ক’লা কবিতা – মৃদুল হালৈ

আমাৰ তেজ ক’লা, চকুলো ক’লা
ক’লা আমাৰ মাত-কথা
আমাৰ উশাহ ক’লা, আকাশ ক’লা
ক’লা আমাৰ বেদনা-ব্যথা

ঘনঘোৰ ৰাতিবোৰতকৈও
আমাৰ দিনবোৰ এতিয়া ক’লা
খোজৰ তলৰ বৰ্তমানতকৈও
আমাৰ ভৱিষ্যৎ ক’লা

চাকিৰ পোহৰ ক’লা
চকুৰ পোহৰ ক’লা
আঙুলিৰ আখৰ ক’লা
ক’লা আমাৰ বিগলিত ভাবনা

আমাৰ বেলিটো ক’লা
ক’লা দিনে দিনে গলি থকা জোনটো

চৰাইৰ মাতবোৰত ক’লা
ক’লা পখিলাৰ পাখিতো

মন উৰুৱাই নিব খোজা
ফাগুনৰ ডালত এতিয়া বহি থাকে
ক’লা দুপৰীয়া এটা
তলত পৰি থাকে উৰিব খোজা
উছাহৰ ভঙা-ছিঙা

আমাৰ গানবোৰ ক’লা
ওঁঠৰ ৰং ক’লা
নীলপৱনৰ কেনভাছ ক’লা
কবি নীলমণিৰ বাগিচা ভৰি
কেৱল ক’লা আৰু ক’লা

আমাৰ সৰ্বহ এতিয়া ক’লা
নদীৰ ঢৌবোৰ ক’লা
আমি ওপঙি থকা বতাহো ক’লা
নিজকে নিচিনা হোৱা আমাৰ
চেহেৰা ক’লা

প্ৰবঞ্চিত হোৱাৰ আমাৰ দীঘলীয়া
ইতিহাস ক’লা

কেৱল তেওঁলোকৰ মুখতেই এতিয়া
সকলো ৰং আৰু পোহৰৰ হেঁতা-ওপৰা
তেওঁলোক উজ্জ্বল, বগা
আমাৰ জীৱন আৰু মৰণতকৈও দামী
তেওঁলোকৰ পোছাক-পৰিচছদ
আমাৰ কাতৰ আৰ্তনাদতকৈও
ডাঙৰ তেওঁলোকৰ ধাতৱ কণ্ঠস্বৰ

তেওঁলোক কৌশলী, আমি হোজা
তেওঁলোক আমাৰ ‘সৰ্বশক্তিমান’ ৰজা
আমি নিৰীহ, অসহায় প্ৰজা

ওখ মঞ্চৰ তেওঁলোক সৰ্বজ্ঞ বক্তা
আমি দূৰৈৰ পৰা ডিঙি মেলি ৰৈ থকা বিমূঢ় শ্ৰোতা…

শুনা আৰু ভোল যোৱা
প্ৰবঞ্চিত হোৱাৰ দীঘল ইতিহাসক
আৰু দীঘল কৰা…

(তাতকৈ ক’লা হোৱা
ক’লা কৰা সময়ক
হোৱা ক’লাৰ প্ৰচণ্ড ঢৌ আৰু ধুমুহা

যদি পাৰা ভাঙা
যদি পাৰা গঢ়া…)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments