কলম (প্ৰতিম প্ৰতাপ বৰুৱা)

কিছুদিন আগতে এঠাইত হোৱা এটা আলোচনাত এজন মানুহে সকলোকে উদ্দেশ্যি দুটা অদ্ভুত প্ৰশ্ন সুধিছিল – “আপোনালোকে যে ভিক্ষাৰী সৰু ছোৱালীজনীক লৈ দুখ লগা ধুনীয়া ধুনীয়া কাহিনীবোৰ লিখে, গল্প লিখে, কিয় লিখে? বেপাৰ কৰে নেকি অনুভৱক লৈ?” এই প্ৰশ্নদুটা, বিশেষকৈ প্ৰশ্নদুটাৰ “কিয় লিখে?” অংশটো আমি অলপ বিশ্লেষণ কৰি চাব খুজিছোঁ। প্ৰশ্নদুটা এখন ৰাজহুৱা মঞ্চত ৰাজহুৱাকৈ উত্থাপন কৰা হৈছিল আৰু সেই হেতুকেই এই প্ৰশ্নদুটা অলপ লিৰিকি-বিদাৰি চাবলৈ আমি অধিকাৰ লাভ কৰিলো।

এজন লেখকে (লেখিকা শব্দটোও লগতে সামৰিছোঁ) হাতত কলম তুলি লয় কিয়? বা কিহে এজন মানুহক লিখিবলৈ বাধ্য কৰে? নিলিখিলেওতো হয়। উচ্চস্তৰৰ কিতাপসমূহৰ কথা বাৰু বাদেই দিছোঁ। অতিকৈ সাধাৰণ, সৰু লেখা এটা লিখিবলৈকো এজন লেখকে মগজৰ যথেষ্ট কচৰৎ কৰিব লগা হয়, কিতাপ-পত্ৰ পঢ়ি আৰু লগতে আন বিভিন্ন উপায়েৰে তথ্য সংগ্ৰহ কৰিব লগা হয়, নিজৰ সকলোখিনি চিন্তাশক্তি আৰু হৃদয়ৰ সমস্ত অনুভূতি একেলগ কৰি নিজৰ মানসিক জগতখনত খেলিমেলিকৈ গোট খাই থকা কথাখিনি শৃংখলিত কৰি ফুটাই তুলিব লগা হয়। বিনিময়ত লেখকজনৰ লাভ কিমান হয়? সেই লাভখিনি লেখকজনে লেখাটো প্ৰস্তুত কৰোঁতে কৰিবলগীয়া হোৱা কষ্টখিনিৰ সমানুপাতিক হয়নে? তেন্তে ইমান কষ্ট কৰাতকৈ একো নিলিখাকৈয়ে আৰামত থাকিব পাৰি দেখোন। তথাপিও, ইমান কষ্ট কৰিও লেখকে হাতত কলম তুলি লয়। কিয়? আমি ভাবো ইমান কষ্ট কৰিও লেখকজনে হাতত কলম তুলি লয়, কাৰণ হাতত কলম তুলি নল’লে তেওঁ তাতকৈও বেছি কষ্ট পায়।
“আপুনি কিয় লিখে?” – এই প্ৰশ্নটোৰ উত্তৰত এগৰাকী বিখ্যাত লেখিকাই কৈছিল – লিখিত সাহিত্যই হৈছে যোগাযোগৰ উত্তম মাধ্যম। মই লিখোঁ, কাৰণ মই জীৱনৰ সন্মুখীন হৈছোঁ, জীৱনত সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতিয়ে আৰু জীৱনত লগ পোৱা বিভিন্ন চৰিত্ৰই মোক আকৰ্ষণ কৰে, সেই আকৰ্ষণে সেই পৰিস্থিতিটো আৰু সেই চৰিত্ৰসমূহৰ বিষয়ে অন্বেষণ কৰিবলৈ মোক বাধ্য কৰায়। নিজকে আনৰ ঠাইত থিয় কৰাই লৈ যিকোনো পৰিস্থিতি বা চৰিত্ৰৰ প্ৰতি তেওঁৰ সাম্ভাৱ্য প্ৰতিক্ৰিয়াটো চিন্তা কৰি উলিয়াবলৈ চেষ্টা কৰাটো খুব আমোদজনক কাম। হাতত কলম তুলি লোৱাৰ পিছতহে মই বুজি পালো মই আচলতে কি চিন্তা কৰোঁ, কি অনুভৱ কৰোঁ আৰু কি বিচাৰোঁ।

একেটা প্ৰশ্নৰ উত্তৰত আন এজন লিখকে কৈছিল – লেখাই আপোনাৰ মানসিক জগতখন স্বচ্ছ আৰু শৃংখলিত কৰাত সহায় কৰে। চিন্তা আৰু অনুভৱ হৈছে আমাৰ মনত অনবৰতে চলি থকা এটা প্ৰক্ৰিয়া। বহুক্ষেত্ৰত এই চিন্তা আৰু অনুভৱখিনি আমাৰ মনত অস্পষ্ট আৰু খেলিমেলি হৈ থাকিব পাৰে। লিখাই সেই চিন্তা আৰু অনুভৱখিনি যৌক্তিকভাৱে আৰু শৃংখলিতভাৱে সজাই পেলোৱাত আমাক সহায় কৰে। একেজন লেখকে পুনৰ কৈছে – আপুনি যেতিয়া পাঠকৰ বাবে লিখে (লাগিলে আপোনাৰ পাঠক মাত্ৰ এজনেই হওক) তেতিয়া ই আপোনাক পাঠকৰ (অৰ্থাৎ আনৰ) দৃষ্টিকোণেৰে কথাবোৰ চিন্তা কৰাত সহায় কৰে। ঠিক তেতিয়াই যাদু আৰম্ভ হয়। কাৰণ এবাৰ আপুনি পাঠকৰ (আনৰ) দৃষ্টিকোণেৰে কথাবোৰ চিন্তা কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আপুনি মানুহক বুজি পাবলৈ আৰম্ভ কৰিব আৰু সামগ্ৰিকভাৱে আপুনি জীৱন-জগতৰ প্ৰতি সহানুভূতিশীল হৈ উঠিব।

বিখ্যাত লেখক থমাচ মানে কৈছিল – সেইজন মানুহেই লেখক যাৰ বাবে লেখা কামটো আন মানুহতকৈ বেছি কঠিন।

থমাচ মানে কোৱা কথাটোৱেই আটাইতকৈ সঁচা যেন আমাৰ ভাৱ হয়। লেখা কামটো উজু কাম বুলি বহুতে ভাবিলেও প্ৰকৃততে এজন লেখকৰ বাবে লেখা কামটোৱেই হৈছে সকলোতকৈ কঠিন কাম। ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কৈছিল – হৃদয়ৰ স্বতঃস্ফূৰ্ত তাগিদা অবিহনে হাতত কলম তুলি লোৱাটো সম্ভৱ নহয়।

আমি অন্তৰেৰে আশা কৰো যে ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কোৱাৰ দৰে একমাত্ৰ হৃদয়ৰ স্বতঃস্ফূৰ্ত তাগিদাতহে আমাৰ লেখকসকলৰ হাতলৈ কলমটো উঠি আহক। সেই কলম কেতিয়াও, কোনো পৰিস্থিতিতে পৰাধীন নহওক। সেই কলম অমূল্য হওক। ইমানেই অমূল্য হওক যে সেই কলমৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ সকলোতকৈ ধনৱানজনৰ ধনখিনিও কম হৈ পৰক। সেই কলম সাহসী হওক। ইমানেই সাহসী হওক যে অসীম ক্ষমতাৰ অধিকাৰীজনেও সেই কমলক স্তব্ধ কৰিবলৈ চেষ্টা কৰিবলৈ সাহস কৰিব নোৱাৰা হওক। সেই কলমে কাৰোবাৰ ওচৰত মূৰ দোঁৱাই শ্ৰুতলিপি লোৱাতকৈ কলমটোৰ মৃত্যু হোৱাকে শ্ৰেয় বুলি ভাবক। সেই কলমৰ উদ্দেশ্য সৎ হওক। সেই কলম ব্যক্তিগত বা ক্ষুদ্ৰস্বাৰ্থৰ চাৰিসীমালৈ নামি নাহক। হৃদয়ৰ স্বতঃস্ফূৰ্ত তাগিদা আৰু সততা সেই কলমৰ একমাত্ৰ চালিকাশক্তি হওক। আৰম্ভনিতে কোৱা প্ৰশ্নটোৰ দৰে অনুভৱৰ বা চিন্তাশক্তিৰ ব্যৱসায়ৰ ক্ষুদ্ৰ উদ্দেশ্য লৈ নিজৰ চিন্তাখিনি বা নিজৰ অনুভৱখিনি কলমেৰে প্ৰকাশ কৰা নহওক। কলম তুলি লোৱাজনৰ হাতৰ কলমে তেওঁৰ চিন্তা আৰু অনুভৱখিনি যৌক্তিকভাৱে, শৃংখলিতভাৱে আৰু স্বাধীনভাৱে সজাই পেলোৱাত সহায় কৰক। প্ৰতিজন লেখকৰ কলমে লেখকজনৰ নিজৰ লগতে আমাকো জীৱন-জগতৰ প্ৰতি সহানুভূতিশীল কৰি তোলক। প্ৰতিটো কলমে আমাক আশাবাদী কৰি তোলক।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক