কলাখাৰ ব্যৱহাৰৰ পৰম্পৰা – দীপশিখা চলিহা

অতীজৰে পৰা অসমীয়া সমাজত কলাখাৰৰ ব্যৱহাৰ আছে৷ পিছে পূৰ্বৰ তুলনাত আজিকালি কলাখাৰৰ ব্যৱহাৰ গাঁও বা নগৰ চহৰতো ভালেখিনি কমি গৈছে৷ আগতে, প্ৰতি সপ্তাহৰ এদিন বা দুদিনৰ খাদ্য তালিকাত অমিতা, অন্যান্য শাকপাচলি বা মাটিৰ দাইলৰ খাৰ আছিলেই৷ আজি অসমীয়া আধুনিক গৃহিণীয়ে গৃহস্থৰ ৰুচিৰ পৰিৱৰ্তন আদি বিভিন্ন কাৰণত ইয়াৰ ব্যৱহাৰ কমাই আনিছে৷ আগৰ দিনত গাঁও অঞ্চলৰ মানুহে খাৰ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰিছিল৷ সেয়ে অসমীয়া জাতিক ’খাৰখোৱা অসমীয়া’ বুলিছিল৷

কলাখাৰ সাধাৰণতে ভীম কলৰ গছৰ পৰা তৈয়াৰ কৰা হয়৷ ভীমকলৰ বাকলি, ভীমকল গা গছডালৰ দোনাবোৰ আৰু গছডালৰ মুঢ়াটো ৰ’দত কেইবাদিনো টান ৰ’দত শুকুৱাই পুৰি কলাখাৰ বনোৱা হয়৷ সাধাৰণতে কাতি মাহত এই কলাখাৰ তৈয়াৰ কৰা হয়৷ বাকী কলগছৰ (চেনিচম্পা, জাহাজী, মালভোগ, কাচ কল আদি) পৰাও কলাখাৰ তৈয়াৰ কৰিব পাৰি যদিও সেইবোৰৰ চোক কম হয়৷ ভীম কলৰ গা-গছ ডাল আৰু শিপা আদি সকলো পাতলকৈ কাটি তাক তিনি চাৰিটা চোকা ৰ’দত শুকুৱাই লোৱা হয়৷ পিছত চোতালত থুপুৰিয়াই সেইবোৰ জুই লগাই দি জ্বলি ছাই হবলৈ দিয়া হয়৷ সেইবোৰ যেতিয়া পুৰি ছাই হব তেতিয়া তাক পৰিপাটিকৈ মাটিকলহত ভৰাই পাকঘৰৰ এচুকত ভালদৰে বছৰটোৰ বাবে থৈ দিয়া হয়৷ সেই ক’লা হৈ যোৱা ছাইখিনিকে চমুকৈ ’কলাখাৰ’ বুলি কোৱা হয়৷

আগৰ দিনত গাঁৱৰ পাকঘৰ বোৰত ’খাৰৰ ছটা’ বুলি থলুৱা শব্দ এটিৰ প্ৰয়োগ হৈছিল৷ নাৰিকলৰ ডাঙৰ আকৃতিৰ কোৰোকা এটাৰ তলিখনত সামান্য ফুটা এটা কৰি তাত শুকান কলাখাৰ দি তাত পানী অলপ দি কোৰোকাটো ডাঙৰ পাত্ৰ এটাত বহুৱাই থোৱা হয়৷ তেনেদৰে তাৰ পৰা টোপটোপকৈ পানী পাত্ৰটোত পৰে৷ ইয়াকে ’খাৰৰ ছটা’ বোলে৷ কলাখাৰ সাধাৰণতে ৰঙা চাহৰ দৰে দেখাত ৰঙচুৱা৷

আগৰ দিনত গাঁও অঞ্চলত কলাখাৰ প্ৰচুৰ পৰিমাণত ব্যৱহাৰ কৰিছিল৷ বিশেষকৈ মহিলা সকলে কলাখাৰেৰে মুৰ ধোৱা পৰম্পৰা এটা আছিল৷ অন্যহাতে মহিলা সকলে মাহেকীয়াৰ সময়ত তিনি দিনৰ দিনাখন পিছবাৰীৰ পুখুৰীৰ পানীত খাৰেৰে মুৰ ধুলেহে শুচি হয় বুলি ভাবিছিল৷ মহিলা সকলে কলাখাৰেৰে কাপোৰো ধুইছিল৷ সূতাৰ কাপোৰবোৰ কলাখাৰৰে উহাইছিল৷ ইয়াকে ‘উহনিত দিয়া’ বুলিছিল৷ এনে কৰিলে কাপোৰবোৰ পৰিষ্কাৰ আৰু উজ্জ্বল হয়৷ বৰ্তমান বজাৰৰ অত্যাধুনিক চৌখিন চাৰ্ফ- চাবোন-চেম্প’ আদিৰ ব্যৱহাৰ আহিল৷ এইবোৰৰ প্ৰচলন হোৱাৰ পৰা অসমীয়া কলাখাৰৰ ব্যৱহাৰ ভালেখিনি কমি গ’ল৷

কলাখাৰেদি বিভিন্ন ব্যঞ্জন ৰান্ধি খোৱাটো অতীজৰ পৰাই এক পৰম্পৰা হিচাপে চলি আহিছে৷ তাহানি আইতাহ’তে কৈছিল খাৰ খালে হজম ঠিক হয়, খোৱাৰ অৰুচি হলে খাৰৰ তৰকাৰী বেছিকৈ খালে মুখলৈ ৰুচি আহে৷ লগতে পেটো চাফ হয়৷ এচামুচ কলাখাৰ আৰু তাত কেইটোপালমান খাঁটি সৰিয়হৰ মিঠাতেল মিহলি কৰি খালে কাঁহ ভাল হয়৷ সৰিয়হ পিচি গুৰি কৰি তাত কলাখাৰ দি খাৰলি তৈয়াৰ কৰা হয়, পিছত ইয়াক ভাতৰ পাতত ’চাটনি’ৰ দৰেই পৰিবেশন কৰা হয়৷ ইও অসমীয়া সমাজৰ এক পুৰণিকলীয়া লোক পৰম্পৰা৷ পিছে ঘৰত তৈয়াৰ কৰা কলাখাৰৰ বিপৰীতে বজাৰলৈ আহিল ছ’ডাৰ পেকেটবোৰ৷ পিছে ই খাৰৰ দৰে এশ শতাংশই চোকযুক্ত নহয়৷ পিছে আজিকালি বজাৰতো কলাখাৰৰ বটল কিনিব পোৱা যায়৷

★ ★

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Prabal
9 months ago

খাৰণিৰ বিষয়ে জানিবলৈ পায় ভাল লাগিল। পাৰিলে edit কৰি আৰু অলপ তথ্য অন্তৰ্ভুক্ত কৰক যেনে খাৰণিত থকা উপাদান সমূহ, ইয়াৰ nutritional value আৰু ইয়াৰ উপকাৰ-অপকাৰ সমূহ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক