কলাৰ সৈতে এখন্তেক (পাৰ্থপ্ৰতিম শৰ্মা)

কলাৰ সৈতে এখন্তেক

— — পাৰ্থপ্ৰতিম শৰ্মা

মানুহৰ মানসিক বিবৰ্তনৰ বিভিন্ন অৱস্থাৰে সৈতে খাপখোৱা কিছু আমোদ-প্ৰমোদ সময়ে সময়ে আহে৷ এই বিবৰ্তনৰ কিছু পৈণত স্তৰত সংগীত, সাহিত্য আদিৰো আগমন হৈছিল৷ কিন্তু আন বহুতৰ দৰে সিবোৰ কেৱল এবাৰ-দুবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগীয়া বিধৰ হৈ নাথাকিল৷ মনক বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ৰ আমোদ, চিন্তাৰ খোৰাক দিব পাৰে বাবেই কলাৰ সৈতে মানুহৰ সম্পৰ্ক নিবিড়, প্ৰবাহমান৷

আন কথাত মানুহৰ অনুভুতি আৰু মেধাই প্ৰায় অবিৰতভাবে বিভিন্ন প্ৰক্ৰিয়াৰে কলাৰ জুতি লৈ আহিছে৷ ইহঁতৰ আবেদন আমাৰ অনুভুতি আৰু মেধা এই দুয়োৰে বাবে উত্তেজক৷ এই উত্তেজনাৰ শিহৰণিৰ সঁহাৰিতেই সংগীত, সাহিত্য, চিত্ৰ আদিৰ প্ৰতি মানুহৰ চিৰন্তন হাবিয়াস৷ তাৰ লগতে আছে সৃষ্টিৰ মাদকতা আৰু শ্ৰবণ, পঠন, পৰিৱেশনৰ জৰিয়তে আনৰ কল্পনা আৰু অভিজ্ঞতাৰ সমভাগী হোৱাৰ এক সামাজিক প্ৰবৃত্তি (social instinct)৷

এই খিনিতে আন এটা কথাও কৈ থোৱা যুগুত হ’ব৷ মনুহৰ মগজুৰ বিবৰ্তনৰ ইতিহাসত মেধাতকৈ অনুভূতিৰ স্তৰটো আগেয়ে আহিছিল৷মগজুৰ গাঁথনি আৰু কামৰ ক্ষেত্ৰটো তেনে এটা দিশ দেখা যায়৷ মগজুলৈ কোনো এটা সংকেত অহাৰ লগে লগে সংকেতটো প্ৰথমে অনুভূতিৰ স্তৰলৈ আৰু তাৰ পিছতহে মেধা, যুক্তি আদিৰ স্তৰলৈ যায়৷ অৰ্থাৎ, সংকেত গ্ৰহণৰ সময়ত মেধাজড়িত প্ৰতিক্ৰিয়াতকৈ অনুভূতি জড়িত প্ৰতিক্ৰিয়াহে আগতে হয়৷আনকথাত কিবা এটা চাই, পঢ়ি, শুনি ভাল লগা বা বেয়া লগা কামটোহে আগতে হয়৷ কিয়, কেনেকৈ জাতীয় চিন্তা ইয়াৰ পিছৰ পৰ্যায়ৰ৷ কলাৰ পৰা আমি প্ৰথমেই বিচৰা বস্তুটো সেয়েহে এক সৰল আমোদ বা আনন্দ৷উচ্চস্তৰীয় আমোদ মেধাৰ খোৰাক৷কলা অনুভূতি আৰু মেধা দুয়োটাৰে বাবে সমানেই আকৰ্ষণীয়৷

সভ্যতাৰ গতিৰ সমান্তৰালকৈ কলাৰো গতি৷ কলাৰ গতি আৰু পৰিবৰ্তন মানুহৰ মন আৰু মেধাৰো পৰিবৰ্তনৰ ইংগিত৷ মনৰ পৰিসৰ বঢ়াৰ লগে লগে কলাৰো পৰিসৰ বহল হৈছে৷ আকৌ মনৰ জটিলতাৰ সমান্তৰালকৈয়ে কলাৰ জটিলটাও বাঢ়িছে, ৰূপ সলনি হৈছে৷ তদুপৰি মন আৰু মেধাক নিয়ন্ত্ৰণ কৰা কাৰক সমূহেও পৰোক্ষভাবে কলাৰ সামগ্ৰিক ৰূপ নিৰ্ণায়কৰ ভূমিকা লয়৷ অৰ্থাৎ কলা এই কাৰক সমূহৰ (সামাজিক, ৰাজনৈতিক…)উৰ্দ্ধত বা আওতাৰ বাহিৰত নহয়৷

মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য নিৰূপণত যিদৰে বংশগতি আৰু সামাজিক পৰিৱেশৰ পটভূমিয়ে ক্ৰিয়া কৰে, কলাৰ সৃষ্টিতো তেনে এক বংশগতি (শিষ্যগতি)আৰু পৰিৱেশৰ প্ৰভাব চকুত পৰে৷ শংকৰদেৱৰ ৰচনাত শ্বেইক্সপীয়েৰ বা ডিকিন্সৰ লিখনিত ট্ৰলষ্টয়ৰ মানসিকতা বা সমসাময়িক পৰিৱেশৰ আভাস নোলায়৷ কিন্তু কোনো বিশেষ ধাৰাত ৰচিত কবিতা বা আন লেখাত স্থান কাল ভেদে এটা চিনাকী সুৰ শুনা যায়৷ এই সুৰ, ভাৱে বংশগতিৰ দৰেই কাম কৰে৷

কোনো কলাৰে আৰম্ভণি বিদ্যায়তনিক নাছিল৷ কলাৰ আৰম্ভণি সাধাৰণতে সৰল, সৃষ্টিশীল, মেধাবী লোকৰ পৰাহে হয়৷ সভ্যতাৰ পৰিক্ৰমাৰ বিভিন্ন স্তৰত ইবিলাকৰ পদ্ধতিগত আৰু বিদ্যায়তনিক চিন্ত-চৰ্চা হ’বলৈ ধৰিলে৷ তাৰ লগে লগে কলা চৰ্চাৰ স্বভাব, দৃষ্টিভংগী আৰু পৰিসৰো বদলি হ’ল৷ কলাত চৰল ৰসাস্বাদনতকৈয়ো উচ্চস্তৰৰ কিবা আছে নেকি তাৰ বিচাৰ খোচাৰো আগবাঢ়িল৷ কলাৰ ৰস লোৱা আৰু আলোচনাত কলাৰ গুণগত মান কৰ্ম, জীৱনবোধ, ঐতহ্যবোধ, জাতীয় চেতনা, সামাজিক চেতনা জাতীয় চিন্তাৰো আগমন হ’ল৷ অৰ্থাৎ কলা সৃষ্টিৰ লগতে সমালোচনাৰ অভ্যাসো আগবাঢ়িল৷ কলা বা ইয়াৰ যিকোনো এটা ভাগো চিন্তাৰ এক অকলশৰীয়া নিসংগ দ্বীপ হৈ নাথাকিল৷এক ‘আন্তজ্ঞান বিভাগ’ সংযোগী চিন্তা-চৰ্চাও আগবাঢ়িল৷আটাইবিলাকৰ মিলা-মিচাত কলাৰ ৰসাস্বাদন আৰু চৰ্চাৰ প্ৰক্ৰিয়াটোও বহুমাত্ৰিক হ’ল৷ আন কথাত অনুভূতি, মেধা আৰু ৰসবোধৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি একেটা গীত, কবিতা, গল্প বা একেখন ছবি, উপন্যাসৰ পৰা পাব পৰা আনন্দ আৰু সেই সম্পৰ্কীয় আলোচনাৰ পৰ্য্যায় আৰু পৰিসৰো বেলেগ হ’বলৈ ধৰিলে৷

সাহিত্যৰ লগত সমালোচনা সাঙোৰ খোৱাৰ পিছত স্বাভাবিকতেই সাহিত্যৰ অধ্যয়নো জটিল হ’ল৷ এটা অধ্যয়ন পদ্ধতিক আন এটাই নাকচ কৰি ভালদৰে খোপনি পুতিবলৈ নৌপাওতেই হয়তো তৃতীয় এটাই আগৰ দুয়োটাকে নস্যাৎ কৰি স্থান দখল কৰিলে৷ সাধাৰণ পাঠক মতবাদ আৰু তত্বৰ হেঁচাত উৱাদিহ হেৰুৱাব লগীয়া হয়৷ আকৌ এইবিলাকৰ সৈতে পৰিচয় নাথাকিলেও অপদস্থ হোৱাৰ ভয়৷

টোকাঃ ভাবে-ভাষাই তৰল এই লেখা ২০০০ চনৰ ১২ জুনত তিনিচুকীয়াৰ পৰা তেতিয়া প্ৰকাশিত প্ৰবহন নামৰ সাপ্তাহিক কাকতত ওলাইছিল৷