী কৰি চাওঁ৷ কি যে ভাল লাগে! …চিনেমা হে বেছি লোড’ কৰিব পৰা নাই৷ অপ্সৰা’ত চিনেমা চোৱাৰ খৰচ বাচিব কিন্তু!’ -সি কয়৷

এদিন শনিবাৰে আমাৰ হোষ্টেলৰ পৰা তিনিজনীয়া দল এটি ওলাল বন্ধুৰ ঘৰলৈ৷ হাতত তিনিখন মান ‘চিডি’৷ এখন আমিৰ খান-উৰ্মিলাৰ ’ৰংগীলা’৷

সন্ধিয়া বন্ধুৰ ৰুমত চাৰিওজনে কম্পিউটাৰত চিনেমাত ব্যস্ত৷ বন্ধুৰ মাতৃয়ে ‘বেচেৰাকেইটাই কম্পিউটাৰত অংক কৰি আছে’ বুলি হ’ৰলিক্স আৰু লুচী-ভাজি কৰাত লাগিল৷

কিছুসময় পাছত দেউতাক আহি অ’ফিচৰ পৰা বন্ধুৰ কোঠাত সোমাল৷ দেউতাক অহাৰ উমান পাই চিনেমা বন্ধ কৰিম বুলি লওঁতেই কম্পিউটাৰে হেং মাৰিলে৷ ম’নিটৰত জিলিকি থাকিল স্বল্পবসনা উৰ্মিলাৰ সাগৰৰ পানীত বাগৰি থকাৰ দৃশ্য! ম’নিটৰটো কেনেকৈ বন্ধ কৰে সেই সময়ত যেন পাহৰি থাকিল আটায়ে৷

দেউতাকে কিছু দেৰি ম’নিটৰটোলৈ চাই মাত দিলে-‘কম্পিউটাৰে পানী সিঁচা অংক কৰাৰ কথাহে আছিল৷ সেইটোৱে পানীত পৰি থকা ’আপী’ৰ ফ’টো দেখুওৱাৰ কথাতো নাছিল! ষ্ট’ৰ ৰুমত পুৰনা প’ৰ্টেবল টিভি এটা পৰি আছে এনেয়ে৷ সেইটোকে দেখোন এইবোৰ চাবলৈ ব্যৱহাৰ কৰিব পাৰিলিহেঁতেন৷ …মিছামিছি ইমান পইচা এনেই গ’ল! ’

হোষ্টেলৰ বন্ধুকেইজনে ’কাম আছে, আহিম পাছত’ বুলি প্ৰস্থান কৰিলে দৌৰাদৌৰিকৈ৷ হ’ৰলিক্স খোৱা নহ’ল সিহঁতৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments